সমললৈ যাওক

ফাকে জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাইফাকে
মুঠ জনসংখ্যা
৮০০০
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, অৰুণাচল প্ৰদেশ
ভাষাসমূহ

টাইফাকে ভাষা

ধৰ্ম

থেৰাবাদী বৌদ্ধ ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

টাই জাতি, অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী।[1] এওঁলোক এটা ক্ষুদ্ৰ জনগোষ্ঠী। গ্ৰীয়েৰ্চনৰ মতে ফাকেসকল ১৭৬০ চনত অসমত প্ৰৱেশ কৰিছিল৷[2] ১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটে। অসমডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ নামফাকে, টিপামফাকে,বৰফাকিয়াল, নিংগাম, ফানেং আদি গাঁৱৰ লগতে অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাত এই জনগোষ্ঠীৰ সীমিত সংখ্যক লোকে বাস কৰি আহিছে।[1] দক্ষিণ-পূব এছিয়াৰ পৰা প্ৰব্ৰজন কৰা টাই জনগোষ্ঠীকেইটা হ’ল, আহোম৷ খামতি, আইতন, খাময়াং, তুৰুং আৰু ফাকেসকল৷[2] ফাকে সকলক ফাকেয়াল বা ফাকে নামেৰেও জনা যায়। টাইফাকে সকলৰ জনসংখ্যা প্ৰায় ৮০০০ মানহে হ’ব বুলি ঠাৱৰ কৰা হৈছে।[1] এই সীমিত জনসংখ্যাই বৰ্তমান গোষ্ঠীটোৰ জাতীয় জীৱনৰ প্ৰতিটো দিশতে নেতৃত্ব বহন কৰিবলগীয়া হৈছে। ভাষা-সাহিত্য, গীত-মাত, পৰম্পৰাগত আচাৰ-অনুষ্ঠান, উৎসৱ, সাজপাৰ, খাদ্যাভাস আদি সকলো ক্ষেত্ৰত তেওঁলোকে সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। তেওঁলোকৰ মূল ধৰ্ম হ'ল থেৰাবাদী বৌদ্ধ ধৰ্ম,[2] মূল ভাষা টাই ফাকে ভাষা আৰু আৰু মূল লিপি টাই ফাকে লিপি

ধৰ্ম-সংস্কৃতি আৰু পৰম্পৰা[সম্পাদনা কৰক]

টাইফাকেসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। হুকং উপত্যকাত বসবাস কৰাৰ সময়ৰ পৰাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাত তেওঁলোকৰ সমাজত বৰ্তমানে লোক পৰম্পৰাৰ লগতে ধৰ্মীয় পৰম্পৰায়ো যথেষ্ট গুৰুত্ব লাভ কৰি আহিছে। তেওঁলোকে পালন কৰা উৎসৱ, লোকাচাৰ, সামাজিক অনুষ্ঠান আদিত পৰম্পৰাগত লোক বিশ্বাস আৰু ধৰ্মীয় ৰীতি-নীতিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁলোকে পালন কৰা অনুষ্ঠানসমূহৰ বৈশিষ্ট্য অনুৰূপে টাইফাকেসকলৰ উৎসৱক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে- লোক উৎসৱ বা পৰম্পৰা আৰু ধৰ্মীয় উৎসৱ বা পৰম্পৰা। অৱশ্যে কোনো এটা অনুষ্ঠানকে স্পষ্টকৈ বিভক্ত কৰিব পৰা নাযায়।

পাটকাই পাৰ হৈ অসমলৈ প্ৰব্ৰজন[সম্পাদনা কৰক]

