ইন্দ্ৰাণী ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ইন্দ্ৰাণী ৰহমান
জন্ম ইন্দ্ৰাণী বাজপাই
১৯ ছেপ্টেম্বৰ, ১৯৩০
চেন্নাই, ব্ৰিটিছ ভাৰত
মৃত্যু ৫ ফেব্ৰুৱাৰী, ১৯৯৯ (৬৮ বছৰ)
নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফো
দাম্পত্যসঙ্গী হাবিব ৰহমান, ভাৰত চৰকাৰৰ প্ৰধান স্থপতিবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৬৯: পদ্মশ্ৰী
১৯৮১:সংগীত নাটক একাদেমী বঁটা

ইন্দ্ৰাণী ৰহমান (ইংৰাজী: Indrani Rahman; ১৯ ছেপ্টেম্বৰ ১৯৩০, চেন্নাই৫ ফেব্ৰুৱাৰী ১৯৯৯, নিউয়ৰ্ক) ভাৰতনাট্যম, কুচিপুড়ি, কথাকলি আৰু ওদিছিৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আছিল, যিটো তেখেতক পশ্চিমত জনপ্ৰিয় কৰিছিল আৰু পিছত ১৯৭৬ চনত নিউয়ৰ্কত স্থায়ী বাসিন্দা হয়।

১৯৫২ চনত তেখেত মিচ ইণ্ডিয়া বিজয়ী হৈছিল। পিছত তেওঁ তেওঁৰ মাক ৰাগিনী দেৱীৰ সংস্থাত যোগ দিয়ে। তেখেত আন্তৰ্জাতিক ভ্ৰমণৰ সময়ত ওদিছিৰ ভাৰতীয় শাত্ৰীয় নৃত্য ফৰ্মক জনপ্ৰিয় ককৰিছিল। ১৯৬৯ চনত ইন্দ্ৰাণী পদ্মশ্ৰী আৰু পাৰফৰ্মিং আৰ্টচত সংগীত নাটক একাডেমী বঁটা' আৰু তাৰকনাথ দাস বঁটা লাভ কৰিছিল।

পটভূমি আৰু পৰিয়াল[সম্পাদনা কৰক]

ইন্দ্ৰাণী ৰহমান জন্মগ্ৰহণ কৰিছিল চেন্নাইত (তৎকালীন মাদ্ৰাজ), ৰামালাল বলৰাম বাজপাইৰ জীয়েক (১৮৮০-১৯৬২), তেওঁ এটা সময়ৰ 'ইণ্ডো-আমেৰিকান লীগৰ' সভাপতি আছিল, তেওঁৰ পত্নি ৰাগিনী দেৱী (বিবাহৰ পূৰ্বৰ নাম এস্থাৰ লুয়েলা চিয়াৰমেন)-ৰ দ্বাৰা হৈছিল। তেওঁৰ দেউতাক ৰামালাল বাজপাই উত্তৰ ভাৰতীয় পটভূমিৰ এগৰাকী ৰসায়নবিদ আছিল যিয়ে উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। তাত তেখেতে জন্মসূত্ৰ আমেৰিকান এস্থাৰ লুয়েলা চিয়াৰমেনক লগ পায় আৰু বিবাহ পাশত আবদ্ধ হয়। ১৮৯৩ চনত মিচিগানৰ পেটোস্কত জন্ম[1] (মৃত্যু ১৯৮২)[2] এস্থাৰে তেওঁৰ বিবাহৰ সময়ত হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু নাম সলনি কৰি ৰাগিনী দেৱী হৈ পৰে।[3]

