প্ৰসূতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰসূতি
দক্ষৰ দাম্পত্য সংগী প্ৰসূতি

দক্ষ আৰু তেওঁৰ ভাৰ্যা প্ৰসূতিৰ ভাস্কৰ্য্য
সঙ্গী দক্ষ
সন্তান দুহিতাসকল ক্ৰমে স্বাহা, অনুসূয়া, খ্যাতি আৰু সতী

প্ৰসূতি (प्रसूति, Prasūti) এগৰাকী হিন্দু পৌৰাণিক আখ্যান বৰ্ণিত দেৱী। তেওঁ হৈছে দক্ষ দেৱৰ দাম্পত্যসংগী। প্ৰসূতিৰ আন এক নাম হৈছে পাঞ্চজনী (বা বিৰাণী/অসিক্নী)। দক্ষৰ প্ৰথম জনমৰ ভাৰ্যা প্ৰসূতি, আৰু দ্বিতীয় জনমৰ ভাৰ্যা পাঞ্চজনী। দক্ষ আৰু প্ৰসূতিৰ কেইবাগৰাকীও কন্যা আছিল। ভিন ভিন শাস্ত্ৰৰ ব্যাখ্যা অনুসৰি বা স্থানবিশেষে ১৬, ২৪ বা ৬০ হিচাপে বৰ্ণিত হৈছে।[1][2][3][4] সতী দেৱী আছিল তেওঁলোকৰ ভিতৰত অন্যতম উল্লেখনীয়। প্ৰসূতি হৈছে ব্ৰহ্মা দেৱৰ দ্বাৰা সৃষ্ট প্ৰথম মানৱ স্বয়ম্ভূৱ মনু আৰু শতৰূপাৰ কণিষ্ঠা কন্যা।[5][6] আখ্যান অনুসৰি প্ৰসূতিৰ সৃষ্টি ব্ৰহ্মাদেৱৰ বাঁওহাতৰ বুঢ়া আঙুলিৰ পৰা হৈছিল বুলি কোৱা হয়। [7]

বৰ্ণনা[সম্পাদনা কৰক]

বেছিভাগ হিন্দু ধৰ্মীয় শাস্ত্ৰৰ মতে, দক্ষ দেৱে দুবাৰ জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰথম জন্ম হৈছিল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ সৃষ্টিৰ জৰিয়তে, আৰু দ্বিতীয় জন্ম আছিল তেওঁৰেই পুনৰ আৱিৰ্ভাৱ।

মহাভাৰতৰ ব্যাখ্যা অনুসৰি দক্ষ আৰু তেওঁৰ ভাৰ্য্যা প্ৰসূতি ব্ৰহ্মাদেৱৰ ক্ৰমে সোঁ আৰু বাওঁ হাতৰ বুঢ়া আঙুলিৰ পৰা উদ্ভূত হৈছিল৷[8] মৎস্য পুৰাণত বৰ্ণনা কৰা কাহিনী অনুসৰি দক্ষ, ধৰ্ম, কামদেৱ আৰু অগ্নি ব্ৰহ্মাদেৱৰ ক্ৰমান্বয়ে সোঁ হাতৰ বুঢ়া আঙুলি, বক্ষ, হৃদযন্ত্ৰ, আৰু চকুৰ চেলাউৰিৰ পৰা উদ্ভূত হৈছিল। ভাগৱত পুৰাণকে ধৰি অন্যান্য শাস্ত্ৰৰ বিৱৰণ মতে দক্ষই শিৱক কৰা অপমানৰ ফলস্বৰূপে দুবাৰকৈ জন্ম ল'ব লগা হৈছিল। তেওঁ ব্ৰহ্মাৰ মানসপুত্ৰ আছিল। দক্ষযজ্ঞৰ ঘটনাক্ৰমৰ পিছত তেওঁ দ্বিতীয় জন্ম লৈছিল।[9]

বিবাহ আৰু সতি-সন্তান[সম্পাদনা কৰক]

