সমললৈ যাওক

সত্যভামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যভামা
সত্যভামা
১২-১৩ শতিকাৰ সত্যভামাৰ ভাস্কৰ্য
দেৱনাগৰী सत्यभामा
সংস্কৃত লিপ্যন্তৰ Satyabhāma
সম্পৰ্ক দেৱী, ভূদেৱী, অষ্টভাৰ্য্যা, দ্বাৰকাৰ ৰাণী
নিবাস দ্বাৰকা
সঙ্গী কৃষ্ণ
পিতৃ-মাতৃ সত্ৰজিত (পিতৃ)
সন্তান ভানু, স্বভানু, সুভানু, ভানুমান, প্ৰভানু, অতিভানু, প্ৰতিভানু, শ্ৰীভানু, বৃহদ্ভানু আৰু চন্দ্ৰভানু

সত্যভামা (ইংৰাজী: Satyabhama) হৈছে হিন্দু দেৱী আৰু হিন্দু দেৱতা বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ তৃতীয় ৰাণী-সহধৰ্মী। তেওঁক সত্ৰজিতী বুলিও কোৱা হয়। সত্যভামাক পৃথিৱী-দেৱী ভূদেৱীৰ অৱতাৰ বুলিও বৰ্ণনা কৰা হয়। তেওঁ দানৱ নৰকাসুৰক পৰাস্ত কৰিবলৈ শ্ৰীকৃষ্ণক সহায় কৰিছিল।

সামন্তক মণি আৰু সত্যভামা

[সম্পাদনা কৰক]

এবাৰ সূৰ্যদেৱতাই দ্বাৰকাৰ বিশিষ্ট নাগৰিক যাদৱ বংশীয় সত্ৰাজিতৰ ভাতৃ প্ৰসেনক স্যামন্তক মণি উপহাৰ দিছিল। তেতিয়া সত্ৰজিতে সকলো দ্বাৰকাবাসীক সেই মণি চাবলৈ আমন্ত্ৰণ জনাইছিল। দ্বাৰকাধীশ শ্ৰীকৃষ্ণও সেই মণিৰ কথা শুনি কৌতূহলী হৈ উঠে আৰু সেই মণি দৰ্শন কৰিবলৈ সত্ৰাজিতৰ গৃহলৈ আহে। কিন্তু শ্ৰীকৃষ্ণই যেতিয়া সত্ৰাজিতৰ গৃহত স্যামন্তক মণি চাবলৈ বিচাৰে তেতিয়া সত্ৰাজিতে তেওঁক সন্দেহৰ দৃষ্টিৰে চায় আৰু ভাবে যে, বাসুদেৱে তেওঁৰ মণিটোৰ কথা শুনি প্ৰলোভিত হৈছে আৰু মণিটো চুৰ কৰাৰ উদ্দেশ্যলৈ মণিটো চাবলৈ বিচাৰি আহিছে। মণি চাই সত্ৰাজিতৰ ঘৰৰ পৰা প্ৰস্থান কৰাৰ মুহূৰ্তত সত্ৰাজিতৰ একমাত্ৰ কন্যা সত্যভামাৰ সৈতে শ্ৰীকৃষ্ণৰ সাক্ষাৎ হয়। পৰবৰ্তী সময়ত সত্যভামা আৰু শ্ৰীকৃষ্ণৰ বিবাহ হয়।

মহাভাৰতত সত্যভামা

[সম্পাদনা কৰক]

হিন্দুসকলৰ ধৰ্মগ্ৰন্থ মহাভাৰতৰ বনপৰ্ব বা অৰণ্য পৰ্বত সত্যভামা আৰু দ্ৰৌপাদীৰ মাজৰ থকা বন্ধুত্ব প্ৰদৰ্শন কৰা হৈছে। কৃষ্ণ, সত্যভামা, দ্ৰৌপাদী আৰু পাণ্ডৱসকল কাম্যকৰ অৰণ্যত ভ্ৰমণ কৰে। যেতিয়া দুয়োগৰাকী মহিলা অকলে আছিল, সত্যভামায়ে দ্ৰৌপাদীক বিবাহিত জীৱন বা 'স্ত্ৰীধৰ্ম'ৰ বিষয়ে কেইবাটাও প্ৰশ্ন সোধে। দ্ৰৌপদীয়ে তেতিয়া তেওঁৰ অভিজ্ঞতাৰপৰা বিবাহৰ গোপন কথা-বতৰাৰ ভাগ-বতৰা কৰি সত্যভামাক পৰামৰ্শ দিয়ে। মহিলা দুগৰাকীৰ আলোচনাত স্থান পোৱা কেইটামান বিষয়বস্তু আছিল: পৰিয়াল, সম্পৰ্ক, সন্মান, কাম ইত্যাদি।[1]

