সমললৈ যাওক

মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মস্তিষ্কৰ এক স্নায়ুবিকৰণ মেপিং[1]। মস্তিষ্কৰ নিৰ্দিষ্ট অংশবোৰৰ সৈতে মনস্তাত্ত্বিক সম্পৰ্ক সংযোজনৰ প্ৰথম প্ৰচেষ্টা মস্তিষ্কতে আছিল।
মন/শৰীৰ দ্বৈতবাদ René Descartes 'দৃষ্টান্ত ডেকাৰ্টে বিশ্বাস কৰিছিল যে মস্তিষ্কৰ এপিফিছেক্স পৰা আৰু অস্তিত্বহীন আত্মা পৰ্যন্ত সংবহনকাৰী অঙ্গৰ দ্বাৰা ইনপুট প্ৰেৰিত হয়।[2]

মন (ইংৰাজী: Mind) হৈছে দৰ্শনশাস্ত্ৰৰ এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি, আবেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ তত্ত্ব প্ৰচলিত আছে। এসকলো তত্ত্বৰ চিন্তা-ভাৱনা মূলতঃ প্লেটো, এৰিষ্ট'টল আৰু অন্য প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলৰ সময়ৰ পৰা আৰম্ভ হৈছিল।

জড়বাদী দাৰ্শনিকসকলৰ মতে, মানুহক মনৰ প্ৰবৃত্তি শৰীৰৰ পৰা ভিন্ন নহয়। বৰঞ্চ মানুহৰ মস্তিষ্কৰ পৰা উদ্ভূত শাৰীৰবৃত্তিক কৰ্মৰ মাধ্যমেদিয়েই মন গঢ়ি উঠে।[3]

মনৰ সঠিক সংজ্ঞা নিৰূপন কৰা সম্ভৱ নহয়। তথাপিও কোৱা হয় যে, মন হল এক বস্তু, যি নিজৰ অৱস্থা আৰু ক্ৰিয়াৰ সম্পৰ্কে সচেতন। মনৰ সৰূপ লক্ষণ হল চেতনা, যাৰ বাবে মনক জড় পদাৰ্থৰ পৰা পৃথক কৰা হয়।

মন চেতনা, উপলব্ধি, চিন্তা, সিদ্ধান্ত, ভাষা আৰু স্মৃতি সহ জ্ঞানীয় উপাদানৰ এক সংহতি। ইয়াক এটা সাধাৰণ সত্তাৰ চিন্তাভাৱনা আৰু চেতনাৰ[4] উপাদান হিচাপে সংজ্ঞায়িত কৰা হয়। ই কল্পনা, স্বীকৃতি আৰু অনুগ্ৰহৰ ক্ষমতা ধাৰণ কৰে, আৰু মনোভাব আৰু কৰ্মৰ ফলত অনুভূতি আৰু আবেগ প্ৰক্ৰিয়াকৰণৰ বাবে দায়ী। [উদ্ধৃতিৰ প্ৰয়োজন]

দৰ্শনত ধৰ্ম, মনোবিজ্ঞান আৰু জ্ঞান−বিজ্ঞানৰ এক দীৰ্ঘ ঐতিহ্য আছে যি মন আৰু ইয়াৰ বৈশিষ্টবোৰ গঠন কৰে।

প্ৰাচীন দৃষ্টিভঙ্গী দ্বৈতবাদ আৰু আদৰ্শবাদে মনত কেতিয়াো অশাৰীৰিক বুলি মানি নলয়।[5] আধুনিক দৃষ্টিভঙ্গীত প্ৰায়ে শাৰীৰিকতা আৰু কাৰ্যকাৰিতাৰ কেন্দ্ৰবিন্দুত থাকে, ই মস্তিষ্কৰ সৈতে প্ৰায় অনুৰূপ আৰু স্নায়ুসংক্ৰান্ত ক্ৰিয়াকলাপৰ সৈতে সামঞ্জস্যপূৰ্ণ।[6]

