নাগালেণ্ড
নাগালেণ্ড | |
---|---|
দেশ | ভাৰত |
গঠন | ১ ডিচেম্বৰ, ১৯৬৩ |
ৰাজধানী | ক’হিমা |
বৃহত্তম নগৰ | ডিমাপুৰ |
মুঠ জিলা | ১১ |
চৰকাৰ | |
• ৰাজ্যপাল | নিখিল কুমাৰ |
• মুখ্য মন্ত্ৰী | নেফিউ ৰিঅ’ (নাগালেণ্ড পিপ’লচ ফ্ৰণ্ট) |
• বিধানসভা | এককক্ষীয় (৬০খন আসন) |
• লোকসভা সমষ্টি | ১ |
• উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় - ক’হিমা আসন |
কালি | |
• মুঠ |
১৬৫৭৯ km2 (6,401 sq mi) |
• স্থান | ২৫শ |
জনসংখ্যা (২০১১) | |
• মুঠ |
১৯৮০৬০২ |
• স্থান | ২৪শ |
• ঘনত্ব | 119/km2 (310/sq mi) |
নাগালেণ্ড (ইংৰাজী: Nagaland) /ˈnɑːɡəlænd/ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ ছশ দুজন), এইখন ভাৰতৰ সৰু ৰাজ্যসমূহৰ মাজত এখন। অসমৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক বাদ দি ৰাজ্য খনৰ আনবোৰ অঞ্চল ঘাইকৈ পৰ্বতীয়া, ৩,৮৪০ মিটাৰ ঊচ্চতাৰ সাৰামতি নাগালেণ্ডৰ সৰ্বোচ্চ পাহাৰ (শৃংগ), ই ব্ৰহ্মদেশ (ম্যানমাৰ) আৰু ভাৰতৰ মাজত এক প্ৰাকৃতিক প্ৰাচীৰৰ দৰে থিয় হৈ আছে। ই ৯৮ডিগ্ৰীৰ পৰা ৯৬ডিগ্ৰী পূৱ দ্ৰাঘিমাংশ আৰু বিষুৱৰ উত্তৰে ২৬.৬ৰ পৰা ২৭.৪ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত।
১ ডিচেম্বৰ ১৯৬৩ স্থাপন হোৱা নাগালেণ্ড ভাৰতৰ ১৬শ ৰাজ্য, ৰাজ্যখন মুঠ ১১খন ৰাজ্যত বিভক্ত, সেইবোৰ হ’ল: ক’হিমা জিলা, ফেক জিলা, মুককচাং জিলা, ৱ’খা জিলা, জুনহেবুট’ জিলা, টুৱেনচাং জিলা, মন জিলা, ডিমাপুৰ জিলা, কিপহিৰে জিলা, লংগ্লেং জিলা আৰু পেৰেণ জিলা. পাৰ্বত্য ৰাজ্যখনৰ কৃষিয়েই অৰ্থব্যৱস্থাৰ মূল। চাউল, গোমধান, ধপাতজাতীয় সামগ্ৰী, তৈলবীজ, কুহিঁয়াৰ, কপাহ, আলু, আহঁজাতীয় শস্য, মতৰ আদি ৰাজ্যখনৰ প্ৰধান শস্য। বনজ সম্পদ, পৰ্যটন, গৃহনিৰ্মাণ ঊদ্যোগ আদিয়েও ৰাজ্যৰ অৰ্থব্যৱস্থা বৰঙণি যোগাই।
ইতিহাস
[সম্পাদনা কৰক]নাগালেণ্ডৰ মানুহবোৰক পূৰ্বতে নাকা (বাৰ্মা ভাষাত) বুলি জনা গৈছিল, নাকাৰ অৰ্থ হৈছে কাণত ফুটা থকা মানুহ[1]। নগা জনজাতিৰ অসম আৰু ব্ৰহ্মদেশৰ সৈতে আৰ্থ-সামাজিক সম্পৰ্ক অতীজৰে পৰা দেখা যায়। এতিয়াও বহু সংখ্যাক নগা অসমত বাস কৰে, কিছু সংখ্যাক নগালোক মণিপুৰতো দেখা যায়, এওঁলোকক কেঁচা নগা (ভুৱা নগা) বোলা হয়, এওঁলোক সামাজিক আৰু সাংস্কৃতিক দিশত নাগালেণ্ড আৰু অসমৰ নগাসকলতকৈ পৃথক। ১৮১৬ চনৰ পাছত ইংৰাজসকল অহাৰ সময়লৈকে নগালেণ্ড