পাৰিজাত হৰণ নাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পাৰিজাত হৰণ
লিখক শ্ৰীমন্ত শংকৰদেৱ
চৰিত্ৰসমূহ কৃষ্ণ

ৰুক্মিণী
নাৰদ
ইন্দ্ৰ

সত্যভামা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

পাৰিজাত হৰণ নাটখনি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ।নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট বিদ্যমান।

চৰিত্ৰ[সম্পাদনা কৰক]

কাহিনী[সম্পাদনা কৰক]


নাটৰ বিশ্লেষণ[সম্পাদনা কৰক]

নাটৰ আৰম্ভণিতে কৃষ্ণৰুক্মিণী, সত্যভামা প্ৰমুখ্যে পত্নীসৱৰ লগত বিহাৰ কৰি ৰুক্মিণীৰ মন্দিৰত কৃষ্ণই বিশ্ৰাম জিৰণি ল'লে। সত্যভামাই নিজৰ মন্দিৰত প্ৰবেশ কৰিছে। তেনেসময়ত নাৰদমুনি উপস্থিত হৈ কৃষ্ণ হাতত এপাহ পাৰিজাত ফুল অৰ্পন কৰি পাৰিজাত ফুলৰ মহিমা প্ৰকাশ কৰি কলে- "ওহি দেৱ দূৰ্লভ পাৰিজাতঃ জো নাৰী পৰিধান কৰে সে পুস্পক মহিমায়ে সোভাগিণী হয়ঃ তাকহ ছাড়ি স্বামী কথায়ে যাৱে নাহি।" কথা শুনি ৰুক্মিণীয়ে কাতুৰ্বাদ কৰি ফুলপাহ খোজাত কৃষ্ণই প্ৰিয়াক গৌৰৱে কোলে বৈঠাই মাথে পাৰিজাত পিন্ধাৱল।"আনহাতে নাৰদমুনি গৈ সত্যভামাৰ ওচৰ পাই কলেগৈ- "আহে দেৱী সত্যভামা। তোহাৰি স্বামী শ্ৰী কৃষ্ণ বৰি বিষম চেষ্টা দেখলঃ হা হা মাৱঃ তুহু দুৰ্ভাগ্য ভৈলিঃ হামু আজসে জানলু।"

