সমললৈ যাওক

চাৰি কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰি কুমাৰ ( চাৰি সিদ্ধ)
চলনৰ দেৱতা সনক, গৌৰৱৰ দেৱতা সনাতন, প্ৰবচনৰ দেৱতা সনন্দ, তপস্যাৰ দেৱতা সনৎকুমাৰ
অন্য নাম সনকাদিক ঋষি
সম্পৰ্ক দেৱ আৰু ঋষি
নিবাস ব্ৰহ্মলোক
পিতৃ-মাতৃ ব্ৰহ্মা (পিতৃ) আৰু গায়ত্ৰীদেৱী (মাতৃ)
সহোদৰ চিত্ৰগুপ্ত, নাৰদ আৰু প্ৰজাপতি দক্ষ

হিন্দুসকলৰ পৌৰাণিক একাধিক গ্ৰন্থ অনুযায়ী চাৰি কুমাৰ হ’ল চাৰিজন ঋষি, যিয়ে শিশুৰ ছদ্মবেশেৰে গোটেইবিশ্ব ভ্ৰমণ কৰি ফুৰিছিল।[1][2] তেওঁলোকৰ নামবোৰ হ’ল যথাক্ৰমে- সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ। তেওঁলোকক সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ বুলি অভিহিত কৰা হয়। ব্ৰহ্মাৰ মনৰ পৰা চাৰি শিশুপুত্ৰৰ জন্মৰ সময়ত সিহঁতে তেওঁৰ পিতৃৰ মত বিৰুদ্ধাচৰণ কৰে আৰু প্ৰতিজ্ঞা কৰে যে তেওঁলোক আজীৱন অবিবাহিত কুমাৰ হৈয়ে থাকিব। তেওঁলোকে সিদ্ধান্ত লয় যে তেওঁলোকে কোনো বাসনা নকৰি এই প্ৰকৃতিবাদী আৰু আধ্যাত্মবাদী মহাবিশ্বত ঘূৰিব আৰু জীৱ জগতক জীৱনৰ শিক্ষা দিব।[1] তেওঁলোকে বেদ অধ্যয়ন আৰম্ভ কৰে আৰু একেলগে ভ্ৰমণৰ সিদ্ধান্ত লয়।[3]

ভাগৱত পুৰাণত এই চাৰি কুমাৰক বাৰজন মহাজন বা মহাভক্তবৃৃন্দৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[4] তেওঁলোকে জন্মৰ পিছত আত্মমোক্ষ লাভ কৰিলেও বিষ্ণুৰ চৰণত সেৱা নিবেদন কৰিবৰ ইচ্ছুক আছিল।[5] হিন্দু আধ্যাত্মিকতাৰ বৈষ্ণৱধাৰাৰ একাধিক গ্ৰন্থত চাৰি কুমাৰৰ উল্লেখ পোৱা যায়। বৈষ্ণৱসকলৰ মতে, বিষ্ণু আৰু তেওঁৰ অৱতাৰ শ্ৰীকৃষ্ণৰ আৰাধনাপদ্ধতি ভক্তবৃৃন্দৰ মাজত প্ৰচাৰ কৰা চাৰি কুমাৰ বিশেষভাৱে উল্লেখযোগ্য। শৈব্যধৰ্মতো চাৰি কুমাৰৰ একাধিক উল্লেখ পোৱা যায়।

নামসমূহ

[সম্পাদনা কৰক]

ব্ৰহ্মাৰ এই চাৰিজন মানসপুত্ৰ একত্ৰে একাধিক নামেৰে পৰিচিত যেনে: "কুমাৰগণ" "চতুৰ্সন" বা "চতুঃ সন" (যি চাৰিজনৰেই নাম 'সন'ৰে আৰম্ভ) আৰু "সনকাদি" (সনক আৰু অন্যান্য)।[6] সিহঁতৰ সৰ্বাধিক প্ৰচলিত নামবোৰ হ’ল- সনক (অৰ্থ আদি), সনাতন (অৰ্থ চিৰন্তন), সনন্দ (অৰ্থ উৎফুল্ল) আৰু সনৎকুমাৰ (অৰ্থ চিৰকুমাৰ)।[1][2][7] কিছুমান ক্ষেত্ৰত সনাতনৰ সলনি সনৎসুজাত নামটোও পোৱা যায়। ঋভু নামৰে কেতিয়াবা পঞ্চম কুমাৰৰ নামও পোৱা যায়। কেতিয়াবা চাৰি কুমাৰৰ সলনি ছয়জন কুমাৰৰ নামও পোৱা যায় তাৰ ভিতৰত সন আৰু ঋভু বা সনৎসুজাত।[8]

