ৰাম বিজয়
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ৰাম বিজয় | |
---|---|
লিখক | শ্ৰীমন্ত শংকৰদেৱ |
চৰিত্ৰসমূহ | ৰাম বিশ্বামিত্ৰ |
মূল ভাষা | ব্ৰজাৱলী ভাষা |
বিষয় | ধাৰ্মিক |
ৰাম বিজয় নাটখন শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি ৰচনা কৰিছে।[1] ৰাম বিজয় নাটখনৰ নায়িকা হৈছে সীতা।
চৰিত্ৰ
[সম্পাদনা কৰক]কাহিনী
[সম্পাদনা কৰক]নাট্য কাহিনীৰ আগভাগতেই শ্ৰীৰামচন্দ্ৰ্ক লক্ষ্মণ সহিতে প্ৰৱেশ কৰোৱা হৈছে আৰু তাৰ পাছত প্ৰৱেশ কৰোৱা হৈছে সখীদ্বয় কনকাৱতী আৰু মদন মন্থৰা সহিতে সীতাক। সীতাই সখীসকলৰ আগত নিজৰ মনোবেদনা ব্যক্ত কৰিছে যে পূৰ্বজন্মত তেওঁ নাৰায়ণক স্বামীৰূপে পাবৰ বাবে বহু বছৰ তপস্যা কৰিছিল। কিন্তু আকাশবাণীৰ মতে পিছৰ জন্মতহে এই আশা পূৰ হ'ব বুলি কৈছিল যদিও এই জনমতো সেই আশা পূৰ নহ'ব বুলি দুখ প্ৰকাশ কৰিছে। সখীসকলে সীতাক অভয় বাণী শুনাই কৈছে যে " ভকত বান্ধৱ মাধবে অৱশ্যে তোমাৰ দুখ দূৰ কৰিব"।
ইফালে আশ্ৰমত মাৰীচ আৰু সুবাহু নামৰ ৰাক্ষসৰ অত্যাচাৰত অতিষ্ঠ হৈ ঋষিৰাজ কৌশিক অৰ্থাৎ বিশ্বামিত্ৰই ৰজা দশৰথৰ কাষত গৈ ৰজাক আৰ্শীবাদ কৰিছে। ৰজাই আদৰ সন্মান জনাই আগমনৰ উদ্দেশ্য সুধিলত কৌশিকে আগমণৰ উদ্দেশ্য জনাই ৰাম-লক্ষ্মণক অসুৰ নিধনৰ বাৱে কৌশিকৰ লগত পঠাবলৈ ৰজাক অনুৰোধ কৰিছে। মাৰীচ-সুবাহুক বধ কৰিবৰ বাবে ৰাম-লক্ষ্মণক বিচৰাত ৰজা দশৰথ আচৰিত হ'ল। ৰজাই জনালে যে ৰাম-লক্ষ্মণ তেনেই শিশুমতি তথা ৰাক্ষসৰ লগত যুদ্ধ কৰাৰ বয়স তেওঁলোকৰ হোৱা নাই। গতিকে ৰাম-লক্ষ্মণৰ সলনি তেওঁৱেই গৈ ৰাক্ষস নিধন কৰিবগৈ। ঋষিৰ ওচৰত ৰাম-লক্ষ্মণৰ জীৱন দান দিৱলৈ কাকূতি জনাইছে। তেতিয়া ঋষিয়ে ক্ৰোধান্বিত হৈ কৈছে যে ৰাম-লক্ষ্মণ সামান্য বালক নহয় সেয়েহে তেঁওলোকৰ সহায় তেওঁ বাঞ্চা কৰিছে।
ৰজাৰ অনুমতি লৈ ৰাম-লক্ষ্মণ কৌশিকৰ আশ্ৰমলৈ যাত্ৰা কৰিলে। আশ্ৰমত কৌশিকে যজ্ঞৰ আয়োজন কৰিল। যজ্ঞৰ গোন্ধ পাই মাৰিছ আৰু সুবাহু আহিল। তেতিয়া ৰামে দুয়োকে বধ কৰিলে। ৰামৰ শৰত মাৰীচ লংকাত আৰু সুবাহু সাগৰৰ পাৰত পৰিলগৈ। ৰাম-লক্ষ্মণৰ কৃপাৰ যজ্ঞ সম্পন্ন হ'ল। ইয়াৰ পাছত কৌশিকে ৰাম-লক্ষ্মণক জনকৰ ৰাজ্যত অনুষ্ঠিত সীতাৰ স্বয়ংবৰৰ কথা জনাই সীতাই ৰামক স্বামীৰূপে পোৱাৰ বাবে ইচ্ছা কৰাৰ কথা জনাই সীতাৰ সৌন্দৰ্যৰ বৰ্ণনা দি দুয়োকে মিথিলালৈ লৈ গ'ল।