বাৰ্মাৰ অধীনত আছিল, ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ কৰে, তাৰ পাছৰে পৰা ইংৰাজে নিজৰ সাম্ৰাজ্য নাগালেণ্ডলৈ প্ৰসাৰিত কৰে আৰু ১৮৯২ চনৰ ভিতৰত বৰ্তমানৰ নগা পৰ্বত(টুৱেনচাং অঞ্চলক বাদ দি) নিজৰ দখললৈ আনে, এই সময়ত খৃষ্টিয়ান মিচনেৰী সকলে নগালেণ্ডত প্ৰৱেশ কৰে আৰু খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ লগতে এই ধৰ্মত নগা লোকসকলক দীক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[2] বাৰ্মাৰ অধীনৰ আগৰ নাগালেণ্ডৰ বিষয়ে অধিক তথ্য পোৱা নাযায়।
ৰাজ্যৰ মৰ্যাদা
[সম্পাদনা কৰক]প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইংৰাজসকলে বহু সংখ্যক নগা লোকক যুদ্ধ কৰিবলৈ ফ্ৰান্স আৰু ইউৰোপৰ আন আন দেশলৈ প্ৰেৰণ কৰে, ইউৰোপত তেওঁলোকে জনজাতীয় হোৱাৰ বাৰে বাৰে অপমানিত হয়। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ স্বাৰ্থ আদায় আৰু প্ৰতিষ্ঠাৰ বাবে তেওঁলোক একগোট হোৱাটো প্ৰয়োজনীয়। ইয়াৰ পাছত যি সকল লোক যুদ্ধ কৰিবলৈ বিদেশলৈ গৈছিল তেওঁলোকে ভাৰতলৈ পুনৰ ঘূৰি আহি নগা জাতীয় আন্দোলন গঢ়ি তোলে[3]। ভাৰতৰ স্বাধীনতাৰ সময়ত নাগালেণ্ড অসমৰ অন্তৰ্গত আছিল, পাছৰ কালত নগা জাতীয়তাবাদী সংগঠন সমূহে নিজৰ বিকাশৰ বাবে এখন নগা ইউনিয়ন গঢ়াৰ দাবী কৰে, নগা জাতীয় কাউঞ্চিলে এই দাবী কৰাৰ লগতে বিভিন্ন আন্দোনধৰ্মী কাৰ্যকলাপ চলাই যায়, চৰকাৰী মানুহ আৰু ভাৰতৰ আন প্ৰদেশৰ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয়। ১৯৫৭ চনৰ পৰা নগা জনজাতীৰ প্ৰতিনিধি সকলৰ সৈতে চৰকাৰে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে, আৰু নাগালেণ্ডক অসমৰ পৰা পৃথক কৰি এক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়ে[4], কিন্তু এয়া ৰাজ্যখনৰ লোকসকলৰ বাবে যথেষ্ট নাছিল। নাগালেণ্ডত পুনৰ হিংসা বৃদ্ধি পায়। চৰকাৰী কৰ্মচাৰীৰ ওপৰত আক্ৰমণ আৰম্ভ হয়। নগালোকে চৰকাৰী কৰ দিয়া বন্ধ কৰি দিয়ে আৰু অৱশেষত ১৯৬০ চনত হোৱা প্ৰধানমন্ত্ৰী আৰু নাগা পিপ’ল কনভেনচনৰ আলোচনাৰ ১৬দফাৰ চুক্তি মৰ্মে নাগালেণ্ডক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়।[5]। ১৯৬৩ত কহিমাক নাগালেণ্ডৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়। ১৯৬৪ত হোৱা প্ৰথম নিৰ্বাচনৰ পাছত ১১ ফেব্ৰুৱাৰী ১৯৬৪ত প্ৰথম নাগালেণ্ড বিধানসভা গঠন হয়।[4]