মহাভাৰতৰ কাহিনীত এইদৰে সাতজন ব্ৰহ্মাৰ কুমাৰৰ নাম পোৱা যায় যেনে: অনিৰুদ্ধ, সন, সনৎসুজাত, সনক, সনন্দ, সনৎকুমাৰ, কপিল আৰু সনাতন। এই সাত ঋষিক জ্ঞানৰ উৎস বুলেও উল্লেখ কৰা হয়। পিছলৈ এই সাতজন নিবৃত্তিকে বিবাহ কৰাইছিল বুলিও বৰ্ণিত আছে।[9]

সনৎকুমাৰ

[সম্পাদনা কৰক]

সনৎকুমাৰ শব্দৰ সংস্কৃত অৰ্থ "চিৰকুমাৰ।" [10] তেওঁ শিৱ পুৰাণৰ এটি অন্যতম খণ্ড ৫৯নং অধ্যায় সমন্বিত সনৎকুমাৰ সংহিতা-ৰ লেখক। ইয়াক বৈষ্ণৱ ধাৰাৰ ধৰ্মীয় পুস্তক পঞ্চৰাত্ৰৰ এটা খণ্ড বুলি মন কৰা হয়।

ছান্দোগ্য উপনিষদৰ সপ্তম অধ্যায়ত দেৱৰ্ষি নাৰদৰ কাষত সনৎকুমাৰৰ ভূম-বিদ্যাৰ কথা বৰ্ণনা কৰা হৈছে।[11][12] মহাভাৰতত সনৎকুমাৰৰ উল্লেখ আছে এগৰাকী মহান সন্ন্যাসীৰ ৰূপত,[13][14] য’ত যোগ সম্পৰ্কীয় একাধিক সংশয় বা প্ৰশ্নৰ সঠিক ব্যাখ্যা দিয়া দেখা যায়।[15]

হিন্দুসকলৰ কনখল তীৰ্থস্থানত বহুল প্ৰচলিত জনশ্ৰুতি অনুসৰি, হৰিদ্বাৰ (প্ৰাচীন গঙ্গাদ্বাৰ)-ৰ নিকট কঠোৰ তপস্যাৰ জৰিয়তে সনৎকুমাৰ মহাসুতপশক্তি লাভ কৰে।[16]

