অসমীয়া সাহিত্যত মালিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অসমীয়া সাহিত্য
শ্ৰীশ্ৰীশঙ্কৰদেৱ.JPG Hemchandra Barua.gif
Laksminath Bezbaruah.jpg Hemchandra Goswami.jpg
Kamalakanta Bhattacharya.jpg জ্যোতিপ্ৰসাদ আগৰৱালা.JPG

চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

মালিতা বা কাহিনী-গীতসমূহ সমাজ জীৱন আৰু সাহিত্যৰ এটা অঙ্গ। সমগ্ৰ বিশ্বতে বিভিন্ন ভাষাৰ কাহিনী-গীত প্ৰচলিত আছে। এনেবোৰ গীতক বেলাড (Ballad) বোলা হয়। ফ্ৰান্স ভাষাৰ “বেলাৰে” (Ballare)[1] শব্দৰ পৰা এই শব্দৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল "নৃত্য"। অৰ্থাৎ নৃত্যৰ লগত সঙ্গতি ৰাখি গোৱা গীতক বেলাড বোলা হয়। অসমীয়া ভাষাত এনে গীতক “মালিতা”[2] বুলি কোৱা হয়।

মালিতাৰ ইতিহাস[সম্পাদনা কৰক]

মালিতাৰ ইতিহাস বহুদিনীয়া পুৰণি। বিভিন্ন সময়ত বিভিন্ন অনামী স্বভাৱ কবিয়ে কিছুমান বুৰঞ্জীমূলক, কিংবদন্তীমূলক অথবা কল্পনাপ্ৰসূত কাহিনীৰ আধাৰত এনে গীতসমূহ ৰচনা কৰিছিল। অক্সফ’ৰ্ড অভিধানত বেলাডৰ অৰ্থ “বৰ্ণনাত্মক কবিতা”[3] বুলি দিয়া হৈছে। এনেবোৰ কবিতাই কাহিনী বৰ্ণনা কৰে। এনে ছন্দোবদ্ধ কবিতাত সুৰাৰোপণ কৰি গীতৰূপে গোৱা হয়। কিন্তু পৰৱৰ্তীকালত এনে পুৰণি মালিতাৰ দৰে বিভিন্ন কবিয়ে মালিতা ৰচনা কৰিবলৈ ধৰে। ইংৰাজী সাহিত্যত কবি কীট্‌ছে “লা বেলে ডেম চান্স মাৰ্চি”ৰ দৰে বেলাড ৰচনা কৰে। সাহিত্যিক কলেৰিজে ৰচনা কৰে “দি এন্‌চিয়েণ্ট মেৰিনাৰ”ৰ দৰে বিখ্যাত বেলাডৰ। অসমীয়া সাহিত্যত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই “ধনবৰ আৰু ৰতনী”ৰ দৰে মালিতা ৰচনা কৰে। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মালিতা “জলকুঁৱৰী”, আনন্দচন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত “পানেচৈ” ইত্যাদি মালিতাও উল্লেখযোগ্য। মালিতা এবিধ লোক সংৃতি

অসমীয়া সাহিত্যত মালিতাৰ ভাগসমূহ[সম্পাদনা কৰক]

অসমীয়া সাহিত্যত প্ৰধানকৈ বুৰঞ্জীমূলক মালিতা আৰু কিংবদন্তীমূলক মালিতাৰ প্ৰাধান্য দেখা যায়।

বুৰঞ্জীমূলক মালিতা[সম্পাদনা কৰক]

অসমৰ জনমানসত ৰেখাপাত কৰিব পৰা মালিতাসমূহৰ ভিতৰত বুৰঞ্জীমূলক মালিতাসমূহ অন্যতম। এইবোৰৰ ভিতৰত বদন বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, পদুম কুঁৱৰীৰ গীত, বখৰ বৰুৱাৰ গীত, নাহৰ চেনামুৱাৰ গীত, চিকন সৰিয়হৰ গীত ইত্যাদি অন্যতম।

বুৰঞ্জীপ্ৰসিদ্ধ চৰিত্ৰ বদন বৰফুকনে মানদেশৰ লগত মিতিৰালি কৰি কিদৰে অসমলৈ মান আনিছিল সেই কথা তেওঁক লৈ লিখা গীতসমূহত বৰ্ণিত আছে। মানৰ নিষ্ঠুৰ লুণ্ঠন, অত্যাচাৰৰ বলি হৈ বহু অসমীয়াই প্ৰাণ, ঘৰ-বাৰী, সা-সম্পত্তি হেৰুৱাইছিল। সেইবাবে অধিকাংশ মালিতাত বদন বৰফুকনত উদ্দেশ্যি গালি-শপনি পৰা হৈছে।