এই দম্পতী ১৯২০ চনত ভাৰতলৈ আহে। ৰামালাল তেতিয়া 'ইয়ং ইণ্ডিয়া'-ৰ সহকাৰী সম্পাদক, লালা লাজপত ৰয় প্ৰতিষ্ঠিত আলোচনীত চাকৰি লয়। স্বাধীনতাৰ পিছত তেখেত নিউয়ৰ্কত 'ভাৰতৰ কনচুল জেনেৰেল' হয়,[4] আৰু 'ইণ্ডো-আমেৰিকান লীগৰ' সভাপতি। ইয়াৰ মাজতে, ৰাগিনী ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎসাহী প্ৰবক্তা হৈ উঠে আৰু সিহঁতৰ জীৱন এই নৃত্যসমূহৰ পুনৰজ্জীৱন আৰু লালনপালনৰ বাবে উৎসৰ্গ কৰিছিল। মহীশূৰৰ ডাঙৰ ৰাজাদাসীৰ (ৰাজকন্যাৰ) বৰ মা তায়াম্মাৰ লগত সাক্ষাৎকাৰ পাছত এয়া সংঘটিত হৈছিল, যাৰ পৰা তেওঁ ভাৰতনাট্যম শিকিবলৈ লয়। ইয়াৰ পিছত তেওঁ চেন্নাইৰ এটা সৌজন্য 'গৌৰী আম্মাৰ' গৃহশিক্ষকৰ অধীন তেওঁৰ নৃত্য প্ৰতিভাক সম্মানিত কৰিছিল।[5][6][7] ৰাগিনী তাৰ পিছতেই নিজেই এগৰাকী খ্যাতিমান নৃত্যশিল্পী হৈ উঠে আৰু ১৯৩০-ৰ দহকৰ সৰ্বাধিক অভিনেতাসকলোৰ মাজত আছিল।[8] ৰাগিনী সেই সময়চোৱাতেই কথাকালীৰ পুনৰ্জাগৰণকো চেম্পিয়ন কৰিছিল।

ইন্দ্ৰাণী এই দম্পতীৰ পৰা চেন্নাইত জন্ম গ্ৰহণ কৰিছিল আৰু মিশ্ৰ-বৰ্ণৰ পৰিয়ালত ডাঙৰ দীঘল হয়। তেখেত তেওঁৰ আমেৰিকান মাকৰ দ্বাৰা নিৰবচ্ছিন্ন আৰু স্বাধীন হবলৈ উত্থাপিত হৈছিল, যিয়ে তেওঁক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লবলৈ উৎসাহিত কৰিছিল। দেশজুৰি বৰ কম সংখ্যক অংশগ্ৰহীতাৰ মাজত এজন যাক প্ৰতিযোগিতাত অংশ লবলৈ স্বীকাৰ কৰোৱা হয়, ১৯৫২ চনত ইন্দৰাণীক 'মিচ ইণ্ডিয়া' হিচাপে ভূষিত কৰা হৈছিল। তেওঁ যেতিয়া কেৱল পোন্ধৰ বছৰ বয়সত স্কুলছাত্ৰী আছিল আৰু ভাৰতীয় আইন অনুসৰি এতিয়াও অপ্ৰাপ্ত বয়সত তেখেত বিশ্ববৰেণ্য স্থপতিবিদ হাবিব ৰহমানৰ লগত পলাই গৈছিল, যিয়ে ত্ৰিছ বছৰ বয়সৰ আছিল যিটো ইন্দৰাণীৰ বয়সৰ ঠিক দুগুণ আছিল।

১৯৫২ চনত মিচ ইণ্ডিয়া মুকুট লোৱাৰ পিছত ইন্দ্ৰাণী ৰহমান, ভাৰতীয় কংগ্ৰেছ নেতা এচ.কে. পাতিলক লগত লৈ। পাতিল, আৰু প্ৰতিযোগিতাৰ স্পনচৰ দুজন।
ইন্দ্ৰাণী ৰহমান (তৃতীয় বাওঁফালৰ পৰা) আৰু ৰানাৰ আপ মিচ সূৰ্যকুমাৰী (বাওঁফালৰ পৰা ষষ্ঠ) মিচ ইণ্ডিয়া ১৯৫২ সহ অংশগ্ৰহণকাৰীসকলোৰ লগত।

পেচা[সম্পাদনা কৰক]