ভৌগোলিক অৱস্থান আৰু জলবায়ু
[সম্পাদনা কৰক]নাগালেণ্ডৰ ভূ-ভাগৰ অধিকাংশই পাহাৰেৰে আগুৰা। ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ প্ৰায় ২০০০ফুট ঊচ্চতাত এই ৰাজ্য অৱস্থিত, দক্ষিণ-পূব নাগালেণ্ডত এই ঊচ্চতা প্ৰায় ৬০০০ফুট। ১২৫৫২ ফুট ঊচ্চতাৰ মাউণ্ট সাৰামতি ৰাজ্যখনৰ সৰ্বোচ্চ শৃংগ, ইয়াতেই নগা পাহাৰ পাটকাই পৰ্বতমালাৰ লগ লাগিছে। উত্তৰে দৈয়াং আৰু ডিফু নদী, দক্ষিণ পশ্চিমে বৰাক নদী আৰু দক্ষিণ পূবে চেংদং নদীয়ে ৰাজ্যখনক চুই গৈছে। জৈৱবৈচিত্ৰ্যৰে ভৰপূৰ অৰণ্য অঞ্চলে ৰাজ্যখনৰ মুঠ মাটিকালিৰ প্ৰায় ২০শতাংশ অধিকাৰ কৰি আছে। ৰাজ্যখনত ঘাইকৈ চিৰসেউজ আৰু নাতিশীতোষ্ণ বনাঞ্চল দেখিবলৈ পোৱা যায়।[6]
নাগালেণ্ড বৰ্ষাপ্ৰধান ৰাজ্য, জলবায়ুৰ আদ্ৰতাৰ মাত্ৰা যথেষ্ট। বাৰ্ষিক বৃষ্টিপাত প্ৰায় ১,৮০০মি.মি.ৰ পৰা ২,৫০০মি.মি.। মে’ মাহৰ পৰা চেপ্টেম্বৰ মাহলৈকে সৰ্বাধিক বৃষ্টিপাত হোৱা দেখা যায়। ঊষ্ণতা ১৮ৰ পৰা ৪০ ডিগ্ৰী ছেলচিয়াছ, শীত কালত সাধাৰণতে ঊষ্ণতা ৪ ডিগ্ৰীতকৈ তললৈ নানামে, অৱশ্যে ওখ অঞ্চলবোৰত এই সময়ত হিমপাত দেখা যায়। ৰাজ্যখনৰ জলবায়ু সাধাৰণভাবে যথেষ্ট স্বাস্থ্যকৰ। গ্ৰীষ্ম আটাইতকৈ চুটী ঋতু (ঊষ্ণতা ১৬ৰ পৰা ৩১ ডিগ্ৰী ছেলচিয়াছ)। শীতকাল দীঘল, এই সময়চোৱাত প্ৰচণ্ড শীতৰ প্ৰভাৱ পৰে, লগতে জলবায়ু শুকান হৈ পৰে। শীতকালৰ ঊচ্চতম ঊষ্ণতা প্ৰায় ২৪ডিগ্ৰী মান হয়। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত প্ৰবল উত্তৰ-পশ্ছিম বায়ু ৰাজ্যখনত বোৱা দেখা যায়।[7]
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]নাগালেণ্ড জৈৱবৈচিত্ৰ্যত চহকী ৰাজ্য, ৰাজ্যৰ প্ৰায় ছভাগৰ এভাগ ঠাই বৰ্ষাৰণ্য আৰু নাতিশীতোষ্ণ অৰণ্য সমূহে আগুৰি আছে, বগৰীজাতীয় গছ, বাঁহ, মেহগনি আৰু বিভিন্ন প্ৰকাৰৰ গছে এই অঞ্চলবোৰ ঢকা। অৱশ্যে এনে অৰণ্যৰ বহুবোৰ বৰ্তমান ঝুম খেতিৰ বাবে কাটি পেলোৱা হৈছে, যথেষ্ট পৰিমাণৰ ঘাঁহনি অঞ্চলো এই বনাঞ্চল সমূহত দেখা যায়। জন্তুৰ ভিতৰত বনৰীয়া কুকুৰ, হাতী, বান্দৰ, বিভিন্ন প্ৰকাৰৰ পহু, ভালুক, নাহৰফুটুকী, বনৰীয়া ম’হ, বনৰীয়া ষাঁড় আদি নাগালেণ্ডৰ অৰণ্যত দেখিবলৈ পোৱা যায়। ভাৰতীয় ধনেশ পক্ষী (The Great Indian Hornbill), কুকুৰাজাতীয় ব্লাইথচ ট্ৰেগ’পেন নামৰ বিলুপ্তপ্ৰায় চৰাইবিধো নাগালেণ্ডত পোৱা যায়। ব্লাইথচ ট্ৰেগ’পেন নাগালেণ্ডৰ ৰাজ্যিক চৰাই। জাফু পৰ্বত, ক’হিমা জিলাৰ জুকাও উপত্যকা, জুহনেবুট’ৰ চাত’ই পৰ্বতমালা আৰু ফেক জিলাৰ ফুতেৰ’ অঞ্চলত ব্লাইথচ ট্ৰেগ’পেন দেখিবলৈ পোৱা যায়। পৃথিৱীৰ প্ৰায় ২,৫০০০ ব্লাইথচ ট্ৰেগ’পেনৰ প্ৰায় ১,০০০টাই নাগালেণ্ডৰ জুকাও উপত্যকাত আছে।[8]
