হেমা শ্ৰীনিবাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হেমা শ্ৰীনিবাসন (জন্ম ১৯৫৯)[1] হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেত পৰিৱৰ্তিত বীজগণিত আৰু বীজগণিতীয় জ্যামিতিত বিশেষজ্ঞা। ভাৰতীয় বংশোদ্ভূত এইগৰাকী অংকবিদে মিছৌৰী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপনা কৰি আছে।

শ্ৰীনিবাসন আছিল ভাৰতীয় বিজ্ঞান প্ৰতিভাৰ এগৰাকী বৃত্তিভোগী ছাত্ৰী(১৯৭৫)। তেখেতে বোম্বাই বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। ১৯৭৮ চনত এইখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে অংকত ঘিয়া বঁটা অৰ্জন কৰিছিল। তাৰপিছত ১৯৮২ চনত "ইণ্ডিয়ানা ইউনিভাৰ্ছিটি ব্লুমিংটন"ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৮৬ চনত ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। [2] তেওঁৰ গৱেষণামূলক প্ৰবন্ধটোৰ(Multiplicative Structures on Some Canonical Resolutions.[3]) তত্ত্বাবধায়ক আছিল ডেভিড বুচ্ছবাউম। ১৯৮৬ চনৰ পৰা ১৯৮৮ চনলৈকে মিচিগান ষ্টেইট বিশ্ববিদ্যালয়ত অতিথি উপদেষ্টা/নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰি তেখেতে ১৯৮৮-৮৯ৰ কালছোৱা পাৰডু বিশ্ববিদ্যালয়ত গৱেষণা সহযোগী অধ্যাপক হিচাপে কাম কৰে। ১৯৮৯ চনত শ্ৰীনিবাসনে মিছৌৰী বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। [2] মিছৌৰীত, তেখেতে ছগৰাকী ডক্তৰেল শিক্ষাৰ্থীক তত্ত্বাৱধান কৰে। [3] তেখেত এতিয়া "এছ'ছিয়েছন ফ'ৰ ওমেন ইন মেথেমেটিক্স"ৰ শিক্ষক-উপদেষ্টা।

তদুপৰি, ২০১৮ চনৰ আমেৰিকান গাণিতিক সমাজৰ সভ্যসমাজতো তেখেত অন্তৰ্ভুক্ত। তেখেতক বীজগণিত আৰু বীজগণিতীয় জ্যামিতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্থানলৈ নিৰ্বাচিত কৰা হয় (for contributions to algebra and algebraic geometry, mentoring, and service to the mathematical community.)[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Birth year from Library of Congress catalog entry, retrieved 2018-12-02.
  2. 2.0 2.1 Curriculum vitae, archived from the original on 2015-03-16, https://web.archive.org/web/20150316194934/http://www.math.missouri.edu/~hema/HSvita.pdf, আহৰণ কৰা হৈছে: 2017-11-19 
  3. 3.0 3.1 হেমা শ্ৰীনিবাসন সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  4. New fellows, American Mathematical Society, http://ams.org/profession/ams-fellows/new-fellows, আহৰণ কৰা হৈছে: 2017-11-19 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]