মিথিলাত জনক ৰজাই ঋষি সমন্বিতে দুয়োকে আদৰণি জনালে। কৌশিকে দুয়োকে জনকৰ প্ৰিয় মিত্ৰ দশৰথৰ পুত্ৰ বুলি পৰিচয় কৰাই দিলে। জনকৰ আদেশমতে সকলো পাত্ৰ-মন্ত্ৰীয়ে স্বয়ংবৰৰ বাবে অহা সকলোকে উস্ম আদৰণি জনাই স্বয়ংবৰ থলীলৈ আহ্বন জনালে। সকলোফালে ঢোল,ডবা,শংখ,মৃদঙ্গ,তাল আদি বাজি উঠিল। স্বয়ংবৰৰ সভাত সীতাৰ ৰূপ-লাৱণ্য দেখি উপস্থিত ৰজাসকলৰ কামে বিমোহিত অৱস্থা হ'ল। তেওঁলোকে বিভিন্ন কামবাক্য সীতাৰ প্ৰতি প্ৰয়োগ কৰিলে। জনকে উপস্থিত ৰজাসকলক উদ্দেশ্যি ক'লে-"আহে ৰাজাসৱ!হামু সত্যবাণী কহিছি তা শুনহ-সীতাক বিবাহ নিমিত্ত চিন্তিতে ওহি মহেশক ধনু গগণ হন্তে পড়ল। তদনন্তৰে আকাশবাণী শুনলো- ওহি ধনুত যে গুণ দিতে পাৰয় তাহাক মথে কুসুমমাল দিয়ে সীতা স্বামী বৰব। ইহা সত্য জানি যত্ন কৰহ। "
ৰজাৰ আহ্বান শুনি শতধনু,চন্দ্ৰকেতু,পুৰঞ্জয়,কুমুদাক্ষ আদি ৰজাসকল ব্যৰ্থ হ'ল। বিশ্ৰামিত্ৰই ৰামক আদেশ কৰাত ৰামে যি ব্ৰজ কঠিন ধনুত মহাৰাজসকলে গুণ দিব নোৱাৰিলে আমাৰ পক্ষে সেইয়া কেনেকৈ সম্ভৱ বুলি সন্দেহ প্ৰকাশ কৰিলে। সীতায়ো সন্দেহ প্ৰকাশ কৰিলে। ৰামে হাঁহি হাঁহি 'অজগৱ' ধনু তুলি গুণ লগালে। সামান্য যত্ন কৰিলতে ধনু ভাগি দুটুকুৰা হৈ পৰিল। সীতাৰ মন আনন্দিত হ'ল। ৰামৰ শিৰত সীতাই বৰমাল্য অৰ্পণ কৰিলে। উপস্থিত ৰজাসকলে লজ্জানত হৈ ৰামক আক্ৰমণ কৰিলে যদিও ৰামে তেওঁলোকক প্ৰতিহত কৰিলে। জনক ৰজাই অযোধ্যাৰ পৰা দশৰথক অনাই সোনকালে বিবাহ কৰোৱালে। বিবাহত বিশ্বামিত্ৰই হোমযজ্ঞ কৰিলে। ব্ৰহ্মা,ইন্দ্ৰ,ৰুদ্ৰাদি দেৱতাসৱো আনন্দিত হ'ল। সীতাৰ ৰূপ দেখি বিশ্বামিত্ৰও "কামাৰ্ত্তে মুচ্ছিৰ্তো" হ'ল।
বিবাহৰ অন্তত ৰাম-লক্ষ্মণ সীতাক লৈ অযোধ্যালৈ যাত্ৰা কৰিছে। দশৰথো তেওঁলোকৰ লগত হৈছে। অযোধ্যালৈ যাত্ৰা কৰোঁতে পথত আগভেটি ধৰিলে পৰশুৰামে। পৰশুৰাম খঙত উগ্ৰ হৈ ৰামক যুদ্ধৰ বাবে আহ্বান জনালে। একৈশ বাৰ ভূমি প্ৰদক্ষিণ কৰি তেঁও সকলো ক্ষত্ৰিয়ৰ মুণ্ড ছেদন কৰি থৈছে। বহুদিন মলিন হৈ থকা কুঠাৰ আজি ৰামক কাটি নিকা কৰিব। পৰশুৰামৰ ক্ৰোধ দেখি দশৰথে তেওঁৰ চৰণত পুত্ৰৰ জীৱন ভিক্ষা কৰি প্ৰাৰ্থনা জনালে। পৰশুৰামে ক্ৰোধ সম্বৰণ নকৰাত বিশ্বামিত্ৰয়ো যুদ্ধৰ বাবে আহ্বান জনালে। যুদ্ধত কৌশিক পৰাজিত হ'ল। লক্ষ্মণে আততায়ী বধত পাপ নাই বুলি ৰামৰ অনুমতি বিছাৰিছিল যদিও লক্ষ্মণক অনুমতি নিদি নিজেই পৰশুৰামৰ বিৰুদ্ধে ধনুশৰ ধৰিলে। শ্ৰীৰামৰ ধনুঅৰ টংকাৰত পৰশুৰামৰ হৃদয় ভেদি গ'ল। হাতৰ পৰশু খহি পৰিল। ৰামে বাণ নিক্ষেপ কৰিলে। পৰশুৰামে ৰামৰ ইশ্বৰত্ব উপলব্ধি কৰি ৰামৰ আগত পৰি কাতৰ ভাৱে প্ৰাৰ্থনা কৰিলে। ৰাম শান্ত হ'ল যদিও তেওঁৰ বাণ ব্যৰ্থ নহয় বুলি কৈ প্ৰাণৰক্ষা কৰিলে,কিন্তু স্বৰ্গপথ কাটিলে।