হুকং উপত্যকাত ফাকে ৰাজ্যৰ পতন ঘটাৰ পাছত ফাকেসকলে পাটকাই অতিক্ৰম কৰি ১৭৭০ ৰ পৰা অসমলৈ প্ৰব্ৰজনৰ প্ৰস্তুতি চলায়। তথ্য অনুসৰি ১৭৭৫ত টাইফাকেসকলে পাটকাই পাৰ হৈ অসমভূমিলৈ প্ৰব্ৰজন কৰিছিল। পাংচাও গিৰিপথেদি এই টাইফাকে দলটো আহিছিল। তেওঁলোকে আহি প্ৰথমে পাটকাই পৰ্বতৰ য’ত আশ্ৰয় গ্ৰহণ কৰিছিল সেয়া বৰ্তমানে পাংচাও হিচাপে জনাজাত হৈ পৰে। টাই ভাষাত পাং মানে ঠাই বা অঞ্চল আৰু চাও মানে জিৰণি লোৱা ঠাই। পাংচাওত কিছুদিন কটাই তেওঁলোকে নংতাও (বৰ্তমান অৰুণাচল)ত প্ৰথমে বসতি স্থাপন কৰে। নং মানে পুখুৰী আৰু তাও মানে শেলুৱৈ। অৰ্থাত্‌ শেলুৱৈৰে পৰিপূৰ্ণ পুখুৰী বা বিলৰ পাৰত বসবাস কৰিছিল বাবে ঠাইখনৰ নাম নংতাও হিচাপে জনা গৈছিল। নংতাওত বসবাস কৰা সময়ছোৱাত ফাকেসকল খামতিসকলৰ সান্নিধ্যলৈ আহে আৰু ১৭৯৭ শদিয়াখোৱা গোসাঁইৰ বিৰুদ্ধে খামতিসকলে কৰা বিদ্ৰোহৰ সময়ত টাইফাকেসকলে খামতিসকলক সহযোগ কৰে।[2] তেওঁলোকৰ বসতি শদিয়ালৈ বিস্তৃত হয়। পৰৱৰ্তী সময়ত আহোম ৰজাই বিদ্ৰোহ দমন কৰি ফাকেসকলক তাৰ পৰা নি আহোমসকলৰ শেষ ৰাজধানী যোৰহাটৰ সমীপৰ দিচৈ নদীৰ পাৰত (বৰ্তমান ককিলামুখ) বহুৱায়। বুৰঞ্জীৰ তথ্য অনুসৰি মানৰ অসম আক্ৰমণৰ পাছত মান সেনাপতিয়ে ফাকেসকলক নিজ দেশলৈ পুনৰ উভতি যাবলৈ নিৰ্দেশ দিয়ে আৰু ফাকেসকলে ১৮১৭ মানত মান সৈন্যৰ স’তে উভতি গৈ বৰ্তমানৰ অৰুণাচলৰ নামচিক পায়গৈ। কিন্তু সেইখিনি পোৱাৰ লগে লগে বাৰিষা আৰম্ভ হোৱাত প্ৰাকৃতিক দুৰ্য্যোগৰ আশংকা কৰি মান সেনাপতিৰ সন্মতি সাপেক্ষে ফাকেসকল নামচিকতে থাকি যায় আৰু মানসকল ঘূৰি যায়। পৰৱৰ্তী সময়ত অসম ব্ৰিটিছৰ অধীন হোৱাত ফাকেসকল পুনৰ ভৈয়ামলৈ উভতি আহে আৰু ১৮২৬-২৭ মাৰ্ঘেৰিটাৰ সমীপত বুঢ়ীদিহিং নদীৰ পাৰত ইংথঙত বসবাস কৰিবলৈ লয়। কিছু বছৰৰ পাছত তেওঁলোক সামান্য উজাই বৰফাকে গাঁও প্ৰতিষ্ঠা কৰে। এইখনে হৈছে বৰ্তমান টাইফাকেসকলৰ অস্তিত্ব বহনকাৰীৰ আটাইতকৈ পুৰণি টাইফাকে গাঁও। তাৰ পাছত তেওঁলোকে কিছু বছৰৰ বাবে বসবাস কৰা আৰু বৰ্তমান অস্তিত্ব নথকা গাঁওসমূহৰ ভিতৰত কেইখনমান হ’ল-নংচেং, ক’নয়েট’, চায়াকুং, পাৱৈ, শিলিখাজান, টিৰাপ, টিপলিং আদি।

টাইফাকে সকলৰ সমাজ জীৱন[সম্পাদনা কৰক]