হিন্দু আচাৰ পৰম্পৰাত দক্ষ আৰু প্ৰসূতিৰ বিবাহকেই সৰ্বপ্ৰথম হিচাপে আখ্যা দিয়া হয়। বিষ্ণু পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ ৰ ব্যাখ্যা অনুসৰি দক্ষ আৰু তেওঁৰ দাম্পত্যসংগী প্ৰসূতিৰ মিলনত কেইবাগৰাকীও দুহিতাৰ জন্ম হৈছিল। তেওঁলোকৰ সংখ্যাক লৈ বহুমত আছে যদিও সৰহ সংখ্যক শাস্ত্ৰজ্ঞই সেই সংখ্যাটো ২৪ হিচাপে স্বীকৃতি দিছে। তেওঁলোকৰ কেইগৰাকীমান হৈছে  — শ্ৰদ্ধা, ভক্তি, ধৃতি, তুষ্টি, পুষ্টি, মেধা, ক্ৰিয়া, বুদ্ধিকা, লজ্জা গৌৰী, বাপু, শান্তি, সিদ্ধিকা, কীৰ্ত্তি, খ্যাতি, সম্ভূতি, স্মৃত্তি, প্ৰীতি, ক্ষমা, সন্নতি, অনসূয়া, উৰ্জ্জা, স্বাহা, স্বাধা আৰু সতী দেৱী। [10] পদ্ম পুৰাণৰ বৰ্ণনা অনুসৰি, দক্ষই অনুভৱ কৰিলে ২৪ গৰাকী দুহিতা সৃষ্টিৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ পৰ্য্যাপ্ত নহয়, আৰু সেয়েহে মুঠতে ৬০ গৰাকী দুহিতাৰ সৃষ্টি হ'ল। অৱশ্যে, অন্যান্য হিন্দু শাস্ত্ৰসমূহত এই ৬০ গৰাকী দুহিতাক দেৱী পাঞ্চজনী (বা অসিক্নী)ৰ সন্তান হিচাপে উল্লেখিত হৈছে। [4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hansa B. Bhatt (2004). A critical study of the Mahābhāgavatapurāṇam. p. 492. "Daksa accompanied by his wife Prasuti..."
  2. B. K. Chaturvedi i Bhojraj Dwivedi (2016). Linga Purana. "Daksha married Prasuti and they had twenty four daughters..."
  3. Vishnu Purana, Vol-I, H.H. Willson. Book-I,Ch-#7, Page 109
  4. 4.0 4.1 Wilkins, W.J. (2003). Hindu Mythology. প্ৰকাশক New Delhi: D.K. Printworld (P) Limited. পৃষ্ঠা. 373. ISBN 81-246-0234-4. 
  5. Suresh Chandra. Encyclopaedia of Hindu Gods and Goddesses. p. 252.
  6. Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&q=Prasuti&pg=PA274. 
  7. Coulter, Charles Russell; Turner, Patricia (2013-07-04) (en ভাষাত). Encyclopedia of Ancient Deities. Routledge. ISBN 978-1-135-96390-3. https://books.google.com/books?id=sEIngqiKOugC&q=Daksha&pg=PA285. 
  8. Coulter, Charles Russell; Turner, Patricia (2013-07-04) (en ভাষাত). Encyclopedia of Ancient Deities. Routledge. ISBN 978-1-135-96390-3. https://books.google.com/books?id=sEIngqiKOugC&q=Sati. 
  9. Prabhupada, His Divine Grace A. C. Bhaktivedanta Swami (1974-12-31) (en ভাষাত). Srimad-Bhagavatam, Fourth Canto: The Creation of the Fourth Order. The Bhaktivedanta Book Trust. ISBN 978-91-7149-637-9. https://books.google.com/books?id=T4VOCgAAQBAJ&q=dak%E1%B9%A3a+yaj%C3%B1a&pg=PT1964. 
  10. Vishnu Purana, Vol-I, H.H. Willson. Book-I,Ch-#7, Page 109