পৃথিৱীৰ ভিতৰত কেৱল উত্তৰ-পূব ভাৰতত পোৱা মিথুন, নাগালেণ্ডৰ ৰাজ্যিক জন্তু, নাগালেণ্ডৰ চৰকাৰী মোহৰত মিথুনৰ ছবি ব্যৱহাৰ কৰা হয়। বাণিজ্যিক ভাবেও ই ৰাজ্যখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ জন্তু। উত্তৰ-পূব ভাৰতৰ এই জন্তুটোক ৰক্ষণাবেক্ষণ দিয়াৰ ঊদ্দেশ্যে ভাৰতীয় কৃষি গৱেষণা পৰিষদে(ICAR) ১৯৮৮ চনত ৰাষ্ট্ৰীয় মিথুন গৱেষণা প্ৰতিষ্ঠান(NRMC) স্থাপন কৰে।[9]
ধৰ্ম আৰু ভাষা
[সম্পাদনা কৰক]ধৰ্ম
[সম্পাদনা কৰক]খ্ৰীষ্টিয়ান ধৰ্ম নাগালেণ্ডৰ মুখ্য ধৰ্ম। ৰাজ্যখনৰ মুঠ জনসংখ্যা ১.৯৮৮ নিযুত তাৰে প্ৰায় ৯০.০২% লোক খ্ৰীষ্টিয়ান।[10] ২০০১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ খ্ৰীষ্টিয়ান লোকৰ সংখ্যা ১,৭৯০,৩৪৯জন, এই মতে মেঘালয় আৰু মিজোৰামৰ সৈতে নাগালেণ্ড হৈছে ভাৰতৰ খ্ৰীষ্টিয়ান সংখ্যাগুৰু তিনিখন ৰাজ্যৰ এখন, আৰু একমাত্ৰ ৰাজ্য য’ত ৯০%ৰো অধিক লোক এই ধৰ্মালম্বী। ৰাজ্যখনৰ চহৰ আৰু গ্ৰামাঞ্চল ঊভয়তে যথেষ্টসংখ্যক গীৰ্জা দেখিবলৈ পোৱা য়ায়। ক’হিমা, ডিমাপুৰ আৰু মুককচাং চহৰ বৃহদাকাৰ গীৰ্জাৰে ভৰা।
নাগালেণ্ডক পৃথিৱীৰ একমাত্ৰ বেপ্টিষ্ট প্ৰধান ৰাজ্য বুলি জনা যায়।[11] নাগালেণ্ডৰ খ্ৰীষ্টিয়ানসকলৰ ভিতৰত অধিকাংশই বেপ্টিষ্ট, (ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৭৫% শতাংশৰো অধিক), যিটো দক্ষিণ আমেৰিকাৰ মিছিছিপি অঞ্চলতকৈ অধিক, য’ত ব্যপ্টিষ্ট লোক মুঠ জনসংখ্যাৰ ৫৫%।[12][13] ৰোমান কেথলিক, ৰিভাইভেলিষ্ট আৰু পেণ্টাকোষ্টেলচ আদিসকল ৰাজ্যখনৰ আন আন খ্ৰীষ্টধৰ্মালম্বী লোক। কেথলিক সকলক সাধাৰণতে ৱ’খা জিলা আৰু ক’হিমা জিলাৰ লগতে ডিমাপুৰৰ নগৰাঞ্চলত পোৱা যায়। হিন্দু আৰু মুছলমানসকল সাধাৰণতে নাগালেণ্ডত থকা আনজাতিৰ (নগা নোহোৱা) লোকসকল, এইসকল সংখ্যালঘু হিন্দু আৰু ইছলাম ধৰ্মৰ লোক প্ৰায় ৭.৭% আৰু ১.৮%।
নাগালেণ্ডত বাস কৰা মুঠ ১,৭৪১,৬৯২জন নগা লোকৰ প্ৰায় ৯৯% খ্ৰীষ্টিয়ান, ৮,৭২৩জন হিন্দু(০.৫০%) আৰু ৪,১৬৮জন হেৰেকা। নাগালেণ্ডত বাস কৰা কুকি সকলৰো প্ৰায় ৯৪% খ্ৰীষ্টিয়ান।
ভাষা
