মাংস
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |

মাংস হল খাদ্য হিচাপে ব্যৱহাৰ কৰা জীৱ জন্তুৰ কলা। ই মুলতঃ মাংসপেশী আৰু চৰ্বি বুজায়।
মাংসৰ প্ৰকাৰ[সম্পাদনা কৰক]
- গৰুৰ পৰা বীফ আৰু ভিল।
- গাহৰিৰ পৰা পৰ্ক, হাম আৰু বেইকন।
- ছাগলীৰ পৰা মাটন।
- হৰিনৰ পৰা ভেনিচন।
- হাঁহ, কুকুৰা আৰু তাৰ্কিৰ পৰা পোল্ট্ৰী।
মাংস শব্দটো জন্তুৰ আন অংগ যেনে হৃদযন্ত্ৰ (কলিজা), যকৃৎ, অন্ত্ৰ আদিক বুজাব ব্যৱহাৰ কৰা হয়।
অসমীয়া ভাষাত মাংস মানে সাধাৰণতে ছাগলী আৰু কুকুৰাৰ মাংসক বুজোৱা হয় যদিও পাৰ আৰু হাঁহৰ মাংস কম পৰিমানে গ্ৰহন কৰা হয়। জনজাতিয় লোক সকলৰ মাজত গাহৰিৰ প্ৰচলন বেচি।
মাংসৰ উপাদান[সম্পাদনা কৰক]
প্ৰাপ্তবয়ষ্ক স্তন্যপায়ী জন্তুৰ মাংসপেশীত প্ৰায় ৭৫% পানী, ১৯% প্ৰটিন, ২.৫% চৰ্বি, ১.২% শৰ্কৰা আৰু ২.৩% অন্য দ্ৰবণীয় অ প্ৰোটিন পদাৰ্থ (যেনে এমিন' এচিদ, মিনাৰেল) থাকে। মাংসত যথেষ্ট পৰিমানত প্ৰটিন থাকে আৰু মাংসত সকলো প্ৰয়োজনীয় এমিন' এচিদ থাকে। মাংস জিংক, ভিটামিন বি ১২, চেলেনিয়াম, ফছফৰাছ, নিয়াচিন, ভিটামিন বি ৬, কোলাইন, ৰাইবোফ্লেভিন আৰু আইৰনৰ এটা ভাল উৎস। কিছুমান মাংসত ভিটামিন কে ও পোৱা যায়। মাংসত কিছু পৰিমানে কলেষ্টেৰল থাকে আৰু বহু কম পৰিমানে শৰ্কৰা আৰু আহ থাকে।
চৰ্বিৰ পৰিমাণ সাধাৰনতে জন্তুৰ প্ৰজাতি আৰু বংশৰ ওপৰত নিৰ্ভৰ কৰে। মাংসৰ চৰ্বি দুটা প্ৰকাৰত পোৱা যায় -
- আদিপোজ কলা , যাক শক্তি জমা ৰাখিবলৈ ব্যৱহাৰ হয় আৰু ইয়াত "সচা চৰ্বি" (ফেটি এচিদৰ লগত গ্লিচাৰলৰ এস্টাৰ) থাকে।
- ইন্ট্ৰামাচকুলাৰ চৰ্বি, যাৰ লগত যথেষ্ট পৰিমাণে ফচফোলিপিড আৰু কলেষ্টেৰল থাকে।
ৰঙা মাংস আৰু বগা মাংস[সম্পাদনা কৰক]
মাংস ৰঙা মাংস আৰু বগা মাংস এই দুই ভাগত ভগাব পাৰি। মাংসৰ ৰং এবিধ প্ৰটিন মায়োগ্লোবিনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে। মায়োগ্লোবিন অক্সিজেনৰ সংস্পৰ্শত অক্সিমায়োগ্লোবিনলৈ পৰিবৰ্তিত হয়। অক্সিমায়োগ্লোবিনৰ কাৰনে মাংসক ৰঙা দেখা যায়। মাংসৰ ৰঙা গুণ প্ৰজাতি আৰু বয়সৰ ওপৰতো নিৰ্ভৰ কৰে।
গৰু, গাহৰি আৰু ছাগলীৰ মাংসক ৰঙা মাংস আৰু কুকুৰা আৰু মাছক বগা মাংস বোলা হয়।