ডিমাছা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ডিমাছা ভাষা
গ্ৰাউ-ডিমা
উচ্চাৰণ dìmasa
থলুৱা অঞ্চল ভাৰত
অঞ্চল অসম, মণিপুৰ, নগালেণ্ড, মিজোৰাম
স্থানীয় ভাষিক
১.৩৭ লক্ষ
ভাষা পৰিয়াল
উপভাষা *হাছাও
  • হাৱাৰ
  • ডেমৰা
  • ডিজুৱা
লিখন প্ৰণালী ৰোমান লিপি, অসমীয়া লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত (অসম)
নিয়মাধীন হয়
ডিমাছা সাহিত্য সভা
ভাষা সংকেত
ISO 639-3 dis

ডিমাছা ভাষা‌ (ইংৰাজী: Dimasa Language) ভাৰতঅসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডি : পানী, মা : বৃহৎ, ছা : সন্তান' অৰ্থাৎ ডাঙৰ নৈৰ সন্তান।[1] আদিতে ডিমাছাসকল দিখৌ আৰু ধনশিৰি নৈৰ মাজত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়। [2] [3]

ডিমাছা ভাষাৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷

  • জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷
  • জনজাতিসমূহৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷
  • ভাষাসমূহ সুৰপ্ৰধান৷
  • স্বৰবৰ্ণৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷
  • এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছুমানে দেৱনাগৰী লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷ [4]

আন্তঃভাষিক সম্পৰ্ক[সম্পাদনা কৰক]

ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে উজনি অসমত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ কছাৰী জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দ-সম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷ [5]

অসমীয়া আৰু ডিমাছা ভাষা[সম্পাদনা কৰক]

অসমীয়া ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা ভাষা৷ একেই ভৌগলিক ভূখণ্ডত থকা কাৰণে ডিমাছা ভাষাৰো বহু শব্দ সম্ভাৰ অসমীয়া ভাষাত সোমাইছে আৰু বহু অসমীয়া শব্দও ডিমাছা ভাষাৰ মাজত নিগাজী হৈ পৰিছে৷ ডিমাছা ভাষাৰ লিপি সম্পৰ্কে এতিয়াও মতদ্বৈধতা আঁতৰা নাই৷ কোনোৱে বাংলা লিপি, কোনোৱে অসমীয়া লিপি, কোনোৱে দেৱনাগৰী আৰু আন কিছুমানে ৰোমান লিপি গ্ৰহণ কৰাৰ সপক্ষে থকা বাবে স্থিৰ সিদ্ধান্তত এতিয়াও আহিব পৰা নাই৷ অৱশ্যে নিৰূপমা হাগজেৰে ডিমাছা ভাষাৰ লিপি আদিতে অসমীয়াই আছিল বুলি বিভিন্ন তথ্য দাঙি ধৰিছে৷ মাইবঙত কছাৰী ৰজা মেঘনাৰায়ণৰ ৰাজত্বৰ কালৰ প্ৰস্তৰ লিপিত থকা “ৰ’’ আখৰ অসমীয়া “ৰ’’ৰ সৈতে একেই৷ মহাৰাজ কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণে লিখা পুথিতো “ৰ’’ ব্যৱহাৰ কৰিছিল৷ [6] সাহিত্যিক নিৰূপমা হাগজেৰে শেষলৈ অসমীয়া লিপিকে তেওঁ লিখাৰ মাধ্যম কৰি লৈ কেইবাখনো কিতাপ লিখে৷ ডিমাছা ভাষাত অসমীয়া বৰ্ণৰ উচ্চাৰণো প্ৰায় একেই৷ মাত্ৰ শ, ষ, আৰু স ধ্বনি চ আৰু ভ ধ্বনি ব উচ্চাৰণ কৰা হয়৷ যেনে, সিংহ>চিং, সুখ>চুখ, ভাদ>বাদাও, ভাটৌ> বাথৌ আদি৷[7]

ডিমাছা ভাষাৰ অভিধান[সম্পাদনা কৰক]

কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত Outline Grammar And Dictionary নামেৰে এখনি অভিধান লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে “হৈড়ম্ব ভাষা প্ৰৱেশ’’ নামৰ বাংলা ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই “ ডিমাছা ভাষাৰ ভঁৰাল’’ নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন[8] অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি, ধৰ্মেশ্বৰ দুৱৰা, পৃ:নং; ১, প্ৰকাশক: সঞ্চালক, সাংস্কৃতিক সঞ্চালকালয়, অসম, ১৯৮৮
  2. ভাষাতত্ত্ব, দীপ্তি ফুকন পাটগিৰি, পৃ:নং; ৯২,বনলতা, ২০০২
  3. চিফুং বাঁহীৰ সুৰ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা-সম্ভাৰ, (দ্বিতীয় খণ্ড) পৃ: নং; ৯৪৭, প্ৰকাশক: ড° সৰ্ব্বেশ্বৰ বড়া, ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, ২০০৮
  4. ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২
  5. ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, নিৰূপমা হাগজেৰ, পৃ:নং; ৬৩, ২০০৯ চন
  6. ডিমাছা সকলৰ অতীত আৰু বৰ্তমান, নিৰূপমা হাগজেৰ, ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, পৃ:নং; ৪৫, ২০০৯ চন
  7. অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা আৰু অসমীয়াৰ সাৰ্বজনীন ৰূপ, ড° উপেন ৰাভা হাকাচাম, দকচিৰি, যোৰহাট জিলা সাহিত্য সভাৰ স্মাৰক গ্ৰন্থ, ২০০৯
  8. ডিমাছা গ্ৰাউৰেণ, নিৰূপমা হাগজেৰ, পাতনি, ২০০৫