সত্যভামাৰ মতে তেওঁ স্বামী কৃষ্ণৰ প্ৰিয়তমা পত্নী। কিন্তু নাৰদে "তোহাক বিধি বঞ্চল,কহিতে দুখ লাগ"কপাল থপৰিয়াই বেদনা প্ৰকাশ কৰা দেখি সত্যভামাৰ মন চঞ্চল অএ পৰি কথাটো কি কবলৈ খাটনি ধৰিলে।নাৰদে এটাকে দহোটা কৰি তেঔঁ দিয়া পাৰিজাত ফুলপাহ সত্যভামাহে পিন্ধা যোগ্য বুলি নাৰদে কোৱা স্বত্বেও কৃষ্ণই ৰুক্মিণীৰ খোপাত পিন্ধোৱাৰ কথা নাৰদৰ মুখত শুনি সতিনীৰ অভ্যুদয় দেখি জীয়াই থকাৰ সাৰ্থকতা নাই বুলি সত্যভামাই নিজৰ জীৱনক ধিক্কাৰ দিলে। "সতিনীক মহোদয় শুনি কহুঁ,কোপে-অপমানে আন্ধৰি দেখিল, দেৱী সত্যভামা মূৰ্ছিত হুয়া পৰিল।" ইয়াত নাট্যকাৰে সত্যভামাক অভিমাননী, ঈৰ্ষাপৰায়ণানাৰী ৰূপে অংকিত কৰিছে। স্বামী কৃষ্ণই সত্যভামাক আশ্বাস কৰি "ৰুক্মিণী জাম্বৱন্তী তোহাৰ সম ভাগ্যৱতী নাহি।তোহো হামাৰ প্ৰানময় প্ৰিয়"আদি আদৰ আৰু স্নেহ বাণীৰে আপ্যায়িত কৰাৰ উপৰি"তোহোক একশত পাৰিজাত দেৱবো" বুলি কোয়া স্বত্বেও অভিমানী সত্যভামাই স্বামীৰ ফালে পিঠি দি "যে তোমাৰ প্ৰিয়তমা ৰুক্মিণী তাহেক সমীপ চলহ" বুলি কতাক্ষ হানিছে।গৰ্বিতা, আত্মাভিমানী সত্যভামাৰ চৰিত্ৰ নাট্যকাৰে শেষ পৰ্যন্ত দক্ষতাৰে অংকন কৰিছে। সত্যভামাই বহু পত্নীক কৃষ্ণৰ কথাত বিশ্বাশ কৰিবলৈ টান পাইছে।সেয়েহে পাৰিজাত আনিবলৈ স্বামীক প্ৰতিজ্ঞাবদ্ধ কৰাৰ উপৰি যুদ্ধলৈ যাওতে লগত যাবলৈ কুণ্ঠাবোধ কৰা নাই।তেওঁৰ মনত ভয় কিজানি কৃষ্ণই পাৰিজাত ননাকৈ আহে আনিলেও আন পত্নীক দিয়ে।"হে' স্বামী হামাৰ বহুত সতিনি, ইয়াৰ পাৰিজাত আন কোন স্ত্ৰীক দেৱব নাহি।"স্বামীৰ ওচৰত তেওঁৰ বিশ্বাস নাই। "হামু কদাচিত তোহাৰ সঙ্গ নাহি চৰব" আদি কথাই সত্যভামাৰ সতিনী বিদ্বেষপ্ৰকাশ কৰিছে। স্বৰ্গত কৃষ্ণই পাৰিজাতৰ কথা আওকাণ কৰা দেখি সত্যভামাই সোঁৱৰাই দি নাৰদক ইন্দ্ৰৰ ওচৰলৈ দূত পঠাইছে। পাৰিজাত স্বত্বাধিকাৰী ইন্দ্ৰ পত্নী শচীয়ে যেতিয়া শ্ৰী কৃষ্ণৰ মনুষ্যত্বক লৈ তাচ্ছিল্যপূৰ্ণ কতাক্ষ কৰিলে ,স্বামীৰ গৌৰৱত গৌৰৱিনী সত্যভামাই কৃষ্ণৰ গুন-গৰিমা আৰু শক্তি ক্ষমতাৰ কথা প্ৰকাশ কৰি শচীক চুঙা চাই সোপা দিছে।ইয়াত সত্যভামাৰ মুখৰাস্বৰূপ সুন্দৰকৈ প্ৰকট হৈছে।আনকি কৃষ্ণৰ শৰণাপন্ন ইন্দ্ৰয়ো কবলৈ বাধ্য হৈছে, "ওহে সত্যভামা ,ওহি শ্ৰী কৃষ্ণত পতনী ঠিক তাহেক মধ্যে তুঁহু বৰি প্ৰগলভা।" ইন্দ্ৰ-পত্নী শচী আৰু কৃষ্ণ-পত্ন সত্যভামাৰ বাক যুদ্ধখনে প্ৰত্যেকৰে স্বামীৰ পূৰ্ব কলঙ্কৰ কথা কৈ অবাচ্য গালিৰে ইগৰাকীয়ে সিগৰাকীক থকা-সৰকা কৰি দমাবলৈ কৰা প্ৰয়াসৰ ক্ষেত্ৰত মুখৰা আৰু আত্মগৰৱিনী দুগৰাকী নাৰীৰ সমধম্মী চৰিত্ৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰ্যই সাধাৰন দৰ্শকক আমোদ দিলেও ইন্দ্ৰ-পত্নী শচি আৰু কৃষ্ণ -পত্নী সত্যভামাৰ চৰিত্ৰৰ মান অবনমিত হৈছে। দুজনী সাধাৰন মুখৰা তিৰোতাৰ স্বৰুপহে প্ৰকাশ ঘটিছে। স্বৰ্গৰ পৰা পাৰিজাত ফুল উঘালি আনিও সত্যভামা শান্ত হোৱা নাই।