ঊষাদেৱী ভোছলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঊষাদেৱী নৰেন্দ্ৰ ভোছলে
জন্ম ৩০ মাৰ্চ, ১৯৪৯
বাসস্থান ভাৰত
ক্ষেত্ৰ গণিত
কৰ্মস্থান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান,
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট ভাৰ্জিনিয়া বিশ্ববিদ্যালয়,
শিক্ষানুষ্ঠান পুণে বিশ্ববিদ্যালয়, শিৱাজী বিশ্ববিদ্যালয়, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা এছ. ৰামানন
জনা যায় বীজগণিতীয় জ্যামিতি,moduli spaces of bundles
উল্লেখনীয় বঁটা ভাৰত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্যা,
ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্যা
দাম্পত্যসঙ্গী নৰেন্দ্ৰ বলৰামজী ভোছলে

ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে।[1] তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

ঊষাদেৱী নৰেন্দ্ৰ ভোছলেৰ জন্ম হৈছিল ১৯৪৯ চনৰ ৩০ মাৰ্চত; ভাৰতৰ ঢোলেত। তেখেতৰ পিতৃ আছিল বামনৰাও সিন্ধুজী আৰু মাতৃৰ নাম আছিল সুশীলা পাটিল।[2] ১৯৬৯ চনত পুণে বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বিজ্ঞানৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৭১ চনত একেটা শাখাতে শিৱাজী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰে।[1]১৯৭১ চনৰ পৰা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত তেখেতে স্নাতকোত্তৰ শিক্ষা আৰম্ভ কৰিছিল। ১৯৮০ চনত তেখেতে তত্ত্বাৱধায়ক এছ.ৰামাননৰ অধীনত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈকে তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহযোগী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেকৈয়ে তেখেতৰ কৰ্মজীৱনৰো আৰম্ভণি হৈছিল। তাৰপিছত একেখন প্ৰতিষ্ঠানতে ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেখেতে গৱেষণা সহযোগী-II হিচাপে কাম কৰে। ১৯৭৭-৮২ লৈকে তেখেত গৱেষণা সহকৰ্মী হিচাপে আৰু পাছলৈ সহকৰ্মী হিচাপে ১৯৮২-৯০ পৰ্যন্ত কাম কৰে। ১৯৯০ চনত তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ত ৰিডাৰ হিচাপে যোগদান কৰে। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে তেখেত সহযোগী অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰে। পৰৱৰ্তী পৰ্যায়ত তেখেত সেইখন শিক্ষানুষ্ঠানৰ অধ্যাপক হয় আৰু ২০০১ চনলৈকে সেইটো পদত থাকে। ২০০১ চনত তেখেত প্ৰতিষ্ঠানটোৰ অধ্যাপক(H) হয়।[2]

সদস্য[সম্পাদনা কৰক]

  • FASc, FNASc, and VBACৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ সদস্যা।[1]
  • ইটালিৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ তেখেতে জ্যেষ্ঠ সহযোগী আছিল।[1]
  • বাংগালোৰৰ ভাৰত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্যপদো তেখেতে অলংকৃত কৰিছিল।[1]
  • এলাহাবাদৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰো তেখেত সদস্যা আছিল।[3][4][1]

গৱেষণাসম্পৰ্কীয় প্ৰবন্ধ আৰু আন কৰ্ম[সম্পাদনা কৰক]

