হিৰণ্যকশিপু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিৰণ্যকশিপু

১৮শ শতিকাৰ চিত্ৰকলাত সিংহাসনত হিৰণ্যকশিপুক দেখুওৱা হৈছে, তেওঁৰ পুত্ৰ প্ৰহলাদক হত্যা কৰিবলৈ চেষ্টা কৰি আছে।
সম্পৰ্ক অসুৰ
অস্ত্ৰ গদা
সঙ্গী কয়াধু
সহোদৰ হিৰণ্যাক্ষ (ভাতৃ), হোলিকা (ভনী)
সন্তান প্ৰহ্লাদ, সহ্লাদ, আহ্লাদ, শিৱী, বাশকল, (পুত্ৰগণ)
সিংহিকা (কন্যা)

হিৰণ্যকশিপু (ইংৰাজী: Hiranyakashipu, হিৰণ্যকাশ্যপ বুলিও জনা যায়) হিন্দু ধৰ্মগ্ৰন্থৰ মতে, এক মহাপ্ৰতাপী অসুৰ ৰজা আছিল। তেওঁ ঋষি কাশ্যপ আৰু দিতিৰ পুত্ৰ আছিল আৰু বিষ্ণুভক্ত প্ৰহ্লাদৰ পিতৃ আছিল৷ হিৰণ্যাক্ষ তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু হোলিকা ভনী আছিল।

হিৰণ্যকশিপুৰ জ্যেষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰে প্ৰহাৰ কৰিছিল। ইয়াৰ দ্বাৰা ক্ষোভিত হৈ, হিৰণ্যকশিপুৱে ঘোৰ তপস্বী কৰি ভগৱান ব্ৰহ্মাৰ পৰা বৰ প্ৰাপ্ত কৰিবলৈ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে তেওঁক হত্যা কৰে।[1]

কিংবদন্তি মতে, হিৰণ্যকশিপুয়ে ব্ৰহ্মাৰ পৰা এক বৰদান লাভ কৰি অতিশয় পৰাক্ৰমী হৈ উঠিছিল।

হিৰণ্যকশিপুৰ কাহিনীটো তিনিটা ভাগত আছে। প্ৰথমটো হ’ল- জয় আৰু বিজয় নামেৰে শ্ৰীবিষ্ণুৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী আছিল আৰু চাৰি কুমাৰে অভিশাপ দিয়াৰ ফলত তেওঁলোক অসুৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ হিচাপে জন্ম গ্ৰহণ কৰিছিল। দ্বিতীয় অংশত হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি বৰ লোৱাৰ কথা কৈছে। অন্তিম অংশত তেওঁৰ পুত্ৰ প্ৰহ্লাদক (বিষ্ণুৰ এজন ভক্ত) হত্যা কৰাৰ প্ৰচেষ্টা কৰাৰ কথা আৰু পৰৱৰ্তী সময়ত নৰসিংহৰ হাতত মৃত্যু হোৱাৰ কথা কোৱা হৈছে।

জন্ম কাহিনী[সম্পাদনা কৰক]

ভাগৱত পুৰাণ অনুসৰি, হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ; জয় আৰু বিজয় নামেৰে ভগৱান শ্ৰীবিষ্ণুৰ বৈকুণ্ঠৰ দ্বাৰপাল বা দুৱৰী আছিল। যিয়ে চাৰি কুমাৰৰ অভিশাপৰ ফলত পৃথিৱীত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল। সত্য যুগত, হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ দিতি (দক্ষ প্ৰজাপাতিৰ কন্যা) আৰু ঋষি কশ্যপৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল।[2]

আৰাধনা[সম্পাদনা কৰক]

দেৱতাসকলে বিষ্ণুৰ ওচৰলৈ আহি হিৰণ্যকশিপুৰ অত্যাচাৰক নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰিছে

হিৰণ্যকশিপুৰ জ্যেষ্ঠ ভাতৃ হিৰণ্যাক্ষ বিষ্ণুৰ বৰাহ অৱতাৰৰ হাত মৃত্যু হোৱাৰ পাছত, হিৰণ্যকশিপু বিষ্ণুক ঘৃণা কৰিবলৈ লয়। তেওঁ এক চমৎকাৰী শক্তি প্ৰাপ্ত কৰিবলৈ দেৱসকলৰ মাজৰ ব্ৰহ্মাক তপস্যা কৰিবলৈ সিদ্ধান্ত লয় আৰু বিশ্বাস কৰে যে, তেওঁ বহু বছৰ ধৰি মহান তপস্যা কৰিলে তেওঁক বৰ প্ৰদান কৰিব, যেনেদৰে তেওঁ ৰাক্ষকসকলক শক্তি প্ৰদান কৰিছিল।

ব্ৰহ্মাই হিৰণ্যকশিপুৰ তপস্যাত মুগ্ধ হয়[3] আৰু হিৰণ্যকশিপুৰ আগত উপস্থিত হৈ তেওঁৰ পছন্দৰ এক বৰ খুজিবলৈ কয়। কিন্তু যেতিয়া হিৰণ্যকশিপুৱে অমৰত্ব বিচাৰিলে, বহ্মা অস্বীকাৰ কৰে, তেতিয়া হিৰণ্যকশিপু নিম্নলিখিতসমূহৰ বাবে অনুৰোধ কৰে :

হে প্ৰভু, হে সৰ্বশ্ৰেষ্ঠ দাতা, যদি আপুনি মোক মই বিচৰা বৰ প্ৰদান কৰে, অনুগ্ৰহ কৰি আপোনাৰ দ্বাৰা সৃষ্টি কৰা যিকোনো জীৱিত সত্তাৰ পৰা মোৰ যেন মৃত্যু নহয়। (O my lord, O best of the givers of benediction, if you will kindly grant me the benediction I desire, please let me not meet death from any of the living entities created by you.)