[সম্পাদনা কৰক]নাগালেণ্ডৰ প্ৰতিটো জনজাতিৰে নিজস্ব ভাষা আছে, নগা সকলে (কুকি আৰু ডিমাচাকে ধৰি ১৬টা জনজাতীয়ে) চীনা-তিব্বতীয় ভাষা গোষ্ঠীৰ প্ৰায় ২০টা মান উপভাষা ব্যাৱহাৰ কৰা দেখা যায়। এই পৰম্পৰাগত ভাষাসমূহৰ কোনো নিজস্ব লিপি নাই, খ্ৰীষ্টিয়ান মিচনেৰী সকলে ৰোমান লিপি এই সমূহ ভাষা লিখিবলৈ ব্যৱহাৰ কৰিছিল। ১৯৬৭চনত নাগালেণ্ড বিধানসভাই ইংৰাজীক চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তদুপৰি অসমীয়া আৰু স্থানীয় উপভাষা সমূহৰ সংমিশ্ৰিত নাগামিজ ভাষা নাগালেণ্ডৰ এটা বহুল প্ৰচলিত ভাষা, প্ৰতিটো জনজাতিৰে নিজস্ব ভাষা আছে, কিন্তু এটা জনজাতিয়ে আন এটাৰ লগত নাগামিজেৰে যোগাযোগ কৰে। মণিপুৰৰ কেঁচা নগাসকলে মণিপুৰৰ সাধাৰণ ভাষা মেইটেই ব্যৱহাৰ কৰা দেখা যায়।
জনগাঁথনি
[সম্পাদনা কৰক]নাগালেণ্ডৰ জনসংখ্যা প্ৰায় দুই নিযুত। প্ৰায়সকল লোকেই খেতিয়ক, মুঠ জনসংখ্যাৰ ৭৫%ই গ্ৰামাঞ্চলত বাস কৰে। গাৱঁত বাস কৰা লোকসকলৰ প্ৰায় এক তৃতীয়াংশই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ, নগৰাঞ্চলৰ লোকৰ ক্ষেত্ৰত এই সংখ্যা এক পঞ্চমাংশ।
সংস্কৃতি
[সম্পাদনা কৰক]নাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ’ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল’থা, ফ’ম নগা, প’চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল’থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়। জনগোষ্ঠীয় পৰম্পৰাসমূহৰ নগা সমাজত গুৰুত্ব বেছি। তাঁতশালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্ৰজন্মৰ পৰা চলি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰঙ দেখিবলৈ পোৱা যায়, তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্ৰ প্ৰস্তুত কৰে। কাঠ আৰু বাঁহৰ সঁজুলি নিৰ্মাণতো নগাসকল পাকৈত। প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ(শ্বাল)খনে নগা সমাজত মানুহ জনৰ সামাজিক স্থান সূচিত কৰে। নগা সমাজত প্ৰচলিত জনপ্ৰিয় শ্বালবোৰ হৈছে আওসকলৰ চাংকটেপচু আৰু ৰংচো, ল’থাসকলৰ চুটাম, ইথাচু, লংপেনচু, চাংটামসকলৰ চুপং, য়িমচুংগাৰসকলৰ ৰংখিম, চুংগ্ৰেম খিম, আঙ্গামি সকলৰ ল’হে ইত্যাদি। লোক নৃত্য আৰু লোক সংগীত নগা সংস্কৃতিৰ এৰাব নোৱৰা অংগ। লোক সংগীত আৰু সাধুবোৰ মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটোলৈ চলি আহিছে। নগা লোক সংগীত সমূহ ৰোমান্তিক আৰু