সমললৈ যাওক

ডিমাছা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিমাছা জনগোষ্ঠী
বাইডিমা নৃত্যৰত এগৰাকী ডিমাছা যুৱতী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
ডিমা হাছাও জিলা
কাছাৰ জিলা
কাৰ্বি আংলঙৰ সমতল অঞ্চল
নগাঁও জিলা
নাগালেণ্ডডিমাপুৰ আৰু ধনশিৰি অঞ্চলত
ভাষাসমূহ

ডিমাছা ভাষা[1]

ধৰ্ম

হিন্দু ধৰ্ম  · খ্ৰীষ্টান ধৰ্ম[2]

ডিমাছা জনগোষ্ঠী (ইংৰাজী: Dimasa Tribe) হৈছে অসমৰ অন্যতম প্ৰাচীন চীনা তিব্বতীয় জনগোষ্ঠী[3] তেওঁলোকে ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে। অতীতত ডিমাছাসকলে ডিমাপুৰত ৰাজধানী পাতি বাস কৰিছিল। ডিমাছা শব্দৰ অৰ্থ হ'ল: ডি =পানী, মা=বৃহৎ, ছা= সন্তান, অৰ্থাৎ বৰনৈৰ সন্তান। ডিমাছাসকলে গাঁও পাতি বাস কৰে। কৃষিজীৱী হোৱা বাবে সাধাৰণতে তেওঁলোকে নৈ বা নিজৰাৰ পাৰৰ সাৰুৱা মাটিত বাস কৰে। গাঁৱৰ মুখিয়াল জনক খুনং বুলি কোৱা হয়। তেওঁক সকলো সময়তে সহায় কৰিবলৈ "দিলেক" বুলি অন্য এজন লোকো থাকে। ডিমাছাসকল ইণ্ডো-মংগোলীয় গোষ্ঠীৰ তিব্বত বৰ্মী ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত। ডিমাছাসকলৰ মৌখিক ভাষাই এতিয়া লিখিত ৰূপ পাইছে। ডিমাছসকলে ডিমাপুৰত  ১০৮৬চন মানত ৰাজ্য স্থাপন কৰা বুলি জনা যায়। ১৫৩৬চনত ডিমাপুৰ এৰি মাইবাঙত নতুন ৰাজ্য পাতে। ১৭৪৫চনত ডিমাছা ৰাজ্যৰ ৰাজধানী খাছপুৰলৈ স্থানন্তৰিত হয়। বৃটিছসকলে অসম অধিকাৰ কৰা পিছত এই ৰাজ্যও ইংৰাজ অধীন হৈছিল।

সমাজ-সংস্কৃতি

[সম্পাদনা কৰক]

ডিমাছাসকল সহজ-সৰল কৃষিজীৱি লোক। এওঁলোকে নিজস্ব দেৱতা পূজা পাতল কৰে আৰু পূৰ্ব-পুৰুষসকলক পূজা কৰে। ডিমাছাসকলৰ মাজত হিন্দু ধৰ্মাৱলম্বী লোক বহুত আছে। ডিমাছাসকলৰ নিজা ভাষা আছে। বিশিষ্ট সংস্কৃতিও আছে। উৎসৱ পাৰ্বণ আছে, প্ৰধান উৎসব হ'ল-ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা। বিশেষ ধৰণৰ সাজপাৰ আছে(মহিলাসকলে  ৰিগু ৰিজাম্ফাই  নামৰ এসাঁজ পিন্ধে। )তেওঁলোকৰ সমাজত কেইবাটাও গোত্ৰ বা ঠাল আছে আৰু একেই গোত্ৰৰ মাজত বিবাহ হোৱা নিষেধ। পৰম্পৰা অনুযায়ী পুতেকে বাপেকৰ সম্পত্তি পায় আৰু জীয়েকে বাপেকৰ সম্পত্তি পায়।

নামৰ উৎপত্তি আৰু বাসভূমি

[সম্পাদনা কৰক]

ডিমাছা ভাষাত 'ডিমা' মানে ডাঙৰ নদী, 'ছা' মানে সন্তান অৰ্থাৎ ডাঙৰ নৈৰ পাৰত বসবাস কৰা জাতি । তেওঁলোকৰ মূল বাসভূমি 'ডিমাপুৰ' শব্দই দাঙৰ নদীৰ পাৰত স্থিত নগৰক বুজায় । ধনশিৰী নদীৰ পাৰত অৱষ্ঠিত ডিমাপুৰৰ পূৰ্বৰ নাম হিড়িম্বাপুৰ । জনশ্ৰুতিমতে মহাভাৰতৰ যুগত ডিমাপুৰত ভীমৰ ঔৰসত আৰু হিড়িম্বাৰ গৰ্ভত বীৰ ঘটোৎকচৰ জন্ম হয় । ডিমাছাসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি পৰিচয় দিয়ে ।

