মেকুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পোহনীয়া মেকুৰী
মেকুৰীৰ ছটা প্ৰকাৰ
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
পৰিয়াল: Felidae
উপপৰিয়াল: Felinae
গণ: Felis
প্ৰজাতি: F. catus
বৈজ্ঞানিক নাম
Felis catus[1]
Linnaeus, 1758
সমাৰ্থক

Felis silvestris catus (subjective synonym)
Felis catus domestica (invalid junior synonym)[1]

পোহনীয়া মেকুৰী (ইংৰাজী:  domestic cat)[2] (Felis catus বা Felis silvestris catus)[2] বোৰ হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পালিত অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু অন্য মেকুৰীজাতীয় প্ৰাণীৰ পৰা পৃথককৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নেথাকে।[3] ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে অধিক গুৰুত্ব প্ৰদান কৰে।

মেকুৰীৰ শক্তিশালী দেহ, আৰু সৰু চিকাৰ মাৰিব পৰা তীক্ষ্ণ দাঁত থাকে। ইহঁতে অতি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। ইহঁতে নিগনি বা অন্য ক্ষুদ্ৰ প্ৰাণীয়ে সৃষ্টি কৰা অতি উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। অন্য স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ ঘ্ৰাণ শক্তি বেচি প্ৰখৰ।

২০০৭ চনৰ এক জিনীয় অধ্যয়ন মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ বৰ্ষতে পশ্চিম এছিয়াআফ্ৰিকীয় বনমেকুৰীৰ (Felis silvestris lybica) পৰা ৰূপান্তৰিত হৈছিল।[4] মেকুৰীবোৰ পৃথিৱীৰ অতি জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ বসবাস কৰা প্ৰায় সকলো স্থানতে ইহঁতক পোৱা যায়।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "ITIS Standard Report Page: Felis catus domestica". op. cit.. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=727487। আহৰণ কৰা হৈছে: 14 December 2011. 
  2. 2.0 2.1 "ITIS Standard Report Page: Felis catus". ITIS Online Database. প্ৰকাশক Reston, Virginia: Integrated Taxonomic Information System. 2011. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=183798। আহৰণ কৰা হৈছে: 14 December 2011. 
  3. Housecat (Education.Yahoo.com online সম্পাদনা). প্ৰকাশক Boston: Houghton Mifflin. 2010. http://education.yahoo.com/reference/dictionary/entry/housecat। আহৰণ কৰা হৈছে: 6 October 2010. 
  4. "Oldest Known Pet Cat? 9,500-year-old Burial Found on Cyprus". National Geographic News. National Geographic Society. 8 April 2004. http://news.nationalgeographic.com/news/2004/04/0408_040408_oldestpetcat.html। আহৰণ কৰা হৈছে: 6 March 2007. 
  5. Driscoll, Carlos A.; Clutton-Brock, Juliet (10 June 2009). "The Evolution of House Cats". Scientific American. প্ৰকাশক New York: Nature Pubg. Group. http://www.scientificamerican.com/article.cfm?id=the-taming-of-the-cat। আহৰণ কৰা হৈছে: 26 August 2009.