খ্যাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খ্যাতি
সঙ্গী ভৃগু
সহোদৰ অদিতি, দিতি, দানু, ৰতি, অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিনী, চিত্ৰা, স্বাতী, বিশ্বাসা, অনুৰাধা, ৰেৱতী, স্বাহা, স্বাধা, মূৰ্তী, সতী, আদি
সন্তান ধাতা
বিধাতা
ভাৰ্গৱী লক্ষ্মী

খ্যাতি (ইংৰাজী: Khyati) হিন্দু পৌৰাণিক আখ্যান অনুসৰি প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ কন্যা আছিল৷ ভাগৱত পুৰাণৰ মতে, তেওঁ প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ ৯গৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ ভগৱান কপিলৰ ভগ্নী আছিল।

পুৰাণৰ মতে, দক্ষৰ পত্নী প্ৰসূতিৰ পৰা ২৪গৰাকী কন্যা[1] আৰু তেওঁৰ পত্নী পাঞ্চজানি (বিৰিণী) -ৰ পৰা আন ৬২গৰাকী কন্যা আছিল।[2][3] তাৰে ভিতৰত এগৰাকী আছিল খ্যাতি; যাৰ অভিধানিক অৰ্থ হৈছে- যশস্যা, সুনাম বা প্ৰসিদ্ধি। প্ৰজাপতি ভৃগুৰ সৈতে সম্পৰ্কিত নীতি অনুসৰি খ্যাতিৰ মূল অৰ্থ হৈছে- “ঐশ্বৰিক পোহৰ চেতনা”। খ্যাতি বা খিয়াতিয়ে পোহৰ আৰু কাৰ্য হিচাপে প্ৰয়োগ হোৱা সৰ্বাংগীন জ্ঞান আৰু তাৰ সৌন্দৰ্যক প্ৰকাশ কৰে৷

তেওঁৰ বিবাহ ঋষি ভৃগুৰ সৈতে হৈছিল৷ সিহঁতৰ সন্তান দুটিৰ নাম আছিল ক্ৰমে- ধাতা আৰু বিধাতা৷[4] কিংবদন্তি অনুসৰি দেৱী লক্ষ্মীৰ অৱতাৰ আছিল তেওঁৰ কন্যা৷

তেওঁ সতীৰ ভগ্নী আছিল, যি মহাদেৱৰ প্ৰথমগৰাকী সহধৰ্মিনী আছিল৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Vishnu Purana, Padma Purana
  2. Matsya Purana
  3. The Matsya Puranam P-I (B.D. Basu) English Translation Ch #5, Page 17
  4. Brigu Archived 2013-08-18 at the Wayback Machine www.urday.in.