টাংছা জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
টাংছা জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, অৰুণাচল প্ৰদেশ
ভাষাসমূহ

অসমীয়া ভাষা (অসমত বসবাস কৰাসকলে), লিখিত ভাষা নাই

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম ইত্যাদি

টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।[1]

অসমলৈ প্ৰৱেশ[সম্পাদনা কৰক]

ফালেম কিমচিঙৰ মতে টাংছাসকল অসমত প্ৰৱেশ কৰা পথটো এনেধৰণৰ-মাছাই ছিংগ্ৰাপুমৰ পৰা চানফো পুম। তাৰ পাছত ক্ৰমে মুংখোম টান, টানাই ৱাকৰাপ মিল্ক, টাইচ্চা নদী পাৰ হৈ পাটকাই পালে। তাৰ পাছত পাটকাই পাৰ হৈ অসম, অৰুণাচললৈ বিয়পি পৰে। এনেদৰে টাংছাসকল অহাৰ সন্দৰ্ভত বিভিন্ন মত আছে যদিও আটায়ে মুছাই ছিংগ্ৰাপুম পাহাৰকে আদি বাসভূমি বুলি স্বীকাৰ কৰে।[1] তিনিচুকীয়া জিলালিডুৰ টিকক নামৰ পাহাৰটোত অতীজৰ পৰাই টাংছাসকলে কেইবাটাও ফৈদে বসবাস কৰি আহিছে আৰু তেওঁলোকৰ নামেৰেই পাহাৰটোৰ নাম টিকক হয়।[2]

ইতিহাস[সম্পাদনা কৰক]

বৰ্তমানৰ টাংছাসকল অতীতত নগা বুলি পৰিচিত আছিল। এই নগা শব্দটোৰ আঁৰতো কেতবোৰ কাৰণ আছিল। কাণত বহল বিন্ধা থকা কাৰণে এওঁলোকক নাখা বুলি কোৱা হৈছিল। পাছলৈ মানুহৰ মুখ বাগৰি সিয়েই নগা বুলি প্ৰচলন হ’ল। ১৯৪৮ চনৰ আগষ্ট মাহত বিপিন বৰগোহাঁই নামৰ এজন অফিচাৰে তেতিয়াৰ নেফা শাসনৰ বাবে মাৰ্ঘেৰিটালৈ আহি কাৰ্যভাৰ গ্ৰহণ কৰে। এওঁৰ কাৰ্যকালত ব্ৰিটিছৰ অন্তৰ্গত নগা (পাছলৈ ভাৰতীয় গাঁওবুঢ়া হিছাপে পৰিচিত) সকলে টাংছা নামটো গ্ৰহণ কৰে। টাংছাসকলৰ প্ৰায় ৫০টা মান বংশ আছে। এই আটাইবোৰ বংশৰে কথিত ভাষা বেলেগ বেলেগ। প্ৰত্যেকটো বংশৰে আকৌ উপবংশ বহুত। আৰু টাংছাসকলৰ এতিয়ালৈ কোনো লিখিত ভাষা নাই। তাৰ অন্যতম কাৰণ হৈছে এওঁলোকৰ মাজত ভাষাগত দিশত থকা পাৰ্থক্যৰ বাবে।[1]

উৎসৱসমূহ[সম্পাদনা কৰক]