গৰ্বত উফন্দি থকা সত্যভামাই দ্বাৰকালৈ আহি ৰুক্মিণীক কৈছে"হে বিৰ্দভ ৰাজকুমাৰী,তুহু স্বামীৰ হন্তে গোটা এক পাৰিজাত পুষ্প পাৱল,দেখু যাৱত সেই পাৰিজাতসমূহে উভালি কৃষ্ণৰ হাতে নাহি আনোলো,তাৱত ছাড়লো নাহি। হামো সৌভাগ্যক মহিমা পেখু পেখু।" ৰুক্মিণী সত্যভামাতকৈ বয়সত ডাঙৰ হোৱা সত্বেওগৰ্বিতা সত্যভামাই সামান্য সৌজন্য ভাৱ প্ৰদৰ্শন নকৰাৰ বিপৰীতে মৃদু-স্বভাৱা ,স্বল্পভাষিণী ৰুক্মণীয়ে এই বুলি উত্তৰ দিছে....অয়ে ভগিনী সত্যভামা ,কি কহৈছ,জগতৰ পৰম গুৰু শ্ৰী কৃষ্ণ,উনিকৰ চৰণ সেৱা কৰিতে ব্ৰক্ষ্মাণ্ড ভিতৰে কোন বস্তু ঠিক। ধৰ্ম ,অৰ্থ,কাম,মোক্ষ চাৰি পদাৰথ হাতে মিলাৱে।তোহাৰি পাৰিজাত কোন কথা।" সত্যভামাই 'বিদৰ্ভ ৰাজকুমাৰী' বুলি সম্বোধন কৰাৰ বিপৰীতে ৰুক্মণীয়ে ক্ষোভহীন ,বিদ্বেষহীনভাৱে ভগিনী সত্যভামা বুলি সম্বোধন ধৰি দিয়া উত্তৰে সত্যভামাৰ গৰ্বত চেচাঁ পানী ঢালিলে। তথাপি সত্যভামা]]ৰ ঈৰ্ষা হ্ৰাষ নাপালে। বৰঞ্চ কৃষ্ণই তেওঁৰ কক্ষৰপৰা দূৰত ফুল ৰোৱা দেখি সতিনীয়ে ফুল চুৰী কৰিব বুলি ভাবি নিজৰ দুৱাৰ মুখতে কৃষ্ণৰ হতুৱাই পাৰিজাত ফুল ৰোৱালে। সত্যভামাৰ কাৰ্য্যই বহুপত্নীক ভগৱান কৃষ্ণক তিৰুতা সেৰুৱা সাধাৰণ পুৰুষ ৰূপে সজাইছে।পাৰিজাত হৰণ নাটৰ ৰুক্মিণী চৰিত্ৰটি গাম্ভীৰ্য যুক্ত,স্বামীপৰায়ণা,গভীৰ উপলব্ধিৰে পৰম ভক্তা। আনহাতে সত্যভামাক স্বামী পৰায়ণা হলেও মদগৰ্বী, ঈৰ্ষা পৰায়ণা,অভিমাননী মুখৰা ৰূপত দেখা গৈছে।ভক্ত কবি নাট্যকাৰ শঙ্কৰদেৱে হয়তো নিৰ্গুনা ভক্তিৰ প্ৰতিক ৰূপত ৰুক্মিণীক আৰু সগুণা বা সকামা ভক্তিৰ প্ৰতিক ৰূপত সত্যভামাক অংকন কৰাৰ প্ৰয়াস কৰিছে।[1]


লগতে চাওক[সম্পাদনা কৰক]

লগতে পঢ়ক[সম্পাদনা কৰক]

  • S. N. Sarma, The Neo-Vaisnavite Movement and the Satra Institution in Assam (1966; reprint, Guwahati: Lawyer’s Book Stall, 1999).
  • W. L. Smith, Dr. W. L. Smith on Sankaradeva, compiled by Prabhat Ch. Das (Guwahati: Oriental Institute for Sankaradeva Studies, 2001), and W. L. Smith, ‘‘Inventing Brajabuli,’’ Archiv Orientalni (Prague) 68, no. 3 (2000).
  • Mahesvar Neog, Early History of the Vaisnava Faith and Movement in Assam: Sankaradeva and His Times (1965; reprint, Delhi: Motilal Banarsidass, 1983), 267.
  • Ankiya Nat, edited by Birinci Kumar Baruva (1940), 3rd ed. (Guwahati: Department of Historical and Antiquarian Studies in Assam, 1983).
  • Ankavali, ed. Kaliram Medhi (Guvahati: Jayanti Art Press, 1950).

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]