ৰূপমতী
ৰাণী ৰূপমতী (ইংৰাজী: Roopmati) এগৰাকী কবি আৰু মালৱাৰ চুলতান বাজ বাহাদুৰ পত্নী আছিল। ৰূপমতীক বিশেষভাৱে মালৱাৰ লোককাহিনীসমূহত উল্লেখ কৰা হৈছে। এই লোককাহিনীসমূহত চুলতান আৰু ৰূপমতীৰ মাজত প্ৰেমৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰূপমতীৰ সৌন্দৰ্যই মাণ্ডু জয় কৰিবলৈ আদম খানক আংশিকভাৱে প্ৰয়োচিত কৰিছিল। যেতিয়া আদম খান দুৰ্গলৈ গৈছিল তেওঁ বাজ বাহাদুৰৰ সৰু বাহিনীৰ সৈতে যুঁজ কৰিছিল। এই যুঁজত বাজ বাহাদুৰ পৰাজিত হৈছিল আৰু ৰাণী ৰূপমতীয়ে বিষ খাই আত্মহত্যা কৰিছিল। এনেদৰে সংগীত, কবিতা, ৰোমাণ্টিক উপন্যাস, যুদ্ধ আৰু মৃত্যুৰ মাজত বিয়পি পৰা প্ৰেম কাহিনীৰ সমাপ্তি ঘটে। এই প্ৰেম সম্পৰ্কীয় কিছুমান কিংবদন্তি হিচাপে গণ্য কৰা হয় যদিও আনসকলে ইয়াক সঁচা বুলি বিবেচনা কৰে।[1]
জীৱন
[সম্পাদনা কৰক]বাজ বাহাদুৰ মাণ্ডুৰ অন্তিম স্বতন্ত্ৰ শাসক আছিল। তেওঁ সদায় সংগীতৰ এজন মহান অনুৰাগী আছিল। এদিনাখন চিকাৰত বাজ বাহাদুৰে সুযোগক্ৰমে এগৰাকী ভেড়া গৰখীয়া ছোৱালীক লগ পাইছিল। ভেড়া গৰখীয়া গৰাকীয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলি আৰু গান গাই আছিল। তেওঁৰ যাদুকৰী সৌন্দৰ্য আৰু স্বৰ মাধুৰ্যৰ শৰত বিন্ধ হৈ চুলতানে ৰূপমতীক তেওঁৰ সৈতে ৰাজধানীলৈ যাবলৈ অনুৰোধ জনাইছিল। ৰূপমতীয়ে এটা চৰ্তত মাণ্ডুলৈ যাবলৈ সন্মত হৈছিল যে তেওঁৰ প্ৰিয় আৰু পূজনীয় নদী নৰ্মদা তেওঁ বাস কৰা প্ৰাসাদৰ পৰা দেখা পোৱা যাব লাগিব। এইদৰে মাণ্ডুত ৰেৱা কুণ্ড নিৰ্মাণ কৰা হৈছিল।[2]
দুৰ্ভাগ্যবশতঃ এই মুছলমান ৰাজকুমাৰ আৰু হিন্দু ভেড়া গৰখীয়াৰ প্ৰেম বিফল হৈছিল। মহান মোগল সম্ৰাট আকবৰে মাণ্ডু আক্ৰমণ কৰিছিল আৰু ৰূপমতী আৰু বাজ বাহাদুৰক ধৰিবলৈ সিদ্ধান্ত লৈছিল। আকবৰে আদম খানক মাণ্ডুক ধৰিবলৈ পঠিয়েছিল আৰু বাজ বাহাদুৰে তেওঁৰ তাকৰিয়া সেনাবাহিনী লৈ তেওঁক প্ৰত্যাহ্বান জনায়। মোগল সেনাৰ সৈতে বাজ বাহাদুৰৰ সৈন্য ছেদেলি-ভেদেলি যায় আৰু মাণ্ডু সহজে পৰাজিত হয়।[3]
বাজ বাহাদুৰে সহায়ৰ আশাকৰি চিত্তোৰগড়লৈ পলাই গৈছিল। মাণ্ডু অহাৰ লগে লগে ৰূপমতীৰ সৌন্দৰ্য দেখি আদম খান আচৰিত হৈছে। ৰাণী ৰূপমতীয়ে মোগল বাহিনীৰ দ্বাৰা গ্ৰেপ্তাৰ পৰিহাৰ কৰিবলৈ নিৰ্ভীকভাৱে বিষ খাই আত্মহত্যা কৰিছিল আৰু এনেদৰে তেওঁলোকৰ প্ৰেম কাহিনী শেষ হয়।[4]
ৰাণী ৰূপমতীৰ কবিতা
