বালাসৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
তাঞ্জোৰ বালাসৰস্বতী

ভাৰতীয় ডাক টিকটত বালাসৰস্বতী
প্ৰাথমিক তথ্য
জন্ম ১৩ মে' ১৯১৮
মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মূল তাঞ্জোৰ
মৃত্যু ৯ ফেব্ৰুৱাৰী ১৯৮৪ (৬৫ বছৰ)
মাদ্ৰাজ, ভাৰত
সংগীতৰ প্ৰকাৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীত
পেচা ভাৰতনাট্যম নৃত্যশিল্পী

তাঞ্জোৰ বালাসৰস্বতী,[1] চমুকৈ বালাসৰস্বতী (১৩ মে' ১৯১৮ – ৯ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডু অঞ্চলত উদ্ভৱ হোৱা ভাৰতনাট্যমৰ পাৰদৰ্শী নৃত্যশিল্পী। ভাৰত তথা বিশ্বদৰবাৰত ভাৰতনাট্যমক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ অশেষ অৱদান আগবঢ়াইছে। ১৯৫৫ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰতখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৫৭ চনত কলা শিতানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰে।[2] ১৯৭৭ চনত তেওঁ ভাৰতৰ চৰকাৰৰ পৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ লাভ কৰে আৰু পদ্ম বিভূষণ লাভ কৰা প্ৰথম গৰাকী মহিলা নৃত্যশিল্পীত পৰিগণিত হয়।[1] ১৯৮১ চনত চেন্নাইত অৱস্থিত ভাৰতীয় ললিত কলা সমাযে তেওঁক সংগীত কলাশিক্ষামণি পুৰস্কাৰ প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি[সম্পাদনা কৰক]

১৯১৮ চনৰ ১৩ মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিত বালাসৰস্বতীৰ জন্ম হৈছিল। বালসৰস্বতী মন্দিৰৰ সংগীতশিল্পী আৰু নৃত্যশিল্পীসকলৰ ঐতিহ্যবাহী প্ৰথাৰ উচ্চ সামাজিক মৰ্যাদাৰ মাতৃতান্ত্ৰিক দেৱদাসী পৰিয়ালৰ সপ্তম প্ৰজন্মৰ প্ৰতিনিধি আছিল।[3] বালাসৰস্বতীৰ শিল্পী বংশৰ সন্ধান কৰিলে তাঞ্জোৰ শাসকসকলৰ দৰবাৰত অষ্টাদশ শতাব্দীৰ এগৰাকী বিখ্যাত নৃত্যশিল্পী টি পাপাম্মলৰ বিষয়ে পোৱা যায়। তেওঁৰ মাতামহ বীণা ধনম্মল (১৮৬৭–১৯৩৮) বিংশ শতাব্দীৰ আৰম্ভণিৰ সময়ত আটাইতকৈ প্ৰভাৱশালী সংগীতজ্ঞ বুলি গণ্য কৰা হয়।। তেওঁৰ মাক জয়ম্মল (১৮৯০-১৯৬৭) এগৰাকী সংগীতশিল্পী আছিল আৰু তেওঁ বালাসৰস্বতীক নৃত্যৰ প্ৰশিক্ষণৰ বাবে উৎসাহিত কৰিছিল।

মাত্ৰ সাত বছত বয়সত তেওঁ কাঞ্চিপুৰম চহৰৰ দেৱী মন্দিৰত তেওঁৰ আৰংগেত্ৰম অৰ্থাৎ প্ৰথম ৰাজহুৱা মঞ্চত পদৰ্পণ কৰিছিল। ইয়াত তেওঁৰ ছন্দবদ্ধভাবে সম্পাদিত গতিবিধি দৰ্শকক স্তম্ভিত কৰিছিল। তেওঁ ভাৰতনাট্যমক পেছা হিচাপে লবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। তেওঁৰ এই সিদ্ধান্ত তেওঁৰ পৰিয়াল আৰু সমাজৰ কিছুমানৰ পৰা প্ৰচুৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। সেইসময়ত নৃত্যক পেছা হিচাপে লোৱাটো মানুহে তুচ্ছ বুলি জ্ঞান কৰিছিল। যিহেতু তেওঁৰ পৰিয়াল দেৱদাসী সম্প্ৰদায়ৰ লগত জড়িত আছিল সেয়ে তেওঁলোকেও বালাসৰস্বতীত এই সিদ্ধান্তক মানি লব বিচৰা নাছিল। কিন্তু তেওঁৰ মাতামহ বীণায়ে তেওঁৰ সম্ভাৱনা উপলব্ধি কৰি তেওঁক গুৰু কান্দাপ্পা পিল্লাইৰ অধীনত নৃত্য প্ৰশিক্ষণৰ বাবে পঠাইছিল। একেসময়তে তেওঁ চিন্নায়া নাইডু আৰু গৌৰী আম্মলৰ ওপৰতো নৃত্যৰ অনুশীলন কৰিছিল। গৌৰীয়ে তেওঁক স্ত্ৰোত্ৰপাঠ আৰু নৃত্যাভিনয় শিকাইছিল।

পেছাদাৰী জীৱন[সম্পাদনা কৰক]

১৯২৫ চনত মাত্ৰ সাত বছৰ বয়সত নৃত্যশিল্পী হিচাপে বালাসৰস্বতীৰ আত্মপ্ৰকাশ ঘটিছিল। ১৯৩৪ চনত তেওঁ কলকাতাত দক্ষিণ ভাৰতৰ বাহিৰত পোন প্ৰথমবাৰৰ বাবে এই ঐতিহ্যবাহী ৰীতিৰ নৃত্য প্ৰদৰ্শন কৰিছিল।[4]

কৈশোৰ কালত তেওঁ নৃত্য পৰিকল্পক উদয় শংকৰৰ দৃষ্টিত পৰিছিল। উদয় শংকৰ তেওঁৰ প্ৰদৰ্শনৰ উৎসাহী প্ৰচাৰক আছিল আৰু তেওঁ বালাসৰস্বতীক বিদেশতো নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে। মাদ্ৰাজ সংগীত একাডেমীৰ প্ৰশাসক সকলৰ পৰা উৎসাহিত হৈ তেওঁ ইয়াৰ লগত মিলিতভাবে এখন নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত নিজস্ব দৃষ্টিভংগী অনুসাৰে ভাৰতনাট্যমৰ নতুন নৃত্যশিল্পীসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁৰ নৃত্যৰ যোগেৰে দেশ-বিদেশৰ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে বহুতো বিখ্যাত নৃত্যশিল্পী যেনে শম্ভূ মহাৰাজ, মাৰ্গট ফোনটেইন, মাৰ্থা গ্ৰাহাম, মেৰেছ কানিংহাম আদিৰ পৰা প্ৰশংসা লাভ কৰিছিল। ১৯৫৫ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰতখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৫৭ চনত কলা শিতানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰে।[2] ১৯৭৭ চনত তেওঁ ভাৰতৰ চৰকাৰৰ পৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ লাভ কৰে আৰু পদ্ম বিভূষণ লাভ কৰা প্ৰথম গৰাকী মহিলা নৃত্যশিল্পীত পৰিগণিত হয়।[1] ১৯৮১ চনত চেন্নাইত অৱস্থিত ভাৰতীয় ললিত কলা সমাযে তেওঁক সংগীত কলাশিক্ষামণি পুৰস্কাৰ প্ৰদান কৰে।

মৃত্যু[সম্পাদনা কৰক]

১৯৮৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ মাদ্ৰাজত বালাসৰস্বতীৰ মৃত্যু হয়।

তথ্য উৎস[সম্পাদনা কৰক]