সমললৈ যাওক

কুমাৰী কমলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমাৰী কমলা

১৯৫০ চনৰ আগভাগত কুমাৰী কমলা
জন্ম ১৬ জুন, ১৯৩৪ (৯২ বছৰ)
ময়ুৰম, মাদ্ৰাছ প্ৰছিডেন্সী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বেবী কমলা, কমলা লক্ষ্মণ, কমলা নাৰায়ণ, কমলা লক্ষ্মী নাৰায়ণ
পেচা নৃত্যশিল্পী, অভিনেত্ৰী
দাম্পত্যসঙ্গী
  • আৰ, কে,লক্ষ্মণ (বিচ্ছেদ ১৯৬০)
  • টি,ভি, লক্ষ্মীনাৰায়ণ

কুমাৰী কমলা (জন্ম: ১৬ জুন ১৯৩৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী৷ তেওঁ কমলা লক্ষ্মণ নামেৰেও পৰিচিত। প্ৰথম অৱস্থাত শিশু নৃত্যশিল্পী হিচাপে অভিনয় কৰা কমলাই সমগ্ৰ কেৰিয়াৰত প্ৰায় ১০০খন তামিল, হিন্দী, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছিল। ১৯৭০ চনত তেওঁ পাৰদৰ্শিতা লাভ কৰা ভাজুভূৰ নৃত্য শৈলীৰ শিক্ষয়িত্ৰী হৈ পৰে।

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ভাৰতৰ ময়ুৰমত জন্মগ্ৰহণ কৰা[1] কমলা তামিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ। তেওঁৰ ভনীয়েক ৰাধা আৰু বাসন্তীও নৃত্যশিল্পী। কম বয়সতে কমলাই বোম্বাইৰ লাচু মহাৰাজৰ পৰা কথক নৃত্য শৈলীৰ পাঠ ল’বলৈ আৰম্ভ কৰে। শংকৰ ৰাও ব্যাসৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰো পাঠ গ্ৰহণ কৰিছিল। চাৰি বছৰ বয়সত তেওঁক তামিল চলচ্চিত্ৰ পৰিচালক এ.এন. কল্যানসুন্দৰাম আয়াৰে কমলাই নৃত্য অনুশীলন অংশ লৈ থকাৰ সময়ত আৱিষ্কাৰ কৰিছিল। তেওঁৰ ছবি ৱালিবৰ সংঘম (১৯৩৮) আৰু ৰামানামা মহিমাই (১৯৩৯)ত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক কমলা হিচাপে নামভূক্ত কৰা হৈছিল৷[2] তেওঁৰ নৃত্য আন চিনেমা নিৰ্মাতাসকলে লক্ষ্য কৰিছিল আৰু ১৯৩৮ চনত জেইলৰ, ১৯৪৩ চনত কিছমেত আৰু ৰাম ৰাজ্যত কৰা অভিনয় যোগেদি তেওঁ হিন্দী ছবিলৈ গুচি যায়। কমলাৰ মাক মাদ্ৰাজলৈ গুচি যায় যাতে তেওঁৰ কন্যাই ভাৰতনাট্যমৰ গুৰু “কট্টুমন্নৰকোইল মুথুকুমাৰা পিল্লাই’’ আৰু “বাজুৱূৰ বি ৰমাইয়া পিল্লাই’’ৰ অধীনত প্ৰশিক্ষণ ল'ব পাৰে। ১৯৪৪ চনৰ এখন সফল তামিল ছবি জগথালাপ্ৰতাপনত কমলাই প্ৰথম আত্মপ্ৰকাশ কৰে, য'ত তেওঁ পামপু আট্টাম পৰিৱেশন কৰিছিল। কমলাই তেওঁৰ পৰৱৰ্তী ছবি শ্ৰীবল্লী (১৯৪৫)ত দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ লগতে মীৰা ছবিতো কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰে। অৱশ্যে তেওঁৰ ছবি নাম ইৰুভাৰএই তেওঁৰ তামিল চিনেমাত প্ৰভাৱ পেলায়। নাম ইৰুভাৰ ছবি দেশপ্ৰেম আৰু গান্ধী গীতেৰে ভৰি আছিল আৰু ইয়াৰ নৃত্যই ভাৰতনাট্যমক পুনৰুজ্জীৱিত আৰু বৈধতা প্ৰদান কৰাত সহায় কৰিছিল। এই ছবিখনে ভাৰতৰ সমগ্ৰ তামিল ভাষী অঞ্চলত "সাংস্কৃতিক বিপ্লৱ"ৰ সূচনা কৰিছিল বুলি কোৱা হয়।[2]

