দত্তাত্ৰেয় (ইংৰাজী: Dattatreya) হিন্দুসকলৰ এগৰাকী আৰাধ্য দেৱতা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভগৱান দত্তাত্ৰেয়ৰ মাহাত্ম্য আৰু গুৰুত্ব অপৰিসীম কাৰণ দত্তাত্ৰেয়ক হিন্দুসকলৰ প্ৰধান তিনি দেৱতা বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ সংযুক্ত অৱতাৰ হিচাপে বিশ্বাস কৰা হয়। দত্তাত্ৰেয় নামটো আহিছে দত্তা আৰু অত্ৰেয় শব্দৰ পৰা। দত্তা শব্দৰ অৰ্থ 'দান দিয়া' আৰু অত্ৰেয় শব্দটোৱে ঋষি অত্ৰিক সূচাইছে। অত্ৰি ঋষিক দত্তাত্ৰেয়ৰ পিতৃ হিচাপে গণ্য কৰা হয়। দত্তাত্ৰেয়ৰ মাতৃ হৈছে অত্ৰি ঋষিৰ পত্নী অনসুয়া।[1]
গাইগৰু আৰু চাৰিটা কুকুৰৰ সৈতে ভগৱান দত্তাত্ৰেয়ৰ মূৰ্তি
|
---|
| দশাৱতাৰ | | |
---|
| অন্যান্য অৱতাৰসমূহ | |
---|
|
1 Buddha or Balarama is considered the avatar of Vishnu, depending on the tradition. In North India, Buddha is included and in South India, Balarama. |
|