যি কি নহওক সকলোৱে এটা কথাত স্বাভাৱিকভাবে সন্মত হয় যে মন এনে এক বিষয় যাৰ ফলত ব্যক্তিবিশেষৰ সচেতনতা আৰু উদ্দেশ্যপ্ৰণোদিতভাবে পৰিবেশলৈ দৃষ্টি ৰখা আৰু কোনো ধৰণৰ উদ্দীপনাৰ প্ৰতিক্ৰিয়া দিয়া আৰু চিন্তা আৰু অনুভূতি সহ চেতনাৰ সৃষ্টি কৰে। বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ দ্বাৰা মন সম্পৰ্কে বিভিন্ন ধাৰণা পোৱা যায়। কিছুলোকে মন মানুহৰ বাবে এক সম্পত্তি হিচাপে গণ্য কিন্তু অন্য প্ৰাণী আৰু দেবতাসকলৰ বাবে অজীবিত সত্তা বুলি ভাবে।

বিশিষ্ট দাৰ্শনিক প্লেটো, ডেছকাৰ্টছ, লিবিনিজ, লক, বাৰ্কলে, হিউম, কাণ্ট, হিগছেল, শোপেনহেওৰ, ছিয়াৰেল, ডেনেট, ফডৰ, নাগেল আৰু ক্লামাৰ্ছ[7] মনস্তাত্ত্বিক যেনে ফ্ৰয়েড আৰু জেমছ আৰু কম্পিউটাৰ বিজ্ঞানী যেনে টুৰিং আৰু পুঠাম আদিয়ে মনৰ প্ৰকৃতি সম্বন্ধে প্ৰভাবশালী বহুতো তত্ত্ব আগবঢ়াইছে। অমানৱিক মানসিকতাৰ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমতাৰ ক্ষেত্ৰত উদ্ভাৱিত হয় যি চাইবাৰনেটিক আৰু তথ্য তত্ত্বৰ সৈতে সম্পৰ্কযুক্ত কাম কৰে। যন্ত্ৰৰ ভিতৰত তথ্য প্ৰক্ৰিয়াবোৰ আৰু মানহৰ মনৰ ভিৰতৰ মানসিক চেতনাৰ দৰে বুলি তুলনা কৰা হয়।

মনক চেতনা প্ৰবাহেৰ দৰে চিত্ৰিত কৰা হয় য’ত অনুভূতি আৰু মানসিক চেতনা ক্ৰমাগত পৰিবৰ্তিত হয়[8][9]

মনৰ ধাৰণা

[সম্পাদনা কৰক]

সাধাৰণতে মনকে তিনটা ভিন্ন অৰ্থত গ্ৰহণ কৰা হয়

  1. প্ৰথমে মন হৈছে চিন্তা, অনুভূতি আৰু ইচ্ছা-এই মানসিক কামবোৰৰ সমষ্টিগত ৰূপ।
  2. দ্বিতীয়তে মন হৈছে চিন্তা, অনুভূতি আৰু ইচ্ছা -এই মানসিক কামবোৰৰ পৰা স্বতন্ত্ৰ দেহাতিৰিক্ত এক স্থান, অপৰিবৰ্তিত আধ্যাত্ম সত্তাক।
  3. তৃতীয়তে মন হৈছে এক মূৰ্ত আধ্যাত্মিক ঐক্যৰ সম্বন্ধ যি চিন্তা, অনুভূতি আৰু ইচ্ছা প্ৰভৃতি মানসিক প্ৰক্ৰিয়াৰ বাদে নয়, অথচ যি নিজেৰ স্বাতন্ত্ৰ্য নেহেৰুৱাকৈ এই সকলো মানসিক কামৰ ভিতৰত নিজকে প্ৰকাশ কৰে।

প্ৰথমটো হল মনৰ অভিজ্ঞতামূলক মতবাদ পিছৰটো আধ্যাত্মিক-মতবাদ আৰু শেষৰটো ভাৱবাদীসকলৰ মতবাদ।

মন আৰু চেতনা

মন আৰু চেতনা এক নহয়। যদিও চেতনা হল মনৰ স্বৰূপ লক্ষণ।

মনৰ স্বৰূপ সম্পৰ্কে প্ৰাচীন মতবাদ

[সম্পাদনা কৰক]

