সমললৈ যাওক

সাধুকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাধুকথা (ইংৰাজী: Fairy tale) পৃথিৱীৰ লোকসাহিত্যৰ এটি ভাগ৷ লোকসাহিত্যৰ অন্যান্য বিভাগৰ দৰে সাধুকথাৰো সৃষ্টি কেতিয়াৰ পৰা হ’ল ঠাৱৰ কৰা অসম্ভৱ৷ তথাপি অনুমান কৰা হয় সাধূকথা প্ৰাগৈতিহাসিক দিনৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু ই জনসমাজত যুগ যুগ ধৰি বৰ্তি আছে৷ লোকমুখত পৰি পৃথিৱীৰ একোটা সাধুৱে ভাৱ-ভাষা আৰু বৰ্ণনাত কিছু নতুনত্ব লৈ আন একোটা সাধুুৰ সৃষ্টি কৰিছে৷ সেয়ে পৃথিৱীৰ সকলো সাধুৰে একোটা মিল দেখা যায়৷ সাধুকথাবোৰে প্ৰাগৈতিহাসিক যুগৰ সমাজ জীৱন অধ্যয়নৰ সমল দিয়ে৷ মানুহৰ বুৰঞ্জী জানিবৰ বাবে “ফাইল’লজী’’ আৰু ভাষাতত্ব জানিবলৈ যিদৰে “মাইথ’লজী’’ জনাৰ প্ৰয়োজন; সেইদৰে, সাধুকথাও জনা দৰকাৰ৷ কাৰণ, সাধুকথাত একোটা জাতিৰ সকলো শ্ৰেণীৰ মানুহৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-চৰ্চা আদিৰ সুন্দৰ প্ৰতিফলন ঘটে৷[1]

সাধুকথাৰ গুৰুত্ব[সম্পাদনা কৰক]

আধুনিক সাহিত্যত মনস্তত্ত্বৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই মনস্তত্ত্বৰ ধাৰণাটো সাধুকথাত প্ৰথম উন্মেষ হৈছিল৷[2] হয়তোবা সাধুত সন্নিৱিষ্ট মনস্তাত্ত্বিক ধাৰণাবোৰেই আধুনিক মনস্তসত্ত্বিক ধাৰণাক জন্ম দিছে৷ সাধুত ৰাজতন্ত্ৰ, সমাজতন্ত্ৰ, মানুহৰ স্বাভাৱিক প্ৰবৃত্তি আদিৰ চিত্ৰণ থাকে৷ এইবোৰে জনসমাজৰ মনত চেতনা জাগ্ৰত কৰে৷ সাধু হয়তো শিশুৰ মনোৰঞ্জনৰ বাবেই আদিতে জন্ম হৈছিল; কিন্তু ইবোৰৰ মাজত অংকিত চৰিত্ৰ, সামাজিক চিত্ৰণ আদিয়ে পৰৱৰ্তীকালত মানুহক জীৱন সম্বন্ধে অধিক সচেতন কৰি তুলিলে৷ মানুহে পৰিস্থিতি সাপেক্ষে সাধুকথাৰ চৰিত্ৰসমূহ বিশ্লেষণ কৰি নিজক জীৱন যুঁজৰ বাবে প্ৰস্তুত কৰিব পৰা হ’ল৷ মানৱশিশুৰ সাহিত্যৰ প্ৰথম স্তৰ সাধুকথা৷ কিন্তু সাধুকথা তেওলোকে শুনেহে৷ শুনি মনেৰে কল্পনা কৰি শিশু আকাশতো উৰে, পানীত বুৰ যায়৷ গতিকে সাধুকথা গুণমানবিশিষ্ট হ’ব লাগে যাতে ই শিশুৰ মন আকৰ্ষিত কৰিব পাৰে৷ [3]

সাধুকথাৰ সংজ্ঞা[সম্পাদনা কৰক]

সাধুকথা কি বা ইয়াৰ সংজ্ঞা কি সেই সম্বন্ধে বিভিন্নজনে বিভিন্ন মন্তব্য সময়ে সময়ে দি আহিছে৷ সাধুকথা লোককথাৰ বৃহত্তৰ শ্ৰেণীৰ ভিতৰত এটা সুকীয়া ধাৰা, তথাপিও কোনো ৰচনাক সাধুকথা হিচাপে চিহ্নিত কৰা সংজ্ঞাটো যথেষ্ট বিতৰ্কৰ উৎস।[4] সাধুকথা শব্দটো নিজেই মেডাম ডি'অলনয়ৰ কন্টে ডি ফেইছৰ অনুবাদৰ পৰা আহিছে, যিটো প্ৰথম ব্যৱহৃত হৈছিল ১৬৯৭ চনত তেওঁৰ সংগ্ৰহত ব্যৱহাৰ হৈছিল।[5] সাধাৰণ ভাষাত সাধুকথাক পশু উপকথা আৰু অন্যান্য লোককথাৰ সৈতে মিহলি কৰা হয়, আৰু পণ্ডিতসকলে এই দুয়োটা মাত্ৰাৰ ওপৰত পাৰ্থক্য নিৰূপণ কৰিছে পৰী আৰু একেধৰণৰ পৌৰাণিক সত্তা (যেনে- দৈত্য, বিশাল দানৱ, বা জলপৰী) এটা পাৰ্থক্য হিচাপে ল'ব লাগে। ভ্লাদিমিৰ প্ৰপএ তেওঁৰ মৰ্ফ'লজী অৱ দ্য ফ'কটেলত "সাধুকথা" আৰু "জীৱ-জন্তুৰ কাহিনী"ৰ মাজৰ সাধাৰণ পাৰ্থক্যক সমালোচনা কৰিছিল এই ভিত্তিত যে বহু কাহিনীত ফেণ্টাষ্টিক উপাদান আৰু প্ৰাণী দুয়োটা থাকে৷তথাপি তেওঁৰ বিশ্লেষণৰ বাবে ৰচনা নিৰ্বাচন কৰিবলৈ প্ৰপে লোককথা হিচাপে শ্ৰেণীভুক্ত সকলো লোককথা ব্যৱহাৰ কৰিছিল, তেওঁৰ নিজৰ বিশ্লেষণে সাধুকথাক ইয়াৰ কাহিনীভাগৰ উপাদানৰ দ্বাৰা চিনাক্ত কৰিছিল, কিন্তু সেইটো নিজৰ বাবেই সমালোচনা কৰা হৈছে, কিয়নো বিশ্লেষণটোৱে এনে কাহিনীক সহজে ধাৰলৈ নিদিয়ে যিবোৰত কোনো অন্বেষণ জড়িত নহয়, আৰু তদুপৰি, একেবোৰ কাহিনীৰ উপাদান অসাধুকথাৰ ৰচনাতো পোৱা যায়।[6]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বেজবৰুৱা, লক্ষ্মীনাথ (২০০১). (বুঢ়ী আইৰ সাধু) পাতনি. জ্যোতি প্ৰকাশন. 
  2. শৰ্মা, শশী (২০১৬). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টচ্ ষ্টোৰচ. পৃষ্ঠা. ১৪৮. ISBN 81-85905-23-1. 
  3. "সাধুকথা আৰু শিশু সাহিত্য". https://xahitya.org/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF/। আহৰণ কৰা হৈছে: 9 February 2023. 
  4. Heidi Anne Heiner, "/intro-pages/what-is-a-fairy-tale.html what is Fairy Tale?
  5. Terri Windling. Les Contes de Fees: The Literary FairyTales of France. http://www.endicott-studio.com/rdrm/forconte.html. 
  6. Swann Jones, p. 15.