  • ভোছলে, ঊষা এন. (১৯৮৯). "Parabolic vector bundles on curves". Arkiv för Matematik খণ্ড 27 (1–2): 15–22. doi:10.1007/BF02386356. ISSN 0004-2080. 
  • ভোছলে, ঊষা এন. (১৯৯৯). "Picard groups of the moduli spaces of vector bundles". Mathematische Annalen খণ্ড 314 (2): 245–263. doi:10.1007/s002080050293. ISSN 0025-5831. 
  • ভোছলে, ঊষা এন. (১৯৯৬). "Generalized parabolic bundles and applications— II". Proceedings Mathematical Sciences খণ্ড 106 (4): 403–420. doi:10.1007/BF02837696. ISSN 0253-4142. 
  • ভোছলে,ঊষা এন. (১৯৯২), Parabolic sheaves on higher dimensional varieties,Math. Ann. 293 177–192[5]
  • ভোছলে,ঊষা এন. (১৯৮৬): Nets of quadrics and vector bundles on a double plane. Math. Zeit.192, 29–43[6]
  • ভোছলে,ঊষা এন. (১৯৯২), Generalised parabolic bundles and applications to torsion-free sheaves on nodal curves.Ark. Mat. 30 187–215[7]
  • ভোছলে,ঊষা এন. (১৯৮৯), Ramanathan, A.: Moduli of parabolicG-bundles on curves. Math. Z.202, 161–180[8]
  • ভোছলে,ঊষা (১৯৯৯). VECTOR BUNDLES ON CURVES WITH MANY COMPONENTS. Proceedings of the London Mathematical Society, 79(1), 81-106.
  • ভোছলে,ঊষা এন. (১৯৯৫), Representations of the fundamental group and vector bundles,Math. Ann.302 601–608[9]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০০০ চনত ৰামাস্বামী স্মাৰক বঁটা।
  • ২০১০ চনত স্ত্ৰী শক্তি বিজ্ঞান সন্মান বঁটা।[1]
  • আমেৰিকান গাণিতিক সমাজৰ সভ্য নিৰ্বাচিত।[2]
  • মাৰ্কুছৰ "Who's Who"ত এগৰাকী আগশাৰীৰ শিক্ষাবিদ আৰু গৱেষক হিচাপে চিহ্নিত।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৬ চনত নৰেন্দ্ৰ বলৰামজী ভোছলেৰ লগত তেখেতে বৈবাহিক জীৱন আৰম্ভ কৰে। চন্দ্ৰশেখৰ আৰু তৃপ্তি তেওঁলোকৰ সন্তান।[2] তেখেতৰ গণিতৰ উপৰিও তেখেতৰ চিত্ৰাংকন, কিতাপ পঢ়া আৰু সংগীতত ৰাপ আছে। বৰ্তমান তেখেত মুম্বাইৰ বাসিন্দা।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "INSA :: Indian Fellow Detail". insaindia.res.in. Archived from the original on 2020-02-06. https://web.archive.org/web/20200206113621/http://insaindia.res.in/detail/P11-1535। আহৰণ কৰা হৈছে: 2019-02-16. 
  2. 2.0 2.1 2.2 2.3 2.4 "Ushadevi Narendra Bhosle". https://prabook.com/web/ushadevi_narendra.bhosle/652131। আহৰণ কৰা হৈছে: 19 February 2020. 
  3. "The National Academy of Sciences, India - Founder Members". Nasi.org.in. Archived from the original on 16 October 2014. https://web.archive.org/web/20141016184751/http://www.nasi.org.in/Fellows_2006.htm। আহৰণ কৰা হৈছে: 14 October 2018. 
  4. "Archived copy". http://insaindia.org.in/detail.php?id=P11-1535। আহৰণ কৰা হৈছে: 13 May 2016. 
  5. Bhosle, Usha (1992-12-01). "Parabolic sheaves on higher dimensional varieties" (en ভাষাত). Mathematische Annalen খণ্ড 293 (1): 177–192. doi:10.1007/BF01444711. ISSN 1432-1807. 
  6. Bhosle, Usha N. (1986-03-01). "Nets of quadrics and vector bundles on a double plane" (en ভাষাত). Mathematische Zeitschrift খণ্ড 192 (1): 29–43. doi:10.1007/BF01162017. ISSN 1432-1823. 
  7. Bhosle, Usha (1992-12-01). "Generalised parabolic bundles and applications to torsionfree sheaves on nodal curves" (en ভাষাত). Arkiv för Matematik খণ্ড 30 (1): 187–215. doi:10.1007/BF02384869. ISSN 1871-2487. 
  8. Bhosle, Usha; Ramanathan, A. (1989-06-01). "Moduli of parabolicG-bundles on curves" (en ভাষাত). Mathematische Zeitschrift খণ্ড 202 (2): 161–180. doi:10.1007/BF01215252. ISSN 1432-1823. 
  9. Bhosle, Usha N. (1995-05-01). "Representations of the fundamental group and vector bundles" (en ভাষাত). Mathematische Annalen খণ্ড 302 (1): 601–608. doi:10.1007/BF01444510. ISSN 1432-1807. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]