খেলমা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উত্তৰ-পূব ভাৰতৰ প্ৰাচীন কুকি জনগোষ্ঠীসমূহৰ ভিতৰত খেলমা বা সাকাচেপ অন্যতম। তেওঁলোকে ডিমা হাচাও, কাৰ্বি আংলং, জয়ন্তিয়া পাহাৰকে ধৰি অসমৰ কেইবাটাও অঞ্চলত বাস কৰে। তাৰোপৰি নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো বসবাস কৰে।।[1]

সংস্কৃতি[সম্পাদনা কৰক]

তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতি আৰু অভ্যাস চিন-কুকি জনসংখ্যাৰ আন জনগোষ্ঠীৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। ডিমা হাচাও জিলাৰ বাসিন্দাসকলৰ ভিতৰত খেলমা অন্যতম সৰু সম্প্ৰদায়। ভাষা, ৰীতি-নীতি আৰু পৰম্পৰাৰ ফালৰ পৰা খেলমা বংশৰ বিয়াতে আৰু হাৰংখোলৰ লগত বহুত মিল আছে। পূৰ্বতে চুবুৰীয়া ভৈয়ামৰ থলুৱা লোকৰ দৰে মৃতদেহ দাহ কৰিছিল। কিন্তু পিছলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। কিছুমান ক্ষেত্ৰত পৰম্পৰাগত প্ৰভাৱো খ্ৰীষ্টান বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ সৈতে জড়িত হৈ পৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Soppitt, C. A. (1893). A Short Account of the Kuki–Lushai Tribes of the North-East Frontier (Districts Cachar, Sylhet, Naga Hills and Dima Hasao etc.) With An Outline Grammar of the Rangkhol-Lushai Language and a Comparison of Lushai With Other Dialects. (Reprint, 1976). Firma-KLM Pvt. Ltd..