তুলা আৰু তেজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
"তুলা আৰু তেজা"
লিখক লক্ষ্মীনাথ বেজবৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ লিখিত সাধু কথা
প্ৰকাশন সময় কলকাতা
প্ৰকাশৰ ধৰণ সাধু কথাৰ সংগ্ৰহ
মিডিয়াৰ প্ৰকাৰ মুদ্ৰণ
প্ৰকাশৰ তাৰিখ ১৯১২

তুলা আৰু তেজা (ইংৰাজী: Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।[1][2]

গ্ৰন্থ পৰিচয়[সম্পাদনা কৰক]

বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত এখন সাধুকথাৰ পুথি। ইয়াত মুঠ ৩০টা সাধু সংকলিত হৈছে। বেজবৰুৱাই ১৯১১ চলত তেওঁৰ হাওৰা স্থিত বাসভৱনত বহি গ্ৰন্থখনৰ পাতনি লিখিছিল। পিছৰ বছৰ এইখন প্ৰকাশ পাইছিল ইয়াৰ সাধুসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা। বেজবৰুৱাই মাথোঁ সেইবোৰ নিজা ভাৱ-ভাষাৰে শিশুসকলৰ বাবে লিখি উলিয়াইছিল।[3]

গ্ৰন্থখনৰ বহুকেইটা নাৰীপ্ৰধান সাধুৰ অন্যতম 'তুলা আৰু তেজা'। প্ৰাচীন অসমীয়া সমাজখনত সম্পদশালী পুৰুষসকলে বহুবিবাহ কৰাটো এক স্বাভাৱিক বিষয় আছিল। 'তুলা আৰু তেজা'ত বহুবিবাহৰ অৱধাৰিত ফল- সতিনী বিদ্বেষে কেনেকৈ এখন ঘৰৰ সুখ-শান্তি বিঘ্নিত কৰিব পাৰে বা মাহীমাকে সতিনীৰ সন্তানহঁতৰ জীৱন কেনেকৈ যন্ত্ৰণাময় কৰি তুলিব পাৰে, তাৰে এখন বাস্তৱ চিত্ৰ অঙ্কিত কৰা হৈছে।[2]

সাধুৰ সাৰাংশ[সম্পাদনা কৰক]

চহকী খেতিয়ক এজনৰ দুজনী ঘৈণীয়েক লাগী আৰু এলাগী। লাগীৰ জীয়েক তুলা আৰু এলাগীৰ জীয়েক তেজা। লাগীয়ে নিমাখিত সতিনীয়েকক আৰু তাইৰ জীয়েক তেজা আৰু পুতেক কানাইক সমুলি দেখিব নোৱাৰে। সেয়েহে এদিন মাছ মৰাৰ চলেৰে মাতি নি লাগীয়ে সতিনীয়েকক পুখুৰীত গতিয়াই মাৰি পেলালে। এলাগীয়ে তাতে বৰকাছ হৈ থাকিল।

লাগীয়ে নিজৰ জীয়েকক একো কাম-বন কৰিব নিদিয়ে; কিন্তু তেজা আৰু কানাইক গৰু চৰাবলৈ পঠায়। খাব ববও ভালকৈ নিদিয়ে। ইফালে তেজা আৰু কানায়ে গৰু চৰাব যাওঁতে বৰকাছৰূপী এলাগীয়ে পুখুৰীৰ পৰা উঠি আহি সুস্বাদু বস্তু খাব দিয়ে। ঘটনাক্ৰমে লাগীয়ে এলাগীৰ নতুন ৰূপৰ সম্ভেদ পোৱাত বৰভোজ পতাৰ চলেৰে বৰকাছজনীকো মৰালে। তেজা আৰু কানায়ে কাছজনীৰ আগঠেং দুটা পুখুৰীৰ পাৰত পুতি থলে। তাতে জন্ম পালে এজোপা জৰা টেঙাৰ গছ।

বাটেৰে গৈ থাকোঁতে সেই জৰা টেঙা এদিন ৰজাই খালে আৰু তেজাক বিয়া কৰাই অন্তেষপুৰলৈ লৈ গ'ল।

তেজাৰ এনে সুখ দেখি লাগী ঈৰ্ষাত ৰব নোৱাৰো হ'ল। এদিন সতিয়া জীয়েকক লাগীয়ে বুদ্ধিৰে মাতি আনি মন্ত্ৰপুতঃ শলা মূৰত গুছি তেজাক শালিকালৈ ৰূপান্তৰ কৰিলে আৰু নিজৰ জীয়েক তুলাক তেজাৰ সাজেৰে ৰজাৰ হাউলিলৈ পঠিয়াই দিলে। শালিকাজনীও উৰি গৈ ৰজাৰ হাউলি পালে। দুয়োজনী ছোৱালীৰ চেহেৰাৰ মিল থকা গুণে ৰজাই তুলাক তেজা বুলিয়ে ভাবি ললে।

শালিকাজনীৰ হাব-ভাব দেখি সেয়া যে কোনোবা আপোনজনহে, তাত ৰজা পতিয়ন গ'ল। চৰাইজনী মৰম কৰি থাকোঁতে মন্ত্ৰপুতঃ শলাডাল হাত লগাত উলিয়াই আনোঁতে তেজাই পুনৰ আগৰ ৰূপ পালে।

ৰজাই মাহীয়েকৰ এনে নীচ চক্ৰান্ত দেখি খঙত একোনাই হৈ তুলাক বধ কৰি টোমত ভৰাই পহুৰ মঙহ বুলি লাগীলৈ দি পঠিয়ালে আৰু তেজাৰ লগত সুখে-সন্তোষে সংসাৰ কৰি থাকিল।[1]

জনপ্ৰিয় সংস্কৃতিত তুলা আৰু তেজা[সম্পাদনা কৰক]

তুলা আৰু তেজা সাধুটোৰ আধাৰত ২০১২ চনত একে নামৰ অসমীয়া চলচ্চিত্ৰ এখন মুক্তি পায়। জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা আৰু জোনমণি দেৱী খাউণ্ডে পৰিচালনা কৰা ছবিখনত বিদ্যা ৰাও, অৰুণ নাথ, গীতাৱলী ৰাজকুমাৰী, বৰ্ণালী পূজাৰী আদিয়ে অভিনয় কৰিছিল।[4] প্ৰায় ৭৫ লাখ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে কিন্তু দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি লাভ নকৰিলে। কেইটামান দৰ্শনী চলাৰ পিছত চিত্ৰগৃহৰ পৰা ছবিখনে বিদায় লৈছিল।[5]

তথ্য উৎস[সম্পাদনা কৰক]