আধুনিক প্ৰযুক্তিয়ে স্পৰ্শ কৰিলেও টাইফাকেসকলৰ জনজীৱন সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে চলি আহিছে। পূৰ্বৰ নিচিনাকৈ এতিয়াও তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদানৰ বাবে নিজা ভাষা, পৰম্পৰাগত গীত-মাত, লোকবিশ্বাস, উৎসৱ, সাজপাৰ, খাদ্যাভাস আদি প্ৰচলিত হৈ আহিছে। ব্ৰিটিছ শাসনৰ সময়ত তেওঁলোকৰ দুই এজনে ৰাজনীতিক সুবিধা লাভ কৰি মৌজাদাৰৰ দৰে পথ লাভ কৰিছিল

টাইফাকে সকলৰ বসতি স্থান[সম্পাদনা কৰক]

অসমত সম্প্ৰতি মুঠ নখন টাইফাকে গাঁও আছে। ইয়াৰে সাতখন তিনিচুকীয়া জিলাত আৰু বাকী দুখন ডিব্ৰুগড় জিলাত অৱস্থিত। ডিব্ৰুগড় জিলাত থকা গাঁও দুখন হ’ল-নাহৰকটীয়াৰ ওৱৰত নামফাকে আৰু টিপামফাকে গাঁও। আনহাতে তিনিচুকীয়া জিলাৰ গাঁও সাতখন হ’ল-মাৰ্ঘেৰিটাৰ ওচৰৰ বৰফাকে গাঁও, মানম’ গাঁও, নংলাই গাঁও, লিডুৰ ওচৰৰ লংফাকে আৰু মৌংলাং গাঁও, টিৰাপ গেটৰ কাষত থকা নিংগাম গাঁও, অৰু জাগুনৰ কাষত থকা ফানেংফাকে গাঁও। ইয়াৰ উপৰি অন্য জনগোষ্ঠীৰ স’তে বিভিন্ন ঠাইত পৰিয়াল হিচাপে টাইফাকে লোক বসবাস কৰা অঞ্চল হ’ল-অৰুণাচলৰ নামচাই, ইনাও, বৰডুমচা, গুজু, ৱাগুন, অসমৰ মাৰ্ঘেৰিটা, নাহৰকটীয়া, ডিব্ৰুগড় আদি।

বাসগৃহ[সম্পাদনা কৰক]

আন কে’বাটাও জনগোষ্ঠীৰ নিচিনাকৈ টাইফাকেসকলেও সাধাৰণতে চাং ঘৰত বসবাস কৰে। চাং ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে বিশেষ নীতি অৱলম্বন কৰা দেখা যায়। চাং ঘৰ সমূহ টাইফাকে সকলে উত্তৰা-দক্ষিণাকৈ নিৰ্মাণ কৰে। এটা তুলনামূলকভাৱে ডাঙৰ আৰু আনটো কিছু সৰুকৈ নিৰ্মাণ কৰা হয়। ডাঙৰটো চ’ৰাঘৰ, শোৱা কোঠা, প্ৰাৰ্থনা গৃহ আদিৰ বাবে আৰু সৰু আকাৰৰ চাংঘৰটো পাকঘৰ আৰু অন্যান্য ঘৰুৱা কাম-কাজৰ বাবে ব্যৱহাৰ কৰে। প্ৰায় ছ্য়-সাত ফুট ওখকৈ নিৰ্মাণ কৰা চাংঘৰসমূহ বিভিন্ন কামৰ বাবে ব্যৱহাৰ হোৱা অনুসৰি বিভিন্ন নামেৰে জনা যায়। যেনে-চ’ৰাকোঠাটোক ’কান নক্‌’, শোৱাৰ বাবে ব্যৱহাৰ কৰা কোঠাক ’কান নন্‌’, প্ৰাৰ্থনা গৃহ বা কোঠাক ’খকটাং চম’, ৰান্ধনি গৃহ বা পাকঘৰক ’হৌন অন্‌’, আদি। তেওঁলোকৰ পাকঘৰবোৰো চাংঘৰৰৰ ওপৰত বিশেষ পদ্ধতিৰে নিৰ্মাণ কৰা হয়।

সাজ-পাৰ[সম্পাদনা কৰক]