মনৰ বিষয়বস্তু

[সম্পাদনা কৰক]

মন এক আধ্যাত্মিক ধাৰণা। ইয়াক মানুহে কেৱল কল্পনা কৰিব পাৰে, স্পৰ্শ কৰিব নোৱাৰে। মানুহে কিবা উপলব্ধি কৰিব বিচাৰিলে মানুহে ভাবে যে মনৰ পৰাই কৰিছে। কোনো বিষয়ৰ প্ৰতি সম্পৰ্কিত হবলৈ হলে মানুহৰ চিন্তা-চেতনা ধ্যান- ধাৰণা বা সুখ-দুঃখ অনুভতিৰ প্ৰয়োজন হয় যাক মানুহে মনৰ পৰা শৰীৰৰ আচৰণৰ মাধ্যমেৰে বহিৰ্প্ৰকাশ ঘটায়। মানুহৰ কিছুমান জৈৱিক চাহিদা আছে। এইবোৰো পূৰণ কৰাৰ বাবে মানুহে বিভিন্ন সম্পৰ্কে গঢ়ে আৰু নানা ধৰণৰ আচৰণ কৰে। জৈৱিক চাহিদাবোৰোৰ ভিতৰত আছে ক্ষুধা, তৃঞ্চা, নিদ্ৰা, যৌনতা আৰু ৰেচন প্ৰভৃতি। এই চাহিদাবোৰ যেতিয়া পূৰণ কৰিব বিচাৰে, তেতিয়া মানুহে মানসিক আৰু বুদ্ধিবৃত্তিক নানা ধৰণৰ কাৰ্য সম্পাদন কৰে। এইদৰে মানুহে কেতিয়াবা কোনো জৈৱিক আচৰণো কৰে আৰু তাৰপৰা কেতিয়া কেনেকৈ কি মানসিক আৰু বুদ্ধিবৃত্তিক আচৰণ কৰিছিল সেয়াই মানসিক পদক্ষেপ হিচাপে সুপৰিচিত।[10]

মানুহৰ স্বাভাৱিক বৈশিষ্ট্য হৈছে, জৈৱিক চাহিদা পূৰণ কৰি মানসিক বৈশিষ্ট্যৰ দিশে অগ্ৰসৰ হোৱা। সাংস্কৃৃতিক চৰ্চা, বৈজ্ঞানিক চৰ্চা, দাৰ্শনিক চৰ্চা, সাহিত্য চৰ্চা, গল্প কৰা প্ৰভৃতি হৈছে মানসিক পদক্ষেপজনিত আচৰণ। এই সকলো কাৰ্যক্ৰমৰ মাধ্যমেদি প্ৰেমপ্ৰীতি, স্নেহ, ভালোপোৱা, মমতা আৰু প্ৰশান্তি, প্ৰভৃতি ধনাত্মক বিষয়বোৰো বিকশিত হয় আৰু ক্ৰোধ, হিংসা প্ৰভৃতি ঋণাত্মক বিষয়বোৰ দূৰীভূত হয়। সেয়ে জৈবিক চাহিদা পূৰণ নহলে মানুহে মানসিক চাহিদা পূৰণ কৰাৰ বাবে অগ্ৰসৰ হবলৈ নিবিচাৰে। যেনে, যদি কোনো অঞ্চলত ক্ষুধা, দাৰিদ্ৰ্য ব্যাপকভাবে আছে সেই ঠাইত সঙ্গীত চৰ্চা, বিজ্ঞান চৰ্চা প্ৰভৃতি সুস্থভাবে চলিব নোৱাৰে।[11]

মনৰ বৈজ্ঞানিক ধাৰণা

[সম্পাদনা কৰক]