১৯৫৩ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজ অভিষেক উৎসৱৰ সময়ত কমলাক তেওঁৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।[3] ১৯৫০ চনৰ শেষৰ ফালে তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিছিল, চীন আৰু জাপানত অনুষ্ঠান পৰিৱেশন কৰিছিল। ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।[4] ১৯৭৫ চনত ব্ৰান্টা অধ্যাপক পদ লাভ কৰাৰ পিছত কলগেট বিশ্ববিদ্যালয়ত দুটা টাৰ্মৰ বাবে নৃত্যৰ অধ্যাপনাও কৰে। ১৯৮০ চনত কমলা স্থায়ীভাৱে নিউয়ৰ্ক চহৰলৈ গুচি যায় আৰু শাস্ত্ৰীয় নৃত্যৰ পাঠদান আৰম্ভ কৰে।[5] লং আইলেণ্ডত শ্ৰী ভাৰত কমলালয় নামৰ নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰে।[4] ২০১০ চনত তেওঁ কলাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে নেচনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছৰ পৰা নেচনেল হেৰিটেজ ফেল'শ্বিপ লাভ কৰে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কমলাৰ দুবাৰ বিয়া হৈছিল। তেওঁৰ প্ৰথম স্বামী আছিল কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণ। ১৯৬০ চনত বিবাহ বিচ্ছেদৰ ফলত এই বিবাহৰ অন্ত পৰে।[7] ভাৰতহিন্দু সম্প্ৰদায়ৰ মাজত এইটো আছিল অন্যতম প্ৰাচীন বিবাহ বিচ্ছেদ, য'ত ১৯৫৬ চনলৈকে হিন্দুসকলৰ মাজত কোনো বিবাহ বিচ্ছেদ উপলব্ধ নাছিল। পিছলৈ এইটো এটা বিভ্ৰান্তিৰ কাৰণ হৈ পৰিল, কাৰণ আৰ.কে. লক্ষ্মণৰ দ্বিতীয় পত্নীৰ নামো আছিল কমলা লক্ষ্মণ। বিভ্ৰান্তি কমোৱাৰ বাবে কমলাই পৰৱৰ্তী জীৱনত "কমলা কুমাৰী" নামেৰে নতুন নামটো লৈছিল। পিছত কমলাই হিন্দু ধৰ্মীয় প্ৰথাক অৱজ্ঞা কৰি পুনৰ বিবাহপাশত আৱদ্ধ হয়। ১৯৮৩ চনত মৃত্যু হোৱা কমলাৰ দ্বিতীয় স্বামী টি ভি লক্ষ্মীনাৰায়ণৰ বিষয়ে বহুত কমেইহে জনা যায়। দ্বিতীয় বিবাহৰ পৰা এটা সন্তান জন্ম হয়, জৈনন্দ নাৰায়ণ নামৰ এজন পুত্ৰ, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ বিষয়া।[5]

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • ১৯৬৭ চনত কলাইমামণি
  • ১৯৬৮ চনত কেন্দ্ৰীয় সংগীত নাটক অকাডেমী বঁটা
  • ১৯৭০ চনত পদ্মভূষণ[8]
  • ১৯৭৫ চনত কলগেট বিশ্ববিদ্যালয়ৰ পৰা ব্ৰাণ্টা অধ্যাপক পদ
  • ১৯৮৯ শ্ৰুতি ফাউণ্ডেচনৰ পৰা ই কৃষ্ণ আয়াৰ পদক
  • ১৯৯৩ চনত ক্লিভলেণ্ড থ্যাগৰাজা আৰাধনাত সংগীত ৰত্নাকৰ
  • ২০০২ চনত মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা প্লেটিনাম জয়ন্তী বঁটা
  • ২০১০ ৰাষ্ট্ৰীয় ঐতিহ্য ফেল'শ্বিপ
  • ২০১২ চনত চতুৰ্থ ছেইণ্ট লুইছ ভাৰতীয় নৃত্য মহোৎসৱত সূৰ্য্য জীৱনজোৰা কৃতিত্ব বঁটা।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Menon, Indira (1999). The Madras quartet: women in Karnatak music. Roli Books. পৃষ্ঠা. 55. ISBN 81-7436-078-6. https://archive.org/details/isbn_9798174360785.
  2. 1 2 Guy, Randor (7 January 2002). "She danced her way to stardom". The Hindu. http://www.hindu.com/thehindu/mp/2002/01/07/stories/2002010700100200.htm.
  3. Cour, Aparna; Ajīta Kaura (1976). Directory of Indian women today. India International Publications. পৃষ্ঠা. 28.
  4. 1 2 Kumar, Ranee (14 July 2006). "The danseuse from 'Kismet'". The Hindu. http://www.hindu.com/fr/2006/07/14/stories/2006071401230300.htm.
  5. 1 2 "'Kumari' Kamala Bharatanatyam Dancer". Kutcher Buzz.com. http://www.kutcheribuzz.com/features/interviews/kkamala.asp আহৰণ কৰা হৈছে: 26 July 2011.
  6. "Kamala Lakshmi Narayanan: Bharatanatyam Indian dancer". National Endowment for the Artswww.arts.gov. n.d.. https://www.arts.gov/honors/heritage/kamala-lakshmi-narayanan আহৰণ কৰা হৈছে: 30 January 2021.
  7. De, Shobhaa (31 January 2015). "An 'uncommon' marriage: RK Laxman and Kamala". Mumbai Mirror. Archived from the original on 22 November 2015. https://web.archive.org/web/20151122054903/http://www.mumbaimirror.com/columns/columnists/shobhaa-de/An-uncommon-marriage-RK-Laxman-and-Kamala/articleshow/46071935.cms.
  8. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: July 21, 2015.