সুকন্যা ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সুকন্যা ৰহমান (ইংৰাজী: Sukanya Rahman) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, দৃশ্যধৰ্মী শিল্পী আৰু লেখিকা।[1][2][3][4][5] তেখেতৰ গ্ৰন্থ Dancing in the family হৈছে তিনিগৰাকী মহিলাৰ আত্মকথা।[6][7][8][9] গ্ৰন্থখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। তেখেতেৰ চিত্ৰকলা আৰু কলাজৰ কাম ভাৰতকে ধৰি অন্যান্য দেশতো প্ৰদৰ্শিত হৈছে।[10] উইলিয়াম বেণ্টন মিউজিয়াম অৱ আৰ্টত তেখেতৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শন হৈছে।[11] ষ্ট'ৰছৰ চিটি, দ্য আৰ্টছ কমপ্লেক্স মিউজিয়াম;[12] এমএ আৰু দ্য ফাওলাৰ মিউজিয়াম,[13] লছ এঞ্জেলছতো তেখেতৰ চিত্ৰকৰ্মই প্ৰদৰ্শন লাভ কৰিছে। তেখেতৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ থকা এখন বিশেষ গ্ৰন্থ হৈছে Voyages of Body and Soul: Selected Female Icons of India and Beyond[14]

জীৱনী[সম্পাদনা কৰক]

১৯৪৬ চনত কলিকতাত সুকন্যা ৰহমানৰ জন্ম হয়। তেখেতৰ পিতৃ হৈছে ভাৰতীয় আৰ্কিটেক্ট হবিব ৰহমান। আনহাতে মাতৃ হৈছে প্ৰখ্যাত ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী ইন্দ্ৰাণী ৰহমান[15] ভাৰতীয় নৃত্যৰ পথিকৃৎ ৰাগিনী দেৱী হৈছে তেখেতৰ আইতাক। আনহাতে ভাৰতীয় আলোকচিত্ৰ শিল্পী ৰাম ৰহমানৰ ভগ্নী। সুকন্যা ৰহমানে নতুন দিল্লীৰ কলেজ অৱ আৰ্টত চিত্ৰকলা শিকে। ১৯৬৫ চনত তেখেতে ফৰাচী চৰকাৰৰ পৰা পেৰিছত থকা "ইক'ল নেশ্যনেল ডেছ বিউক্স আৰ্টছ"ত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰে। থিয়েটাৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ ফ্ৰেংক উইকছৰ লগত তেখেতৰ পৰৱৰ্তী সময়ত বৈবাহিক জীৱন আৰম্ভ হয়। ফ্ৰেংক উইকছ জনাজাত হৈছে Soldier Come Home নামৰ গৃহযুদ্ধৰ ওপৰত আধাৰিত নাট্যখনৰ বাবে। তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে। হবিব উইকছ আৰু ৱাৰড্ৰেথ উইকছ। আনহাতে জেক উইকছ আৰু ছাৰা উইকছ হৈছে তেওঁলোকৰ নাতি।

নৃত্য[সম্পাদনা কৰক]