টাই ফাকে পুৰুষসকলে কঁকাললৈকে পৰা চোলা আৰু আঁক-বাক থকা লুঙী পৰিধান কৰে৷ চুলি দীঘলকৈ ৰাখি মাজমূৰত খোপা বান্ধি ৰাখে, খোপা পাগুৰীৰে আবৃত থাকে৷ শৰীৰৰ বিভিন্ন অংগত অলংকাৰ পিন্ধে৷ কাণত জাংফাই কেৰু আৰু কান্ধত ৰং-বিৰঙী মোনা ওলোমাই থয় আৰু কঁকালৰ খোচনি এখন দা থাকে৷ মহিলাসকলে ৰঙীণ আঁচুৰে বোৱা মেখেলা (চিন), চোলা (চূউ) পিন্ধি বুকুত মেথনি মাৰি দুয়োটা আগ ওলোমাই চাদৰ(নাংৱাত) পিন্ধে৷ সাজ-পাৰবোৰত তেওঁলোকে নানা বৰণীয়া সূতা ব্যৱহাৰ কৰে৷ ডিঙিত সোণ বা ৰূপৰ মাদলী, কাণত জাংফাই কেৰু, খোপাত সোণ বা ৰূপৰ ফুল, আঙঠি(লাংচ), ৰূপৰ খাৰু(বেন)পৰিধান কৰে৷[3]

টাইফাকেসকলৰ খাদ্যসম্ভাৰ[সম্পাদনা কৰক]

টাইফাকেসকলৰ সুস্বাদু আহাৰে সকলোকে মুগ্ধ কৰি আহিছে। তেওঁলোকৰ খাদ্যাভাসৰ এক সুকীয়া বৈশিষ্ট্য আছে। টাইফাকেসকলে গ্ৰহণ কৰা উল্লেখনীয় খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে ভাপত প্ৰস্তুত কৰা টোপোলা ভাত। টাইফাকে ভাষাত ইয়াক কোৱা হয় ’খাও হ’ উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক ’ফা ফ’ক’ , নাং ৱাত পজুং , ’থোং মক’ , অদি। এই সাজ-পোছাকবোৰ বওঁতে ছ’টা ৰং ব্যৱহাৰ কৰা হয়। তেওঁলোকে বোৱা কাপোৰৰ বয়নশৈলী অসমৰ অন্য জনগোষ্ঠীতকৈ পৃথক। সেইবাবে তেওঁলোকে পৰিধান কৰা সাজ-পোছাকৰ পৰাই লোক এজন টাইফাকে হয় নে নহয় তাক ধৰিব পাৰি।

নৃত্য গীত[সম্পাদনা কৰক]

অসমৰ অন্য জনগোষ্ঠীসমূহৰ নিচিনাকৈ টাইফাকে সমাজতো বিভিন্ন ধৰণৰ লোক গীতৰ প্ৰচলন আছে। ইয়াৰ ভিতৰত প্ৰধান লোকগীত সমূহ হ’ল-’চাঐ (বনগীত ধৰ্মী), ’চয়য়য়’ (কৃষিৰ সম্বন্ধীয় গীত), ’খ্যে খ্যাং’ (এজনে আগধৰি আৰু পিছত সমূহীয়াকৈ তাক অনুকৰণ কৰি গোৱা গীত), ’খাম নন চ্ছান’ ’খাম পু চন লাল’ (ককাই নাতিক নীতিশিক্ষা দিয়া গীত, ’খাম লাও লুক অন’ (নিচুকণি গীত) আদি। সময়ৰ লগে লগে অঞ্চল বিশেষে এই গীতবোৰৰ চৰ্চা কমি আহিছে যদিও এতিয়াও টাইফাকে সকলৰ মাজত গীতসমূহৰ আদৰ দেখিবলৈ পোৱা যায়। এই জনগোষ্ঠীৰ মাজত বিভিন্ন লোক নৃত্য প্ৰচলিত আছে। বাদ্য যন্ত্ৰৰ ভিতৰত উল্লেখযোগ্য বাদ্যসমূহ হ’ল-’কংলৌ’ (ঢোল), ’ছেং’ (বৰতাল সদৃশ), ’যাং লৌং’, ’কেচে’ আদি। ৰাজহুৱা অনুষ্ঠান উত্সাৱসমূহত এইবোৰ বাদ্যৰ প্ৰচলন আজিও দেখা যায়।

