সমললৈ যাওক

শচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শচী
দেৱতাৰ ৰাণী
সৌন্দৰ্য, ইৰ্ষা আৰু ক্ৰোধৰ দেৱী
শচী ইন্দ্ৰাণী
শচী ওৰফে ইন্দ্ৰাণীৰ প্ৰতিমূৰ্তি
সম্পৰ্ক দেৱী
মাতৃকা
অসুৰ নন্দিনী
সঙ্গী ইন্দ্ৰ
সন্তান জয়ন্ত, জয়ন্তী, দেৱসেনা
আসন/বাহন ঐৰাৱত

শচী (সংস্কৃত: शची) বা ইন্দ্ৰাণী হৈছে হিন্দুসকলৰ সৌন্দৰ্যৰ দেৱী। তেওঁ ঐন্দ্ৰিলা, মাহেন্দ্ৰী, পুলমাজা আৰু পৌলমী নামেৰেও জনাজাত। তেওঁক সকলোৱে অন্তৰংগভাৱে পাবলৈ বিচৰাৰ বাবে ইৰ্ষাভাৱৰ উৎস হিচাপেও শচীৰ নাম লোৱা হয়। তেওঁ দেৱতাৰ ৰাণী আৰু দেৱৰাজ ইন্দ্ৰৰ সহধৰ্মিণী। শচীৰ পিতৃ হৈছে অসুৰ পুলোমন আৰু বিবাহৰ পূৰ্বেই তেওঁক শচীৰ ভৱিষ্যতৰ পতি ইন্দ্ৰই বধ কৰে। তেওঁ সপ্তমাতৃকাৰ অন্যতম। শচী নিজৰ অতুলনীয় ৰূপৰ বাবে খ্যাত। তেওঁৰ নয়নযুৰি সবাতোকৈ সুন্দৰ বুলি কোৱা হয়। প্ৰায়েই সিংহ আৰু হাতীৰ সৈতে তেওঁৰ সম্পৰ্ক থকা দেখা যায়। ইন্দ্ৰ আৰু শচীৰ তিনিগৰাকী সন্তান হৈছে জয়ন্ত, জয়ন্তী আৰু দেৱসেনা। হিন্দু মহাকাব্যসমূহত শচীক "অনন্ত সুন্দৰী" আখ্যা দিয়া হৈছে।[1]

লিপিসমূহত উল্লেখ

[সম্পাদনা কৰক]

বৈদিক সাহিত্যসমূহত শচীৰ বিশেষ গুৰুত্ব নাই যদিও শাক্ত পন্থাৰ শক্তিৰ ধাৰণাটোৰ বিকাশ ঘটোৱাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ। শচীৰপৰাই দেৱতাসকলৰ সংগী শক্তিস্বৰূপ পাৰ্বতী, কালী আদি দেৱীসকলৰ ধাৰণাই জন্ম পায়। পৰৱৰ্তী কালত এনেদৰেই শচীয়ে অন্য হিন্দু দেৱীসকলৰ আৰ্হি হিচাপে গুৰুত্ব লাভ কৰে।

ঋকবেদত শচীক অতিশয় সুন্দৰী হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰে এটা শ্লোকত কোৱা হৈছে যে তেওঁ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি ইৰ্ষাপৰায়ণ আৰু তেওঁ ভগৱানৰ ওচৰত এই প্ৰতিদ্বন্দ্বীসকলৰ পৰা পৰিত্ৰান বিচাৰিছে। ইন্দ্ৰই তেওঁক অমৰত্ব প্ৰদান কৰা বাবে তেওঁ বৰ সৌভাগ্যৱতী বুলি কোৱা হৈছে। কোৱা হয় যে শচীৰ সৌন্দৰ্যৰ বাবেই ইন্দ্ৰই সকলো দেৱীৰ মাজত তেওঁকেই নিৰ্বাচন কৰে।[2]

কোৱা হয় যে অন্য দেৱীৰ বিপৰীতে শচীৰ এক নিজস্ব আৰু সুকীয়া চৰিত্ৰ আছে। বহু দেৱীক নিজৰ সংগী দেৱতাজনৰ নামেৰে জনা যায়; যেনে বৰুণৰ অৰ্ধাংগিণী বৰুণী। শচীকো পতি ইন্দ্ৰৰ নামেৰে ইন্দ্ৰাণী হিচাপে জনা যায়। সেইদৰে ইন্দ্ৰকো শচীৰ নামেৰে 'শচীপতি' বুলি কোৱা হয়। প্ৰাক-বৈদিক উল্লেখসমূহত শচীক ইন্দ্ৰৰ ছাঁ‌য়াৰূপে বৰ্ণোৱা হৈছে যাক এক অপশক্তি হিচাপে গণ্য কৰা হৈছিল। তেওঁ অসুৰৰ জীয়ৰী হোৱাৰ বাবে ক্ৰোধৰ দেৱী হিচাপেও গণ্য কৰা হয়। পৰৱৰ্তী কালৰ হিন্দু লিপিসমূহত শচীক ইৰ্ষাপৰায়ণতা আৰু দুষ্ট মনোবৃত্তিৰ বিমূৰ্ত ৰূপ হিচাপে উপস্থাপন কৰা হৈছে। কিন্তু পিছলৈ মানুহৰ মনত তেওঁ এক গুৰুত্বপূৰ্ণ শক্তি তাৰকালৈ পৰিণত হৈ দক্ষিণ ভাৰতত আজিকোপতি পূজিত হৈ আহিছে। স্বতন্ত্ৰ ৰূপত শচীক পূজা কৰা প্ৰায় নহয়েই বুলিব পাৰি। সপ্তমাতৃকাৰ লগতে তেওঁক উপাসনা কৰা হয়।[3]

পাৰিজাত হৰণ আখ্যানত শচীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই আখ্যানত তেওঁ কৃষ্ণৰ পত্নী সত্যভামাৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।[4]

মাতৃকা হিচাপে

[সম্পাদনা কৰক]

শচী বা ইন্দ্ৰাণী সপ্তমাতৃকাসকলৰ অন্যতম। তেওঁ ইন্দ্ৰৰ দৰেই ঐৰাৱতক বাহন হিচাপে লৈ ভ্ৰমণ কৰে। আহাৰৰ নৱৰাত্ৰিত শচীৰ অৰ্চনা কৰা হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. User, Super. "Shachi" (en-GB ভাষাত). Eastern Spirituality. https://www.eastern-spirituality.com/glossary/spirituality-terms/s-definitions/shachi। আহৰণ কৰা হৈছে: 2020-09-07. 
  2. "Indrani Devi." (en ভাষাত). Goddess Vidya. http://vedicgoddess.weebly.com/3/post/2012/12/indrani-devi-by-yogi-ananda-saraswathi.html। আহৰণ কৰা হৈছে: 2020-09-07. 
  3. "Shachi (Indrāṇī)" (en ভাষাত). Jyotiṣmatī. 2017-02-06. Archived from the original on 2020-09-23. https://web.archive.org/web/20200923023929/http://jyotismati.com/learn-jyoti%E1%B9%A3a/devata/saptamat%E1%B9%9Dkah/indra%E1%B9%87i/। আহৰণ কৰা হৈছে: 2020-09-07. 
  4. https://archive.org/details/puranicencyclopa00maniuoft/page/660/mode/2up
  5. Leeming, David; Fee, Christopher (2016-03-15) (en ভাষাত). The Goddess: Myths of the Great Mother. Reaktion Books. ISBN 978-1-78023-538-7. https://books.google.com/books?id=kjO6CwAAQBAJ&pg=PT33&dq=matrikas#q=matrikas.