মনৰ দৰ্শনশাস্ত্ৰ

[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্বকালীন সময়ৰ পৰাই দাৰ্শনিকসকলে মনৰ চৰিত্ৰ সম্পৰ্কে অধ্যয়ন কৰিছিল। মানৱ মন আৰু দেহৰ যি সম্পৰ্ক সেই বিষয়ে বিভিন্ন যুগত বিভিন্ন দেশৰ দাৰ্শনিক চিন্তিত হৈছিল আৰু তেওঁলোকে মত প্ৰকাশ কৰিছিল। দাৰ্শনিকসকলৰ চিন্তাৱলি দুটা স্ৰোতত বিভক্ত: এক দিশে মন আৰু দেহ পৃথক এই দ্বৈততা আৰু বিপৰীতে মন আৰু দেহ অভিন্ন এই একসূত্ৰিতা।

মনৰ ৰোগ হল সেই সমস্ত ৰোগ যিবোৰৰ অস্তিত্ব কেবল মন অৰ্থাৎ শৰীৰত কোনো ৰোগ নাই কিন্তু মন ভাল নহয় বা মনত দুঃখ-বেদনা, অশান্তি-হতাশা ইত্যাদিৰ কাৰণে মানসিকভাবে সুস্থ নহয় ফলত শৰীৰৰ ওপৰতো তাৰ প্ৰভাৱ পৰে। মনৰ ৰোগ হলে মানুহ মানসিক সমস্যাত ভোগে। এইক্ষেত্ৰত তেওঁলোক মানসিক চিকিৎসকৰ শৰণাপন্ন হবলগীয়া হয়।[12]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Oliver Elbs, Neuro-Esthetics: Mapological foundations and applications (Map 2003), (Munich 2005)
  2. Descartes, R. (1641) Meditations on First Philosophy, in The Philosophical Writings of René Descartes, trans. by J. Cottingham, R. Stoothoff and D. Murdoch, Cambridge: Cambridge University Press, 1984, vol. 2, pp. 1–62.
  3. Kim, J. (1995). Honderich, Ted. ed. Problems in the Philosophy of Mind. Oxford Companion to Philosophy. প্ৰকাশক Oxford: Oxford University Press. 
  4. "mind – definition of mind in English | Oxford Dictionaries". 2017-05-08. Archived from the original on 2017-08-19. https://web.archive.org/web/20170819231304/https://en.oxforddictionaries.com/definition/mind। আহৰণ কৰা হৈছে: 2020-04-30. 
  5. Clark, Andy (2014). Mindware. প্ৰকাশক 198 Madison Avenue, New York, 10016: Oxford University Press. পৃষ্ঠা. 14, 254–256. ISBN 978-0-19-982815-9. 
  6. Smart, J. J. C., "The Mind/Brain Identity Theory", The Stanford Encyclopedia of Philosophy (Fall 2011 Edition), Edward N. Zalta (ed.), [1]
  7. http://leiterreports.typepad.com/blog/2016/01/20-most-important-philosophers-of-mind-since-wwii.html
  8. Karunamuni N, Weerasekera R. (Jun 2017). "Theoretical Foundations to Guide Mindfulness Meditation: A Path to Wisdom". Current Psychology. doi:10.1007/s12144-017-9631-7. 
  9. Karunamuni N.D. (May 2015). "The Five-Aggregate Model of the Mind". SAGE open: 215824401558386. doi:10.1177/2158244015583860. http://sgo.sagepub.com/content/spsgo/5/2/2158244015583860.full.pdf. 
  10. "মনেৰ খোজে বিজ্ঞনিৰা". Stanford Encyclopedia of Philosophy. 7 September 2015. http://www.jaijaidinbd.com/?view=details&archiev=yes&arch_date=11-10-2012&feature=yes&type=single&pub_no=262&cat_id=3&menu_id=66&news_type_id=1&index=0. 
  11. "Narrow Mental Content". Stanford Encyclopedia of Philosophy. 7 September 2015. http://plato.stanford.edu/entries/content-narrow/. 
  12. "মনেৰ ৰোগ আৰু পৰিত্ৰাণ’". ইসলামিক বাৰ্তা. ৭ অক্টোবৰ, ২০১৫. http://www.quraneralo.com/human-rights-in-islam/. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]