বিবাহ পদ্ধতি[সম্পাদনা কৰক]

টাইফাকেসকলৰ সমাজত বিবাহ পদ্ধতি সাধাৰণতে দুই প্ৰকাৰৰ। আনুষ্ঠানিকভাৱে আয়োজন কৰা বিবাহ পদ্ধতি আৰু পলুৱাই নি কৰা বিবাহ। অৱশ্যে তেওঁলোকৰ বিবাহত দৰা পক্ষতকৈ কইনা পক্ষই অধিক গুৰুত্ব লাভ কৰা দেখা যায়। বিয়াৰ দিনা দৰা পক্ষই কইনা পক্ষৰ আলহী-অতিথিসকলৰো আপ্যায়নৰো জা-যোগাৰ কৰিবলগীয়া হয়। অৱশ্যে এই নিয়ম বাধ্যতামূলক নহয়। বিবাহ অনুষ্ঠানবোৰ এদিনীয়াকৈ আয়োজন কৰা হয়। পুৱাৰ ভাগত দৰা পক্ষই কইনাৰ ঘৰলৈ গৈ কইনা সজাই আৰু গধূলি কইনা অনাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ যায়। বিবাহ সম্পন্ন হোৱাৰ পিছদিনাই কইনাৰ মাকৰ ঘৰলৈ উভতি যোৱাত কোনো ধৰণৰ বাধা নাই। পলুৱাই নি বিবাহ কৰাবোৰৰ ক্ষেত্ৰতো পাছত ৰাইজক আমন্ত্ৰণ কৰি এসাঁজ ভাতেৰে বিবাহৰ সকলো আনুষ্ঠানিকতা পালন কৰিব লাগে।

মৃতকৰ সৎকাৰ[সম্পাদনা কৰক]

জন্ম আৰু বিবাহৰ নিচিনাকৈ মৃতকৰ সৎকাৰৰ আৰু তাৰ পৰৱৰ্তী ক্ৰিয়াকৰ্ম কৰাৰ ক্ষেত্ৰত বহু নীতি-নিয়ম মানি চলে টাইফাকেসকলে। মৃতকৰ ক্ৰিয়াকৰ্ম সম্পৰ্কে তেওঁলোকৰ মাজত এখন লিখিত পুথি আছে। এই পুথিখনৰ প্ৰায় ১৬১ বিধ প্ৰক্ৰিয়াৰে মৃত্যু সৎকাৰৰ বিধি উল্লেখ আছে। সাধাৰণতে তেওঁলোকে মৃতকৰ সৎকাৰৰ ক্ষেত্ৰত দুই ধৰণৰ নিয়ম মানি চলা পৰিলক্ষিত হয়। স্বাভাৱিকভাৱে মৃত্যু হ’লে দাহ কৰা হয় অৰু অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত যেনে-দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ’লে, ঘৰৰ বাহিৰত হোৱা মৃত্যু, গৰ্ভৱতী অৱস্থাত হোৱা মৃত্যু, সাপ বা অন্য জন্তুৰ আক্ৰমণত হোৱা মৃত্যুৰ ক্ষেত্ৰত মৃতদেহ দাহ নকৰি কবৰ দিয়া হয়। তদুপৰি স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত মৃত্যুৰ দিনাৰ পৰা একেলেথাৰিয়ে সাতদিন ধৰি মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন চলে। অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত সাতদিনৰ সলনি এদিন আৰু সেই অনুষ্ঠান মৃত্যুৰ দিনা নকৰি পাছত কৰা হয়। স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত শ্ৰাদ্ধৰ অনুষ্ঠানৰ ষষ্ঠ অথবা সপ্তম দিনা তিনিখন শুধ বগা কাপোৰেৰে নিৰ্মিত নিচান (তাংখন) উত্তোলন কৰি অনুষ্ঠান শেষ কৰা হয়। তেওঁলোকৰ মৃতকৰ লগত জড়িত অনুষ্ঠানসমূহত ধৰ্মীয় গুৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। শ্ৰাদ্ধ-অনুষ্ঠানৰ শেষৰ দিনা মৃতকে ব্যৱহাৰ কৰা প্ৰায় সকলো সামগ্ৰী দান দিয়াৰ লগতে টাই পুথি দান দিয়া পৰম্পৰা চলি আহিছে।

