দিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিতি
দৈত্যৰ মাতৃ
সঙ্গী কাশ্যপ
পিতৃ-মাতৃ
সহোদৰ অদিতি, দানায়ুস, দনু, কদ্ৰু, কালিকা, ক্ৰোধা, মুনি, বিনতা আদি
সন্তান দৈত্য যেনে, হিৰণ্যাক্ষ, হিৰণ্যকশিপু, হোলিকা, মৰুত

দিতি (সংস্কৃত: दिति) আছিল ঋষি কাশ্যপৰ পত্নী, প্ৰজাপতি দক্ষৰ জীয়াৰী আৰু দৈত্যগণৰ মাতৃ। ইন্দ্ৰৰ নেতৃত্বত অদিতিৰ পুত্ৰ দেৱতাসকলে দৈত্যবোৰ ধ্বংস কৰিছিল। তেতিয়া দিতিয়ে ইন্দ্ৰক বধ কৰিবলৈ পুত্ৰৰ কামনা কৰিছিল। কিন্তু ইন্দ্ৰই চতুৰতাৰে শিশুটোক গৰ্ভতে কাটি টুকুৰা কৰি পেলাইছিল। এই টুকুৰাবোৰক 'মৰুত' বুলি জনা যায়।[1] পুৰাণত উল্লেখ কৰা মতে ইন্দ্ৰই অত্যধিক শক্তিশালী পুত্ৰ জন্ম দিয়াত বাধা দিবলৈ দিতিৰ ওপৰত বজ্ৰপাত নিক্ষেপ কৰাৰ পিছত দিতি দেৱীৰ ভগ্ন গৰ্ভৰ পৰা মৰুতসকলৰ জন্ম হৈছিল। দিতি দেৱীয়ে ইন্দ্ৰক বধ কৰিব পৰা পুত্ৰ জন্ম দিয়াৰ আগতে এক শতিকাৰ বাবে গৰ্ভৱতী হৈ থাকিব বিচাৰিছিল।[2]

প্ৰজাপতি দক্ষ আৰু পঞ্চজানিৰ ষাঠিজনী কন্যাৰ মাজৰ এজনী আছিল দিতি।[3][4] অদিতি আৰু সতী দিতিৰ ভগ্নীসকলৰ ভিতৰত আছিল অন্যতম। তেওঁ ঋষি কাশ্যপৰ তেৰগৰাকী পত্নীৰ মাজৰ এগৰাকী আছিল। শিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ আছিল দিতিৰ দুজন বিখ্যাত পুত্ৰ, যি পূৰ্বতে বৈকুণ্ঠত ভগৱান বিষ্ণুৰ দ্বাৰপাল জয় আৰু বিজয় আছিল আৰু ধৰ্ম পালন কৰাত ব্যৰ্থ হোৱা বাবে দৈত্যৰূপে পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোক বিষ্ণুৰ অৱতাৰৰ দ্বাৰা হত্যা কৰা হৈছিল।[5] দিতিৰ হোলিকা নামৰ এজনী কণ্যাও আছিল।

দিতিক সাধাৰণতে স্বামী কাশ্যপ আৰু ভগ্নী অদিতিৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ কৰা বুলি দেখুওৱা হয়। তাই নিজৰ পুত্ৰ দৈত্যসকলে ক্ষমতা লাভ কৰাটো বিচাৰিছিল। তেওঁ অদিতিৰ পুত্ৰ, দেৱতাসকলক শত্ৰু জ্ঞান কৰিছিল আৰু তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ আৰু শাসন কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা কৰিছিল।

কাহিনী[সম্পাদনা কৰক]

