মৰাণ জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মৰাণ জনগোষ্ঠী
Moran Bihu Dance.jpg
মৰাণ বিহু
মুঠ জনসংখ্যা
৮০,০০০
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
বিশেষকৈ উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ কেইখনমান জিলা[1]
ভাষাসমূহ

অসমীয়া ভাষা

ধৰ্ম
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

দেউৰী জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, ডিমাছা জনগোষ্ঠী, বড়ো জনগোষ্ঠী

মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম৷ উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ অধিকাংশ লোকে বসবাস কৰে৷ মৰাণ সকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়৷ অসমৰ আটাইতকৈ পুৰণি জাতি হৈছে মৰাণ।[উদ্ধৃতিৰ প্ৰয়োজন]

মৰাণসকলৰ ব'হাগ বিহু[সম্পাদনা কৰক]

মৰাণ সকলৰ কাৰণে ব'হাগ বিহু আদৰৰ বিশেষ প্ৰাধান্য থকা কৃষিমূলীয় লোক উৎসৱ। প্ৰত্যেক জনগোষ্ঠীয়ে ব'হাগ বিহু নিজৰ নিজৰ গোষ্ঠীগত সুকীয়া সুকীয়া পৰম্পৰাগত বৈশিষ্ট্যৰে পালন কৰাৰ দৰেই লমৰাণসকলেও কিছুমান স্বকীয় বৈশিষ্ট্যৰে অতীতৰে‌ পৰা ব'হাগ বিহু পালন‌ কৰি আহিছে। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত অনবদ্য অৱদান আগবঢ়োৱা ভালেমান জনগোষ্ঠীৰ দৰেই মৰাণসকলেও ব'হাগৰ পহিলা তাৰিখত বিহু পালন নকৰে। মংগলবাৰে উৰুকা‌, বুধবাৰে গৰু বিহু,‌ বৃহস্পতিবাৰৰ পৰা মানুহ বিহু ৰূপত বিহু অতীতৰে পৰা পালন কৰি আহিছে।[3]

মৰাণসকলে উৰুকাৰ দিনা অৰ্থাৎ মংগলবাৰে মাটি নাখান্দে, সেয়ে মাটি খন্দা প্ৰয়োজনীয় সকলোখিনি কাম সোমবাৰে বা তাৰ আগতেই কৰি থৈ দিয়ে। উৰুকাৰ দিনা বুধবাৰে গৰুৰ গা ধুৱাবলৈ যাৱতীয়া সকলোধৰণৰ সামগ্ৰী যেনে - মাখিয়তী, দীঘলতী,তৰাগছ আদিৰ উপৰি বেঙেনা, থেকেৰা,হালধি আদি জা-যোগাৰ কৰি লয়। নিশাৰ ভাগলৈ 'চাট' সাজে। পিছদিনা পুৱাই এটা টোপধ্বনিৰে আগজাননী দিয়াৰ লগে লগে গৰুবোৰে দীঘলতী - মাখিয়তী আদিৰে কোবাই মাখি খেদি ন-পানী থকা পথাৰ অথবা জান-জুৰিলৈ লৈ যায়। গৰু গা ধুওৱাৰ আগে আগে আৰু এটা টোপধ্বনিৰে জাননী দিয়াৰ লগে লগে গৰুৰ গা ধুৱায়। চাটৰ পৰা গৰুৰ গালৈ লাও-বেঙেনা আদি উলিয়াই লাও খা, বেঙেনা খা বুলি কৈ দলিয়াই আৰু সৰ্বশেষত মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি কৈ গৰু গা ধুওৱা অনুষ্ঠানটো সামৰণি মাৰে।

দ্বিতীয় দিনা বৃহস্পতিবাৰে মানুহ বিহু। প্ৰথম মানুহ বিহু দিনাখন ঘৰৰ মানুহ বিশেষকৈ ঘৰখনৰ মুৰব্বীজন কলৈকো নাযায়। মৰাণ সকলে বিশ্বাস কৰে যে সেইদিনা ঘৰৰ মানুহ ঘৰত পাব লাগে। দ্বিতীয় দিনাই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই সন্মান যাচে। শুক্ৰবাৰৰ দিনা জী-জোঁৱাইসকলে শাহু-শহুৰেকৰ ঘৰলৈ গৈ বছৰটোৰ বিহুৰ সেৱা সন্মান কৰে। সেয়ে এই দিনটোক 'আলহী যোৱা' বুলিও কয়। এই শুক্ৰ বাৰ ৰ পৰাই মৰানসকলৰ বিহু পকী উঠে। শনিবাৰে ভকতসকলে নামঘৰত কীৰ্তন কৰি ধৰ্মগুৰুলৈ মাননি আগবঢ়ায় আৰু দেওবাৰে নামলৈ মাননি আগবঢ়ায়।[3]

