বাসন্তী বিষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বাসন্তী বিষ্ট
স্থানীয় নাম बसंती बिष्ट
জন্ম ১৯৫৩
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সক্ৰিয় হৈ থকা সময় ১৯৯৮-বৰ্তমান
জনা যায় জাগৰ লোকসংগীতৰ প্ৰথম মহিলা শিল্পী
গৃহস্থান লুৱানী, দেৱাল তেহছিল, চামলী, উত্তৰাখণ্ড
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০১৭

বাসন্তী বিষ্ট (জন্ম: ১৯৫৩) এগৰাকী ভাৰতীয় লোকসংগীতশিল্পী। তেওঁ উত্তৰাখণ্ডৰ জাগৰ লোকসংগীতৰ প্ৰথম মহিলা শিল্পী হিচাপে জনাজাত। জাগৰ দেৱ-দেৱীসমূহক আহ্বান কৰা একপ্ৰকাৰৰ পুৰুষপ্ৰধান লোক সংগীত। কিন্তু বাসন্তী বিষ্টয়ে পৰম্পৰা ভংগ কৰি বৰ্তমান নিজকে উল্লেখযোগ্য জাগৰ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। তেওঁ সংগীৰ মাধ্যমেৰে সংস্কৃতিক ৰক্ষা কৰিবলৈ চেষ্টা চলাইছে। ২০১৭ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[1][2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৩ চনত উত্তৰাখণ্ডৰ চামলী জিলাৰ দেৱাল তেহছিলৰ অন্তৰ্গত লুৱানী জিলাত বাসন্তী বিষ্টৰ জন্ম হৈছিল। সেইসময়ত প্ৰচলিত ৰীতি অনুসৰি ১৫ বছৰ বয়সত এগৰাকী আৰ্টিলেৰী সৈনিকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ জীৱনৰ অধিকাংশ সময় গৃহবধু হিচাপে অতিবাহিত হৈছিল। পিছলৈ তেওঁ পাঞ্জাৱৰ জলন্ধৰত সংগীতবিদ্যা শিকিবলৈ যায় আৰু তেতিয়াৰ পৰা তেওঁৰ পেছাদাৰী গায়কৰ জীৱন আৰম্ভ হয়। সৰুৰে পৰা তেওঁৰ সংগীতৰ প্ৰতি ৰাপ আছিল। তেওঁ মাকে গোৱা জাগৰ গীত শুনি ডাঙৰ হৈছে বুলি নিজেই উল্লেখ কৰিছে। তেওঁ প্ৰাথমিক শিক্ষা নিজ গাঁৱৰ পৰা এমাইল দূৰৰ বিদ্যালয়ত গ্ৰহণ কৰিছিল। ইয়াত তেওঁ পঞ্চম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ গাঁৱৰ পৰা মাধ্যমিক বিদ্যালয় দূৰত অৱস্থিত হোৱাৰ বাবে যোগাযোগৰ অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবে তেওঁ পঢ়া-শুনা সিমানতে সামৰিব বাধ্য হয়।[3]

সাংগীতিক জীৱন[সম্পাদনা কৰক]

বাসন্তী বিষ্টৰ পেছাদাৰী সাংগীতিক জীৱন চল্লিছৰ দশকত আৰম্ভ হৈছিল। ইয়াৰ আগতে তেওঁ পাৰিবাৰিক কাম-কাজৰ লগত ব্যস্ত আছিল। তেওঁ তেওঁৰ স্বামীৰ লগত পাঞ্জাৱৰ জলন্ধৰলৈ অহাৰ পিছত প্ৰাচীন কলা কেন্দ্ৰত সংগীতবিদ্যা শিকিবলৈ আগ্ৰহী আছিল। প্ৰথমতে এই কেন্দ্ৰত অধ্যয়নৰত শিক্ষাৰ্থী সমূহ তেওঁতকৈ বহুত সৰু হোৱাৰ বাবে আৰু তেওঁ একমাত্ৰ প্ৰাপ্ত বয়স্ক শিক্ষাৰ্থী হোৱাৰ বাবে লাজ কৰিছিল। তেওঁৰ ছোৱালীৰ শিক্ষকে তেওঁক হাৰমনিয়াম বজাবলৈ শিকোৱাত তেওঁৰ পেছাদাৰী সংগীত প্ৰশিক্ষণৰ প্ৰথম অস্থায়ী পদক্ষেপ আছিল।[3]

তাৰপিছত তেওঁ ভজন, চলচ্চিত্ৰৰ গীত ইত্যাদিত মনোনিবেশ কৰিছিল। তেওঁৰ স্বামীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পিছত তেওঁলোকে ডেৰাডুনত বসবাস কৰিবলৈ আৰম্ভ কৰে। ১৯৯৬ চনত তেওঁ নাজিবাবাদ আকাশবাণী ৰেডিঅ' কেন্দ্ৰত শিল্পী হিচাপে যোগদান কৰে। তেওঁ বৰ্তমান আকাশবাণীৰ "এ" শ্ৰেণীৰ শিল্পী।

সময়ৰ লগে লগে তেওঁ বুজি উঠে যে তেওঁ সংগীত উত্তৰাধিকাৰী হিচাপে লাভ কৰিছে। শৈশৱকালত তেওঁৰ মা আৰু গাঁৱৰ বয়সীয়াল লোকসকলৰ পৰা নিমগ্নহৈ জাগৰ শুনি শিকিছিল। জাগৰ তেওঁৰ গাঁৱৰ লোকসকলে গোটেই ৰাতি সাৰে থাকি ঈশ্বৰৰ গুণ-গান গায়। উত্তৰাখণ্ডৰ পাহাৰী অঞ্চলৰ প্ৰাচীন লোক ঐতিহ্যসমূহ আৰু হেৰাই যোৱা গীত সমূহ বাসন্তীয়ে ধৰি ৰাখিবলৈ চেষ্টা চলাই গৈছে। লোকসংগীতৰ সন্ধান আৰু পিছলৈ পাৰম্পৰিক সুৰত এই গীতসমূহ জনমানসত প্ৰকাশ কৰিবলৈ তেওঁ দায়িত্ব লৈছে। বাসন্তী বিষ্টৰ গীতৰ সুৰ, গীতৰ শৈলী আৰু ধীৰ গতিৰ তাল অলপ উত্তৰাখণ্ডৰে পাহাৰী গীতৰ বৈশিষ্ট্যযুক্ত।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁৰ স্বামী ভাৰতীয় সেনাবাহিনীৰে নায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ পুত্ৰ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ। তদুপৰি তেওঁৰ কন্যা ভাৰতীয় সেনাবাহিনীৰ কেপ্তেইন হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু সেনাৰে এগৰাকী কৰ্ণেলৰে লগত বিবাহপাশত আৱদ্ধ হৈছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ উত্তৰাখণ্ডৰে লোকসংগীতৰে ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰে স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

তথ্য উৎস[সম্পাদনা কৰক]