দিতি কাশ্যপৰ পত্নী আছিল। এদিন সন্ধ্যা কাশ্যপে যজ্ঞত ক্ষীৰৰ আহুতি দান কৰি আছিল, সেইসময়তে দিতি কামাসক্তা হৈ পৰিছিল। কাশ্যপে এই সময় 'ভূত ভ্ৰমণৰ সময়' বুলি বহুত অনুৰোধ কৰাৰ পাছতো, দিতিয়ে সঙ্গমৰ বাবে অনুৰোধ কৰিছিল। শেষত কাশ্যপে তেওঁৰ পত্নীৰ কথা মানি সঙ্গম কৰিবলৈ বাধ্য হৈছিল। পিছত দিতিয়ে তাইৰ কৰ্মৰ বাবে লজ্জিত হৈছিল আৰু স্বামীৰ ওচৰত দুখ প্ৰকাশ কৰিছিল। মুনিয়ে কৈছিল যে অসময় কৰা সহবাসৰ ফলস্বৰূপে তেওঁৰ পুত্ৰসকল দৈত্য হৈ জন্মিব আৰু ভগৱানে তেওঁলোক হত্যা কৰিব। তেওঁৰ চাৰিটা নাতিৰ মাজৰে এজন ভগৱানৰ পৰম ভক্ত ৰূপে বিখ্যাত হ'ব। তাইৰ পুত্ৰসকলে জন্ম লাভ কৰি অদিতি পুত্ৰ দেৱতাসকলক কষ্ট দিব তাই ভয় কৰিছিল, সেয়েহে তাই তাইৰ সন্তানসকলক এশ বছৰ ধৰি গৰ্ভত ৰাখিছিল। ইয়াৰ ফলত সকলো দিশত অন্ধকাৰ হৈ পৰিছিল, সেয়েহে দেৱতাসকলে ব্ৰহ্মাৰ ওচৰলৈ গৈ দিতিৰ গৰ্ভ নাশ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। তেতিয়া ব্ৰহ্মাই কৈছিল যে, অতীতত বিষ্ণুৰ দ্বাৰপাল সকলে অজানিতে সিদ্ধ মুনিসকলক বৈকুণ্ঠ ধামত ছয় খোজ ওপৰলৈ যোৱাত বাধা দিছিল। সেই সিদ্ধ মুনিসকল দেখাত কম বয়সৰ আছিল, মাত্ৰ পাঁচ বছৰ যেন লাগিছিল। তেওঁলোক দ্বাৰপালৰ এই কৰ্মত অসন্তুষ্ট হৈ পাপ যোনিত জন্ম হ'বলৈ অভিশাপ দিছিল।[6] আৰু বৰ্তমান সেই দ্বাৰপাল জয়−বিজয়েই দিতিৰ গৰ্ভত ডাঙৰ-দীঘল হৈছে।

পৃথিৱীৰ এই ভয়ংকৰ দুৰ্যোগৰ পিছত, হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ দিতিৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছিল। তেওঁলোকৰ জন্মৰ লগে লগে, পৰ্বতৰ দৰে দৃঢ় আৰু বিশাল হৈ পৰিছিল। পিছত বিষ্ণুৱে অৱতাত লৈ দুয়োজনক হত্যা কৰিছিল[7][8] আৰু দিতিৰ বাকী সন্তানসকলক অদিতিৰ পুত্ৰসকলৰ সৈতে ইন্দ্ৰই বধ কৰিছিল।[5]

