তানা আৰু ৰিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰেন্দ্ৰ মোডীয়ে তানা-ৰিৰি আৰু পণ্ডিত ওমকাৰনাথ সংগীত পদক আগবঢ়াইছে

তানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল।[1] এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ।[2] এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল। তানা আৰু ৰিৰি নাৰ্চি মেহতাৰ ওচৰ সম্পৰ্কীয় আৰু নাৰ্চি মেহতাৰ নাতিনী হ'ল শৰ্মিষ্ঠা। শৰ্মিষ্ঠা তানা আৰু ৰিৰিৰ মাতৃ।

কিংবদন্তি[সম্পাদনা কৰক]

আকবৰৰ সভাত দীপক ৰাগ পৰিৱেশন কৰি যেতিয়া তানসেন দগ্ধ হয়, তেতিয়া আকবৰৰ সৈন্যই বিচাৰ-খোঁচাৰ লৈ তানা-ৰিৰিৰ কথা গম পালে। তানসেনৰ শৰীৰৰ দাহ কাটিবৰ বাবে ৰজাই তেওঁলোকক ৰাগ মালহাৰ গাবলৈ মাতে। কিন্তু তেওঁলোকে ৰজাৰ আদেশ অমান্য কৰি আত্মহনন কৰে কাৰণ গাঁওবাসী ৰূপে গাঁৱৰ পূজ্য দেৱতাৰ সন্মুখত গীত গাবলৈহে তেওঁলোক বদ্ধপৰিকৰ আছিল। সেয়ে ৰজাৰ আদেশ অমান্য কৰাতকৈ তেওঁলোকে আত্মহনন কৰাই শ্ৰেয় বুলি ধৰি লয়।

সন্মান[সম্পাদনা কৰক]

বানাগৰত তানা-ৰিৰিক সন্মানিত কৰিবলৈ এটি স্মাৰক সজা হৈছে। প্ৰতিবছৰে গুজৰাট চৰকাৰে তানা-ৰিৰি সংগীত সমাৰোহ আয়োজন কৰি নিষ্ঠা প্ৰদৰ্শন কৰে।[3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Desai, Anjali H. (2007). India Guide Gujarat. India Guide Publications. পৃষ্ঠা. 226. ISBN 9780978951702. 
  2. Khan, Iqtidar (1999). Akbar and his age. Northern Book Centre. পৃষ্ঠা. 264. ISBN 9788172111083. 
  3. "Setting of a new Guinness book world record at Tana Riri festival in Vadnagar". DeshGujarat News from Gujarat. 10 November 2016. http://deshgujarat.com/2016/11/10/setting-of-a-new-guiness-book-world-record-at-tana-riri-festival-in-vadnagar/। আহৰণ কৰা হৈছে: 11 February 2017. 
  4. "Tana Riri festival opens in Vadnagar, north Gujarat". DeshGujarat News from Gujarat. 21 November 2015. http://deshgujarat.com/2015/11/21/tana-riri-festival-opens-in-vadnagar-north-gujarat/। আহৰণ কৰা হৈছে: 11 February 2017. 

লগতে চাওক[সম্পাদনা কৰক]