ঐতিহাসিক দুয়ো বিষয়ৰ হোৱা দেখা যায়, ঐতিহাসিক গীত সমূহত বিখ্যাত পূৰ্বপুৰুষসকলৰ আৰু বিভিন্ন কাহিনীৰ বৰ্ণনা পোৱা যায়। তদুপৰি কিছুমাত গীতত বিভিন্ন ঋতু আৰু প্ৰকৃতিৰ বৰ্ণনাও পোৱা যায়। লগতে তেওঁলোকৰ বিভিন্ন ঋতুত কৰা খেতিৰ বৰ্ণনাও এই গীতসমূহত পোৱা যায়। নগাসকলৰ যুদ্ধ নৃত্য নাগালেণ্ডৰ প্ৰধান নৃত্য।
প্ৰায় ৬০% নগা লোক খেতিয়ক হোৱাৰ বাবে নগাসকলৰ প্ৰধান উৎসৱ সমূহ কৃষি কেন্দ্ৰিক হয়। এই উৎসৱসমূহক তেওঁলোকে বৰ পবিত্ৰ বুলি গণ্য কৰে। গতিকে এই সমূহত ভাগ লোৱাটো সকলোৰে বাবে বাধ্যতামূলক হয়। নাগালেণ্ডক উৎসৱৰ ৰাজ্য বুলিও জনা যায়। নগাসকলৰ মুখ্য উৎসৱ সমূহ হ’ল- চাখেচাঙসকলৰ 'চুকহেনয়ে' (জানুৱাৰী মাহত), আঙ্গামী সকলৰ 'চেকৰেনয়ি' (ফেব্ৰুৱাৰীত), ক’নয়াক সকলৰ 'আউলিং' (এপ্ৰিল মাহত), আও সকলৰ 'মাউটচু' (মে’ মাহত), চুমী সকলৰ 'টুলুনী' (জুলাই মাহত), চাঙ নগাসকলৰ 'ন্যকনলুম' (জুলাই মাহত), চাঙ্গতাম সকলৰ 'মংমং' (চেপ্তেম্বৰ মাহত), ল’থা সকলৰ 'ট’খো ইমং' (নবেম্বৰ মাহত) আৰু পচুৰী সকলৰ 'য়েমচে' (অক্টোবৰ মাহত)।[14]
হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ
[সম্পাদনা কৰক]ৰাজ্যখনৰ জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলা কৃষ্টি প্ৰসাৰৰ ঊদ্দেশ্যে ২০০ চনত নাগালেণ্ড চৰকাৰে এই উৎসৱ আৰম্ভ কৰে[15]। বৰ্তমানে ৰাজ্যৰ পৰ্যতন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয়।
ক’হিমাৰ পৰা ১২ কিমি দূৰত থকা ঐতিহ্যমণ্ডিত নগা গাওঁ কিছামাত এই সপ্তাহযোৰা উৎসৱটি পালন কৰা হয়। নগালেণ্ডৰ প্ৰায় সকলোবোৰ জনজাতিয়েই এই উৎসৱত ভাগ লোৱা দেখা যায়, ৰাজ্যখনৰ কলা-কৃষ্টি আৰু পৰম্পৰাৰ প্ৰদৰ্শনেই উৎসৱটিৰ মূল লক্ষ্য[16]।
ভাৰতত পোৱা ধনেশ পক্ষী (Great Indian Hornbill)ৰ নামেৰে এই উৎসৱটিৰ নাম ৰখা হৈছে। যাৰ ঊল্লেখ ৰাজ্যৰ প্ৰায়বোৰ জনজাতিৰেই লোকসংগীতত দেখিবলৈ ওৱা যায়। চিত্ৰশিল্প, কাঠৰ শিল্প, আন আন ভাষ্কৰ্য, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শনী উৎসৱটিত দেখিবলৈ পোৱা যায়, তদুপৰি বিভিন্ন পৰপ্মৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰো প্ৰদৰ্শনীৰ লগতে বিক্ৰী হয়, সোণ্দৰ্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, কাড়ঁ মৰা প্ৰতিযোগিতা, মল্লযুদ্ধ, সংগীতানুষ্ঠান, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচ্চিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিণ্টেজ কাৰ ৰেলী আদি হৈছে ধনেশ উৎসৱত অনুষ্ঠিত হোৱা আন আন অনুষ্ঠান[17][18][19]।
