হোলিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোলিকা
সম্পৰ্ক অসুৰ
পিতৃ-মাতৃ কাশ্যপ (পিতৃ) আৰু দিতি (মাতৃ)
সহোদৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ
উৎসৱ হোলিকা দহন
অগ্নিৰ মাজত প্ৰহ্লাদ

হোলিকা (সংস্কৃত: होलिका) হৈছে হিন্দু বৈদিক ধৰ্মগ্ৰন্থৰ উল্লিখিত এগৰাকী অসুৰ (নাৰী অসুৰ) যাক দেৱতা বিষ্ণুৰ সহায়ত পুৰি হত্যা কৰা হয়। তেওঁ অসুৰ ৰজা হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ ভনী আৰু প্ৰহ্লাদৰ পেহীয়েক আছিল। কেতিয়াবা তেওঁক সিংহিকা (Simhika) নামেৰেও জনা যায়।[1]

হোলিকা দহনৰ কাহিনীয়ে (হোলিকাৰ মৃত্যু) ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়ক সূচায়। হিন্দুসকলৰ ৰঙৰ উৎসৱ হোলীৰ আগৰ নিশা হোলিকা দহন কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

হোলিকা আৰু প্ৰহ্লাদ[সম্পাদনা কৰক]

ভাগৱত পুৰাণৰ সপ্তম অধ্যায় অনুসৰি,[2][3][4][5][6][7] অসুৰ ৰজা হিৰণ্যকশিপু অমৰ হ’বলৈ বিচাৰিছিল। যাৰ বাবে ব্ৰহ্মাৰ নিকট হৈ অমৰত্বৰ বৰপ্ৰাপ্তিৰ বাবে তেওঁ কঠোৰ ধ্যানত নিমজ্জিত হয়। কিন্তু দেৱতাই খুব কমেহে অমৰত্ব দান কৰে। হিৰণ্যকশিপু এনেকুৱা বৰ পায় যাক তেওঁ ভাবে যে পৰোক্ষভাৱে তেওঁ অমৰত্ব লাভ কৰিছে। তেওঁ যি বৰ লাভ কৰে তাত পাঁচটি বিশেষ ক্ষমতা দান কৰে। সেইবোৰ হৈছে, তেওঁক মানুহে হত্যা কৰিব নোৱাৰিব, কোন প্ৰাণীও হত্যা কৰিব নোৱাৰিব: তেওঁক ঘৰতো হত্যা কৰিব নোৱাৰিব, আৰু বাহিৰতো হত্যা কৰিব নোৱাৰিব, তেওঁক দিনতো হত্যা কৰিব নোৱাৰিব আনকি ৰাতিও হত্যা কৰিব নোৱাৰিব; তেওঁক অস্ত্ৰৰ দ্বাৰাও হত্যা কৰিব নোৱাৰিব আনকি সস্ত্ৰৰ দ্বাৰাও হত্যা কৰিব নোৱাৰিব; তেওঁক স্থল, জল বা বায়ু ক’তো হত্যা কৰিব নোৱাৰিব। এই বৰ লাভ কৰি হিৰণ্যকশিপু অহংকাৰী হৈ উঠে। তেওঁ সিদ্ধান্ত লয় যে, কেৱল তেওঁকেই দেৱতা হিচাপে পূজা কৰা হ’ব। কোনোবা তেওঁৰ আদেশ পালন নকৰিলে তেওঁক শাস্তি বিহিব বা হত্যা কৰিব।[2] তেওঁৰ পুত্ৰ প্ৰহ্লাদ তেওঁৰ সৈতে সন্মত নহয়। তেওঁ এগৰাকী বিষ্ণুভক্ত আছিল,[3] তেওঁৰ পিতৃক দেৱতা হিচাপে পূজা কৰাতো তেওঁ অস্বীকাৰ কৰে আৰু প্ৰহ্লাদ বিষ্ণুকেই পূজা কৰে।

