সমললৈ যাওক

বুলবুল চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুলবুল চক্ৰৱৰ্তী
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়(১৯৮৯-বৰ্তমান)
য়ালে বিশ্ববিদ্যালয়(১৯৮৭-৮৯)
ইন্দিৰা গান্ধী আণৱিক গৱেষণা কেন্দ্ৰ(১৯৮৪-৮৬)
শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ষ্টেট ইউনিভাৰ্ছিটী অৱ নিউ ইয়ৰ্ক

বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty)[1] হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"।[2][3] তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .[4][5]

শৈক্ষিক জীৱন

[সম্পাদনা কৰক]

চক্ৰৱৰ্তীয়ে ১৯৭৪ চনত আইআইটিৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত ষ্টনি ব্ৰুকত অৱস্থিত ষ্টেট ইউনিভাৰ্ছিটি অৱ নিউ ইয়ৰ্কৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। তেখেতেৰ গৱেষণা-পত্ৰৰ শিৰোনাম আছিল-"Influence of thermal disorder on electronic properties of solids".(। )[6] তেখেত আৰ্গনে ৰাষ্ট্ৰীয় প্ৰয়োগশালাৰ পষ্টডক্তৰেল সভ্য আছিল,নৰ্দিটা, ডেনমাৰ্ক আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী গৱেষণা সহযোগী আছিল। ১৯৮৪-৮৬ সময়ছোৱাত তেখেত আছিল ইন্দিৰা গান্ধী আণৱিক গৱেষণা কেন্দ্ৰৰ বস্তু বিজ্ঞান প্ৰয়োগশালাৰ এগৰাকী বৈজ্ঞানিক বিষয়া। ১৯৮৭-৮৯ চনত তেখেতে য়ালে বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ সহযোগী গৱেষণা পদাৰ্থবিদ আৰু প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনত তেখেতে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে আৰু ২০০০ চনৰ পৰা তেখেতে সেইখন শিক্ষানুষ্ঠানত পূৰ্ণকালীন অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। [7]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • বুলবুল চক্ৰৱৰ্তী হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"।[2][3]
  • ২০০৮ চনত "আমেৰিকান ভৌতিক সমাজ"(American Physical Society)ৰ সভ্য নিৰ্বাচিত হয়। ("for important theoretical contributions to diverse areas of condensed matter physics, including frustrated magnets, diffusion of light particles in metals, the glass transition, and jamming in granular systems")[8]
  • ২০১৮ চনত চিমনছ ফাউণ্ডেছনে বুলবুল চক্ৰৱৰ্তীক তাত্ত্বিক পদাৰ্থ বিজ্ঞানত এটা চিমনছ্ ফেলোশ্বিপ প্ৰদান কৰে। [9][10]

নিৰ্বাচিত প্ৰকাশনসমূহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bulbul Chakraborty - Google Scholar Citations". scholar.google.com. https://scholar.google.com/citations?user=mRbRvTcAAAAJ&hl=en আহৰণ কৰা হৈছে: 2019-03-04.
  2. 1 2 "Bulbul Chakraborty | Physics | Brandeis University". www.brandeis.edu. https://www.brandeis.edu/departments/physics/people/faculty/chak.html আহৰণ কৰা হৈছে: 2019-03-04.
  3. 1 2 "Physicist Bulbul Chakraborty is finding equilibrium" (en ভাষাত). BrandeisNOW. http://www.brandeis.edu/now/2013/august/chakraborty.html আহৰণ কৰা হৈছে: 2019-03-04.
  4. "Field theory of amorphous solids describes toothpaste, concrete and more" (en-GB ভাষাত). Physics World. 2018-09-17. https://physicsworld.com/a/field-theory-of-amorphous-solids-describes-toothpaste-concrete-and-more/ আহৰণ কৰা হৈছে: 2019-03-04.
  5. "domain-b.com : Researchers explain granular material properties". www.domain-b.com. https://www.domain-b.com/technology/materials/20111215_explain_granular.html আহৰণ কৰা হৈছে: 2019-03-04.
  6. CHAKRABORTY, B. (1979). Influence Of Thermal Disorder On Electronic Properties Of Solids (Order No. 7911328). Available from ProQuest Dissertations & Theses Global. (303001823). https://search.proquest.com/docview/303001823
  7. "Bulbul Chakraborty | Physics | Brandeis University". www.brandeis.edu. http://www.brandeis.edu/departments/physics/people/faculty/chak.html আহৰণ কৰা হৈছে: 2019-03-04.
  8. "APS Fellow Archive" (en ভাষাত). www.aps.org. https://www.aps.org/programs/honors/fellowships/archive-all.cfm আহৰণ কৰা হৈছে: 2019-03-04.
  9. "2018 Simons Fellows in Mathematics and Theoretical Physics Announced" (en-US ভাষাত). Simons Foundation. 2018-03-23. https://www.simonsfoundation.org/2018/03/23/2018-simons-fellows-in-mathematics-and-theoretical-physics-announced/ আহৰণ কৰা হৈছে: 2019-03-04.
  10. "Physicist Chakraborty wins prestigious Simons Foundation fellowship" (en ভাষাত). BrandeisNOW. http://www.brandeis.edu/now/2018/march/Chakraborty-simons-fellowship.html আহৰণ কৰা হৈছে: 2019-03-04.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]