টাংছাসকলে বিভিন্ন উৎসৱ পালন কৰে। এওঁলোকে পালন কৰা উৎসৱসমূহ মূলত: কৃষিভিত্তিক। উৎসৱসমূহ সাধাৰণতে খেতি কৰাৰ আগত, খেতি লগোৱাৰ পাছত আৰু খেতি চপোৱাৰ পাছত পালন কৰা হয়। টাংছাসকলৰ যিহেতু বিভিন্ন বংশ আছে, বিভিন্ন বংশই পালন কৰা উৎসৱসমূহো বেলেগ বেলেগ। টিখাকসকলৰ বছৰৰ প্ৰথমটো বিহুৰ নাম পক-চক। তদুপৰি এওঁলোকে মায়ুং, চ্চাহখু-চিয়াট, হালিআহ-টুন উৎসৱ পালন কৰে। ৰাংপাংসকলে চাম্ফা কুক, ফায়ুং টক, চানজক টক, চানজ’হ টাহ, তামৰে’, ৱাহ-ৱান উইহাও কক উৎসৱ পালন কৰে। মুকলুমসকলে ধান চপাই পতা উৎসৱ হ’ল কুংটং ম’ল। লুংচাং বংশই মে মাহত পালন কৰা উৎসৱটো হ’ল ম’হজুং। এই উৎসৱটো লুংচাংসকলৰ ডাঙৰ উৎসৱ। তাৰ পাছত জুলাই মাহত তেওঁলোকে পালন কৰে পাৰং ম’ল। টিখাক, য়ংকুক, কাটো বংশই মাৰ্চ মাহত পক-চক উৎসৱ পালন কৰে। টাংছাসকলৰ সকলো উৎসৱতে মদ আৰু গাহৰি মঙহৰ প্ৰয়োজন হয়।[1] তেওঁলোকৰ মাজত জ্যোন ব', চি থে ব', চে ইউ লোৱম, ম‌ইব' আদি লোকনৃত্যৰ প্ৰচলন আছে। এইবোৰৰ লগত সংগতি ৰাখি তেওঁলোকে কেতবোৰ লোকগীতো পৰিবেশন কৰে। পৰম্পৰাগত লোকগীতসমূহৰ ভিতৰত চাপল' গীত, ক্ৰ গ, ঙ চায়, নাও লেম আদি উল্লেখযোগ্য।[2]

বিবাহ পদ্ধতি[সম্পাদনা কৰক]

টাংছাসকলৰ মাজত অতীতত কেৱল জাৰকালিহে বিয়া হৈছিল। আজিকালি সেই নিয়ম নাই। সাধাৰণতে দুই ধৰণে বিয়া হয়। দৰাৰ মাক-দেউতাকে ছোৱালী বন্দৱস্ত কৰে। সাধাৰণতে মোমায়েকৰ ভাগিন বিয়া নকৰায়। জৰিমনা ভৰিব লাগে। এনেধৰণে যদি বিবাহ হয় তাক ’খকৰুং কিং’ বুলি কয়। যদি মোমায়েকৰ জীয়েকৰ সম্পৰ্কত বিয়া নহয় নতুন ফৈদৰ লগত সম্পৰ্ক কৰিব বিচাৰে আৰু বিয়াৰ বন্দৱস্তও হয়গৈ তেনেহ’লে তাক ’লামতান’ বুলি কয়। এই সম্পৰ্কই স্থায়ী ৰূপ পাবলৈ ১৪০ টকাৰ পৰা ৩০০ টকা দি ছোৱালীজনীৰ সন্মতি লয়। টাংছা সমাজখনত ডেকা-গাভৰুৰ অবাধ মিলামিচাত কোনো বাধা নাই যদিও কোনোধৰণৰ অসামাজিক আচৰণ এওঁলোকে কৰিব নোৱাৰে। মৰং ঘৰত প্ৰেম কৰি যদি কোনো ছোৱালী গৰ্ভৱতী হয় দুয়োপক্ষৰ মানুহে শুভদিন চাই ছোৱালীজনীক সামাজিকভাৱে বিয়া পাতি লৈ যায়। প্ৰেম এওঁলোকৰ কাৰণে পৱিত্ৰ আৰু প্ৰাকৃতিক নিয়ম বুলি মানি চলা দেখা যায়।[1]

সাজপাৰ[সম্পাদনা কৰক]