প্ৰশাসন
[সম্পাদনা কৰক]ৰাজ্যপাল সাংবিধানিকভাবে ৰাজ্যৰ মুৰব্বী আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। ৰাজ্যপালে সাধাৰণতে শাসনকাৰ্যৰ পৰিৱৰ্তে বিভিন্ন আনুষ্ঠানিক দায়িত্বসমূহ পালন কৰে। নাগালেণ্ড বিধানসভাহে প্ৰধান কাৰ্যপালিকা, মুঠ ৬০খন আসনেৰে গঠিত নাগালেণ্ড বিধানসভা। প্ৰতিখন আসনৰ বাবে সদস্য নিৰ্বাচিত কৰা হয়, সদস্যৰ সংখ্যাত সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে আৰু তেওঁলোকৰ নেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়। ভাৰতৰ আন ৰাজ্যতকৈ কিছু ক্ষেত্ৰত নাগালেণ্ডৰ স্বায়ত্ত্বশাসন ক্ষমতা অধিক, তদুপৰি নগা জনজাতিৰ বাবে আন কিছুমান বিশেষ ক্ষমতাও ভাৰত চৰকাৰে প্ৰদান কৰিছে। তদুপৰি প্ৰতিটো জনজাতিৰ বাবে আন কিছুমান শাসন পৰিষদ দেখা যায়। জিলা – জিলা সদৰ
- ডিমাপুৰ জিলা– ডিমাপুৰ - চুমুকেডিমা
- কিফিৰে জিলা– কিফিৰে
- ক’হিমা জিলা– গ্ৰেটাৰ ক'হিমা
- লংলেং জিলা– লংলেং
- মোককচাং জিলা– মোককচাং
- মন জিলা– মন
- পেৰেণ জিলা– পেৰেণ
- ফেক জিলা– ফেক
- টুৱেনচাং জিলা– টুৱেনচাং
- ৱখা জিলা– ৱখা
- জুনহেব’ট’ জিলা– জুনহেব’ট’
যাতায়াত
[সম্পাদনা কৰক]ৰাজ্যখনৰ ৰেলপথৰ দৈৰ্ঘ্যসীমিত। ৰাজ্যখনৰ মুঠ ব্ৰড গজ ৰেলপথ ৭.৯৮ মাইল (১২.৮৪ কি.মি.), ৰাষ্ট্ৰীয় ঘাইপথ ২২৭.০ মাইল (৩৬৫.৩ কি.মি), আৰু ৰাজ্যিক পথ ৬৮০.১ মাইল (১,০৯৪.৫ কি.মি.)। ৰাজ্যখনৰ বিমানঘাটি এটা ডিমাপুৰ।
ৰেলৱে
[সম্পাদনা কৰক]ৰেলৱে: উত্তৰ-পূব সীমান্ত ৰেলৱে
ৰেলৱে ষ্টেচন--ডিমাপুৰ
- ব্ৰড গজ: ৭.৯৮ মাইল (১২.৮৪ কি.মি.)
- মুঠ: ৭.৯৮ মাইল (১২.৮৪ কি.মি.)
[তথ্য সূত্ৰ: উত্তৰ-পূব সীমান্ত ৰেলৱে, CME কাৰ্যালয়, গুৱাহাটী-৭৮১০১১]
ঘাইপথ সমূহ
[সম্পাদনা কৰক]ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ: ২২৭.০ মাইল (৩৬৫.৩ কি.মি.)
- ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ: ক’হিমা, ৱ’খা, চেমিনয়ু, মুককচাং, চেংতংয়া, তুলি
- ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ: ডিমাপুৰ-ক’হিমা-মাও-ইম্ফল (১৩৪.২ মাইল/২১৬.০ কি.মি.)
- ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ: ডিমাপুৰ-ডবকা-ন গনা (১০৫.৬ মাইল/১৬৯.৯ কি.মি.)
