সমললৈ যাওক

শ্ৰুবৱতী গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰুবৱতী গোস্বামী
জন্ম ৩১ মাৰ্চ, ১৯৬৬ (৬০ বছৰ)[1]
বাসস্থান
জাতীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়
কলিকতা বিশ্ববিদ্যালয়

শ্ৰুবৱতী গোস্বামী (ইংৰাজী: Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত। কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান কলেজৰ পৰা "নিউট্ৰিনো দোলন"ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা তেখেতে হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা।[2] তেখেতে গৱেষণা কৰিছিল সাহা নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান আৰু ভৌতিক গৱেষণা প্ৰয়োগশালা (PRL)-ত। পাছলৈ তেখেতে হৰিশ চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠানত কাম কৰে। ভৌতিক গৱেষণা প্ৰয়োগশালাত তাত্ত্বিক উচ্চশক্তিৰ পদাৰ্থ বিজ্ঞানৰ তেখেত এগৰাকী জ্যেষ্ঠ অধ্যাপক। তেখেতে ভাৰতীয় বিজ্ঞান একাডেমী; ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী,ভাৰত; আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য।[3][4][5][6]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Fellow Profile Srubabati Goswami". Indian Academy of Sciences. https://www.ias.ac.in/describe/fellow/Goswami,_Prof._Srubabati আহৰণ কৰা হৈছে: 31 August 2019.
  2. "A Trailblazer Looks for the Keys to the Next Generation of Physics Research". Aashima Dogra. The Wire. 7 September 2017. https://thewire.in/science/srubabati-goswami-neutrino-ino-dino-kamiokande-prl আহৰণ কৰা হৈছে: 31 August 2019.
  3. "Srubabati Goswami". Indian Academy of Sciences. https://am2018.ias.ac.in/describe/profile/1540375072692 আহৰণ কৰা হৈছে: 31 August 2019.
  4. "Professor Srubabati Goswami". Indian National Science Academy. http://www.insaindia.res.in/detail/P18-1776 আহৰণ কৰা হৈছে: 31 August 2019.
  5. "Fellows". National Academy of Sciences, India. Archived from the original on 21 October 2014. https://web.archive.org/web/20141021102942/http://www.nasi.org.in/fellows.asp?RsFilter=G আহৰণ কৰা হৈছে: 31 August 2019.
  6. "A tale of two lives". Indian Academy of Sciences. https://www.ias.ac.in/public/Resources/Initiatives/Women_in_Science/Contributors/srubabati.pdf আহৰণ কৰা হৈছে: 31 August 2019.