সেইদৰে মহাসতী জয়মতীৰ বিষয়ে নুশুনা অসমীয়া কমেইহে আছে। পতি গদাপাণিক নগা পাহাৰলৈ পলুৱাই পঠিয়াই দেশ তথা পতিৰ কল্যাণৰ হকে পতীব্ৰতা জয়মতী কুঁৱৰীৰ আত্মবলিদানৰ কৰুণ কাহিনী জয়মতী কুঁৱৰীৰ গীতত ছন্দোবদ্ধভাৱে লিখা হৈছে।

পৰাধীন অসমৰ সম্ভান্ত লোক মণিৰাম বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে সুৰ তুলি কিদৰে ফাঁচীকাঠত উলমিছিল তাৰ কৰুণ বৰ্ণনা মণিৰাম দেৱানৰ গীতত পোৱা যায়।

সেইদৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ মহান আদৰ্শ সৰল অসমীয়া সমাজত প্ৰচাৰিত হোৱাত গান্ধীৰ মহানুভাৱতা, কাম-কাজ আৰু গুণাৱলীৰে সমৃদ্ধ হৈ গান্ধী গীতসমূহ ৰচিত হ’ল।

অষ্টাদশ শতিকাৰ শেষৰ দুটা দশকত বদন বৰফুকনৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰঙিয়াৰ ওচৰৰ জিকেৰী অঞ্চলৰ হৰদত্ত বৰুৱাই এক বিদ্ৰোহ ঘোষণা কৰে। দন্দুৱাদ্ৰোহ নামৰ ইতিহাসপ্ৰসিদ্ধ এই বিদ্ৰোহত হৰদত্তৰ ভ্ৰাতৃ বীৰদত্তয়ো সহযোগিতা আগবঢ়াইছিল। কলীয়া ভোমোৰা বৰফুকনৰ হাতত দুয়ো পৰাজিত হোৱাৰ পিছত এই বিদ্ৰোহৰ শাম কাটে। কিন্তু হৰদত্তক শূলতদি মৰা হয়। হৰদত্ত-বীৰদত্তৰ বিদ্ৰোহ আৰু পতনৰ কাহিনী হৰদত্ত-বীৰদত্তত গীতৰ মাজেৰে মানুহৰ মুখে মুখে যুগমীয়া হৈ থাকিল।

পদুম কুঁৱৰীৰ গীতৰ ৰচনা দন্দুৱাদ্ৰোহৰ সমসাময়িক। ঐ গীতসমূহে হৰদত্তৰ কন্যা পদ্মকুমাৰী ওৰফে পদুম কুঁৱৰীৰ জীৱন গাঁথা বৰ্ণনা কৰে। পদ্মকুমাৰীক হৰদত্তৰ প্ৰিয় মহিৰাম চৌধাৰীলৈ বিয়া দিয়া হৈছিল যদিও হৰদত্তৰে তলতীয়াসেনাপতি শিখ কুমেদান সিং তেওঁৰ প্ৰতি আকৃষ্ট হৈ পৰে। এই কথাত ক্ৰোধিত হৈ পদ্মকুমাৰীয়ে লুইতৰ বুকুত আত্মজাহ দিয়ে। পিছত মহিৰাম চৌধাৰীয়েও আত্মজাহ দিয়ে। এই কৰুণ কাহিনীয়ে সকলোৰে অন্তৰ স্পৰ্শ কৰিব পৰাকৈ কোনোবা স্বভাৱ কবিয়ে ৰচনা কৰিছিল পদুম কুঁৱৰীৰ গীতৰ।

সেইদৰে বাখৰ বৰাৰ গীতৰ মূল নায়ক বাখৰ বৰা এজন ৰাজবিষয়া আছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ ৰাজদ্ৰোহৰ অপৰাধত নগাঁৱৰ পুৰণিগুদামৰ ওচৰত তেওঁক বধ কৰা হৈছিল।

চিকন সৰিয়হ আছিল এজন সুঠাম ডেকা। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পুত্ৰ চিকন সৰিয়হ আৰু সহযোগীসকল ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত দণ্ডিত হৈছিল। এই কাহিনীৰ আলমত ৰচিত হ’ল চিকন সৰিয়হৰ গীত। এই গীতসমূহে সেইসময়ৰ ধৰ্মীয় বিশ্বাস, দেৱ-দেৱী ইত্যাদিৰো স্বাক্ষৰ বহন কৰিছে।

নাহৰ আছিল উজনিৰ এজন চফল ডেকা। তেওঁ বিয়া কৰাবলৈ লোৱা কাঞ্চনী নামৰ গাভৰুজনী কাৰেঙৰ লিগিৰীৰ পৰা ৰাণী হৈছিলগৈ। কালক্ৰমত নাহৰ চেনামুৱা ৰজাৰ ৰোষৰ বলি হৈ মৃত্যুক সাৱটি ল’বলৈ বাধ্য হয়। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ’ল।