১০৮৬ খৃষ্টাব্দত তেওঁলোকে ডিমাপুৰত ৰাজধানী পাতে, ১৫৩৬ খৃষ্টাব্দত ডিমাপুৰ এৰি মাইবাঙত ৰাজধানী পাতি ১৭৪৫ খৃষ্টাব্দলৈ শাসন চলায় । ১৭৪৫ খৃষ্টাব্দত ডিমাছাসকলে খাচপুৰত ৰাজধানী পাতে । উনবিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাত ডিমাছা ৰাজ্য ভাগি যায় । বৰ্তমান ডিমাছাসকল অসমৰ বৰাক উপত্যকা, নগাওঁ জিলা, কাৰ্বি আংলং, উত্তৰ কাছাৰ আদি ঠাইত বসবাস কৰি আছে ।

খেল বা গোত্ৰ

[সম্পাদনা কৰক]

ডিমাছাসকলৰ মাজত মাতৃপ্ৰধান আৰু পিতৃপ্ৰধান দুয়োটা সমাজ ব্যৱস্থা প্ৰচলন আছে । তেওঁলোকৰ পুৰুষসকলৰ মাজত চল্লিশটা গোত্ৰ আছে আৰু মহিলসকলৰ মাজত বিৰাল্লিশটা গোত্ৰ আছে । ডিমাছাসকলে একে গোত্ৰৰ মাজত হোৱা বিবাহ স্বীকাৰ নকৰে । ডিমাছা সমাজত ল'ৰাই পিতৃৰ সম্পত্তি পায় আৰু ছোৱালীয়ে মাতৃৰ সম্পত্তি পায় ।

উৎসৱ-অনুষ্ঠান

[সম্পাদনা কৰক]

ডিমাছাসকলে পালন কৰা জন্ম, মৃত্যু, বিবাহ ইত্যাদিৰ মাজেৰে তেওঁলোকৰ সাংস্কৃতিক জীৱন প্ৰতিভাত হৈছে ।

জন্ম সম্পৰ্কীয়

ডিমাছাসকলে 'হোজাইজিক' অৰ্থাৎ ধাইৰ হতুৱাই সন্তান জন্ম দিয়াই । ধাইৰ কামৰ সহায় কৰিবলৈ অন্য এগৰাকী মহিলা থাকে যাক 'বাৰু আজিক' বুলি কোৱা হয় । সন্তান জন্ম হোৱাৰ পিছত কেঁচুৱাৰ ওচৰ সম্বন্ধীয় এগৰাকী মহিলাই মাতৃদুগ্ধ পান কৰাত সহায় কৰে আৰু এইগৰাকীক 'আনুমাজিক' বোলা হয় । কেঁচুৱাক বাহিৰলৈ নোলোৱা দিনলৈকে ধাইগৰাকী কেঁচুৱাৰ ঘৰতে থকাটো নিয়ম ।

সন্তান জন্মৰ পিছত বাহঁৰ চেচুৰে নাভি কটা হয় । প্ৰসুতিক সুকীয়া কোঠাত ৰাখি অপদেৱতা ৰোধৰ বাবে দুৱাৰ খিৰিকিত 'ৰঙা বেত'ৰ টুকুৰা আঁৰি দিয়ে ।

সন্তান জন্মৰ দ্বিতীয় দিনা নদীলৈ গৈ গংগাদেৱীক স্মৰণ কৰি এটি কণী কাটে আৰু চাকি জ্বলাই নদীত উটাই দিয়ে । তৃতীয় দিনা এহাল কুকুৰা কাটি তাৰ তেজ তেওঁলোকৰ প্ৰধান দেৱতা 'শিব্ৰাই'লৈ আগবঢ়ায়। কুকুৰা মাংসৰ লগত চাউলৰ মদ 'জু-দি-মা' পৰিৱেশন কৰে । এই অনুষ্ঠানত পুৰুষৰ প্ৰৱেশ নিশেধ ।

কেচুৱাৰ নাই সৰিলে ছোৱালী হ'লে সাতদিনত আৰু ল'ৰা হ'লে নদিনত চুলি খোৰাই চোৱা পেলায় । কেচুৱাৰ এমাহ হ'লে বাহিৰলৈ উলিয়াই মংগল কামনা কৰি পিতৃক স্পৰ্শ কৰাই আৰু সধৱা নাৰীসকলে সূৰ্য দেৱতাক প্ৰণাম কৰে । সেইদিনা গাৱঁৰ মানুহক ভোজ-ভাত খোৱাই ধাই গৰাকীক সন্মানেৰে ঘৰত থই আহে ।