সুকন্যা ৰহমানে তেখেতৰ আইতাক ৰাগিনী দেৱী আৰু মাতৃ ইন্দ্ৰাণীৰ ভাৰতীয় নৃত্য পৰম্পৰা অনুসৰণ কৰে।[16][17][18][19] কম বয়সতে সুকন্যা নিজ মাতৃৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত হয়। নিউয়ৰ্কত মাৰ্থা গ্ৰাহামৰ সৈতে তেখেতে আমেৰিকান আধুনিক নৃত্য অধ্যয়ন কৰিবলৈ এটা বৃত্তি লাভ কৰে। ইয়াৰ পিছত তেখেত ভাৰতলৈ উভতি আহে। ইন্দ্ৰাণী ৰহমানৰ বাহিৰেও, তেখেতৰ গুৰুসকল হৈছে পাণ্ডানুলাৰ চ'কালিংগম পিল্লাই, টাঞ্জোৰ কিট্টাপ্পা পিল্লাই, দেৱ প্ৰসাদ দাস আৰু ৰাজা ৰেড্ডী। একক নৃত্য পৰিৱেশন কৰিবলৈ তেখেতে দেশে-বিদেশে অনেক ঠাই ভ্ৰমিছে। প্ৰধানকৈ তেখেতে কুচিপুড়ি, ওডিছী আৰু ভাৰতনাট্যম প্ৰদৰ্শন কৰে। ইয়াৰ লগতে তেখেতে মাতৃৰ সৈতেও নৃত্য পৰিৱেশন কৰে। তেখেতে জেকবছ পিলৌ নৃত্য মহোৎসৱ, লিংকন চেণ্টাৰ, এছিয়া ছ'ছাইটি, আৰু এডিনবাৰ্গ মহোৎসৱত নৃত্য পৰিৱেশন কৰিছে। তেখেতে নৃত্যৰ বহুকেইটা ফেলোশ্বিপো লাভ কৰিছে। মেইন হিউমেনিটিছ সচিবৰ পৰা লাভ কৰা এটা অনুদানৰ অধীনত তেখেতে "Feminine Images in the Myth, Art and Dance of India: 4,000 Years of Hindu Expression of the Woman" শীৰ্ষক অনুষ্ঠানটো বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছিল।[20][21] তেখেতে NEA নৃত্য পেনেলতো সদস্যভুক্ত হৈছে। ইয়াৰ লগতে কলাৰ ৰাষ্ট্ৰীয় সচিবক সম্বোধন কৰিবলৈও তেখেতক অতিথি বক্তা হিচাপে নিমন্ত্ৰণ কৰা হৈছে।[22][23] তেখেতৰ নৃত্য কৰ্মশালাত বাৰ্নাড, দ্য জুলিয়াৰ্ড স্কুল, ছাৰাহ লৰেন্স, বেটছ অন্তৰ্ভুক্ত।[24]

প্ৰদৰ্শন[সম্পাদনা কৰক]

ৰহমানৰ সৃষ্টিৰাজি দেশে-বিদেশে অনেক গেলেৰীত প্ৰদৰ্শিত হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে-দৃষ্টি আন্দোলন: ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ এনেক্স গেলেৰী, নৱেম্বৰ ২০১৫; দ্য ছহমত কালেকটিভ: ১৯৮৯ চনৰ পিছত ভাৰতৰ কলা আৰু সামাজিক সক্ৰিয়তা, দ্য ফাউলাৰ মিউজিয়াম, লছ এঞ্জেলছ, এপ্ৰিল ২০১৫; সন্মিলিত কলা মেলা ২০১৩, নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ ২০১৩;[25] গান পইণ্ট ক'ভ গেলেৰী, ওৰছ আইলেণ্ড, মেইন, জুলাই ২০১২;[26] গেলেৰী প্ৰকল্প, এন আৰবাৰ, মিচিগান, আগষ্ট ২০০৯; এম.এফ.হুছেইন গেলেৰী, জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী, ভাৰত জানুৱাৰী ২০০৯; কুইনছ মিউজিয়াম অৱ আৰ্ট, ফ্লাছিং, নিউ ইয়ৰ্ক অক্টোবৰ ২০০৮[27]

সমালোচনা[সম্পাদনা কৰক]

ইউএএফ IIৰ তত্ত্বাৱধায়ক পিটাৰ নেগীয়ে সুকন্যা ৰহমানৰ সন্দৰ্ভত কৈছে যে,

With small scale works of mixed media on paper, Sukanya Rahman presents a playful and lyrical suite of works. Her mark-making is diverse, juxtaposing the expressionistic with the geometric, the calligraphic with the boldly reductive. Collage elements further complicate the mix, allowing for printed patterns and found pictures to add their voices. These works are full of movement yet always achieve a careful balance, while Rahman’s palette reflects her multiple influences living between India, the United States and Mexico"[28]

নিউ ইয়ৰ্ক টাইমছৰ হৈ হলাণ্ড কোটাৰে কৈছে,

Sukanya Rahman’s collages have much to recommend them… hers is an art of layering, of pulling together diverse sources, high and low, with no distinctions made.[29]

ইণ্ডিয়া টুডেই ইণ্টাৰনেশ্যনেৰ হৈ লভিনা মেলৱানিয়ে কৈছে,

"What is George Harrison doing at the battlefield of Kurukshetra? And isn’t that Dick Tracy frolicking with Gopis in the water? The Taliban and Burkha-clad women, Buster Keaton, and Mother India crushing British rulers under her feet are all there. Like colorful butterflies, these images and objects have been impaled in tiny boxes by artist Sukanya Rahman at Gallery 678"[30]

