সমললৈ যাওক

কুষ্মাণ্ডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুষ্মাণ্ডা
ব্ৰহ্মাণ্ডৰ দেৱী

দেৱী কুষ্মাণ্ডা
সম্পৰ্ক পাৰ্বতীৰ অৱতাৰ
নিবাস কৈলাস
গ্ৰহ সূৰ্য
মন্ত্ৰ सुरासम्पूर्णकलशं रुधिराप्लुतमेव च। दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे॥
অস্ত্ৰ পদ্ম, চক্ৰ, কমণ্ডলু, ধনু-কাঁ‌ড়, গদা, অক্ষমালা, অমৃত আৰু ৰক্তৰ কলহ
সঙ্গী শিৱ
আসন/বাহন বাঘ

কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ মিচিকিয়া হাঁ‌হিৰপৰাই জগতৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। 'কু', 'উষ্ম' আৰু 'অণ্ড' - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ্থ হ'ল যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড।[1]নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়। তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে।[2] আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়। তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয়। ​ কুষ্মাণ্ডাই কোমোৰাৰ বলি গ্ৰহণ কৰে। ​

​ অষ্টভূজা কুষ্মাণ্ডাৰ হাতত যথাক্ৰমে ত্ৰিশূল, চক্ৰ, তৰোৱাল, শূল, গদা, ধনু-কাঁ‌ড় অমৃত আৰু তেজৰ দুটা কলহ থাকে। তেওঁৰ এখন হাত অভয় মুদ্ৰাত থকা দেখা যায় আৰু তেওঁৰ বাহন হৈছে বাঘ।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

আখ্যানমতে, যেতিয়া বিশ্বব্ৰহ্মাণ্ড আন্ধাৰেৰে আৱৰা এক মহাশূন্য আছিল তেতিয়াই এক জ্যোতিৰ কিৰণ কেউদিশে বিয়পি পৰিছিল। আদিতে এই জ্যোতি আছিল নিৰাকাৰ। লাহে লাহে ই এক দিব্য নাৰীৰ ৰূপ লয়। তেওঁকে দেৱী কুষ্মাণ্ডা ৰূপে জনা যায়। তেওঁৰ মিচিকিয়া হাঁ‌হিৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। গ্ৰহ-নক্ষত্ৰ আৰু তাৰকাৰাজ্যৰো এনেদৰেই উৎপত্তি হয়। জগতত জীৱন বৰ্তাই ৰাখিবলৈ তেওঁ নিজেই সূৰ্যৰ মধ্যবিন্দুত অৱস্থান কৰে আৰু এনেদৰেই জগতক শক্তি আৰু পোহৰৰ যোগান ধৰে। সেয়ে দেৱী কুষ্মাণ্ডাক সূৰ্যদেৱতাৰ শক্তিৰ উৎস বুলি কোৱা হয়। সূৰ্য তেওঁৰ অবিহনে নিস্তেজ আৰু শক্তিহীন বুলি বিশ্বাস কৰা হয়।[3]

অন্য এক আখ্যানৰ মতে, পৰম শক্তিৰ দেৱীৰূপ আদি পৰাশক্তি শিৱৰ দেহৰ বাওঁ‌ অংশৰ পৰা সিদ্ধিদাত্ৰী ৰূপে নিৰ্গত হয়। ইয়াৰ পিছতেই দেৱীয়ে সূৰ্যৰ অভ্যন্তৰত অৱস্থান কৰে আৰু কুষ্মাণ্ডা দেৱী নামেৰে পৰিচিত হয়।[4]

বাৰাণসীত দেৱী কুষ্মাণ্ডাৰ মন্দিৰ বিৰাজমান। জনবিশ্বাস অনুসৰি এই মন্দিৰৰ বিগ্ৰহ মানুহে সজা নহয়। বৰঞ্চ ই নিজে নিজে আৱিৰ্ভাৱ হোৱা। নৱৰাত্ৰিৰ সময়ত ইয়াত বহুসংখ্যক ভক্তৰ সমাগম হয়। কোৱা হয় যে ইয়াত অৱস্থিত দুৰ্গা কুণ্ডত স্নান কৰি কুষ্মাণ্ডাক আৰাধনা কৰিলে দেৱীয়ে সকলো পাপ মোচন কৰে।[5]

বিশ্বাস অনুসৰি দেৱী কুষ্মাণ্ডাৰ প্ৰিয় ভোগ বা পাচলি হৈছে কোমোৰা। সেয়ে তেওঁৰ পূজাত কোমোৰা বলি হিচাপে আগবঢ়োৱা হয়। ইয়াৰ লগতে ভক্তসকলে পূজাত গাখীৰ, দৈ আৰু হালৱা আদিও নিবেদন কৰাৰ লগতে প্ৰসাদ হিচাপে গ্ৰহণ কৰে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Worship Maa Kushmanda on the fourth day of Navaratri". www.ganeshaspeaks.com. Archived from the original on 2015-12-20. https://web.archive.org/web/20151220214103/http://www.ganeshaspeaks.com/blog_MAA_KHUSHMANDA_4TH_DAY_OF_NAVARATRI.action আহৰণ কৰা হৈছে: 2015-10-06.
  2. "Story Of Devi Kushmanda: The Smiling Goddess". http://www.boldsky.com/yoga-spirituality/faith-mysticism/2013/story-of-devi-kushmanda-navratri-035663.html আহৰণ কৰা হৈছে: 2015-10-06.
  3. LLP, Adarsh Mobile Applications. "Goddess Kushmanda | Devi Kushmanda | Maa Kushmanda". www.drikpanchang.com. http://www.drikpanchang.com/hindu-goddesses/parvati/durga/navdurga-kushmanda.html আহৰণ কৰা হৈছে: 2015-10-06.
  4. "Kushmanda, Goddess of Energy and Wealth". Art of Living. https://www.artofliving.org/navratri/kushmanda আহৰণ কৰা হৈছে: February 19, 2021.
  5. "Goddess moves from Vindhyachal to this temple every Navaratra". Times of India. October 8, 2016. https://timesofindia.indiatimes.com/city/varanasi/goddess-moves-from-vindhyachal-to-this-temple-every-navaratra/articleshow/54748870.cms আহৰণ কৰা হৈছে: February 19, 2021.
  6. "Goddess Kushmanda - The Goddess of Creation". Prestige. Archived from the original on February 28, 2021. https://web.archive.org/web/20210228181736/https://www.ttkprestige.com/blog/show-all/7315/goddess-kushmanda---the-goddess-of-creation আহৰণ কৰা হৈছে: February 19, 2021.