মোক দিয়ক যে, মোৰ যেন কোনো বাসস্থানৰ ভিতৰত বা কোনো বাসস্থানৰ বাহিৰত, দিনত বা নিশা, মাটিত বা আকাশত, মোক দিয়ক যে, আপোনাৰ দ্বাৰা সৃষ্ট সকলৰ বাহিৰেও, কোনো অস্ত্ৰৰ দ্বাৰা বা কোনো মানুহ বা জন্তুৰ দ্বাৰাও যেন মোৰ মৃত্যু নহয়। (Grant me that I not die within any residence or outside any residence, during the daytime or at night, nor on the ground or in the sky. Grant me that my death not be brought by any being other than those created by you, nor by any weapon, nor by any human being or animal.)

মোক দিয়ক যে, মই যেন কোনো জীৱিত বা অজীৱিত সত্তাৰ পৰা মৃত্যুৰ সৈতে মুখামুখি নহওঁ, মোক আৰু দিয়ক যে, মোক যেন কোনো অসুৰ বা পিশাচৰ দ্বাৰা বা নিম্ন গ্ৰহৰ কোনো মহান সাপে হত্যা কৰিব নোৱাৰে। কোনোৱে যেন যুদ্ধক্ষেত্ৰত হৰাব নোৱাৰে, আপোনাৰ কোনো সমকক্ষ (প্ৰতিযোগী) নাই। সেয়েহে, মোক বৰ দিয়ক যে, মোৰো কোনো প্ৰতিদ্বন্দ্বী নাথাকিব। মোক সকলো জীৱিত সত্তা আৰু প্ৰিয়ত্ব কৰা অসুৰকলৰ ওপৰত একমাত্ৰ প্ৰভুত্ব দিয়ক আৰু মোক সেই স্থিতিৰ দ্বাৰা প্ৰাপ্ত কৰা সকলো গৌৰৱ দিয়ক। ইয়াৰোপৰি, মোক দীৰ্ঘ্য তপস্বী আৰু যোগৰ অনুশীলনৰ দ্বাৰা প্ৰাপ্ত সকলো শক্তি দিয়ক, যাতে এইবোৰ কোনো সময়তে হেৰাই যাব নোৱাৰে। (Grant me that I not meet the death from any entity, living or nonliving. Grant me, further, that I not be killed by any demigod or demon or by any great snake from the lower planets. Since no one can kill you in the battlefield, you have no competitor. Therefore, grant me the benediction that I too may have no rival. Give me sole lordship over all the living entities and presiding deities, and give me all the glories obtained by that position. Furthermore, give me all the mystic powers attained by long austerities and the practice of yoga, for these cannot be lost at any time.)[4]

হোলী[সম্পাদনা কৰক]

তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ হিৰণ্যকশিপুয়ে চেষ্টা কৰিছিল আৰু সেয়ে প্ৰহ্লাদক তেওঁৰ ভনী হোলিকাৰ সৈতে জ্বলি থকা চিতা এটাত বহিবলৈ দিছিল। হোলিকাৰ এখন বিশেষ কাপোৰ আছিল যিখনে জুইয়ে ক্ষতিকৰাত প্ৰতিহত কৰিছিল। প্ৰহ্লাদ আছিল বিষ্ণুৰ পৰম ভক্ত আৰু সেয়ে তেওঁ বিষ্ণুৰ নাম জপ কৰিছিল আৰু ধৰ্ম অধৰ্মৰ যুদ্ধত হোলিকা জ্বলি গৈছিল কিন্তু প্ৰহ্লাদৰ একো হোৱা নাছিল। হিন্দু ধৰ্মাৱলী লোকসকলে হোলিকা দহন হোৱাটোক হোলী উৎসৱ হিচাপে পালন কৰে।[5][6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 734. https://archive.org/details/indiathroughages00mada. 
  2. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 314. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  3. Bhag-P 7.4.1 Archived 26 September 2007 at the Wayback Machine "Lord Brahma was very much satisfied by Hiranyakasipu's austerities, which were difficult to perform"
  4. Bhag-P, Canto 7 Archived 26 September 2007 at the Wayback Machine 7.3.35–38
  5. http://www.indiacelebrating.com/festivals/holi/holika-dahan/
  6. http://www.holifestival.org/legend-holika-prahlad.html

বাহ্যিক সংযোগ[সম্পাদনা কৰক]