টাংছাসকলে নিজৰ সাজ-পোছাক ঘৰতে তৈয়াৰ কৰি লয়। টাংছা তিৰোতাই সাধাৰণতে ডাঠ নীলা, ৰঙা ক’লা আৰু বগা ৰঙৰ সূতাৰে দীঘে দীঘে আঁক-বাঁক থকা মেখেলা (এওঁলোকে দুইমূৰ নিচিলায়) খোছা বা খাটছা পিন্ধে। গাভৰুসকলে ক’লা মেখলা বা আন ৰঙৰ মেখেলা পিন্ধে। গাত ব্লাউজ আৰু (খুপক) চাদৰ লয়। অলংকাৰ হিচাপে ক'প'ৱি (গোটা পইছাৰে নিৰ্মিত মালা), তিদুং (পৰম্পৰাগত খাৰু) আৰু নাচুং (পৰম্পৰাগতকাণফুলি) আদু পৰিধান কৰে। পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা লুঙি, চোলা আৰু মূ্ৰত পাগুৰি (খুপাপ) মাৰে। টিকক পাহাৰৰ টাংছাসকলে চ্যমতুংগ (পৰম্পৰাগত চোলা' পিন্ধে। টাংছাসকলৰ বিভিন্ন বংশৰ লোকসকলৰ সাজ-পোছাকতো কিছু বিভিন্নতা দেখা যায়। টাংছা নাৰীয়ে কাণত জাংফাই কেৰু, কাঠ বা বেতেৰে নিৰ্মিত ফিনৰং (ছাগলী শিং আকৃতিৰ কাণফুলি), কড়িৰ মালা, বিভিন্ন ৰঙৰ মণিৰে, কেতিয়াবা ৰূপৰ টকাৰে ডিঙিত মালা পিন্ধে। আগৰ দিনত কাঠ আৰু বাঁহৰ পৰা নিৰ্মাণ কৰা মালা, কাণফুলি, খাৰুৰ প্ৰচলন আছিল। পুৰুষসকলে মূৰৰ চুলি ওপৰলৈ তুলি খোপাৰ দৰে বান্ধিছিল যদিও আজিকালি এনেদৰে খোপা দেখা নাযায়। বেতৰ টুপীত সুন্দৰকৈ ধনেশ চৰাইৰ পাখি (ৱাৰা), বৰা গাহৰিৰ দাঁত (ভ‌অ‌অ প্পা) লগাই উৎসৱ-পাৰ্বণত পিন্ধা দেখা যায়।[1][2]

বাসগৃহ[সম্পাদনা কৰক]

টাংছাসকলে চাংঘৰ সাজি বসবাস কৰে। সাধাৰণতে কাঠ, বাঁহ আৰু বেতেৰে ঘৰ সজা হয়। ছাউনিখনৰ বাবে জেঙুপাত ব্যৱহাৰ কৰা হয়। চাংঘৰ সাজোতেও ঠাইডোখৰ ভাল নে বেয়া মঙল চোৱা হয়। মঙল চোৱাৰ নিয়ম অনুসৰি প্ৰথমে ঘৰ সাজিব খোজা ঠাইডোখৰ চাফা কৰি পৰিয়ালৰ সদস্য সংখ্যা অনুসৰি ঘৰৰ চাউল বাইপাতত বান্ধি পুতি থৈ যায় আৰু পিচদিনা সেয়া আহি চায়হি। চাওঁতে যদি চাউলকেইটা নাভাগে তেতিয়া সেই ঠাই ঘৰ সাজিবলৈ উপযুক্ত বুলি ভাবে আৰু যদি চাউলকেইটা ভাগে সেই ঠাইত ঘৰ নাসাজে। তদুপৰি কিছুমানে দুডাল গজালি ওলোৱা বাঁহ সমানে সমানে চকু থকাতে কাটি জুইত পুৰি ফুটায়। যদি বাঁহৰ চকু দুটা বাওঁফালে ফুটে মংগল হয়, নহ’লে ঠাইডোখৰ ভাল নহয় বুলি ভাবে। ঘৰ সজা ঠাইডোখৰ সদায় ওখ আৰু ঘৰ পূবফালে মুখ কৰি সাজে। ঘৰ সজা কাঠডাল লতাৰে পাক খোৱা হ’ব নালাগিব। প্ৰথম কোঠাটো ডাঙৰ ল’ৰাৰ কোঠা, তাৰ পাছত সৰুজনৰ, তাৰ পাছত বুঢ়া-বুঢ়ী বা মাক-দেউতাকৰ আৰু তাৰ পাছৰ কোঠাটো ঘৰৰ ছোৱালীবোৰৰ। তাৰপাছত থাকে ধান খুন্দা উৰাল। ঘৰটোৰ আগফালে-পাচফালে দুখন দুৱাৰ থাকে। পাচফালে ঘৰৰ ভিতৰ সোমোৱাটো চুৰ কৰাৰ সমান অপৰাধ বুলি ধৰা হয়। তাৰ বাবে জৰিমনাও ভৰিব লগা হয়।[1]

