সমললৈ যাওক

মহাগৌৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাগৌৰী
সৌন্দৰ্য আৰু নাৰীসকলৰ দেৱী
দেৱনাগৰী महागौरी
সম্পৰ্ক পাৰ্বতী/ আদি পৰাশক্তিৰ অৱতাৰ
নিবাস কৈলাস
গ্ৰহ ৰাহু
মন্ত্ৰ श्वेते वृषे समारुढा श्वेताम्बरधरा शुचिः।

महागौरी शुभं दघान्महादेवप्रमोददा॥
শ্বেতে বৃষে সমাৰুঢা শ্বেতাম্বৰধৰা শুচিঃ।

মহাগৌৰী শুম্ভ দঘান্মহাদেৱপ্ৰমোদদা॥
অস্ত্ৰ ত্ৰিশূল, ডম্বৰু, অভয়মুদ্ৰা, বৰদা মুদ্ৰা
সঙ্গী শিৱ
সহোদৰ গংগা দেৱী আৰু বিষ্ণু
সন্তান কাৰ্তিক, গণেশ, জ্যোতি, অশোকাসুন্দৰী
বাহন বৃষভ

মহাগৌৰী (সংস্কৃত: महागौरी ) হৈছে পাৰ্বতীৰ অষ্টম অৱতাৰ আৰু নৱদুৰ্গাসকলৰ অন্যতম। নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়। হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে। যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়।[1] মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়। দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে।

নামৰ অৰ্থ আৰু চিত্ৰায়ন

[সম্পাদনা কৰক]

মহাগৌৰী নামৰ অৰ্থ হৈছে অত্যন্ত উজ্জ্বল, পৰিষ্কাৰ বৰণৰ বা চন্দ্ৰৰ দৰে উজ্জ্বল (মহা = মহান; গৌৰী = উজ্জ্বল, পৰিষ্কাৰ)। মহাগৌৰীক সাধাৰণতে চতুৰ্ভূজ ৰূপত চিত্ৰায়িত কৰা হয়। তেওঁ চাৰিও হাতত ত্ৰিশূল, পদুম ফুল আৰু ডম্বৰু ধাৰণ কৰে। এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গীত থাকে। পদুম ফুলৰ সলনি কেতিয়াবা জপমালাও ধাৰণ কৰা দেখা যায়। ইয়াৰ সলনি কোনো সময়ত তেওঁক অভয় মুদ্ৰাতো দেখা যায়। তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে। তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে।

কিংবদন্তি

[সম্পাদনা কৰক]

