বিনতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বিনতা
পক্ষীৰ মাতৃ
সঙ্গী কাশ্যপ
পিতৃ-মাতৃ দক্ষ (পিতৃ)
সন্তান অৰুণ আৰু গৰুড়

বিনতা (সংস্কৃত: विनता) আছিল প্ৰজাপতি দক্ষৰ কণ্যা আৰু ঋষি কাশ্যপৰ পত্নী। বিনতা প্ৰজাপতি দক্ষৰ তেৰগৰাকী কন্যাৰ মাজৰ এগৰাকী আছিল আৰু ১২ গৰাকী ভগ্নীৰ সৈতে কাশ্যপৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। বিনাতাক চৰাই বা পক্ষীকুলৰ মাতৃ বুলিও কোৱা হয়। বিনতাই অৰুণ আৰু গৰুড় (সুপৰ্ণা) নামৰ দুজন পুত্ৰ সন্তানৰ জন্ম দিছিল।[1]

কিংবদন্তি[সম্পাদনা কৰক]

বিনতা দক্ষৰ দুহিতা আছিল। তাই তাইৰ ১২ গৰাকী ভগ্নীৰ সৈতে কাশ্যপ মুনিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। বিনতাৰ সৰু ভগ্নীৰ নাম আছিল কদ্ৰু। দুয়ো ভগ্নীয়ে তেওঁলোকৰ স্বামী কাশ্যপৰ বৰ যত্ন লৈছিল আৰু তেওঁৰ সকলো সুবিধা-অসুবিধাৰ প্ৰতি মনোযোগ দিছিল। তেওঁলোকৰ সেৱাত সন্তুষ্ট হৈ কাশ্যপে দুয়োগৰাকীকে একোটাকৈ বৰ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।[2] কদ্ৰুৱে এহেজাৰ সাহসী আৰু পৰাক্ৰমী নাগ বা সৰ্প পুত্ৰ বিচাৰিছিল আৰু বিনতাই কদ্ৰুৰ সন্তানসকলতকৈ অধিক শক্তিশালী আৰু পৰাক্ৰমী কেৱল দুজন পুত্ৰ বিচাৰিছিল। কাশ্যপে তেওঁলোকৰ ইচ্ছা পূৰণ কৰিছিল। কদ্ৰু আৰু বিনতা গৰ্ভৱতী হোৱাৰ পিছত, তেওঁ তেওঁলোকক গৰ্ভস্থ সন্তানসকলৰ যত্ন ল'বলৈ পৰামৰ্শ দি ঘোৰ অৰণ্যত তপস্যা কৰিবলৈ গুচি গৈছিল।

বহুদিনৰ অন্তত কদ্ৰুৱে এহেজাৰ অণ্ড আৰু বিনাতাই দুটা অণ্ড প্ৰসৱ কৰিছিল। সেই অণ্ড বা কণীবোৰ গৰম পানীৰ দি ডাঙৰ পাত্ৰত সাৱধানে উমনি দিয়া হৈছিল। পাঁচশ বছৰ অতিক্ৰম কৰাৰ পিছত, কদ্ৰুৱে প্ৰসৱ কৰা কণীবোৰৰ পৰা এহেজাৰ নাগ পুত্ৰৰ জন্ম হৈছিল; এই এহেজাৰ নাগ পুত্ৰৰ ভিতৰত উল্লেখযোগ্য নাগ আছিল শেষ নাগ, বাসুকী আৰু তক্ষক। পৌৰাণিক কথা মতে এই পৃথিৱীত জন্ম গ্ৰহণ কৰা সকলো সৰ্প এই এহেজাৰ নাগ পুত্ৰৰেই বংশধৰ।

কদ্ৰুৰ সন্তান জন্ম হোৱা দেখি বিনতাৰ ঈৰ্ষা উপজিছিল কিয়নো তাইৰ কণীৰ পৰা তেতিয়ালৈকে কোনো সন্তান জন্মা নাছিল। এই কথাত অধৈৰ্য্য হৈ বিনতাই এটা কণী ভাঙি পেলাইছিল আৰু তাৰ পৰা এটি সম্পূৰ্ণ ৰূপে বিকশিত নোহোৱা শিশুৰ জন্ম হৈছিল।[3] তেওঁ আছিল ৰাতিপুৱাৰ সূৰ্য্যৰ দৰে উজ্জ্বল আৰু ৰঙা। কিন্তু অকালতে অণ্ডটো ভাঙি যোৱাৰ বাবে, অৰুণ দুপৰীয়াৰ সূৰ্যৰ দৰে উজ্জ্বল নহ'ল।[4] মাতৃৰ এই কাৰ্যত সেই পুত্ৰৰ খং উঠিছিল আৰু সেই বাবে মাকক অভিশাপ দিছিল আৰু কৈছিল যে তাই দ্বিতীয়টো কণীৰ পৰা পুত্ৰজন্ম নোহোৱালৈকে পাঁচশ বছৰৰ বাবে তেওঁ কদ্ৰুৰ দাস হৈ থাকিব লাগিব। পিছলৈ তেওঁ সূৰ্যদেৱতাৰ ৰথৰ সাৰথি হৈ গুছি গৈছিল আৰু সেয়েহে তেওঁক অৰুণ নাম দিয়া হৈছিল। অৱশেষত, পাঁচশ বছৰৰ পিছত, বিনতাৰ দ্বিতীয় পুত্ৰ গৰুড়ৰ জন্ম হৈছিল[3] এক শক্তিমত্ত বিশাল চৰাইৰ ৰূপত। জন্মৰ লগে লগে তেওঁ খাদ্যৰ সন্ধানত উৰি গুছি গৈছিল। পিছলৈ গৰুড় ভগৱান বিষ্ণু বাহনৰূপে প্ৰতিস্থিত হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Söhnen, Renate; Söhnen-Thieme, Renate; Schreiner, Peter (1989) (en ভাষাত). Brahmapurāṇa: Summary of Contents, with Index of Names and Motifs. Otto Harrassowitz Verlag. ISBN 978-3-447-02960-5. https://books.google.com/books?id=J2c6-tAt4vwC&pg=PA253. 
  2. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. http://archive.org/details/puranicencyclopa00maniuoft. 
  3. 3.0 3.1 George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 62–63. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC. 
  4. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 70. https://archive.org/details/indiathroughages00mada.