অশ্বমেধ পৰ্বত, যেতিয়া ভীম কৃষ্ণক অশ্বমেধৰ আমন্ত্ৰণ দিবলৈ দ্বাৰকাত উপস্থিত হৈছিল, সেইসময়ত কৃষ্ণক সত্যভামাই সেৱা শুশ্ৰুষা কৰিছিল।

সত্যভামাৰ অৱতাৰ আৰু নৰকাসুৰৰ হত্যা

[সম্পাদনা কৰক]

বৰ প্ৰাপ্তিৰ পিছত নৰকাসুৰ, তেওঁৰ শক্তিৰ বাবে অহংকাৰী আৰু গৌৰৱান্বিত হৈ পৰিছিল। তেওঁ মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকক জোৰ কৰি তেওঁৰ পত্নী কৰি লৈছিল। তেওঁ প্ৰায় ১৬ হাজাৰ মহিলাক বন্দী কৰিছিল। তেওঁ স্বৰ্গৰ ৰজা ইন্দ্ৰকো পৰাস্ত কৰিছিল আৰু স্বৰ্গখনক নিয়ন্ত্ৰণ কৰিবলৈ লৈছিল। প্ৰাপ্ত কৰা বৰৰ বাবে কোনেও তেওঁক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল। নৰকাসুৰে আনকি ইন্দ্ৰৰ মাক অদিতিৰ কাণৰ ফুলিযোৰো চুৰ কৰি আনিছিল আৰু তেওঁৰ মাতৃ ভূদেৱীলৈ বুলি দিছিল। ইন্দ্ৰই তেওঁক হত্যা কৰিবলৈ কৃষ্ণক অনুৰোধ কৰিছিল। কেৱল মাকৰ হাতেৰেহে মৃত্যু হ'ব বুলি নৰকে বৰ লাভ কৰিছিল। নৰকক হত্যাৰ উদ্দেশ্যে কৃষ্ণ অৱতাৰৰ সময়ত ভূদেৱীয়ে সত্ৰাজিৎৰ কন্যা সত্যভামা হিচাপে অৱতাৰ লৈছিল। সত্যভামাৰ কৃষ্ণৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকে পিছত নৰকাসুৰক হত্যা কৰিছিল।[2]

শ্ৰীকৃষ্ণ আৰু সত্যভামাৰ দহটি সন্তান জন্মে। সত্যভামাৰ গৰ্ভত কৃষ্ণৰ যি দহটি সন্তান জন্মলাভ কৰিছিল সেইসকল হ’ল- ভানু, স্বভানু, সুভানু, ভানুমান, প্ৰভানু, অতিভানু, প্ৰতিভানু, শ্ৰীভানু, বৃহদ্ভানু আৰু চন্দ্ৰভানু।

কল্পবৃক্ষ

[সম্পাদনা কৰক]

এবাৰ নাৰদে কৃষ্ণক গছৰ কেইটামান ফুল দিছিল। কৃষ্ণই সিবোৰ তেওঁৰ পত্নীসকলৰ মাজত বিতৰণ কৰিছিল, কিন্তু সত্যভামাক দিবলৈ পাহৰি যায়। সত্যভামাই ইয়াৰ কাৰণে কৃষ্ণৰ ওপৰত অভিমান কৰে। কৃষ্ণ তেওঁৰ অভিমান ভাঙিবলৈ ইন্দ্ৰৰ সৈতে যুদ্ধ কৰি কল্পবৃক্ষ লৈ আহে আৰু সত্যভামাৰ গৃহৰ প্ৰাঙ্গনত ৰোপণ কৰে।[3]

ভামা কল্পম

[সম্পাদনা কৰক]

ভামা কল্পম হৈছে এখন কুচিপুড়ি নৃত্য নাটিকা য'ত সত্যভামাৰ কাহিনীটো বৰ্ণন কৰা হয়। পৰম্পৰা মতে, প্ৰতিগৰাকী নৃত্য শিল্পীয়ে তেওঁলোকৰ জীৱন কালত এই কাহিনীটো প্ৰদৰ্শন কৰিব লাগে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত সত্যভামা সম্পৰ্কীয় মিডিয়া ফাইল।