ৰাধিকা শান্তি
ৰাধিকা শান্তি(ইংৰাজী: Radhika Santi) শংকৰদেৱৰ সময়ৰ এগৰাকী কৈৱৰ্তকূলীয়া সতী নাৰী আছিল৷ তেওঁ টেম্বুৱানী জানৰ পৰা বৰদোৱালৈ পানী সোমোৱা জানটোত ভেটা দি শান্তিকন্যা বুলি জনাজাত হৈছিল৷ পিছত শংকৰদেৱে তেওঁৰ বাসস্থানৰ ওচৰতে ৰাধিকা শান্তিক ঘৰ-দুৱাৰ সজাই থাকিবলৈ দিছিল৷[1]
ৰাধিকা শান্তিৰ জন্ম হৈছিল ১৪৫৬ চনৰ ব’হাগ মাহৰ পূৰ্ণিমা তিথিত৷ কোনো কোনোৰ মতে ভাদ মাহৰ পূৰ্ণিমা তিথিত৷ তেওঁৰ স্বামীৰ নাম আছিল পূৰ্ণানন্দ৷ ৰাধিকাৰ আন এটা নাম যোগমায়া৷[2] বাৰভূঞা বংশৰ মানুহে বৰদোৱাৰ টেম্বুৱানী জান বান্ধিবলৈ এগৰাকী সতী নাৰীৰ সন্ধানত আছিল৷ এই জানটোৰে বছৰে হোৰাহোৰে পানী সোমাই খেতি-বাতি নষ্ট কৰিছিল৷ শংকৰদেৱক ইয়াৰ উপায় সোধাত এগৰাকী সতী নাৰীৰ দ্বাৰাহে জানটো বন্ধা সম্ভৱ হ’ব বুলি কোৱাত সকলোৱে সতী নাৰী বিচাৰ আৰম্ভ কৰিছিল৷ ইয়াৰ বাবে পুৰস্কাৰো ঘোষণা কৰা হৈছিল৷ অনেক পণ্ডিত ব্ৰাহ্মণৰ ভাৰ্যা গোট খালে যদিও কোনোৱে সতীৰ পৰিচয় দিব নোৱাৰিলে৷ পিছত ৰাধিকাই পলৰে পানী আনি জানৰ মুখত ঢালি পিছত মাটি আনি দিয়াতহে জানটো ভেটিবলৈ সক্ষম হৈছিল৷[2][3] এই গুৰু চৰিত কথাত উল্লেখ আছে৷ এবাৰ ৰাধিকাই স্বামী পূৰ্ণানন্দৰ সৈতে লুইতেৰে উজাই আহোঁতে বাৰভূঞাসকলে গোট খাই আলোচনা কৰা দেখি স্বামীক সুধিলে, কিহৰ মেল? স্বামীয়ে ক’লে, ভেটা বান্ধিবলৈ সতী তিৰোতা বিচাৰিছে৷ তেতিয়া ৰাধিকাই “ময়েই সতী’’ বুলি কোৱাত পূৰ্ণানন্দই কৈৱৰ্ত কুলৰ স্ত্ৰী কেনেকৈ সতী হ’ব পাৰে বুলি প্ৰশ্ন কৰাত ৰাধিকাই ক’লে, তোমাত বাদে মুখ চোৱা নাই, ছাঁটো ভৰি দিয়া নাই৷ মই সতী নহৈ কোন? তেওঁলোকৰ কথাবতৰা শুনি মুদৈয়ে গৈ গুৰু শংকৰক ক’লেগৈ৷ শংকৰে ৰাধিকাক মতাই নি এযোৰ নিকা বস্ত্ৰ দি এটা মাছ মৰা পলৰে পানী আনি জানটোৰ মুখত ঢালিবলৈ ক’লে৷ ৰাধিকাই শংকৰদেৱক সেৱা কৰি গৈ পলেৰে পানী আনিলেগৈ৷ কিন্তু চাৰি আঙুল পানী কম হ’ল৷ শংকৰে সুধিলে “পানী চাৰি আঙুল কম হ’ল কিয়’’? ৰাধিকাই জনালে, ভনীজোঁৱাইক পাত কাটিবলৈ কাঁচিখন দিওঁতে তেওঁৰ মুখখন দেখা পাইছিল, এয়ে অপৰাধ৷ তেতিয়া শংকৰদেৱে তেওঁৰ এই দোষ সকলোৱে লোৱা বুলি কৈ পুনৰ পানী আনিবলৈ দিলে৷ এইবাৰ পলৰ মুখ ভৰি আহিল৷ এই পানী ঢালি বান্ধ খুন্দি খুন্দি বান্ধিলে৷ সেই বান্ধৰ নাম “সান্তিজান’’ হ’ল৷ [3] অসমৰ জনশ্ৰুতিমূলক মালিতাবোৰত সতী ৰাধিকাৰ গীত বা মালিতা নামেৰে এটা মালিতা প্ৰচলিত আছে৷ সতী ৰাধিকাৰ মালিতা শুৱালকুছিত প্ৰতিবছৰে অনুষ্ঠিত হোৱা মাধবদেৱৰ কীৰ্তনত কৰতাল আৰু চাপৰি বজাই সুৰ লগাই পৰিৱেশন কৰে৷[4]
ৰাধিকা শান্তিৰ গীত:
(ঘোষা) অ নাম ৰয়ৰে৷
অ নাম ৰয়ৰে৷
(পদ) নামতিয়া ডেকাগিৰি মৌনে ৰহি আছে৷
শঙ্কৰ গোমস্তাই গৈ শান্তি বিচাৰিছে৷
সেহিসময়ে নদীয়াল ভাৰ্যাসমে গৃহে চলি যাই৷
হাসিতে হাসিতে সিটো স্বামীত কৈ যায়৷
মাটি পানী তুমি ভাল কৰি ল’বা৷
মোত কৰি শান্তি তুমি আৰ কৈত পাবা৷
ভাৰ্যাৰ কথা নদীয়াল পেলাইতে নাপাৰিলা৷
দুয়ো যাই শঙ্কৰৰ থানে উপস্থিত ভৈলা৷
শঙ্কৰে বোলে আই নদীয়ালৰ জীয়া৷
নদী হন্তে এক পলো জল আনি দিয়া৷[4]...... ইত্যাদি
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২২১. ISBN 978-81-7339-428-7.
- ↑ 2.0 2.1 দাস, জ্যোতিকামণি (২০২২). "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত নাৰীৰ ভূমিকা : ভক্তিপ্ৰাণ পাঁচগৰাকী আইমাতৃ". কল্পতৰু: ১০৮.
- ↑ 3.0 3.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩৪.
- ↑ 4.0 4.1 শৰ্মা, নবীন চন্দ্ৰ (২০২২). লোক-সংস্কৃতি. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১২০. ISBN 978-93-244-0068-0.