জয়-বিজয়
হিন্দু পুৰাণ অনুসৰি, জয় আৰু বিজয় আছিল শ্ৰীবিষ্ণুৰ আবাস ক্ষেত্ৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰৰ অভিশাপ মৰ্মে তেওঁলোক তিনিটা যুগত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল। জয় আৰু বিজয়ে সত্য যুগত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ; ক্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ আৰু দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ নামেৰে জন্ম গ্ৰহণ কৰিছিল।
ব্ৰহ্মাৰ চাৰি মানসপুত্ৰৰ অভিশাপ
[সম্পাদনা কৰক]ভাগৱত পুৰাণ অনুসৰি, ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ (ব্ৰহ্মাৰ মন বা চিন্তা শক্তিৰ পৰা জন্ম হোৱা পুত্ৰ) বিষ্ণুৰ দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিল।
তপস্যা শক্তিৰ ফলত চাৰি কুমাৰক শিশু যেন দেখিছিল, যদিও তেওঁলোকৰ বয়স বহুত বেছি আছিল। বৈকুণ্ঠৰ দ্বাৰপাল জয় আৰু বিজয়ে কুমাৰসকলক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দি লগতে কয় যে, বিষ্ণু বিশ্ৰাম আছে সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ’ব নোৱাৰে।[1] উত্তৰত কুমাৰগণে খঙত জয় আৰু বিজয়ক কয় যে, বিষ্ণুৱে তেওঁৰ ভক্তসকলৰ বাবে সদায় উপলব্ধ। কুমাৰগণে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে, তেওঁলোক দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণু তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দ্বাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে, চাৰি কুমাৰৰ অভিশাপ ওলোতাব নোৱাৰি। তাৰ পৰিৱৰ্তে, তেওঁ জয় আৰু বিজয়ক দুটা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ’ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত সাতটা জন্ম লোৱা আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে তিনিটা জন্ম লোৱা। ইয়াৰে যিকোনো এটা দণ্ডবিহাৰ পিছত, তেওঁলোকে পুনৰ বৈকুণ্ঠত মৰ্যাদা প্ৰাপ্ত কৰিব পাৰিব আৰু স্থায়ীভাৱে তেওঁৰ সৈতে থাকিব পাৰিব। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা সাতটা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ শত্ৰু হিচাপে পৃথিৱীত তিনিটা জন্ম লোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিটো জন্মতে বিষ্ণুক লগ পাব লাগিব আৰু তিনিটা জন্মতে বিষ্ণুৰ শত্ৰু হ'ব লাগিব।
সত্য যুগৰ সময়ত তেওঁলোকৰ প্ৰথম দিতি (দক্ষ প্ৰজাপতিৰ কন্যা) আৰু ঋষি কাশ্যপৰ ঘৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হিচাপে জন্ম গ্ৰহণ কৰিছিল, যাক বিষ্ণুৰ বৰাহ (গাহৰি অৱতাৰ) আৰু নৰসিংহ (পুৰুষ-সিংহ অৱতাৰ) অৱতাৰে হত্যা কৰিছিল। ত্ৰেতা যুগৰ সময়ত তেওঁলোকৰ দ্বিতীয় জীৱনত ৰাৱণ আৰু কুম্ভকৰ্ণ হিচাপে জন্মগ্ৰহণ কৰে আৰু ৰামৰ হাতত মৃত্যুবৰণ কৰে।
দ্বাপাৰ যুগৰ সময়ত তেওঁলোকৰ তৃতীয় জীৱনত শিশুপাল আৰু দন্তৱক্ৰ হিচাপে জন্মগ্ৰহণ কৰে যাক বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই হত্যা কৰিছিল। জয় আৰু বিজয়ে তিনিওটা জীৱনতে তেওঁলোক ভাতৃ হিচাপে জন্মগ্ৰহণ কৰিছিল।
বিষ্ণু মন্দিৰৰ দ্বাৰপাল বা দুৱৰী
[সম্পাদনা কৰক]দন্তবক্ৰ আৰু শিশুপালৰ মৃত্যুৰ পিছত জয় আৰু বিজয়ে চাৰি কুমাৰে দিয়া অভিশাপৰ পৰা মুক্তি পায়। ফলত বৈষ্ণৱীয় ৰীতি অনুসৰি আধুনিক যুগত (সংস্কৃতৰ মতে কলিযুগত) সিহঁত পুনৰ বৈকুণ্ঠৰ দ্বাৰপাল ৰূপে আত্ম নিয়োজিত হয়। অন্ধ্ৰপ্ৰদেশৰ বেঙ্কটেশ্বৰ মন্দিৰত, উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰত আৰু শ্ৰীৰঙ্গমৰ ৰঙ্গনাথ মন্দিৰৰ প্ৰৱেশদ্বাৰত দুই দ্বাৰপালৰূপে জয় আৰু বিজয়ৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায়৷
বংশপৰিচয়
[সম্পাদনা কৰক]ব্ৰহ্মাণ্ড পুৰাণ অনুসৰি, জয় আৰু বিজয় কালী (হিন্দু দেৱী কালী নহয়) -ৰ পুত্ৰ আছিল আৰু কালী বদলি বৰুণ আৰু তেওঁৰ স্ত্ৰী স্তুতাৰ অন্যতম আছিল (সংস্কৃতত স্তুতৰ অৰ্থ ‘প্ৰশংসা’) । কালীৰ ভাই (আৰু জয় আৰু বিজয়ৰ মামা) আছিল বৈদ্য৷[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Vidwesha-bhakti" (en-IN ভাষাত). The Hindu. 2013-09-16. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/religion/vidweshabhakti/article5131936.ece.
- ↑ G.V.Tagare (1958). Brahmanda Purana - English Translation - Part 3 of 5. পৃষ্ঠা. 794. https://archive.org/details/BrahmandaPuranaG.V.TagarePart3.
- ↑ www.wisdomlib.org (2017-10-09). "Stuta, Stutā: 5 definitions". www.wisdomlib.org. https://www.wisdomlib.org/definition/stuta। আহৰণ কৰা হৈছে: 2020-01-15.