[সম্পাদনা কৰক]১৫৯৯ চনত শ্ৰাফ-উদ-দিন মিৰ্জাৰ কৰ্মচাৰী আহমাদ-উল-উমৰি তুৰ্কোমানে পাৰ্চীত ৰাণী ৰূপমতীৰ কাহিনী লিখিছিল। তেওঁ তেওঁৰ ২৬টা কবিতা সংগ্ৰহ কৰিছিল আৰু এই আটাইকেইটাক তেওঁৰ লিখাত অন্তৰ্ভুক্ত কৰিছিল। মূল পাণ্ডুলিপিখন তেওঁৰ নাতি ফুনাদ খানৰ ওচৰত আছিল আৰু তেওঁৰ বন্ধু মীৰ জাফৰ আলীয়ে ১৬৫৩ চনত পাণ্ডুলিপিটোৰ এটা প্ৰতিলিপি তৈয়াৰ কৰিছিল। মীৰ জাফৰ আলীৰ প্ৰতিলিপি অৱশেষত দিল্লীৰ মেহবুব আলীৰ হাতলৈ গৈছিল আৰু ১৮৩১ চনত তেওঁৰ মৃত্যুৰ পিছত দিল্লীৰ এগৰাকী মহিলাৰ ওচৰলৈ গৈছিল। ভূপাল জামাতাৰ ইনায়ত আলীয়ে পাণ্ডুলিপিটো তেওঁৰ পৰা আগ্ৰালৈ আনিছিল। এই পাণ্ডুলিপিটো পিছত চি. ই. লুৱাৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল। লুৱাৰ্ডে পোৱাৰ পিছত ১৯২৬ চনত এল.এম ক্ৰম্পে ইয়াক 'লেডি অফ দা লটাছ: ৰূপমতী, কুইন অফ মাণ্ডু: এ ষ্ট্ৰেঞ্জ টেল অফ ফেথফুলনেছ' (পদ্মনাৰী: ৰূপমতী, মাণ্ডুৰ ৰাণী: বিশ্বস্ততাৰ এক অদ্ভুত কাহিনী) শীৰ্ষক শিৰোনামৰে ইয়াক ইংৰাজীলৈ অনুবাদ কৰে। পাণ্ডুলিপিখনত ৰূপমতীৰ বাৰটা ডোহা, দহটা কবিতা আৰু তিনিটা সায়েৰৰ সংগ্ৰহ আছে।[5]
ৰেৱা কুণ্ড আৰু ৰাণী ৰূপমতী মণ্ডপ
[সম্পাদনা কৰক]মাণ্ডুত নিৰ্মাণ কৰা ৰেৱা কুণ্ড হৈছে এক জলাশয়। ৰূপমতীৰ প্ৰাসাদলৈ পানী যোগান ধৰাৰ বাবে কৃত্ৰিম পানী প্ৰণালীৰ বাবে বাজ বাহাদুৰে এয়া তৈয়াৰ কৰিছিল। ইয়াক বৰ্তমান এক পৱিত্ৰ স্থান হিচাপে সন্মান কৰা হয়। বাজ বাহাদুৰ প্ৰাসাদটো ১৬ শতিকাৰ আৰম্ভণিতে নিৰ্মাণ কৰা কৰিছিল। ইয়াৰ বিশাল দৰবাৰ আৰু হলৰ সৈতে উচ্চ অট্টালিকাবোৰৰ বাবে বিখ্যাত যি মনোৰম পৰিৱেশৰ এক ভয়ংকৰ দৃশ্য প্ৰদান কৰে। ৰাণী ৰূপমতী মণ্ডপক সেনা পৰ্যবেক্ষণ পদ হিচাপে নিৰ্মাণ কৰা হৈছিল। ই অধিক ৰোমাণ্টিক উদ্দেশ্যৰ বাবে ৰূপমতীৰ এক নিৰ্জন ঘৰ হিচাপেও ব্যৱহৃত হৈছিল। পাহাৰৰ ওপৰৰ এই সুন্দৰ মণ্ডপৰ পৰা ৰাণীয়ে তেওঁৰ মৰমৰ প্ৰাসাদ আৰু প্ৰিয় নৰ্মদা নদীৰ প্ৰবাহিত গতি চাব পাৰিছিল। দক্ষিণৰ ওপৰত থকা ৰাণী ৰুপমতীৰ দ্বৈত মণ্ডপে নৰ্মদা উপত্যকাৰ এক সুন্দৰ দৃশ্য বহন কৰে।[6]
চিত্ৰ বিথিকা
[সম্পাদনা কৰক]-
ৰাণী ৰূপমতীৰ মণ্ডপ
-
বাজ বাহাদুৰৰ প্ৰসাদ
-
ৰেৱা কুণ্ড
তথ্য উৎস
[সম্পাদনা কৰক]নোট
[সম্পাদনা কৰক]- ↑ "The Tragic Love Story of Rani Roopmati and Sultan Baz Bahadur". mptourism.com. https://www.mptourism.com/places-to-visit-in-mandu.html। আহৰণ কৰা হৈছে: ২০ ফেব্ৰুৱাৰী ২০২১.