পিছত হিৰণ্যকশিপু খঙত অগ্নিশৰ্মা হৈ প্ৰহ্লাদক হত্যা কৰিবলৈ বিভিন্ন চেষ্টা কৰে। ইয়াৰ বাবে এবাৰ হিৰণ্যকশিপু তেওঁৰ ভনী হোলিকাৰ পৰা সহায় বিচাৰে। হোলিকাৰ এটা বিশেষ কাপোৰ আছিল যি জুইত নুপুৰিছিল। হিৰণ্যকশিপুকে প্ৰহ্লাদক হোলিকাৰ কোলাত ল’বলৈ দিয়ে, আৰু হিৰণ্যকশিপুয়ে হোলিকাৰ কোলাত বহাৰ পিছত প্ৰহ্লাদৰ ওপৰত জুই লগাই দিয়ে।[2] যাতে প্ৰহ্লাদ জুইত পুৰি যাহ যায় কিন্তু হোলিকাৰ বিশেষ কাপোৰৰ বাবে তেওঁৰ কোন ক্ষতি নহয়। কিন্তু সেই জুই জ্বলোঁতে হোলিকাৰ শৰীৰৰ পৰা সেই বস্ত্ৰ খুলি গৈ প্ৰহ্লাদৰ শৰীৰত আবৃত হয়।[3] যাতে হোলিকা জুইত পুৰি যায়, আৰু প্ৰহ্লাদ ক্ষতিৰ পৰা বাছি যায়।[2][3]

বিষ্ণু নৰসিংহ অৱতাৰ (অৰ্ধমানৱ-অৰ্ধসিংহ) ৰূপত গধূলি লগ্নত (দিন আৰু ৰাতৰ মাজ সময়ত) আৱিৰ্ভূত হয়, হিৰণ্যকশিপুক ঘৰৰ দুৱাৰডলিত লৈ গৈ, তেওঁক নিজৰ কোলাত তুলি লৈ নখেৰে হত্যা কৰে।[8] প্ৰহ্লাদৰ লগতে মানৱ জাতি বাধ্যবাধকতা আৰু ভয়ৰ পৰা মুক্তি পায়। নৰসিংহৰ দ্বাৰা হিৰণ্যকশিপু বধ কৰা এই কাহিনীয়ে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়ক সূচায়।[9] হোলিকা দহন উৎসৱকো এই ঘটনাটোকেই নিৰ্দেশ কৰে।[4]

হোলিকা দহন[সম্পাদনা কৰক]

হোলীৰ আগৰ ৰাতি উত্তৰ ভাৰত, নেপাল আৰু দক্ষিণ ভাৰতৰ কিছু স্থানত ঐতিহ্যগতভাৱে জুই জ্বলোৱা হয়।[10] হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.timesnownews.com/spiritual/religion/article/vishnu-puran-a-lesser-known-fact-about-hiranyakashipu-and-his-sister-simhika-aka-holika/603839#:~:text=Asura%20King%20Hiranyakashipu%20had%20a,with%20the%20festival%20of%20Holi.&text=He%20had%20a%20younger%20brother,the%20Lord%20of%20the%20Universe.
  2. 2.0 2.1 2.2 2.3 Holi: Splashed with colors of friendship Hinduism Today, Hawaii (2011)
  3. 3.0 3.1 3.2 3.3 Constance Jones, Holi, in J Gordon Melton (Editor), Religious Celebrations: An Encyclopedia of Holidays Festivals Solemn Observances and Spiritual Commemorations, আই.এচ.বি.এন. 978-1598842067
  4. 4.0 4.1 Wendy Doniger (Editor), Merriam-Webster's Encyclopedia of World Religions, January 2000, আই.এচ.বি.এন. 978-0877790440, Merriam-Webster, page 455
  5. David N. Lorenzen (1996). Praises to a Formless God: Nirguni Texts from North India. tate University of New York Press. পৃষ্ঠা. 22–31. ISBN 978-0-7914-2805-4. https://books.google.com/books?id=tE3sShuid5gC&pg=PA22. 
  6. Vittorio Roveda (2005). Images of the Gods: Khmer Mythology in Cambodia, Thailand and Laos. River Books. পৃষ্ঠা. 70. ISBN 978-974-9863-03-9. https://books.google.com/books?id=tv7VAAAAMAAJ. 
  7. Sunil Kothari and Avinash Pasricha (2001). Kuchipudi. Abhinav. পৃষ্ঠা. 66–67. ISBN 978-81-7017-359-5. https://books.google.com/books?id=Xa8FamiJJKgC&pg=PA66. 
  8. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 275. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&pg=PA275. 
  9. Kumar, V. (Ed.). (2004), 108 Names of Vishnu. Sterling Publishers Pvt. Ltd., আই.এচ.বি.এন. 8120720237
  10. http: //www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/forests-bear-the-brunt-of-holi/article4552974.ece