গাহৰিৰ মাংস
গাহৰিৰ মাংস হ'ল ঘৰচীয়া গাহৰিৰ পৰা পোৱা মাংসৰ ৰান্ধনপ্ৰণালী। ই বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত খাদ্য, গাহৰিৰ পোহনীয়া হোৱাৰ প্ৰমাণ খ্ৰীষ্টপূৰ্ব ৫০০০ চনৰ পৰাই পোৱা যায়। [1] [2] গাহৰিৰ মাংস সতেজ ৰন্ধা আৰু সংৰক্ষিত দুয়োটাতে খোৱা হয়।
অসমত চীনা তিব্বতীয় আৰু টাই সকলৰ মাজত গাহৰি মাংস অধিক জনপ্ৰিয় আৰু ইয়াক ট্ৰাইবেল খাদ্য' হিচাপে গণ্য কৰা হয়।[3] অসমৰ পৰম্পৰাগত গাহৰিৰ ব্যঞ্জন সমুহ হৈছে:- টাই-আহোমসকলৰ নুৱা-মু, মিচিং সকলৰ এগ-আদিন বনুম, ডিমাছাসকলৰ হ'ন'হেইন, উত্তৰ কাছাৰৰ চাঠো আৰু চাপাক, বড়োসকলৰ অমা বেদৰ্ত।[4][5] [6]পশ্চিমীয়া বিশ্বত বিশেষকৈ মধ্য ইউৰোপত গাহৰিৰ মাংস আটাইতকৈ জনপ্ৰিয় মাংস। ইয়াৰ উপৰিও পূব আৰু দক্ষিণ-পূব এছিয়াত (মূল দক্ষিণ-পূব এছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, পূব টিমৰ আৰু মালয়েছিয়া ) ই অতি জনপ্ৰিয়। চৰ্বিৰ পৰিমাণ আৰু টেক্সচাৰৰ বাবে এছিয়ান খাদ্যত বিশেষকৈ চীন মূলীয় দেশত এই মাংসৰ মূল্য অতিশয় বেছি। হাম, গামন, বেকন, আৰু চচ্চেজ সংৰক্ষিত গাহৰিৰ মাংসৰ উদাহৰণ।
কিছুমান ধৰ্ম আৰু সংস্কৃতিয়ে গাহৰিৰ মাংস খোৱাত নিষেধাজ্ঞা আৰোপ কৰে, বিশেষকৈ ইছলাম আৰু ইহুদী ধৰ্মত।
গাহৰিৰ মাংসৰ খাদ্যৰ গেলেৰী
[সম্পাদনা কৰক]-
পশ্চিমীয়া দেশত জনপ্ৰিয় চীনা খাদ্য মিঠা আৰু টেঙা গাহৰিৰ মাংস
-
টনকাটছু, জাপানীজ ব্ৰেডেড ডিপ ফ্ৰাইড গাহৰিৰ মাংসৰ কাটলেট
-
খাও মু ক্ৰপ মু দায়েং, থাই ক্ৰিস্পি আৰু ৰঙা গাহৰিৰ মাংস
-
গাহৰিৰ মাংস কিলবাছা, পোলিছ চচ্চেজ
-
শছাউফেলে (ফ্ৰাঙ্কোনিয়ান ভেৰিয়েণ্ট), দক্ষিণ জাৰ্মানীৰ গাহৰিৰ মাংসৰ কান্ধৰ খাদ্য
-
ফাইলেট দে পোৰক এ লা বোৰ্ডেলাইজ, ফৰাচী ষ্টাইলৰ গাহৰিৰ মাংসৰ টেণ্ডাৰলয়ন
-
ফিজোয়াডা, বীনৰ সৈতে সৰল পৰ্তুগীজ গাহৰিৰ মাংস, ব্ৰাজিলৰ জাতীয় খাদ্য
-
চিকাৰণ, স্প্যানিশ ভাজা গাহৰিৰ মাংসৰ খোচা, হিস্পানিক বিশ্ব জুৰি ব্যাপকভাবে বিতৰণ কৰা হয়
-
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বেকন বিস্ফোৰণ
-
ফিলিপাইনছৰ কাডিজ চহৰত ভাজি থকা লেচন।
-
গাহৰিৰ মাংস বিন্দালু, ভাৰতৰৰ গাহৰিৰ মাংসৰ টেঙা তৰকাৰী।
-
গাহৰিৰ মাংস তৰকাৰী – নেপালৰ ভজা গাহৰিৰ মাংসৰ টেঙা তৰকাৰী।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sources of Meat". Food and Agriculture Organization (FAO). 25 November 2014. Archived from the original on 2 March 2018. https://web.archive.org/web/20180302064207/http://www.fao.org/ag/againfo/themes/en/meat/backgr_sources.html। আহৰণ কৰা হৈছে: 19 November 2016.
- ↑ Crabtree, Pam J.; Campana, Douglas V.; Ryan, Kathleen (1989) (en ভাষাত). Early Animal Domestication and Its Cultural Context. UPenn Museum of Archaeology. ISBN 978-0-924171-96-3. Archived from the original on 6 February 2021. https://web.archive.org/web/20210206143622/https://books.google.com/books?id=5eHoyZ0nTaoC&q=pig+husbandry+5000+bc&pg=PA15। আহৰণ কৰা হৈছে: 19 October 2020.
- ↑ Simeon S. Magliveras 2019, Odysseys of Plates and Palates: Food, Society and Sociality - Page 117
- ↑ A.V. Shibu, B.Madhusoodana Kurup, M. Harikrishnan, M.R. Boopendranath, 2022 Impact of Climate Change on Hydrological Cycle, Ecosystem, Fisheries and Food Security page 431-432
- ↑ ফুকন,বৰুৱা (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ
- ↑ Pumpkin and Smoked Pork