- ↑ "यहां रानी रूपमती से मिलने आज भी आते हैं बाजबहादुर". patrika.com. https://m.patrika.com/dhar-news/mp-unfulfilled-love-story-of-rani-roopmati-and-baajbahadur-30927/। আহৰণ কৰা হৈছে: ২০ ফেব্ৰুৱাৰী ২০২১.[সংযোগবিহীন উৎস]
- ↑ "Baz Bahadur and Rani Roopmati: A Heartbreaking Tale of Love…". nationalviews.com. ২২ জানুৱাৰী ২০১৯. https://nationalviews.com/baz-bahadur-rani-roopmati-love-story-facts-details-ending। আহৰণ কৰা হৈছে: ২০ ফেব্ৰুৱাৰী ২০২১.[সংযোগবিহীন উৎস]
- ↑ "Rewa kund". Archived from the original on 14 March 2006. https://web.archive.org/web/20060314173016/http://www.indiasite.com/madhyapradesh/mandu/rewakund.html। আহৰণ কৰা হৈছে: 20 June 2006.
- ↑ Khare, M.D. (ed.) (1981). Malwa through the Ages, Bhopal: Directorate of Archaeology and Museums, Government of M.P., pp.365-7
- ↑ "Rewa Kund, Mandu". nativeplanet.com. https://www.nativeplanet.com/mandu/attractions/rewa-kund/। আহৰণ কৰা হৈছে: ২০ ফেব্ৰুৱাৰী ২০২১.
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- Explore India: The Official Newsletter of the Ministry of Tourism. Durga Das Publications Pvt. Limited. 2001. https://books.google.com/books?id=Qk0sAQAAMAAJ.
- Amiteshwar Ratra (2006). Marriage and Family: In Diverse and Changing Scenario. Deep & Deep Publications. ISBN 978-81-7629-758-5. https://books.google.com/books?id=XV5iBV_pYm0C.
- M. D. Khare (1981). Malwa Through the Ages: Papers of the Seminar Held at Indore Museum on 7, 8, and 9 February, 1981. Directorate of Archaeology & Museums, Government of M.P.. https://books.google.com/books?id=A_ouAAAAMAAJ.
- Seema Suneel (1995). Man-woman relationship in Indian fiction: with a focus on Shashi Deshpande, Rajendra Awasthy, and Syed Abdul Malik. Prestige Books. https://books.google.com/books?id=x7BlAAAAMAAJ.
- Sir Thomas Herbert; John Anthony Butler (2012). Sir Thomas Herbert, Bart: Travels in Africa, Persia, and Asia the Great : Some Years Travels Into Africa and Asia the Great, Especially Describing the Famous Empires of Persia and Hindustan, as Also Divers Other Kingdoms in the Oriental Indies, 1627-30, the 1677 Version. ACMRS (Arizona Center for Medieval and Renaissance Studies). ISBN 978-0-86698-475-1. https://books.google.com/books?id=46NMAQAAMAAJ.
- Tiwari, Chandra Kant (1977). "Rupmati 'The Melody Queen of Malwa'". Proceedings of the Indian History Congress খণ্ড 38: 244–249.
- "Afghan architecture in sandstone". The Hindu. 11 May 2018. https://www.thehindu.com/life-and-style/homes-and-gardens/afghan-architecture-in-sandstone/article23852537.ece.
- Chand, Sharmila (7 September 2018). "Monsoon in Mandu". India Today. https://www.indiatoday.in/mail-today/story/monsoon-in-mandu-1334356-2018-09-07.
- "Mandu in Madhya Pradesh is a romantic treasure waiting to be explored". Times Travel. 18 September 2019. https://timesofindia.indiatimes.com/travel/destinations/mandu-in-madhya-pradesh-is-a-romantic-treasure-waiting-to-be-explored/as71184021.cms.