পুত্ৰৰ হত্যাত দুখিত হৈ দিতিয়ে মাৰিচীৰ পুত্ৰ কাশ্যপৰ ওচৰলৈ গৈ কৈছিল যে অদিতিৰ পুত্ৰসকলে তেওঁৰ পুত্ৰসকলক হত্যা কৰিছে। সেয়ে তাই ইন্দ্ৰক হত্যা কৰিব পৰা সন্তান গৰ্ভধাৰণ কৰিবলৈ স্বামীৰ আগত ইচ্ছা প্ৰকাশ কৰিছিল। কাশ্যপে এই কামনা পূৰণ কৰিছিল আৰু তেওঁৰ পুত্ৰৰ জন্ম নোহোৱালৈকে তেওঁক পবিত্ৰভাৱে থাকিবলৈ আদেশ দিছিল আৰু এহেজাৰ বছৰৰ পিছত পুত্ৰৰ জন্ম হ'ব বুলি কৈছিল। দিতিয়ে কুশপ্লৱ নামৰ তপোবনত তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল। এই কথাৰ খবৰ পাই ইন্দ্ৰই তেওঁক সেৱা আগবঢ়াইছিল। ইন্দ্ৰৰ সেৱাত সন্তুষ্ট হৈ দিতিয়ে ইন্দ্ৰক কৈছিল যে তাই তাইৰ পুত্ৰৰ দ্বাৰা ইন্দ্ৰক হত্যা কৰিবলৈ নিদিব। এদিৱ দিতি ভৰি পতানৰ ফালে মূৰ থৈ টোপনি গৈছিল। যেতিয়া ইন্দ্ৰই তেওঁক এনে অশুদ্ধ অৱস্থাত শুই থকা দেখিছিল, তেওঁ তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিছিল আৰু গৰ্ভৰ শিশুটোক সাতটুকুৰাকৈ কাটি পেলাইছিল। গৰ্ভৰ সন্তানৰ চিঞৰত দিতি সাৰ পাই উঠিছিল। তেতিয়া ইন্দ্ৰই নম্ৰতাৰে কৈছিল যে ইন্দ্ৰক হত্যা কৰিব পৰা গৰ্ভজাত কেঁচুৱাটো তেওঁ সাতটুকুৰা কৰি তৈয়াৰ কৰিছে কাৰণ তাই ভৰিৰ ফালে মূৰ থৈ টোপনি গৈ অপবিত্ৰভাৱে শুই আছিল। লজ্জিত হৈ দিতিয়ে এই কৰ্মৰ পৰিশোধনৰ বাবে প্ৰাৰ্থনা কৰিছিল। দিতিয়ে কৈছিল যে তেওঁৰ সাতজন ঐশ্বৰিক পুত্ৰৰ নাম 'মৰুত' হ’ব কিয়নো গৰ্ভৰ ভিতৰত ইন্দ্ৰই কাটি থাকোঁতে 'মৰুত' (रो मत, কান্দিব নালাগে) বুলি কৈছিল। এই মৰুত সকলৰ ভিতৰত চাৰিজন ইন্দ্ৰৰ অধীনত থাকি চাৰিওদিশত বিচৰণ কৰিছিল। বাকী তিনিজনৰ মাজৰ দুজন ক্ৰমে ব্ৰহ্মলোক আৰু ইন্দ্ৰলোকত বিচৰণ কৰিছিল আৰু তৃতীয়জন মহাযশস্বী দিব্য বায়ু বুলি বিখ্যাত হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "दिति पुत्र हिरण्याक्ष का उद्धार". http://astrobix.com/hindumarg/23-%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B9_%E0%A4%85%E0%A4%B5%E0%A4%A4%E0%A4%BE%E0%A4%B0__Varaha_Avatar__Varaha_Jayanti_2013__Varaha_Jayanti_Festival.html। আহৰণ কৰা হৈছে: ৬ ছেপ্টেম্বৰ ২০২১. 
  2. Tamra Andrews (2000). Dictionary of Nature Myths: Legends of the Earth, Sea, and Sky. Oxford University Press. পৃষ্ঠা. 116. ISBN 9780195136777. https://books.google.com/books?id=7jS65aClvFEC. 
  3. Vishnu Purana, Vol-I, H.H. Willson. Book-I,Ch-#7, Page 109
  4. Wilkins, W.J. (2003). Hindu Mythology. প্ৰকাশক New Delhi: D.K. Printworld (P) Limited. পৃষ্ঠা. 373. ISBN 81-246-0234-4. 
  5. 5.0 5.1 Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 734. https://archive.org/details/indiathroughages00mada. 
  6. "Vidwesha-bhakti" (en-IN ভাষাত). The Hindu. 2013-09-16. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/vidweshabhakti/article5131936.ece. 
  7. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 159. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  8. George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 154–155, 223–224. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC.