মমিতা (নৃত্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মমিতা নৃত্য (ইংৰাজী: Mamita Dance) ত্ৰিপুৰা ৰাজ্যৰ এক পৰম্পৰাগত লোক নৃত্য৷ ই কৃষিভিত্তিক উৎসৱ৷ আহিন মাহৰ শেষৰ ফালে শস্য চপোৱাৰ পাছত কাতি মাহৰ আৰম্ভণিতে মমিতা উৎসৱ পালন কৰা হয়৷ শস্য চপোৱাৰ পাছত “মাইমি’’ ধানৰ চাউল উলিয়াই “মাইলুমা’’(শস্যৰ দেৱী) আৰু “খুলুমা’’(তুলাৰ দেৱী)ক উছৰ্গা কৰি পূজা কৰা হয়৷ ইয়াক “মাইকাতাল চামানি’’ বা ন-ভাত দিয়া বোলে৷ মমিতা উৎসৱ ত্ৰিপুৰাৰ ত্ৰিপুৰী, জামাটিয়া, আৰু নোআটিয়া লোকসকলে পালন কৰে৷ ঝুম বা ধাননি পথাৰত ধান, তিল, শাক-পাচলি আদিকে ধৰি বিভিন্ন শস্য চপোৱাৰ পিছত পালন কৰা উৎসৱ।[1][2] এই পূজা উপলক্ষে যুৱক-যুৱতীসকলে গৃহস্থৰ ওচৰত পূজাৰ প্ৰসাদ হিচাপে মদ আৰু মাংস দিবলৈ দাবী কৰে৷ এই দাবী নানা গীত-পদ আৰু নৃত্যৰ মাজেৰে প্ৰকাশ কৰে৷ ইয়াকেই মমিতা নাচ বা নৃত্য বোলা হয়৷[3]

সঁজুলি[সম্পাদনা কৰক]

মমিতা নৃত্যত “গাইল-চিয়া’’(উৰাল-মাৰি) আৰু ডলা নৃত্যৰ অংশ হিচাপে ব্যৱহাৰ কৰা হয় আৰু লেবাংতি নামৰ বাদ্য বজোৱা হয়৷ পিছলৈ নৃত্য কৰাৰ সুবিধালৈ চাই গাইল-চিয়াৰ সলনি বাঁহ ব্যৱহাৰ কৰা হয়৷ জুম খেতিৰ পৰা শস্য সংগ্ৰহৰ পাছত “গাইল-চিয়া’’ৰে ধান বনা হয়৷ এই গাইল-চিয়াৰেই উৎসৱৰ পাছত নৃত্য কৰা হয়৷[3]

মমিতা ওয়া মুসামো[সম্পাদনা কৰক]

ত্ৰিপুৰী উপজাতিবোৰৰ মাজত মমিতা বা ন-খোৱা উৎসৱ সকলোতে প্ৰচলন থাকিলেও উৎসৱ উপলক্ষে নৃত্যৰ প্ৰচলন দেখা যায় পশ্চিম ত্ৰিপুৰা জিলাৰ সদৰ অঞ্চল, সদৰ অঞ্চলৰ উত্তৰাংশ আৰু খোয়াই মহকুমাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ মাজতহে৷ অৱশ্যে উদ্দেশ্য একে হ’লেও স্থানভেদে পৰিৱেশন শৈলী ভিন্ন হোৱা দেখা যায়৷ সদৰৰ উত্তৰাংশৰ ত্ৰিপুৰীসকলে ইয়াক “মমিতা-ওয়া-মুসামো’’ বোলে৷ ওয়া মানে বাঁহ আৰু মুসামো মানে নৃত্য৷ [3]

নৃত্য শৈলী[সম্পাদনা কৰক]

নৃত্য শিল্পীসকলে প্ৰথমাৱস্থাত দুডাল চিয়া ওচৰাওচৰিকৈ মাটিত থৈ তাৰ ওপৰত আন দুডাল চিয়া বিপৰীতফালে সমানে থৈ এটা বৰ্গক্ষেত্ৰৰ দৰে কৰি চাৰিজন মানুহ বহি হাতেৰে চিয়া ধৰি দুবাৰ মাটিত খুন্দিয়ায় আৰু দুবাৰ চিয়া দুডালত সংঘৰ্ষ কৰে৷ এই তালৰ মাজতে যুৱক যুৱতীসকলে বৰ্গক্ষেত্ৰৰ মাজত ভৰি সুমুৱাই টনৃত্য কৰে৷ চিয়াবোৰ যথেষ্ট গধূৰ আৰু চুটি হোৱা বাবে ডাঙি ধৰি খুন্দিয়াবলৈ অসুবিধা আৰু বৰ্গক্ষেত্ৰৰো সংখ্যা কম হয়৷ সেয়ে, পাছলৈ চিয়াৰ সলনি বাঁহ ব্যৱহাৰ কৰিবলৈ লয়৷ এই নৃত্যত মুঠতে ১৬টা ভংগীমা প্ৰদৰ্শন কৰা হয়৷ যুৱক যুৱতীসকলে চাৰি মাত্ৰাৰ ছন্দত হাতত ডলা লৈ নৃত্য ক্ষেত্ৰত প্ৰৱেশ কৰে আৰু পূজাৰ উদ্দেশ্যে চোতাল পৰিষ্কাৰ কৰা কামকেই বিভিন্ন কৌশল আৰু ভংগীমাৰে প্ৰদৰ্শন কৰে৷ এই নৃত্যত হৰিণৰ জপিয়াই যোৱা গতিক বাঁহৰ শব্দ আৰু লেবাংতিৰ শব্দৰ মাজেৰে প্ৰকাশ কৰা হয়৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Encyclopaedia of Fairs & Festivals in India Soma Deb, B. Sinha - 2001 Mamita Festival This festival is observed in the Tripura state by the tribals like Jamatia, Tripura, and Noatia. Though there is no particular date for the celebration, but it is performed immediately after the harvesting is over, usually in the months of October— November every year.
  2. Oral tradition and folk heritage of North East India - 8187502029 Lalit Kumar Barua - 1999 Page 168 - Some tribes like the Jatias, Tripuri and Jamatia observe another festival connecting the harvest, namely Mamita festival which is the worship of a particular deity.
  3. 3.0 3.1 3.2 3.3 চক্ৰৱৰ্তী, শ্ৰীমতী (ড°) পদ্মিনী (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য : একটি সমীক্ষা. Directorate of Research, Government of Tripura. পৃষ্ঠা. ৮.