- ১৫০নং ৰাষ্ট্ৰীয় ঘাইপথ: চাকহাবামা-ফুটচেৰ’ হৈ ক’হিমা-জেচ্চামিলৈ (৭৪.৬ মাইল/১২০.১ কি.মি.)
- ১৫৫নং ৰাষ্ট্ৰীয় ঘাইপথ: টুৱেনচাং –কিপহিৰে হৈ মুককচাং-জেচ্চামিলৈ (২০৬.৯ মাইল/৩৩৩.০ কি.মি.)
ৰাজ্যিক ঘাইপথসমূহ: ৬৮০.১ মাইল (১,০৯৪.৫ কি.মি.)
- চাযুবা আৰু জুনহেবুট’ হৈ চাকাবামা–মুককচাংলৈ
- চাকাবামা হৈ কহিমা-মেলুৰিলৈ
- মুককচাং-মৰিয়ণি
- মুককচাং–টুৱেনচাং
- নামতলা–মন
- টুৱেনচাং–মন–নাগিনীমৰা
- টুৱেনচাং–কিপহিৰে–মেলুৰি
- ৱ’খা–মেৰাপানী পথ
[উৎস: মুখ্য অভিযন্তাৰ কাৰ্যালয়, গড়কাপ্তানি বিভাগ, ক’হিমা, নাগালেণ্ড]
বায়ু পথ
- ডিমাপুৰ বিমানঘাটি: ৰাজধানী ক’হিমাৰপৰা ৪৩.৫ মাইল (৭০.০ কি.মি.)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Inato Yekheto Shikhu (2007). A re-discovery and re-building of Naga cultural values. Daya Books. পৃষ্ঠা. 4. ISBN 978-81-89233-55-6.
- ↑ Tezenlo Thong, “‘Thy Kingdom Come’: The Impact of Colonization and Proselytization on Religion among the Nagas,” Journal of Asian and African Studies, no. 45, 6: 595–609
- ↑ "The Naga Story – Then and Now". Archived from the original on 2007-10-07. https://web.archive.org/web/20071007115418/http://www.combatlaw.org/information.php?article_id=7&issue_id=1। আহৰণ কৰা হৈছে: 2012-06-05.
- ↑ 4.0 4.1 "Naga Hills Tuensang Area Act, 1957". http://www.indiankanoon.org/doc/727141/.
- ↑ The 16-point Agreement arrived at between the Government of India and the Naga People’s Convention, July, 1960
- ↑ Geography of Nagaland
- ↑ Climate of Nagaland
- ↑ [1] Nagaland struggles to save state bird- The Telegraph Calcutta Monday, July 5, 2010
- ↑ [2] Archived 2014-12-18 at the Wayback Machine NRCM Nagaland
- ↑ Indian Census
- ↑ Olson, C. Gordon. What in the World Is God Doing. Global Gospel Publishers: Cedar Knolls, NJ. 2003.
- ↑ American Religious Identification Survey Archived 2012-04-14 at the Wayback Machine www.gc.cuny.edu.
- ↑ Mississippi Denominational Groups, 2000 Archived 2011-12-29 at the Wayback Machine Thearda.com. Retrieved 2010-07-30.
- ↑ Naga Festivals www.festivalsofindia.in
- ↑ Hornbill Festival official website
- ↑ Hornbill Festival www.festivalsofindia.in
- ↑ Hornbill National Rock Contest official website
- ↑ 2 crore 7-day Hornbill Festival to enthrall Archived 2012-04-07 at the Wayback Machine nagalandpost.com retrieved 3-12-2011
- ↑ Hornbill International Motor Rally starts Archived 2012-04-07 at the Wayback Machine nagalandpost.com retrieved 3-12-2011
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত নাগালেণ্ড সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- State Portal of the Government of Nagaland
- Department of IT & Technical Education Archived 2011-04-30 at the Wayback Machine
- Department of Forest, Ecology, Environment and Wildlife Archived 2010-10-18 at the Wayback Machine
- Department of Horticulture Archived 2010-07-30 at the Wayback Machine
- Nagaland - Journey Through The Choir Of Clouds (Documentary) Archived 2012-05-02 at the Wayback Machine
- Nagaland ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- A photojournalist in Nagaland
অসম অৰুণাচল প্ৰদেশ |
||||
অসম | ম্যানমাৰ | |||
নাগালেণ্ড | ||||
মণিপুৰ |
|
|