সমললৈ যাওক

যোগিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামিলনাডু, ভাৰতৰ দশম শতিকাৰ চোলা সাম্ৰাজ্যৰ যোগিনী৷

যোগিনী (সংস্কৃত: योगिनी, ৰোমানীকৃত: yoginī) তন্ত্ৰ আৰু যোগ শাস্ত্ৰত নিপুণ মহিলা অনুশীলনকাৰী, লগতে ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু বৃহত্তৰ তিব্বতৰ হিন্দু বা বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক মহিলা শিক্ষকসকলক সন্মান জনোৱাৰ বাবে ব্যৱহাৰ কৰা আনুষ্ঠানিক শব্দ। এই শব্দটো সংস্কৃত পুংলিঙ্গ যোগী শব্দৰ স্ত্ৰীলিঙ্গ ৰূপ, আনহাতে "যোগিন" শব্দটো নিৰপেক্ষ, পুংলিঙ্গ অথবা স্ত্ৰীলিঙ্গ অৰ্থত ব্যৱহাৰ কৰা হয়।[1]

যোগিনীক কিছুমান প্ৰসংগত মহাদেৱীৰ এটা ৰূপ হিচাপে অৱতাৰ গ্ৰহণ কৰা পবিত্ৰ নাৰী শক্তি বুলিও গণ্য কৰা হয় আৰু ভাৰতৰ যোগিনী মন্দিৰত পূজা কৰা হয়। এই মন্দিৰসমূহত প্ৰায়ে ৬৪ গৰাকী যোগিনীৰ এটা সমূহত পূজা কৰা হয়, কিন্তু স্থান ভেদে ৪২ বা ৮১ গৰাকী যোগিনীৰো উল্লেখ পোৱা যায়। ৬৪ গৰাকী যোগিনীৰ স্থান ভেদে ভিন্ন শ্ৰেণীবিভাজনত তেওঁলোকৰ ভিন্ন নাম দেখা পোৱা যায়।

ভাৰতবিদ আৰু যোগ-তন্ত্ৰ পণ্ডিত ডেভিদ গৰ্ডন হোৱাইটৰ মতে ভাৰতীয় সাহিত্যত বৈদিক পৰম্পৰাৰ পৰা যোগীসকলৰ উৎপত্তি হৈছিল আৰু ষষ্ঠ শতিকাৰ ভাৰতীয় সাহিত্যৰ হিন্দু গ্ৰন্থ অগ্নি পুৰাণত প্ৰথমে উল্লেখ কৰা হৈছিল। তেওঁলোকৰ বিকাশত বৈদিক আৰু ধ্ৰুপদী হিন্দু উপাদানৰ সংশ্লেষণ প্ৰতিফলিত হয়। বৈদিক আৰু হিন্দু পৰম্পৰাত যোগিনীৰ কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়:[2]

১. বৈদিক দেৱী, অপ্সৰা (আকাশী অপেশ্বৰী), গ্ৰাহী বা গ্ৰাহিনী (মহিলা অধিকাৰী), যক্ষিণী (গছৰ আত্মা) আৰু জখিনী (কোলাহলকাৰী বা উৰণীয়া)

২. বৈদিক আচাৰ-ব্যৱহাৰৰ কেন্দ্ৰীয় অসংখ্য মাতৃদেৱতা আৰু অন্যান্য নাৰী সত্তাৰ বিভিন্ন গোট।

৩. নাৰী আৰু নাৰীত্বৰ ওপৰত বহল সামাজিক দৃষ্টিভংগী যিবোৰ যোগিনী পৰম্পৰাৰ সৈতে জড়িত প্ৰতীক আৰু আচাৰ-ব্যৱহাৰক প্ৰভাৱিত কৰিছিল।

বিদ্যা দেহেজিয়াৰ মতে বৈদিক ধৰ্মৰ পৰিবৰ্তে স্থানীয় গাঁৱৰ দেৱতা গ্ৰামদেৱতাৰ পূজা-পাতলৰ পৰা যোগিনী পূজাৰ আৰম্ভ হৈছিল। এই যোগিনীসকলে প্ৰত্যেকেই নিজৰ নিজৰ গাঁওখনক ৰক্ষা কৰে, কেতিয়াবা বৃশ্বিকৰ দংশনৰ দৰে নিৰ্দিষ্ট বিপদৰ পৰাও সুৰক্ষা প্ৰদান কৰে। লাহে লাহে তন্ত্ৰৰ জৰিয়তে এই দেৱীসকলক শক্তিশালী বুলি বিশ্বাস কৰা হয় আৰু সকলো যোগিনী একলগ কৰি প্ৰায়ে ৬৪ গৰাকী যোগিনীক দেৱী হিচাপে হিন্দু ধৰ্মত অন্তৰ্ভুক্ত কৰা হয়।[3] যোগিনী কৌলাছৰ (Yogini Kaulas) দৰে ঐতিহাসিক সাক্ষ্যই প্ৰমাণ কৰে যে দশম শতিকাৰ ভিতৰত হিন্দু আৰু বৌদ্ধ উভয় তন্ত্ৰ পৰম্পৰাত যোগিনী প্ৰথা সুপ্ৰতিষ্ঠিত আছিল।[4] বিভিন্ন পৰম্পৰাত যোগিনীসকলৰ স্বভাৱ বেলেগ বেলেগ হোৱা দেখা যায়; তন্ত্ৰসমূহত যোগিনীসকলৰ হিংস্ৰ আৰু ভয়ংকৰ ৰূপত উপস্থাপন কৰা হয়, আনহাতে ভাৰতৰ বৈবাহিক মহিলা সন্ন্যাসীয়েও নিজকে যোগিনী বুলি অভিহিত কৰে।[5]

নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ভাৰতৰ বিভিন্ন স্থানত যোগিনী মন্দিৰ নিৰ্মাণ কৰা হৈছিল৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Monier-Williams, Monier. "योगिन् (yogin)". Monier-Williams Sanskrit Dictionary 1899 List. Sanskrit English Dictionary with Etymology. Oxford University Press. Retrieved 9 November 2022. 
  2. White 2006, পৃষ্ঠা. 27–29.
  3. Dehejia 1986, পৃষ্ঠা. 1–10.
  4. White 2012, পৃষ্ঠা. 73-75, 132-141.
  5. Dunn 2019.