চৰিত্ৰ বিশ্লেষণ
[সম্পাদনা কৰক]শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জ্বল আৰু প্ৰাণৱন্ত। বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজিকালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। এইক্ষেত্ৰত ৰুক্মীণীৰ লগত সত্যভামাৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু সত্যভামাৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। পত্নী প্ৰসাদ নাটৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,কালিয়দমন নাটৰ যশোদা আৰু গোপমাতৃসকলৰ মাতৃৰূপ, নাগ পত্নীৰ ভক্তিভাব, পাৰিজাত হৰণ আৰু ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে।
নাৰী চৰিত্ৰ
[সম্পাদনা কৰক]কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত সীতা মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা,অ দেখহ ,শুনহ নিৰন্তৰে হৰি বোল হৰি। "সেই প্ৰসঙ্গত নাট্যকাৰে ধনশ্ৰী ৰাগৰ গীতত দিয়া বৰ্ণনাই সীতাৰ মানসিক অৱসথাৰ প্ৰকাশ ঘটাইছে এনেদৰে-
"স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী ভেলি পুলক তনু চেতন আকুল কমল নয়নে ঝুৰি বাৰি॥ "
হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা সীতাৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে। নাটখনিত সীতা ৰামৰ প্ৰতি আসক্তি,ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ,শংকা,ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে। জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই। নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা,কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rama Vijaya, Classical Assamese Drama". Jupiter Infomedia Ltd.. Jupiter Infomedia Ltd.. ২৪/০৩/২০১১. http://www.indianetzone.com/53/rama_vijaya.htm। আহৰণ কৰা হৈছে: January 13, 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউৎসত ৰাম বিজয় বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |