শিৱ প্ৰসাদ বৰুৱা
অৱয়ব
শিৱ প্ৰসাদ বৰুৱা | |
---|---|
জন্ম | ১৮৮০ অসম |
মৃত্যু | ১৯৩৮ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | চাহ খেতিয়ক অধিবক্তা সাংবাদিক |
জনা যায় | Pioneer of Assamese Journalism, Richest tea-planter of his time, philanthropist, humanist |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | কমল কুমাৰী বৰুৱা |
শিৱ প্ৰসাদ বৰুৱা (ইংৰাজী: Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে সাংবাদিকতাৰ জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংগঠনক প্ৰতিবছৰে 'শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰি আহিছে৷[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]শিৱ প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৮৮০ চনত৷ তেওঁ যোৰহাটৰ প্ৰখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ আছিল৷ ১৯১৭ চনত তেওঁ কমল কুমাৰী বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷
অৱদান
[সম্পাদনা কৰক]শিৱ প্ৰসাদ বৰুৱাই ১৯৩০ চনৰ অক্টোবৰ মাহত 'সাদিনীয়া বাতৰি' নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে৷ এই কাকতখনেই ১৯৩৫ চনৰ আগষ্ট মাহত 'দৈনিক বাতৰি' লৈ পৰিৱৰ্ত্তিত হয়৷[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Official website
- Kamal Kumari awards announced Archived 2012-02-19 at the Wayback Machine