খাদ্যসম্ভাৰ[সম্পাদনা কৰক]

টাংছাসকলৰ প্ৰধান খাদ্য হ’ল ভাত। তেওঁলোকে বিভিন্নধৰণৰ ধানৰ খেতি কৰে। তাৰে ভিতৰত কণী ধান, মৰুৱা ধান, আখৈ ধান ইত্যাদি। টাংছাসকলে কুকুৰ, মেকুৰী, ঘোঁৰা, নিগনি, শগুন আদিৰ বাহিৰে সকলো বিধৰ মাংস খায়। মাছতকৈ মাংস খায় ভাল পায়। পাছাও এওঁলোকৰ প্ৰিয় খাদ্য। পাছা শৰীৰৰ বাবে বৰ উপকাৰী। বিশেষকৈ চকুৰ ৰশ্মিৰ বাবে এই পাছা মহৌষধ। সপ্তাহত এবাৰকৈ এবছৰ যদি পাছা খোৱা যায় চকুৰে নেদেখা মানুহৰ চকুৰ ৰশ্মি ঘূৰাই পায়। পাছা তৈয়াৰ কৰিবলৈ মাছখিনি বাকলি গুচাই অলপ সময় জুইত পুৰি বাকলিখিনি এৰুৱাই ফিছা আৰু পেটুখিনি পেলাই দিব লাগে। তাৰ পাছত মাছখিনি গুড়ি কৰি এই গুড়িৰ লগত বনৰীয়া মছলাৰ পাত, উৰিয়াম গছৰ পাত, জলকীয়া, নিমখ আৰু পানী ঢালি থৈ দিয়া হয়। বাঁহৰ চুঙা আৰু ভাপত ভাত সিজোৱা হয়।[1]

শিক্ষা ব্যৱস্থা[সম্পাদনা কৰক]

টাংছা জনজাতিসকল অসমত বসবাস কৰি (যিসকল অসমত থাকে) অসমীয়া ভাষাও সলসলীয়াকৈ ক’ব পাৰে। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অতি পিচপৰা এই জাতিটোৰ শেহতীয়াকৈ এক উন্নয়নৰ সম্ভাৱনা দেখা গৈছে। উঠি অহা শিক্ষিতচামে উপলব্ধি কৰিছে শিক্ষাৰ গুৰুত্ব। জাতীয় কলা-কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ বাবে বিভিন্ন অনুষ্ঠান সৃষ্টি হৈছে।[1]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ শনিবৰীয়া বিশেষ পৰিপূৰিকা, তাৰিখ: ১৬ জুন ২০১২, লেখিকা: দিব্যলতা দত্ত
  2. 2.0 2.1 2.2 'টিকক পাহাৰৰ টাংচাসকল', চন্দ্ৰ কমল চেতিয়া, 'সুৰভি'-অসমীয়া প্ৰতিদিনৰ দেওবৰীয়া পৰিপূৰিকা, ১৫ ছেপ্টেম্বৰ, ২০১৩