ইন্দ্ৰাণী ন বছৰ বয়সত তেওঁৰ মাকৰ সংস্থাত নৃত্য শিকিবলৈ লৈছিল আৰু আমেৰিকা তথা ইউৰোপ ভ্ৰমণত তেওঁৰ লগত আহিছিল। পেচাগতভাবে, তেওঁ প্ৰথমত ভাৰত নাট্যমৰ দ্বাৰা আৰম্ভ কৰিছিল, ১৯৪০-ৰ দহকত গুৰু চককলিংম পিল্লাই (১৮৯৩-১৯৬৮) ৰ পৰা ভাৰত নাট্যমৰ পাণ্ডানলুৰ ষ্টাইল শিকিছিল। অতি সোনকালে তেওঁ বিজয়ৱাদাত আছিল, কোৰাদা নৰচিমহা ৰাওৰ লগত কুচিপুড়ি শিকিছিল, যাৰ লগত তেওঁ পৰবৰ্তীকালত বিশ্বৰ বহু ঠাইত ভ্ৰমণ কৰিছিল।[9]

১৯৪৭ চনত, ইন্দ্ৰাণী ভাৰতৰ শীৰ্ষস্থানীয় নৃত্য তথা শিল্প সমালোচক ড॰ চাৰ্লচ ফেব্ৰিৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে পাছপাকত উড়িশাত গৈ ওদিছিৰ অলপ-পৰিচিত ক্লাচিকেল নৃত্যৰ ফৰ্ম শিকিবলৈ উৎসাহিত কৰিছিল আৰু ওদিছিক শিকাৰ প্ৰথম পেচাদাৰ নৃত্যশিল্পী বনাইছিল। গুৰু শ্ৰী দেৱা প্ৰসাদ দাসৰ পৰা তিনি বছৰ ওদিছি শিকাৰ পিছত, তেওঁ ভাৰত আৰু বিশ্বৰ বিভিন্ন ঠাইত অভিনয়ৰ মাধ্যমত ইয়াক জনপ্ৰিয় কৰি তোলে।[10][11]

১৯৫২ চনত, যদিও বিবাহিত আৰু এজন সন্তানৰ লগত তেখেত প্ৰথম মিচ ইণ্ডিয়া হৈছিল,[12][13] আৰু কেলিফ’ৰ্নিয়াৰ লং বিচত অনুষ্ঠিত মিচ ইউনিভাৰ্চ (১৯৫২) পজেণ্টত অংশ লৈছিল।[14] অতি কম সময়তে, তেখেত তেখেতৰ মাকৰ লগত ভ্ৰমণ কৰিছিল আৰু গোটেই পৃথিৱীত পাৰফৰ্ম কৰিছিল।[15]

১৯৬১ চনত, তেখেত এছিয়া চ’চাইটিৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ প্ৰথম নৃত্যশিল্পী আছিল আৰু নেহৰুৰ ৱাশিংটন, ডিচি-ৰ আনুষ্ঠানিক ভ্ৰমণকালত আমেৰিকান ৰাষ্ট্ৰপতি জন এফ কেনেডি আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পক্ষত উপস্থাপনা কৰিছিল,[8] আৰু পিছৰ বছৰবিলাকত তেওঁ সম্ৰাট হাইলি চেলেচি, দ্বিতীয় ৰাণী এলিজাবেথ, মাও চেতুং, নিকিতা ক্ৰুশ্চেভ আৰু ফিদেল কাস্ত্ৰোৰ হৈও অভিনয় কৰিছিল।[3][16] ১৯৭৬ চনত তেখেত নিউয়ৰ্কৰ লিংকন চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টচ-ৰ জুইলিৱাৰ্ড স্কুলত নৃত্য বিভাগৰ অনুষদ হৈছিল, হাৰ্ভাৰ্ডসহ বিভিন্ন আমেৰিকান বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰিছিল আৰু ইয়াৰ বাকী দুই দহক তেখেত যুক্তৰাষ্ট্ৰত পাৰ কৰিছিল, ব্যাপক পৰিদৰ্শিন কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেখেত প্ৰখ্যাত স্থপতিবিদ হাবিব ৰহমানৰ (১৯১৫–১৯৯৫) লগত বিবাহ পাশত আবদ্ধ হৈছিল। ১৯৪৫ চনত, এই দম্পতীৰ এজন ল’ৰা, শিল্পী, ৰাম ৰহমান আৰু এজনী ছোৱালী সুকন্যা ৰহমান (উইকচ) আছিল,[17] যিয়ে তেওঁৰ মাক আৰু আইতাৰ লগত নৃত্য কৰিছিল। তেওঁৰ নাতি হ’ল ৱাৰ্ড্ৰেথ উইকচ আৰু হাবিব উইকচ।