মহাগৌৰীৰ উৎপত্তিৰ কাহিনী এনেধৰণৰ: ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ বৰ আছিল কেৱল পাৰ্বতীৰ কুমাৰী, অবিবাহিত ৰূপৰ দ্বাৰা বধ কৰিব পৰা যাব। সেয়েহে ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি শিৱই পাৰ্বতীক তেওঁৰ ছালৰ ৰঙৰ বাবে বাৰে বাৰে উপহাস কৰে। পাৰ্বতী এই উপহাসৰ দ্বাৰা উত্তেজিত হয় আৰু নিজৰ দেহৰ বৰণ শুকুলা কৰিবৰ বাবে তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাক উদ্দ্যেশ্যি গভীৰ তপস্যাত লীণ হয়। ব্ৰহ্মাই তেওঁক এই বৰদান দিবলৈ নিজৰ অক্ষমতাৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পৰিৱৰ্তে পাৰ্বতীক তপস্যা সমাপ্ত কৰি শুম্ভ আৰু নিশুম্ভ ৰাক্ষসক বধ কৰিবলৈ অনুৰোধ কৰে। এই কথাত পাৰ্বতী সন্মত হয় আৰু হিমালয়ৰ গংগা নদীত স্নান কৰিবলৈ যায়।[2] পাৰ্বতীয়ে গংগা নদীত প্ৰৱেশ কৰি স্নান কৰাৰ লগে লগে তাইৰ কৃষ্ণবৰ্ণ ছাল সম্পূৰ্ণৰূপে নোহোৱা হয় আৰু তেওঁ শুভ্ৰ পোছাক আৰু আ-অলংকাৰেৰে ভূষিতা ৰূপ লাভ কৰে। সেয়েহে তেওঁ মহাগৌৰী নাম পায়।[3] ইয়াৰ পিছত তেওঁ হিমালয়ত শুম্ভ আৰু নিশুম্ভৰ ধ্বংসৰ বাবে প্ৰাৰ্থনা কৰি থকা দেৱতাসকলৰ সন্মুখত উপস্থিত হয় আৰু চিন্তিত হৈ তেওঁলোকে কাক পূজা কৰিছে জানিবলৈ বিচাৰে। তেতিয়াই তেওঁ কৃষ্ণবৰ্ণা দেৱী কৌশিকী হিচাপে প্ৰকাশিত হয় আৰু নিজকে এই কথাৰ উত্তৰ দি কয় যে ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ হাতত পৰাজিত হোৱাৰ পিছত দেৱতাসকলে তেওঁকে আৰাধনা কৰি আছিল। পাৰ্বতীয়ে তেতিয়া দেৱতাসকলৰ প্ৰতি দয়াপৰৱশ হৈ কৃষ্ণবৰ্ণ ৰূপ ধাৰণ কৰে আৰু কালিকা নাম পায়।[4] পৰৱৰ্ত্তী সময়ত তেওঁ চণ্ডীলৈ (চন্দ্ৰঘণ্টা) ৰূপান্তৰিত হয় আৰু ৰাক্ষস ধুম্ৰলোচনক বধ কৰে। দেৱী চণ্ডীৰ তৃতীয় নয়নৰ পৰা নিৰ্গত দেৱী চামুণ্ডাই চণ্ড আৰু মুণ্ডক বধ কৰে। চণ্ডীয়ে ৰক্তবীজ আৰু তেওঁৰ ৰক্তৰপৰা নিৰ্গত ৰক্তবীজৰ অংশসমূহক বধ কৰে। আনহাতে চামুণ্ডাই তেওঁলোকৰ ৰক্ত পান কৰে। পাৰ্বতী পুনৰ কৌশিকীলৈ পৰিণত হৈ শুম্ভ আৰু নিশুম্বক বধ কৰে আৰু ইয়াৰ পিছত তেওঁ পুনৰ মহাগৌৰীৰ ৰূপ ধাৰণ কৰে। তেওঁক শিৱ পুৰাণত মহাসৰস্বতী আৰু দেৱী মাহাত্ম্যত (মাৰ্কণ্ডেয় পুৰাণৰ অংশ) অম্বিকা নামেৰে সম্বোধন কৰা হৈছে।[5][6]

ইয়াৰ পিছত এটা বৃষভৰ পিঠিত আৰোহণ কৰি তেওঁ কৈলাসলৈ উলটি আহে আৰু মহাদেৱ, কাৰ্তিক আৰু গণেশৰ সৈতে মিলিত হয়॥[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hindu Astrology (2011-09-28). "Mahagauri | Durga Pooja Ashtami Tithi". Astrobix.com. Archived from the original on 2013-01-02. https://web.archive.org/web/20130102085957/http://www.astrobix.com/hinduism/post/mahagauri-durga-pooja-ashtmi-tithi.aspx আহৰণ কৰা হৈছে: 2013-02-04.
  2. www.wisdomlib.org (2018-11-08). "Śiva’s sports on the Mandara mountain [Chapter 24"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226660.html আহৰণ কৰা হৈছে: 2021-08-10.
  3. www.wisdomlib.org (2018-11-08). "The goddess (devī) attains fair complexion [Chapter 25"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226661.html#note-t-89255 আহৰণ কৰা হৈছে: 2021-08-10.
  4. www.wisdomlib.org (2014-09-12). "The Devī-Māhātmya: The goddess’ conversation with the Asura’s messenger [Canto LXXXV"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-markandeya-purana/d/doc117163.html আহৰণ কৰা হৈছে: 2021-08-10.
  5. www.wisdomlib.org (2018-11-04). "Dhūmralocana, Caṇḍa, Muṇḍa and Raktabīja are slain [Chapter 47"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226607.html আহৰণ কৰা হৈছে: 2021-08-10.
  6. www.wisdomlib.org (2018-11-04). "The manifestation of Sarasvatī [Chapter 48"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226608.html আহৰণ কৰা হৈছে: 2021-08-10.
  7. www.wisdomlib.org (2018-11-08). "Gaurī’s embellishment [Chapter 27"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226663.html আহৰণ কৰা হৈছে: 2021-08-10.