বিবাহ সম্পৰ্কীয়

শুক্লপক্ষৰ বুধবাৰ ন'হলে শুক্ৰবাৰে দৰাঘৰে ছোৱালী চাবলৈ যোৱাৰ নিয়ম । ছোৱালী পচন্দ হ'লে দৰাঘৰে কইনাঘৰক বিবাহৰ প্ৰস্তাৱ দিয়ে । কইনাঘৰ সন্মত হ'লে দৰাঘৰে সাতখিলা কলপাতত এক কিলোগ্ৰাম নিমখ, পোন্ধৰযোৰ তামোল-পান টমালেৰে সাতপাক দি কইনাঘৰলৈ প্ৰেৰণ কৰি 'ছান্দিদাংছেংবা' অনুষ্ঠান পালন কৰে ।

ইয়াৰ পাছত 'লাউঠাই' প্ৰথা পালন কৰে । মদৰ লাও আৰু পাচলি লৈ দৰাৰ সম্বন্ধীয় দুজন ভায়েকে কইনাৰ ঘৰলৈ যাত্ৰা কৰে । কইনা ঘৰত দৰাঘৰৰ লোকসকলক আদৰ কৰি বহিবলৈ দিয়া হয় । বিয়াৰ দিন বাৰ ঠিক কৰাৰ পিছত সাধ্য অনুযায়ী মাননী(কাল্টি) দিয়া হয় ।

বিয়াৰ দিনা কইনা গা ধোৱাবলৈ পূবমুৱাকৈ বেই সাজি দিয়া হয় । দৰা-কইনা উভয়কে গা ধুৱাবলৈ নদী, পুখুৰী বা কুঁৱাৰ পৰা লোটাৰে পানী অনা হয় ।

দৰাই ধুতি, বগা কুৰ্তা পিন্ধি ডিঙিত বগা বা হালধীয়া গামোচা লয় । কাপোৰ পিন্ধাৰ আগেয়ে মাছৰ লগত পাঁচবিধ আঞ্জাৰে দৰাক ভাত খোৱাৰ পিছত ছোৱালী আনিবলৈ যোৱাৰ নিয়ম । বাটত দৰা আগুচা নিয়ম ডিমাছাসকলৰ মাজত আছে । বিয়াৰ দিনা ব্ৰাইশিবাৰায়ৰ(শিৱ-পাৱৰ্তীৰ) নাম লৈ প্ৰসাদ আগবঢ়াই পুৰোহিতে পূজা-পাতল কৰে ।

দৰা-কইনাই জেষ্ঠজনৰ ওচৰত আঁঠু লৈ আৰ্শীবাদ লোৱাৰ পিছত সাতপাক ঘূৰি সেৱা জনায় । শ্ৰিবাই দেৱতাক সাক্ষী কৰি দৰাৰ দেউতাকে কইনাক বোৱাৰী হিচাপে গ্ৰহণ কৰে । বিয়াৰ তিনি,পাঁচ বা সাতদিনৰ দিনাহে দৰা নিজ গৃহলৈ কইনাক লৈ ওভতি যায় । দৰাঘৰলৈ যোৱাৰ পিছত কইনা পুনৰাই ঘৰলৈ ওভতি আহে । কইনা যেতিয়া পুনৰাই দৰাৰ ঘৰলৈ যায় তেতিয়া 'মাইয়াওৱা' অনুস্থান পাতি কইনাক দৰাৰ কুললৈ আদৰা হয় ।

মৃত্যু সম্পৰ্কীয়

মৃতকক ঘিলাগুটি, হালধী আৰু মাহ পিহি গা ধুৱাই দিয়ে পৰম্পৰাগত পোচাক পিন্ধায় । মৃতকক শ্মশানলৈ নিয়াৰ আগেয়ে ভাতৰ লগত লাওপানী সজাই দিয়ে । মৃতদেহ শ্মশানলৈ নিয়াৰ পিছত এগৰাকী মহিলাই এৱাঁ সূতা টুকুৰা-টুকুৰ কৰি ছটিয়াই যায় আৰু এগৰাকীয়ে খুচুৰা পইচা ছটিয়াই যায় । সাধাৰণতে মৃতকৰ পুত্ৰই মুখাগ্নি কৰে । অস্থি সংগ্ৰহ কৰি তীৰ্থত বিসৰ্জন দিয়া হয় ।

মৃত্যুৰ সাতদিনৰ দিনা দাহ কৰোঁতাসকলক লাওপানী আৰু নিৰামিষ ভোজন কৰোৱাই । শ্ৰাদ্ধৰ দিন সুবিধানু্যায়ী ঠিক কৰি লৈ কুকুৰা, গাহৰি আদি কাটি নিয়ম কৰি আত্মীয়-কুটুম্বক ভোজ-ভাত খোৱায় ।