জন্ম আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

চাৰি কুমাৰ আছিল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ প্ৰথম চাৰিজন মানসপুত্ৰ।[17] যেতিয়া ব্ৰহ্মাই সমস্ত বিশ্ব সংসাৰ সৃষ্টিৰ দায়ভাৰ গ্ৰহণ কৰে তেতিয়া তেওঁ প্ৰথমে শৰীৰৰ বিভিন্ন অংশৰ পৰা এনেকুৱা কিছুমান সৃষ্টি কৰিছিল যি তেওঁৰ সহায়ক হ’ব। কুমাৰগণ আছিল তেওঁৰ প্ৰথম সৃষ্ট জীৱ। সিহঁত ব্ৰহ্মাৰ মনৰ পৰা সৃষ্টি হৈছিল আৰু সিহঁত শিশুকুমাৰ ৰূপত অৱতীৰ্ণ হয়। ব্ৰহ্মা সিহঁতক তেওঁৰ পৰৱৰ্তী সৃৃষ্টিৰ সুশ্ৰুষা কৰিবলৈ কওঁতে সিহঁতে পিতাৰ বাক্য নুশুনি সিহঁত বিশ্বজুৰি সমস্ত জীৱজগতৰ মাজত সত্ত্বগুণৰ প্ৰকাশ কৰাত বা চিৰজীৱন দেবাৰ্চনা কৰি কৌমাৰ্য বজায় ৰখাত অধিক উদ্যোগী হৈ উঠে।[6][17] ভাগৱত পুৰাণত উল্লেখ আছে যে, চতুৰ্কুমাৰ অস্বীকাৰে ব্ৰহ্মাক ক্ৰুদ্ধ কৰি পেলাইছিল আৰু তেওঁৰ ক্ৰুদ্ধতা ৰুদ্ৰ ঈশ্বৰৰ ওপৰত প্ৰকট হৈছিল, যাক ভগৱান শিৱ বুলিও কোৱা হয়।[1] এক ৰূপ অনুসৰি, ব্ৰহ্মাই তপস্যা কৰিছিল আৰু সৰ্বোচ্চ ঈশ্বৰ বিষ্ণুক সন্তুষ্ট কৰিছিল, সেয়েহে তেওঁ চাৰিটা শিশু কুমাৰৰ ৰূপত ব্ৰহ্মাৰ পুত্ৰ হিচাপে অৱতাৰিত হয়।[17] দেৱীভাগৱত পুৰাণ আৰু ভৱিষ্যপুৰাণৰ দৰে গ্ৰন্থ অনুসৰি চতুৰ্কুমাৰ ব্ৰহ্মাতকৈ পূৰ্বত সৃৃষ্ট (কিছুমান পাঠত কোৱা হৈছে যে, কালৰ এক চক্ৰত ব্ৰহ্মাৰ মৃত্যু হয় আৰু পুনৰজন্ম হয়)।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Bhaktivedanta VedaBase: Srimad Bhagavatam 3.12". Vedabase.net. Archived from the original on 2 March 2013. https://web.archive.org/web/20130302084600/http://vedabase.net/sb/3/12/en1। আহৰণ কৰা হৈছে: 22 December 2012. 
  2. 2.0 2.1 D Dennis Hudson (25 September 2008). The Body of God:An Emperor's Palace for Krishna in Eighth-Century Kanchipuram: An Emperor's Palace for Krishna in Eighth-Century Kanchipuram. Oxford University Press. পৃষ্ঠা. 355. ISBN 978-0-19-536922-9. https://books.google.com/books?id=IMCxbOezDi4C&pg=PA355. 
  3. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: Volume Two. The Rosen Publishing Group. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  4. "Bhaktivedanta VedaBase: Srimad Bhagavatam 6.3.20–21". Vedabase.net. Archived from the original on 4 February 2012. https://web.archive.org/web/20120204194222/http://srimadbhagavatam.com/6/3/20-21/en1। আহৰণ কৰা হৈছে: 22 December 2012. 
  5. Alain Daniélou (1 December 1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Inner Traditions / Bear & Co. পৃষ্ঠা. 165. ISBN 978-0-89281-354-4. https://books.google.com/books?id=1HMXN9h6WX0C&pg=PA165. 
  6. 6.0 6.1 6.2 Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 682. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft. 
  7. Bhag-P 3.15.12 Bhagavata Purana Archived 30 September 2007 at the Wayback Machine "Lord Brahma said: My four sons Sanaka, Sanatana, Sanandana and Sanatkumara, who were born from my mind"
  8. The Vishńu Puráńa: A System of Hindu Mythology and Tradition. Oriental Translation Fund of Great Britain and Ireland. 1840. পৃষ্ঠা. 38–39. https://books.google.com/b-ooks?id=satCAAAAcAAJ&pg=PA39। আহৰণ কৰা হৈছে: 22 December 2012. [সংযোগবিহীন উৎস]
  9. "The Vedic dharma (religion) is verily twofold, characterised by Pravritti (social action) and Nivritti (inward contemplation), designed to promote order in the world; this twofold dharma has in view the true social welfare and spiritual emancipation of all beings."-Adi Shankaracharaya (A.D. 788–820).
  10. Sage Sanatkumara
  11. Part Seven Chapter I — Dialogue between Narada and Sanatkumara by Swami Nikhilananda.
  12. Chapter Three: Sanatkumara's Instructions on Bhuma-Vidya by Swami Krishnananda, The Divine Life Society, Shivananda Ashram, Rishikesh, India.
  13. Markandeya continued.. The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 3: Vana Parva: Markandeya-Samasya Parva, Section: CLXXXIV. p. 372 "Markandeya continued, 'On hearing this, the great-mind Munis went instantly to Sanatkumara who was well versed in religion to clear their doubt...
  14. Sanatkumara The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 12: Santi Parva: Mokshadharma Parva: Section:CCLXXX. p. 295."While they were thus conversing with each other there came unto them the great sage Sanatkumara of righteous soul for the purpose of dispelling their doubts. Worshipped by the prince of Asuras and by the sage Usanas, that foremost of sages sat down on a costly seat.".
  15. Narada The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 2: Sabha Parva: Lokapala Sabhakhayana Parva, section:XI. p. 25 And Daksha, Prachetas, Pulaha, Marichi, the master Kasyapa, Bhrigu, Atri, and Vasistha and Gautama, and also Angiras, and Pulastya, Kraut, Prahlada, and Kardama, these Prajapatis, and Angirasa of the Atharvan Veda, the Valikhilyas, the Marichipas; Intelligence, Space, Knowledge, Air, Heat, Water, Earth, Sound, Touch, Form, Taste, Scent; Nature, and the Modes (of Nature), and the elemental and prime causes of the world,--all stay in that mansion beside the lord Brahma. And Agastya of great energy, and Markandeya, of great ascetic power, and Jamadagni and Bharadwaja, and Samvarta, and Chyavana, and exalted Durvasa, and the virtuous Rishyasringa, the illustrious Sanatkumara of great ascetic merit and the preceptor in all matters affecting Yoga..."
  16. Kanakhala The Mahabharata translated by Kisari Mohan Ganguli (1883 -1896), Book 3: Vana Parva: Tirtha-yatra Parva: Section CXXXV. "Here, O king, before thee is the Kanakhala range, the favourite resort of sages. 'And yonder is the mighty river Ganga. Here, in ancient times, the holy sage Sanatkumara attained ascetic success. O scion of the Ajamidha race, by performing thy ablutions here in this river, thou wilt be freed from all thy sins."
  17. 17.0 17.1 17.2 Chandan Lal Dhody (1 January 1995). The Adhyātma Rāmāyaṇa: Concise English Version. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 274. ISBN 978-81-85880-77-8. https://books.google.com/books?id=sQcmczcunygC&pg=PA274। আহৰণ কৰা হৈছে: 25 December 2012.