জন্ম সম্পৰ্কীয় বিশ্বাস[সম্পাদনা কৰক]

জন্ম, বিবাহ আৰু মৃত্যু সম্পৰ্কে টাইফাকে সকলৰ মাজত কিছুমান আচাৰ-নীতি আৰু বিশ্বাস প্ৰচলিত আছে। তেওঁলোকৰ সমাজত কেঁচুৱা নামকৰণক লৈ অনুষ্ঠান আয়োজন কৰা হয়। সাধাৰণতে এই অনুষ্ঠান কেঁচুৱাৰ জন্মৰ বিশদিনৰ পৰা দুমাহৰ ভিতৰত কৰা হয় আৰু ই বাধ্যতামূলক। এই অনুষ্ঠানত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সদ্যোজাত কেঁচুৱাক এটি পাত্ৰত গা ধুৱায় আৰু আনুষ্ঠানিকভাৱে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই মুকলি আকাশৰ তললৈ আনি মাটি স্পৰ্শ কৰায়। এনে কৰোঁতে সন্তানটো ল’ৰা হ’লে লগত যাঠি, জোং, দা, তৰোৱাল আদি নিয়া হয় আৰু ছোৱালী হ’লে লগত তাঁতৰ সা-সৰঞ্জাম আদি নিয়া হয়। টাইফাকে সমাজত থকা বিশ্বাস অনুসৰি এনে কৰিলে ল’ৰা সন্তান লোৰ দৰে কঠিন আৰু কন্যা সন্তানসকল তাঁতৰ শিল্প কৰ্মত নিপুণ হয়। সকলো লোককে বিস্কুট আৰু চেনিৰ টোপোলা বিতৰণ কৰে।

ভাষা-সাহিত্য[সম্পাদনা কৰক]

ভাষা-সাহিত্যক প্ৰতিটো জাতি, জনগোষ্ঠীৰ প্ৰাণস্পন্দন বুলি কোৱা হয়। টাইফাকে সকলৰ ভাষা-সাহিত্যও তেওঁলোকৰ স্বকীয় পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকে টাইফাকে ভাষাত ভাৱৰ আদান-প্ৰদান কৰে। এই ভাষাৰ নিজা লিপিও আছে। সেই বাবে অতীত কালৰ পৰাই তেওঁলোকৰ মাজত পুথি লিখাৰ পৰম্পৰা চলি আহিছে। টাইফাকে সকলৰ মাজত শ শ বছৰ পুৰণি পুথি-পাঁজি সংৰক্ষিত হৈ আছে আৰু বৰ্তমান সময়তো তেওঁলোকৰ মাজত লিখন প্ৰথা অতি জনপ্ৰিয়। টাইফাকে সকলৰ সমাজ ব্যৱস্থাত পুথি দানৰ পৰম্পৰাক এক সন্মানজনক পৰম্পৰা হিচাপে গণ্য কৰা হয়। সেই বাবে ভাষা শিক্ষাৰ লগতে পুথি লিখাৰ পৰম্পৰা আগৰ দৰে চহকী হৈ আছে। তেওঁলোকৰ সমাজত টাইফাকে সকলৰ ৰাজবংশাৱলী আৰু জাতীয় বুৰঞ্জীৰ উপৰি ৰামায়নৰ টাই সংস্কৰণ ’লামামাং’, মহাভাৰতৰ টাই সংস্কৰণ ’ধম্মা পুত্ৰাম’ আদিৰ দৰে মূল্যবান পুথিও সংৰক্ষিত হৈ আছে। ভাষা চৰ্চাৰ ক্ষেত্ৰত চহকী বাবেই তেওঁলোকৰ সামাজিক বিধানবোৰো লিপিবদ্ধ ৰূপত সংৰক্ষিত হৈ থকা দেখিবলৈ পোৱা যায়।

ইতিহাসৰ পাতত টাইফাকে জনগোষ্ঠী[সম্পাদনা কৰক]

