কাত্যায়নী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কাত্যায়নী
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী
Katyayani Sanghasri 2010 Arnab Dutta.JPG
কাত্যায়নী
দেৱনাগৰী कात्यायनी
সম্পৰ্ক পাৰ্বতীৰ অৱতাৰ
গ্ৰহ বৃহস্পতি
মন্ত্ৰ चंद्रहासोज्जवलकरा शार्दूलवरवाहना।
कात्यायनी शुभं दध्यादेवी दानवघातिनि॥
অস্ত্ৰ খড়্গ
পদ্ম, অভয়মুদ্ৰা, বৰদামুদ্ৰা
সঙ্গী শিৱ
সহোদৰ বিষ্ণু
আসন/বাহন সিংহ

কাত্যায়নী (সংস্কৃত: कात्यायनी) হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ। তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ। কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়।[1] দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল।

শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত।[2] খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰংৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে।[3]

যজুৰবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ। ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয়।[4]

দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে। বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায়ম দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।[5]

ব্যুৎপত্তি[সম্পাদনা কৰক]

বামন পুৰাণৰ মতে মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয়। এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পুঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে। সেয়ে কাত্যায়নীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায়।[6] কালিকা পুৰাণত থকা বৰ্ণনা অনুসৰি ঋষি কাত্যায়নে তেওঁক সৰ্বপ্ৰথমে উপাসনা কৰাৰ বাবে তেওঁ কাত্যায়নী নাম পায়। দুয়ো ক্ষেত্ৰতে তেওঁক দুৰ্গাৰ ৰূপ হিচাপে নৱৰাত্ৰিৰ ষষ্ঠ দিনা উপাসনা কৰা হয়।[7]

আখ্যান[সম্পাদনা কৰক]

আখ্যান অনুসৰি কলহাসুৰৰ সংগী ৰক্তবীজ নামৰ এক অসুৰৰ এনে এক শক্তি আছিল যাৰ ফলত তেওঁৰ শৰীৰৰ পৰা নিৰ্গত প্ৰতিটোপাল তেজ মাটিত পৰাৰ লগে লগে একোটা অসুৰৰ জন্ম হয়। সেয়ে ভৈৰৱৰ বাবে ৰক্তবীজক বধ কৰাটো অসম্ভৱ হৈ পৰে। কাত্যায়নীয়ে ৰক্তবীজৰ এটোপালো তেজ মাটিত পৰিবলৈ নিদিয়াকৈ পান কৰে। তেওঁ আনকি ভৈৰৱৰ সৈন্যবাহিনীক পুনৰ্জীৱন দিবৰ বাবে এক অমৃত কুণ্ডৰো সৃষ্টি কৰে।[8][9]

তন্ত্ৰৰ মতে কাত্যায়নী শিৱৰ ছখন মুখৰ এখনৰ (উত্তৰমুখী) যোগেদি আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁৰ মুখমণ্ডল নীলৰঙী আৰু ত্ৰিনয়নযুক্ত। এই মুখেৰে তেওঁ দক্ষিণকালিকা, মহাকালী, শ্মশানকালী, উগ্ৰতাৰা, চিন্নমস্তা, ধূমাৱতী আদি দেৱীসকলৰ ধৰ্মীয় আচাৰ আৰু মন্ত্ৰকো প্ৰকাশ কৰে।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Sixth form of Durga". http://www.s-a-i.info/assoc_change/navarathri_5_6.html. 
  2. Religious beliefs and practices of North India during the early medieval period, by Vibhuti Bhushan Mishra. Published by BRILL, 1973. আই.এচ.বি.এন. 90-04-03610-5. Page 22.
  3. Devī-māhātmya: the crystallization of the goddess tradition, by Thomas B. Coburn. Published by Motilal Banarsidass Publ., 1988. আই.এচ.বি.এন. 81-208-0557-7. Page 240.
  4. CHAPTER VII. UMĀ. Hindu Mythology, Vedic and Puranic, by W.J. Wilkins. 1900. page 306
  5. Uddiyana Pitha Iconography of the Buddhist Sculpture of Orissa: Text, by Thomas E. Donaldson, Indira Gandhi National Centre for the Arts. Abhinav Publications, 2001. আই.এচ.বি.এন. 81-7017-406-6. Page 9.
  6. [1]
  7. Forms of Durga
  8. Shree Katyayani devi Bakor, Mahisagar, Gujarat
  9. Shree Karveer Mahatmya, Author – Dajiba Joshirao, Publisher – Minal Prakashan, Edition/Year of Publication – 2012
  10. Chapter Six: Shakti and Shakta Shakti and Shâkta, by Arthur Avalon (Sir John Woodroffe), 1918.