কমল কুমাৰী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমল কুমাৰী বৰুৱা
জন্ম ১৮৯৯
বৰ এলেঙী, নগাঁও, অসম
মৃত্যু ১৯৭৮ (বয়স ৭৮–৭৯)
অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম আইতা
বংশদ্ভূত অসমীয়া
ধৰ্ম হিন্দুত্ব
দাম্পত্যসঙ্গী শিৱ প্ৰসাদ বৰুৱা
পিতৃ-মাতৃ মহেন্দ্ৰনাথ মহন্ত (পিতৃ)
স্বৰ্ণলতা মহন্ত (মাতৃ)
সন্তান হেমেন্দ্ৰ প্ৰসাদ বৰুৱা

কমল কুমাৰী বৰুৱা (১৮৯৯-১৯৭৮) অসমৰ ঠেঙালৰ খঙীয়া বৰুৱা পৰিয়ালৰ এগৰাকী বিদূষী মহিলা আছিল।[1] নগাঁৱৰ বৰ এলেঙী সত্ৰত জন্মলাভ কৰা কমল কুমাৰী বৰুৱাৰ পিতৃ-মাতৃ আছিল মহেন্দ্ৰনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা।[2] ১৯১৭ চনত খঙীয়া বৰুৱা পৰিয়ালৰ শিৱ প্ৰসাদ বৰুৱাৰ লগত তেখেতৰ বিয়া হয়। এই পৰিয়ালটোৱে অসমীয়া সংস্কৃতি-পৰম্পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৩৮ চনত পতিৰ মৃত্যুৰ পিছত তেখেতে চাহ বাগিছাকে ধৰি ঠেঙাল পৰিয়ালৰ বৃহৎ‍ সা-সম্পত্তি চম্ভালি ল'বলগীয়া হয়। ব্যৱসায় কৰাত সুবিধা হ'বলৈ তেখেতে ইংৰাজী ভাষা, চাহ উৎ‍পাদন আদিৰ শিক্ষা গ্ৰহণ কৰে আৰু সকলো কাম চলাই যায়।[1]

কে কে ফাউণ্ডেছন[সম্পাদনা কৰক]

১৯৯০ চনত তেখেতৰ স্মৃতিৰক্ষাৰ্থে কমল কুমাৰী ফাউণ্ডেছন আৰম্ভ কৰা হয়।[3] ১৯৯১ চনৰ পৰা এই ফাউণ্ডেছনে কলা, সংস্কৃতি, সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ত ব্যক্তিবিশেষ বা গোটক কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে। সাংবাদিকতাৰ বাবে ১৯৯৯ চনৰ পৰা শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটাও এই ফাউণ্ডেছনে প্ৰদান কৰে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Kamal Kumari Barooah". The Kamal Kumari foundation. http://kkfindia.org/founders.html। আহৰণ কৰা হৈছে: August 24, 2012. 
  2. ৰুবী বি দাস (৩১ মাৰ্চ, ২০১৩). "খঙীয়া বৰুৱা পৰিয়াল". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. 
  3. "Kamal Kumari awards announced". The Assam Tribune. April 20, 2009. Archived from the original on February 19, 2012. https://web.archive.org/web/20120219170058/http://www.assamtribune.com/scripts/details.asp?id=apr2009%2Fat02। আহৰণ কৰা হৈছে: August 24, 2012.