বিহু বা বুছু উৎসৱ

ডিমাছাসকলৰ বিহু তিনিবিধ- বুচু জিদাব, বুচু চুৰেম আৰু বুছু হাংছেউ ।

বুছু জিদাব এদিনীয়াকৈ বা তিনিদিনীয়াকৈ পাতে । বুছু চুৰেম তিনিদিন বা পাঁচদিনলৈকে পালন কৰে । বুছু হাংছেউ ডাঙৰকৈ পালন কৰে । ডিমাছাসলকে পৰম্পৰাগত পোচাক, অলংকাৰ পৰিধাণ কৰে । খেল ধেমালী পাতি ভোজ ভাত খায় । এই দিন সাতদিন ধৰি চলে । ডাঙৰক আৰু ৰাইজক সেৱা কৰি আৰ্শীবাদ লয় ।

ধৰ্মবিশ্বাস

[সম্পাদনা কৰক]
এজন ডিমাছা পুৰোহিত

ডিমাছাসকলৰ বাৰটা ভাগৰ প্ৰত্যকৰে একোজনকৈ জণ্ঠাই বা পুৰুহিত থাকে । এই বাৰটা ভাগৰ ওপৰত 'গিছিয়া' বুলি মূল পুৰোহিত এজন থাকে ।

ডিমাছাসকলে ইশ্বৰক 'মাদাই' বোলে । প্ৰৰ্থনাক মাদাইবিৰা আৰু মাদাইহুৱা বোলে । গোঁসাই ঘৰক 'মাদাইখো' বোলে ।

ডিমাছাসকলে পূজাত ছাগলী, হাঁহ, কুকুৰা, পাৰ আদি বলি দিয়াৰ নিয়ম । শিৱক তেওঁলোকে প্ৰধান দেৱতা হিচাপে গণ্য কৰে ।

ভূত-ভৱিষ্য গণনা কৰাসকলক 'প্ৰাথ্ৰি' বোলা হয় । প্ৰাথিসকলক ডিমাচা ধৰ্ম আলোচনাত বিশেষ স্থান আছে ।

ডিমাছা নাৰীয়ে খাডুডিমা, কাণফুলি, চন্দ্ৰাৱলী, পোৱাল, ৰাংবাৰচা, খামাউঠাই, চামথক আদি পৰম্পৰাগত অলংকাৰ পৰিধান কৰে ।

লোকনৃত্য/লোকবাদ্য/লোকগীত

[সম্পাদনা কৰক]

মহিলাসকলে হাতত থাল লৈ 'বাই মাই জাই' নৃত্য প্ৰৰ্দশন কৰে । খ্ৰাম, মুড়ীৱামেছা, খ্ৰাম দুবুং, চুফিন, মুড়ী আদি পৰম্পৰাগত বাদ্যযন্ত্ৰ । উৎসৱত গোৱা আনন্দৰ গীত, বিয়া নাম, পূজা-পাৰ্বনত গোৱা স্তুতি প্ৰাৰ্থনা, মৃতকৰ বিদায়ৰ বাবে দুখৰ গীত আদি ডিমাছাসকলৰ মাজত প্ৰচলিত আছে ।

খাদ্যাভাস

[সম্পাদনা কৰক]

ডিমাছাসকলৰ মূল খাদ্য ভাত । ব্যঞ্জনত তেলৰ পৰিৱৰ্তে কলাখাৰ ব্যৱহাৰ কৰে । আদা, জলকীয়া, নহৰু মছলা হিচাপে ব্যৱহাৰ কৰে । কেঁচা শাক-পাচলী, বনৰীয়া শাক, বিভিন্ন মাছ-মাংস, চুঙাত দিয়া মাছৰ লগতে লাওপানী ডিমাছাসকলৰ প্ৰিয় খাদ্য ।

অৰ্থনৈতিক অৱস্থা

[সম্পাদনা কৰক]

ডিমাছাসকলৰ প্ৰধান জীৱিকা কৃষিকৰ্ম । ম'হ পালন কৰি বিক্ৰি কৰে । মাকৈ, কপাহ, তিল, সৰিয়হ আদি ৰপ্তানি কৰে । এৰাগছৰ খেতি কৰি এৰীপলু পোঁহে । সাজ-পোচাক নিজে বই লয় । নানা ধৰণৰ বাঁহ-বেতৰ সজুলি তৈয়াৰ কৰে ।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dimasa Kachari". Assam Electronics Development Corporation Ltd Guwahati, Assam. ২০১১. Archived from the original on May 30, 2013. https://web.archive.org/web/20130530165506/http://online.assam.gov.in/tribes_of_assam#Dimasa। আহৰণ কৰা হৈছে: October 13, 2012. 
  2. [Not available online. Available only in CD. "Census of India - Socio-cultural aspects, Table ST-14"]. Government of India, Ministry of Home Affairs. Not available online. Available only in CD.. 
  3. LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]