অনিতা কুপ্পুস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা কুপ্পুস্বামী
সংগীতৰ প্ৰকাৰ তামিল লোকশিল্পী, কৰ্ণাটক
পেচা গায়িকা, গীতিকাৰ, লিখক
ৱেবছাইট pushpavanamkuppusamy.com

অনিথা কুপ্পুস্বামী (ইংৰাজী: Anitha Kuppusamy) এজন তামিল লোক-সংগীত আৰু কৰ্ণাটক সংগীতশিল্পী আৰু টেলিভিচন হোষ্ট তেওঁৰ 'নাতুপুৰা পট্টু' নামত পৰিচিত, যি এটা 'তামিল লোকশিল্প'। অনিতা অলপ বয়সৰ পৰাই গায়ক হোৱাৰ আগ্ৰহী আছিল। গান গোৱাৰ উপৰিও অনিতা ভালেমান টেলিভিচন ৰিয়েলিটি শ্ব'ত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল। অনিতা ৰন্ধা কাৰ্য্যৰ বিষয়ত কিছুমান গ্ৰন্থ ৰচনা কৰিছে আৰু টিভিত কুকাৰি (ৰন্ধা) শ্ব' পৰিৱেশন কৰিছে।

জীৱনী[সম্পাদনা কৰক]

অনিতা বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল আৰু 'মেট্টুপলায়মত' ডাঙৰ-দীঘল হৈছিল। তেওঁ সৰু কালৰ পৰাই সংগীত তথা গানত আগ্ৰহী আছিল আৰু তেওঁৰ পৰিয়ালক সংগীতশিল্পী হিচাপে তেওঁৰ পেচা অনুসৰণ কৰিবলৈ স্বীকাৰ কৰিছিল। তেওঁ সংগীতত বি.এ. কইম্বাতুৰৰ 'অবিনাশী লিঙ্গাম কলেজৰ' পৰা পাচ কৰে। অনিতা চেন্নাইৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু কৰ্ণাটিক সংগীতত এম.এ. লয়।[1][2]

তেওঁৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ সহপাঠী পুষ্পভনাম কুপ্পুস্বামীৰ লগত সাক্ষাৎ কৰিছিল আৰু সিহঁত বিভিন্ন প্ৰতিযোগিতা তথা কনচাৰ্টত একেলগে গান গোৱা আৰম্ভ কৰিছিল। শেষ লৈকে এই দম্পতীৰ বিবাহ হয়। তেওঁ তেওঁৰ স্বামী পুষ্পভনাম কুপ্পুস্বামীৰ পৰা এটা তামিল লোকশিল্পী "নট্টুপুৰ পট্টু" শিকিছিল।[1]

পেচা[সম্পাদনা কৰক]

অনিতাৰ মূল লক্ষ্য আছিল তামিল লোকশিল্প, "নট্টুপুৰা পট্টু"ত। তেওঁৰ স্বামী পুষ্পভনাম কুপ্পুস্বামীৰ লগত তেওঁ ভাৰত আৰু বিদেশত প্ৰায় ৩,০০০ কনচাৰ্ট কৰিছে।[3]

অনিতা এইড্‌ছ, যৌতুক, ধূমপান, মদ্যপান, মহিলা শিশু হত্যাকাণ্ড, শিশুশ্ৰম, মহিলাৰ বাবে শিক্ষাৰ গুৰুত্ব আৰু স্তন্যপানৰ বিষয়ত বিশেষভাৱে সচেতনতা সৃষ্টি কৰিবলৈ তেওঁৰ গীতত সামাজিক বাৰ্তাবিলাক একত্ৰিত কৰিছে।[1]

ইয়াৰ আগত অনিতাৰ লক্ষ্য আছিল মূলধাৰাৰ প্লেব্যাক গায়ক হৈ উঠা। কিন্তু কনচাৰ্টৰ বাবে তেওঁৰ ওচৰা-উচৰি ভ্ৰমণৰ কাৰণে তেওঁ প্লেব্যাক গীতত মনোনিৱেশ কৰিব লোৱাৰিছিল।[3]

ডিস্ক'গ্ৰাফী[সম্পাদনা কৰক]

লোক এলবাম[সম্পাদনা কৰক]

  • মান্নু মানক্কধু
  • মন ভাচম
  • মন ওচাই
  • কাৰিশাল মন
  • ছোলাম বেধাইকাইল
  • মেহম কৰুক্কুদ্দি
  • কালথু মেদু
  • উৰক্কুৰুভি
  • গ্ৰামাথু গীতম
  • কত্তুমাল
  • আদিয়াথি ডাঞ্চ ডাঞ্চ
  • ওথাইয়াধিপ্পাধাইল
  • থানজভুৰু মন্নেদুথু
  • নট্টুপুপুৰ মনাম

চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে[সম্পাদনা কৰক]

চলচ্চিত্ৰ গীত সংগীত পৰিচালক উপ-গায়ক
ভাল্লি ভাৰা পোৰা "পন্নু ৰমবা জৰুথান" কে. এচ. মনি অইল পুষ্পভনম কুপ্পুস্বামী
আৰাছিয়াল "আৰাছিয়াল আৰাছিয়াল" বিদ্যা সাগৰ পুষ্পভনম কুপ্পুস্বামী
কৰিছাকত্তু পুভ "কুছানূৰু" ইলায়াৰাজা পুষ্পভনম কুপ্পুস্বামী

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অনিতা পুষ্পভানম কুপ্পুস্বামীৰ লগত বিবাহ কৰিছিল সিয়ো এজন গায়ক তথা এই দম্পতীৰ দুজনী ছোৱালী পল্লবী আগৰৱাল এজন ডাক্তৰ আৰু মেহা।[1]

তেওঁ ২০১৩ চনৰ চেপ্তেম্বৰৰ অল ইণ্ডিয়া অনা দ্ৰাবিড় মুন্নেত্ৰ কাজগম ৰাজনৈতিক দলত যোগ দিছিল।[4][5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Transcending boundaries". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/Transcending-boundaries/article15917117.ece। আহৰণ কৰা হৈছে: 2016-12-03. 
  2. Biographu
  3. 3.0 3.1 "My First Break – Anitha Kuppusamy". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/my-first-break-anitha-kuppusamy/article3021858.ece। আহৰণ কৰা হৈছে: 2016-12-03. 
  4. "AIADMK welcomes newcomers". The Hindu. 3 September 2013. http://www.thehindu.com/news/national/tamil-nadu/aiadmk-welcomes-newcomers/article5086526.ece। আহৰণ কৰা হৈছে: 2017-05-17. 
  5. AIADMK welcomes newcomers