আনহাতে মেইনে ছানডে টেলিগ্ৰামৰ ফিলিপ আইজাকছনে কৈছে,

"Aesthetically, Sukanya Rahman’s works are assured and sophisticated. They are emotional and humorous and build tension between the understandable and non-understandable between Eastern and Western cultural references. It adds up to a sparkling performance."[31]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.nytimes.com/1985/11/17/arts/the-dance-classical-indian-fare.html
  2. http://danses-indiennes.blogspot.in/
  3. /http://www.nytimes.com/1985/11/17/arts/the-dance-classical-indian-fare.html
  4. https://www.nytimes.com/1998/01/16/arts/art-in-review-111643.html
  5. https://www.amazon.com/Bharata-Natyam-Indian-Classical-Dance/dp/0861862945
  6. https://www.amazon.com/Dancing-Family-Unconventional-Memoir-Three/dp/8129105942
  7. http://sukanyarahman.com/2011/04/28/dancing-in-the-family-3/
  8. http://www.thehindu.com/mag/2002/09/22/stories/2002092200110400.htm
  9. http://www.outlookindia.com/article/the-genes-got-back-to-her/214498
  10. http://www.iaac.us/erasing_borders2008/s_rahman/bio.htm
  11. http://benton.uconn.edu/
  12. http://www.artcomplex.org
  13. http://www.fowler.ucla.edu
  14. Katrak, Ketu H.; Ratnam, Anita (2 June 2014). Voyages of Body and Soul: Selected Female Icons of India and Beyond. ISBN 9781443861151. https://books.google.com/?id=VMYxBwAAQBAJ&dq=Sukanya+Rahman+%2B+French+government+scholarship. 
  15. https://sangeethas.wordpress.com/2014/10/09/know-thy-dancer-indrani-rahman/
  16. http://www.thehindu.com/features/friday-review/dance/canvas-of-custom/article4269010.ece
  17. http://www.narthaki.com/info/mbyd/mbyd5.html
  18. http://www.littleindia.com/arts-entertainment/1398-so-what-are-you-doing-this-summer.html
  19. Anna Kisselgoff, The New York Times, 1 October 1979
  20. https://news.google.com/newspapers?nid=1917&dat=19870406&id=sxAhAAAAIBAJ&sjid=oHIFAAAAIBAJ&pg=4805,1356982&hl=en
  21. https://news.google.com/newspapers?nid=1928&dat=19811012&id=7_QpAAAAIBAJ&sjid=32QFAAAAIBAJ&pg=2729,2615369&hl=en
  22. https://www.arts.gov/about/national-council-arts
  23. https://www.arts.gov/sites/default/files/NEA-Annual-Report-1992.pdf
  24. http://www.indianewengland.com/ME2/Audiences/dirmod.asp?sid=&nm=&type=Publishing&mod=Publications%3A%3AArticle&mid=8F3A7027421841978F18BE895F87F791&tier=4&id=96A5B8D3165A495FA22DEDCABFA64876&AudID=9385736839DB419F9BE37F2714C206BA[সংযোগবিহীন উৎস]
  25. "আৰ্কাইভ কপি". Archived from the original on 2017-08-21. https://web.archive.org/web/20170821084937/http://www.sodelhi.com/art-book-exhibitions/united-art-fair-2013-pragati-maidan-new-delhi। আহৰণ কৰা হৈছে: 2021-02-07. 
  26. "আৰ্কাইভ কপি". Archived from the original on 2016-10-06. https://web.archive.org/web/20161006045016/http://bangordailynews.com/community/maine-artist-to-exhibit-at-gun-point-cove-gallery-orrs-island/। আহৰণ কৰা হৈছে: 2021-02-07. 
  27. http://www.queensbuzz.com/contemporary-indian-art-of-the-diaspora---queens-museum-of-art-flushing-ny-cms-190
  28. Catalog, United Art Fair
  29. https://www.nytimes.com/1998/01/16/arts/art-in-review-111643.html
  30. .http://sukanyarahman.com/about-the-artist/
  31. http://sukanyarahman.com/about-the-artist/