মৃত্যু[সম্পাদনা কৰক]

ইন্দ্ৰাণী ৰহমান ৫ ফেব্ৰুৱাৰী ১৯৯৯ চনত নিউয়ৰ্কৰ মেনহাট্টানত মৃত্যু বৰণ কৰে।

বঁটাসমূহ[সম্পাদনা কৰক]

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Dancing in the Family, সুকন্যা ৰহমানৰ দ্বাৰা, ২০০১, হাৰ্পাৰ কলিঞ্চ ভাৰত, আই.এচ.বি.এন. 81-7223-438-4.
  • Dance dialects of India, ৰগিনী দেৱীৰ দ্বাৰা, মতিলাল বানাৰচিডাচ পাবলিক, 1990. আই.এচ.বি.এন. 81-208-0674-3, আই.এচ.বি.এন. 978-81-208-0674-0.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Ragini Devi Biography Notable American Women: A Biographical Dictionary Completing the Twentieth Century, by Susan Ware, Stacy Lorraine Braukman, Radcliffe Institute for Advanced Study. Harvard University Press, 2004. আই.এচ.বি.এন. 0-674-01488-X, 9780674014886. Page 172-173.
  2. Book Review South Asian Women Forum
  3. 3.0 3.1 Obituary: Indrani Rehman Archived 15 September 2008 at the Wayback Machine. by Kuldip Singh, The Independent (London), 18 February 1999
  4. Ramalal Balram Bajpai – Biography[সংযোগবিহীন উৎস]
  5. Rhythm of the new millennium Leela Venkatraman, The Hindu, 28 October 2001.
  6. Dancing through their lives The Hindu, 22 September 2002.
  7. HINDU DANCES PRESENTED; Ragini Devi Seen in Theatre of All Nations Performance New York Times, 9 December 1944.
  8. 8.0 8.1 Indrani, Performer of Classical Indian Dance, Dies at 68 New York Times, 8 February 1999.
  9. Indrani Rahman Kuchipudi: Kūcipūdi : Indian Classical Dance Art, by Sunil Kothari, Avinash Pasricha. Abhinav Publications, 2001. আই.এচ.বি.এন. 81-7017-359-0, আই.এচ.বি.এন. 978-81-7017-359-5. 190.
  10. Indrani Rahman India's Dances: Their History, Technique, and Repertoire, by Reginald Massey. Abhinav Publications, 2004. আই.এচ.বি.এন. 81-7017-434-1. page 210.
  11. Guests Archived 19 July 2011 at the Wayback Machine. Stuttgart – Bharatiya Mujlis.
  12. MISS INDIA' IS PICKED; Architect's Wife Wins Boycotted Beauty Contest's Final New York Times, 4 April 1952.
  13. Indian Press Hails National Beauty Contest Won by Shapely Half-American in Her Sari New York Times, 5 April 1952.
  14. "Miss India". Archived from the original on 26 October 2009. https://web.archive.org/web/20091026192308/http://geocities.com/noveltydatanet/jobiantonysitefile/Miss/। আহৰণ কৰা হৈছে: 2010-11-11. 
  15. Indrani Rahman National Library of Australia.
  16. In Remembrance Archived 21 July 2010 at the Wayback Machine. Indian Express, 15 April 1999.
  17. Sukanya Rahman Website
  18. Padma Shri – Indrani Rahman Archived 31 January 2009 at the Wayback Machine. Padma Shri Official listing at Govt. of India website.
  19. Sangeet Natak Akademi Award – “Bharata Natyam Archived 12 February 2009 at the Wayback Machine. Sangeet Natak Akademi Award official listing.

বহিসংযোগ[সম্পাদনা কৰক]