মৰাণ ডেকা-গাভৰুসকলে মুকলি পথাৰতহে বিহু পাতে। বিহু পাতিবলগীয়া ঠাইখনত ডেকা -গাভৰুসকলে শ্ৰমদান কৰি এটা "বিহু ঘৰ" সাজি লয়। এই ঘৰটোত দুটা ভাগ থাকে। এভাগত ডেকাসকলে আৰু আনভাগত গাভৰু সকলে বেলেগে বেলেগে ৰাতি বিহু মাৰে। বিহুত কিছু সময় হুঁচৰি গোৱাৰ দৰে চক্ৰাকাৰে ঘূৰি ঘূৰি ঘোষা গোৱা হয়। বিহুত অংশ্ৰগ্ৰহণ কৰা গাভৰুসকলে কাণত কেৰু, ডিঙিত মাদুলি, হাতত গামখাৰো আদি আ-অলংকাৰ, মুগা বা পাটৰ মেখেলা,' কলিয়া ৰিহা' পৰিধান কৰে। কলিয়া ‌ৰিহা মৰাণ সকলৰ স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত সাজ। বিহু ঘৰত বিহু গাবলৈ যাওঁতে ডেকাসকলে চুৰিয়া আৰু গাত এঙাৰ চোলা পিন্ধে। আবেলি হোৱাৰে পৰা এখন গাঁৱৰ ডেকাসকলে আন এখন গাঁৱৰ বিহু বিহু খেলা লৈ গৈ নাচনিক নচুৱায়। নিজৰ গাঁৱৰ ডেকাই, নিজৰ গাঁৱৰ ছোৱালীক সাধাৰণতে ননচুৱায়। কাৰণ নিজৰ গাঁৱৰ মাজত তেজ- মঙহৰ সম্বন্ধ‌ থকা ছোৱালী থাকিব পাৰে। আন গাৱঁৰ বিহুৱা ডেকা বিহু খেলালৈ আহিলে গাভৰুসকলে নিজৰ হাতৰ টকা ডেকাসকলক দি বিহুগীত গাবৰ বাবে আহ্বান জনায় নিজেও নাচে। এইদৰে গধূলিলৈকে নাচি বাগি পাৰ কৰি কটায়।

বিহু সামৰণি মৰাৰ দিনটোক 'বিহু উৰুৱা'বুলি কয়। বিহু উৰুৱা দিনটো ডেকা গাভৰুসকলৰ বাবে আনন্দ মিশ্ৰিত বেজাৰৰ দিন। সেয়ে গায় -

  1. "হাঁচতি ঐ ধান খোৱা চৰাই অতি চেনেহৰে ব'হাগৰ বিহুতি হাততে মলঙি যায়।"
  2. "হাঁচতি ঐ সাপৰ কলপ বিহু থৈ আহোঁগৈ নামঘৰৰ তলত।[3]"
  3. মৰাণসকলে ৰঙালী বিহুত গোৱা গীতবোৰত বুৰঞ্জী, কিংবদন্তি লিপিবদ্ধ হৈ থকাৰ উপৰি সমাজৰ সাংস্কৃতিক জীৱন প্ৰতিফলিত হয়। বিহু গীতবোৰ ‌এনেধৰণৰ -

(ক) "দীঘলী পাটীতে‌ তোমাক বন্দী কৰোঁ ভৰে দুপৰীয়া, ৰাতি ‌...।" (খ) "উজাই নাৱৰীয়া বালিত ভাতে খালে গছকি পুতিলে তৌ....।" [3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Moran is one of the major ethnic groups of Assam.They speak Assamese and are mainly confined in Tinsukia district. Few Moran villages are located in Dibrugarh, Jorhat, Sivasagor, Dhemaji and Lakhimpur districts also"(Gogoi 2020:203)
  2. ..members of the Mataks like the Morans,Barahis, Kacharis and Chutiyas, being members of the great Bodo family, had allied religious beliefs and customs. All of them worshipped a Primodial male deity and a Primodial female deity, and all of them were animist.(Dutta 1985:48)
  3. 3.0 3.1 3.2 3.3 লেখাৰু জিতু কুমাৰ. পৃষ্ঠা. ৩৭.