বুৰঞ্জীমূলক মালিতাসমূহ একোটা ঐতিহাসিক ভিত্তিৰ আধাৰত ৰচিত। সেইবাবে এনে মালিতাৰ মাধ্যমেদি একোটা সময়ৰ সমাজ ব্যৱস্থা, জনবিশ্বাস, ৰীতি-নীতিৰ বিষয়ে অৱগত হ’ব পাৰি। এনবোৰ মালিতাই একোটা যুগৰ পৰিস্থিতিৰ স্বাক্ষৰ বহন কৰে।

কিংবদন্তীমূলক মালিতা[সম্পাদনা কৰক]

অসমীয়া সমাজত প্ৰচলিত এনে মালিতাৰ ভিতৰত ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, কাঞ্চনমতীৰ গীত, কমলা কুঁৱৰীৰ গীত, দুবলা শান্তিৰ গীত, জনাগাভৰুৰ গীত আদি উল্লেখযোগ্য। এই গীতসমূহ কিংবদন্তীৰ আধাৰত ৰচিত।

শংকলদেউ ৰজাৰ পুতেক মণিকোঁৱৰক পানী যুঁৱলিত জলকোঁৱৰে হৰণ কৰি লৈ যায়। তাৰ পিছত তেওঁৰ পত্নী কাঞ্চনমতীয়ে পুতেক ডাঙৰ হোৱাৰ পিছত পিতাকৰ সন্ধান কৰিবলৈ পঠিয়াই দিয়ে। মণিকোঁৱৰৰ জীৱন-গাঁথাৰ আধাৰত মণিকোঁৱৰৰ গীতৰ সৃষ্টি হ’ল। সেইদৰে মণিকোঁৱৰক বিচাৰি পুতেক ফুলকোঁৱৰে পক্ষীৰাজঘোঁৰাত উঠি কিদৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল সেই কথা ফুলকোঁৱৰৰ গীতত পোৱা যায়। ফুলকোঁৱৰে ৰজাৰ জীয়েক ধনপচতুলাক বিয়া কৰোৱাত ৰজাৰ ৰোষত পৰি পলাই যাব লগা হয়। পাছত ধনপচতুলা সহিত ফুলকোঁৱৰে বেলেগ এখন ৰাজ্যৰ ৰাজপাট ভোগ কৰে। ফুলকোঁৱৰৰ মাক কাঞ্চনমতীৰ বিৰহ বেদনাৰ আধাৰত ৰচিত হৈছিল কাঞ্চনমতীৰ গীত।

জনা গাভৰু এগৰাকী মহিলা হৈয়ো গৰুচৰ ৰাজ্যৰ ৰাজপাট খাইছিল। তেওঁৰ জীৱনগাঁথাৰ আধাৰত জনা গাভৰুৰ গীতসমূহ ৰচিত হৈছিল। এইবোৰত জনা গাভৰুৰ বীৰত্ব বৰ্ণনা কৰা হৈছে।

কমলা কুঁৱৰীৰ আত্মবলিদানৰ কাহিনীৰ আধাৰত ৰচিত হৈছিল কমলা কুঁৱৰীৰ গীত। ৰাজ্যত খৰাং আঁতৰাবলৈকে কমলা কুঁৱৰীয়ে আত্মজাহ দিছিল।

দুবলা শাণিত এগৰাকী সতী মহিলা আছিল। তেওঁৰ সতীত্বৰ মহিমা বৰ্ণনা কৰি ৰচিত হৈছিল দুবলা শান্তিৰ গীত।

মালিতাসমূহ এটা জাতিৰ ভাষা-সাহিত্যৰ এক সহজ-সৰল অনুপম ৰূপ। এনেবোৰ গীতে সমাজ জীৱনৰ বিভিন্ন দিশৰ স্বাক্ষৰ বহন কৰে। এনে সাহিত্যৰ সংগ্ৰহ তথা চৰ্চাই ভাষাক সমৃদ্ধিশালী কৰি এটা জাতিক বিশ্বদৰবাৰত স্বকীয় পৰিচয় প্ৰদান কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Oxford Dictionary of Literary Terms: ballad". Answers.com. http://www.answers.com/topic/ballad। আহৰণ কৰা হৈছে: July 27, 2012. 
  2. "Malita Folk Song of Assam". RajsamandPlus.com. http://www.rajsamandplus.com/malita-folk-song-of-assam.html। আহৰণ কৰা হৈছে: July 27, 2012. 
  3. "Definition of ballad". Oxford University Press. http://oxforddictionaries.com/definition/english/ballad?q=Ballad। আহৰণ কৰা হৈছে: July 27, 2012. 

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • প্ৰচলিত মালিতা
  • অসমৰ লোক-সংস্কৃতিৰ ৰূপৰেখা - উমেশ চেতিয়া

বাহ্যিক সংযোগ[সম্পাদনা কৰক]