মালিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মালিতা-বেলাড
সাংস্কৃতিক উৎপত্তি লোক সাহিত্য

'মালিতা' শব্দটোৰ সৰ্মাথক ইংৰাজী প্ৰতিশব্দ হ'ল বেলাড। অসমীয়া মালিতা শব্দটো মাল শব্দৰ পৰা সৃষ্টি হোৱা। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ'ল মালিতা। মালিতাক গীতিবেঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। মালিতাৰ বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়। গীতিধৰ্মিতাই মালিতাৰ মুখ্য লক্ষণ হ'লেও কাহিনী অবিহনে মালিতা হ'ব নোৱাৰে। বেলাড শব্দটো মূলত: নৃত্যছন্দী গীতৰে সম্পৰ্ক আছিল।

নৈৰ্ব্যক্তিকতা মালিতাৰ প্ৰধান লক্ষণ। মূল মালিতাটো কোনে ক'ত কেতিয়া ৰচনা কৰিছিল কোৱা টান; কিন্তু ইয়াৰ জনপ্ৰিয়তাই আটাইকে সামৰি লয়। এইদৰে ঠাই আৰু মুখ বাগৰি এটা নতুন ৰূপ লয় আৰু শেষত জনসাধাৰণৰ সামূহিক উচ্ছ্বাসৰ পৰিণতি হিচাপে পৰিগণিত হয়। অসমীয়া মালিতাসমূক ঘাইকৈ দুটা ভাগত ভগাব পাৰি-

১/বুৰঞ্জীমূলক মালিতা আৰু

২/পৌৰাণিক কাহিনীমূলক মালিতা।

ইয়াৰ ভিতৰত বুৰঞ্জীমূলক মালিতাৰ সংখ্যা সৰহ।

উদাহৰণ[সম্পাদনা কৰক]

মালিতা-বেলাডৰ উদাহৰণ:

একেটা কাহিনীয়েই ঠাই বিশেষত সুকীয়া ৰূপত প্ৰকাশ পাই। 'বৰফুকনৰ গীত' নামৰ মালিতাটো ঊনবিংশ শতিকাৰ দ্বিতীয় তৃতীয় দশকত ৰচিত; কিন্তু ইয়াৰ দুটা ৰূপ পোৱা গৈছে। দুয়োটাৰে বুৰঞ্জীমূলক কাহিনী ভাগ আৰু ছন্দৰীতি একে হ'লেও প্ৰকাশভংগী অলপ সুকীয়া।
১/ তামোল খাবৰ শৰাই,
আনিব বাপেকৰ লোৱৰ ডিঙৰাত ভৰাই।
চৰায়ে কৰে চিউ,
কথা শুনি জীয়েকৰ ভৰি গ'ল জীউ।
এই কথা বুজোঁ,
এটা কথা তোতে সোধোঁ।
জৰাৰ কোমল জিম,
পতালৈ বাতৰি কেনেকৈ দিম?
নেথাকিবি ৰৈ,
আন্ধাৰৰ কোঠাত আইটি কান্দিবি তই।
বাপেৰ জীৰ,
মৰম লাগিলে চিঠিখন লিখিয়েই দিব।
আছিলে ৰৈ,
আন্ধাৰৰ কোঠাত তাই কান্দিলে গৈ।
কোনেনো ছান্দে,
আজি দেখোন দেউতা গাভৰুৱে কান্দে।
কাটি খাবৰ জৰা,
লাগে যদি আনি দিওঁ সৰগৰ তৰা।
নেমাৰিবি হাই,
জগতখন আছে মোৰ হাততে পাই।
ঘিণাই বৰফুকনৰ জী,
মোৰনো বোপায়ে কৰিলে কি?
( বৰফুকনৰ গীত)
২/ এনে কঁহুৱা শৰাই,
এইটো ডিঙৰাত আনিবি ভৰাই।
মাছৰ কুমলীয়া শ'ল,
বাপেৰক ধৰিবলে কালিয়ে গ'ল।
হজুৱাই মাৰিব হাই,
বাপেকৰ ঘাটত নাও বান্ধিবলৈ পায়।
হাই দি তুলিবৰ লাই,
ক জানি বাপেকৰ ধৰিবই পায়।
দামুৰীয়ে কৰিব বে,
বাপেৰৰ চিঠিখন বেগতে দে।
দকৈ পথাৰৰ ভেকো,
মই তিৰীমতি নেজানো একো।
মৰিচা টেঙাৰে জিম,
পিতাদেউক চঠিখন কেনেকৈ দিম?
শালেকৈ মাছৰে ছাল,
ঘোঁৰা বৰুৱাই বাপেৰে ভাল।
লগতো নিদিবি ভাৰী,
তেহে যাবগৈ বাপেৰ সাৰি।
আৰু নেমাৰিবি হাই,
বুধি দি মানুহটো উভতি যায়।
পথাৰৰ পোনা মাছ চান্দে,
হিয়া ভুকু মাৰি ফুকনৰ জীয়েক কান্দে।
তিতিকে পাতৰ সিৰ,
মোৰনো পিতাদেৱে কৰিলে কি?
(অসমীয়া লোকগীত:লীলা গগৈ)
এইদৰে ভদ্ৰসেন বৰাৰ দ্বাৰা সংগৃহীত ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতৰ লগত যোগেশ তামোলীৰ সংগৃহীত গীতৰো এনেধৰণৰ পাৰ্থক্য দেখা যায়। কিন্তু ভদ্ৰসেন বৰাৰ সংগ্ৰহত থকা মান্যৱতী কুঁৱৰী যোগেশ তামোলী সংগ্ৰহত ববছা কুঁৱৰীৰূপে উক্ত হৈছে। গীতৰ লক্ষণলৈ চালে তামোলীৰ গীতত লোকসাহিত্যৰ অধিক স্পষ্টতা দেখিবলৈ পোৱা যায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,প্ৰদ্যুত হাজৰিকা প্ৰকাশ,২০১৭,পৃষ্ঠা-১৬৩
  2. অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,প্ৰদ্যুত হাজৰিকা প্ৰকাশ,২০১৭,পৃষ্ঠা-১৬৪
  3. অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,প্ৰদ্যুত হাজৰিকা প্ৰকাশ,২০১৭,পৃষ্ঠা-১৬৫