শতৰূপা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শতৰূপা
সঙ্গী স্বয়ম্ভূৱ মনু (প্ৰথম মনু)
সন্তান প্ৰিয়ব্ৰত
উত্তনপদ
আকুতি
দেৱাহুতি
প্ৰসূতি

হিন্দু পৌৰাণিক আখ্যান অনুসৰি শতৰূপা (সংস্কৃত: शतरूपा) হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ দুহিতা। [1] শতৰূপা নামৰ অৰ্থ হৈছে, যি নাৰীয়ে এশ ৰূপ পৰিগ্ৰহ কৰিব পাৰে। মৎস্য পুৰাণত শতৰূপাৰ অনেক নামৰ উল্লেখ আছে। সেইসমুহৰ ভিতৰত কেইটামান হৈছে সৰস্বতী, সন্ধ্যা, ব্ৰাহ্মী ইত্যাদি। ব্ৰহ্ম পুৰাণৰ বৰ্ণনা অনুসৰি শতৰূপাক মনুৰ সহিতে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ দ্বাৰা সৃষ্ট প্ৰথম মানৱী হিচাপে গণ্য কৰা হয়। ব্ৰহ্মাদেৱে বিশ্ব সৃষ্টি কৰাৰ সময়তেই মনু আৰু শতৰূপাক সৃষ্টি কৰিছিল ব্ৰহ্ম পুৰাণত ব্যাখ্যা আগবঢ়োৱা হৈছে যে "সৃষ্টিৰ ধাৰাক অব্যাহত ৰাখিবলৈ ব্ৰহ্মাই পুৰুষ আৰু স্ত্ৰীৰ সৃষ্টি কৰিলে। সেই পুৰুষগৰাকী হৈছে স্বয়ম্ভু মনু আৰু স্ত্ৰী গৰাকীক শতৰূপা নাম দিয়া হ’ল। মানৱ জাতি হৈছে মনুৰেই পৰৱৰ্ত্তী প্ৰজন্ম। মনুৰ সন্তান হোৱাৰ বাবেই মানৱ জাতিক মনুষ্য নামেৰেও জনা যায়।"

শতৰূপাক সৃষ্টি কৰাৰ পিছতেই ব্ৰহ্মা নিজেই শতৰূপাৰ ৰূপ-লাৱণ্যত বিমুগ্ধ হৈ তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে। ব্ৰহ্মাৰ সেই দৃষ্টিৰ পৰা হাত সাৰিবলৈ শতৰূপাই ভিন ভিন দিশত ঘূৰি ফুৰিবলৈ ধৰিলে, কিন্তু শতৰূপা যি দিশতেই গতি নকৰক কিয় সেই দিশতেই ব্ৰহ্মাৰ নিজৰ দৃষ্টি ৰাখিবলৈ এটা নতুন শিৰ বা মূৰ সৃষ্টি হ'বলৈ ধৰিলে। এইদৰেই চতুৰ্দিশৰ সংগতিৰে ব্ৰহ্মাৰ চাৰিটাকৈ মূৰ সৃষ্টি হ'ল। শেষত অতীষ্ঠ হৈ ব্ৰহ্মাৰ দৃষ্টিৰ পৰা আঁতৰিবলৈ শতৰূপাই ব্ৰহ্মাৰ শিৰদেশৰ ওপৰেৰে গতি কৰিবলৈ ধৰাত উৰ্ধ দিশতো ব্ৰহ্মাৰ চাৰিটা শিৰৰ ওপৰফালে এটা পঞ্চম শিৰৰ উদ্ভৱ হ'ল। আখ্যান বৰ্ণিত কাহিনী অনুসৰি, এইদৰেই ব্ৰহ্মা পঞ্চশিৰৰ গৰাকী হিচাপে পৰিগণিত হৈছিল। সেই সময়তে শিৱ সেই স্থানত আৱিৰ্ভাৱ হৈ ব্ৰহ্মাৰ পঞ্চম শিৰটো ছেদ কৰিলে। ব্ৰহ্মাৰ বাবে শতৰূপা হৈছে দুহিতাস্বৰূপা। সেয়ে ব্ৰহ্মাই তেওঁৰ কৃতকৰ্মৰ জৰিয়তে অনৈতিকতাত লিপ্ত হোৱাৰ শাস্তিস্বৰূপে ব্ৰহ্মা পূজাৰ যোগ্য নহয় বুলি শিৱই ঘোষণা কৰিলে। তেতিয়াৰে পৰা, ব্ৰহ্মাদেৱে নিজৰ কৃতকৰ্মৰ দোষ খণ্ডনৰ বাবে তেওঁৰ চতুৰ্মুখেৰে চতুৰ্বেদ আবৃতি কৰিছিল।

সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পঞ্চম শিৰ ছেদনৰ জৰিয়তে শিৱই ব্ৰহ্মহত্যাত লিপ্ত হ'ল। এই পাপৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যেৰে শিৱই বাৰাণসীত বাৰ বছৰ কাল ধৰি কোনো সম্বল নোহোৱাকৈ সেই ছেদিত শিৰৰ মগনীয়াৰ ভিক্ষাপাত্ৰ হিচাপে লৈ তপস্যাত মগ্ন হ'বলগীয়া হৈছিল। ভগৱান বিষ্ণু শেষত এই ঘটনাত মধ্যস্থতাকাৰী হিচাপে উপৱিষ্ট হৈছিল। [2] [3] [4]

পৰৱৰ্তী কালত শতৰূপা স্বয়ম্ভূৱ মনুৰ সৈতে বিবাহ-বন্ধনত আৱদ্ধ হয়। তেওঁলোকৰ পাঁচটি সন্তান উপজিছিল, দুই পুত্ৰ ক্ৰমে প্ৰিয়ব্ৰত আৰু উত্তনপদ, আৰু তিনি দুহিতা ক্ৰমে আকুতি, দেৱাহুতি আৰু প্ৰসূতি[5] মনুয়ে তেওঁৰ প্ৰথম কন্যা আকুতিক ঋষি ৰুচিলৈ, মাজু কন্যা দেৱাহুতিক ঋষি কৰ্দমলৈ, আৰু কণিষ্ঠতম কন্যা প্ৰসূতিক দক্ষ দেৱতালৈ বিয়া দিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Air Marshal RK Nehra. Hinduism & Its Military Ethos. Lancer Publishers LLC. ″In an entirely different version, there is reference to a self created daughter of Brahma called Shatarupa (literally meaning hundred forms)."
  2. https://books.google.com/books/about/The_Story_of_a_Dance_Bharata_Natyam.html?id=bWYkAQAAIA[সংযোগবিহীন উৎস]
  3. Dalal, Roshen (18 April 2014). Hinduism: An Alphabetical Guide. ISBN 9788184752779. https://books.google.com/books?id=zrk0AwAAQBAJ. 
  4. Dalal, Roshen (18 April 2014). The Religions of India: A Concise Guide to Nine Major Faiths. ISBN 9788184753967. https://books.google.com/books?id=87k0AwAAQBAJ. 
  5. Dipavali Debroy, Bibek Debroy (1992). The Garuda Purana. p. 136. ″Manu and Shatarupa had two sons named Priyavrata and Uttanapada and three daughters named Prasuti, Akuti and Devahuti."