টাইফাকে সকলৰ ইতিহাস অতিশয় প্ৰসিদ্ধ। তেওঁলোকৰ সমাজত থকা বিভিন্ন পুথি-পাঁজিৰ পৰা টাইফাকে সকলৰ ইতিহাস ১২১৫লৈ উদ্ধাৰ কৰা হৈছে। টাইফাকে সকলৰ ইতিহাস খুচৰিলে পোৱা যায় যে ১২১৫ৰ পৰৱৰ্তী সময়ত চুকাফাই ’মৌংনুন চৌন খাম’ (সোণালী শস্যৰ দেশ) অভিযান আৰম্ভ কৰাৰ সমসাময়িক সময়ত মাওলুং ৰাজ্যৰ সিংহাসনত বহিয়েই ’চৌখানফাই’ ৰাজকুমাৰ চাও টাই ফৌউক ফাকে ৰাজ্য শাসন কৰিবলৈ পাঠাইছিল। লিক খৌ খুন পুথিত ফাকে জাতিৰ উত্পত্তিৰ বিষয়ে এনেদৰে উল্লেখ আছে- অঞ্চলটোত প্ৰকাণ্ড শিলে ফাট মেলিছিল আৰু সেই অঞ্চলত বসবাস কৰা কাৰণে লোকসকলক ফাকে ৰাজ্যৰ মানুহ আৰু ৰজাৰ নামো ফাকে ৰজা বুলি নামকৰণ কৰা হ’ল। ফাকে নামৰ উৎপত্তি সম্পৰ্কে অন্য কিছুমান প্ৰবাদো প্ৰচলিত আছে যদিও উল্লিখিত প্ৰবাদসমূহহে এই জনগোষ্ঠীৰ লোকসকলে গ্ৰহণ কৰে। ফাকে ৰাজ্যৰ ভৌগোলিক অৱস্থিতি হ’ল পাটকাইৰ সিপাৰে থকা হুকং উপত্যকা। বুৰঞ্জীৰ তথ্য অনুসৰি চুকাফাই অসম অভিযানৰ সময়ত হুকং উপত্যকাত বসবাস কৰা ফাকে ৰাজ্য পাৰ হৈ আহিছিল। আহোমসকলে অসমলৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়তে সমসাময়িকভাৱে ফাকে সকলেও হুকং উপত্যকাতেই ৰাজ্য পাতি বসবাস কৰিছিল। কেইবাশতিকা জুৰি টাইফাকে সকলে স্বাধীনভাৱে ৰাজত্ব চলোৱাৰ অন্তত মান ৰজাৰ আগ্ৰাসনৰ ফলত অৱশেষত ফাকে ৰাজ্য ধ্বংসপ্ৰাপ্ত হয় আৰু মানৰজাৰ অধীনলৈ যায়। হুকং উপত্যকাৰ ফাকে ৰাজ্যৰ উত্থান-পতনৰ বিষয়ে’লিক খৌ মৌং’ আৰু লিক খৌ খুন’ত কিছু পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 William J. Gedney (1992). Papers on Tai Languages, Linguistics, and Literatures: In Honor of William J. Gedney on His 77th Birthday. Northern Illinois University, Center for Southeast Asian Studies. p. 14. ISBN 1-877979-16-3.
  2. 2.0 2.1 2.2 2.3 গগৈ ফুকন, ড° বন্তি ৰাণী (২০০২). অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি. পূৰ্বাঞ্চল টাই সাহিত্য সভা. পৃষ্ঠা. ১৮. 
  3. গগৈ, চাও লোকেশ্বৰ (২০০৯). অসমৰ লোকসংস্কৃতি. ক্ৰান্তিকাল প্ৰকাশন. পৃষ্ঠা. ১৬৭. 

উৎস প্ৰসংগ[সম্পাদনা কৰক]

  • অগ্ৰদূত কাকতৰ বৃহস্পতিবাৰৰ পৰিপুৰিকা, ১০ মে ২০১২ চন
  • লিক খৌ খুন (ৰাজবংশাৱলী)
  • লিক খৌ মৌং (জাতীয় বুৰঞ্জী)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]