সদস্য বাৰ্তা:Kuldhar Rabha
বিষয় যোগ কৰক| সদস্য পৃষ্ঠা | আলোচনা পৃষ্ঠা | গোলকীয় বৰঙণিসমূহ | উপপৃষ্ঠাসমূহ | বৰঙণিসমূহ | আপলোড কৰা ফটোসমূহ |
| |||||||||
|
| ||||||||
| এই সদস্যজন অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচীৰ এগৰাকী মেণ্টৰ। |
Translation request
[সম্পাদনা কৰক]Hello, Kuldhar Rabha.
Can you translate and upload the articles en:Azerbaijan Railway Museum, en:Baku Puppet Theatre and en:Azerbaijan State Academic Russian Drama Theatre in Assamese Wikipedia?
Yours sincerely, Oirattas (বাৰ্তা) 16:03, 12 October 2024 (ইউ.টি.চি.)
Question from তাহেৰউদ্দিন আহমেদ (05:24, 4 August 2025)
[সম্পাদনা কৰক]নমস্কাৰ গ্ৰহণ কৰিব৷ মই আজিপেজটো খুলিছো৷ কেনেকৈ আগবাড়িব লাগ সেই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছো৷ আপোনাৰ উত্তৰ নিশ্চয়পাম৷ --তাহেৰউদ্দিন আহমেদ (বাৰ্তা) 05:24, 4 August 2025 (ইউ.টি.চি.)
- শ্ৰদ্ধাৰ @তাহেৰউদ্দিন আহমেদ:,
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি আগ্ৰহেৰে ৱিকিপিডিয়াত কেনেকৈ আগবাঢ়িব লাগে জানিবলৈ বিচৰাৰ বাবে প্ৰথমে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
ৱিকিপিডিয়াত সম্পাদনা আৰম্ভ কৰাৰ আগেয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা জনাটো দৰকাৰী।
- নীতি আৰু নিৰ্দেশনা: ৱিকিপিডিয়াৰ মূল আধাৰ হৈছে ইয়াৰ নীতিসমূহ। অনুগ্ৰহ কৰি এই পৃষ্ঠাটো এবাৰ চকু ফুৰাব: নীতি আৰু নিৰ্দেশনাসমূহ৷
- সহায়িকা: আপুনি কেনেকৈ পৃষ্ঠা সম্পাদনা কৰিব বা আন কাৰিকৰী সহায়ৰ বাবে এই পৃষ্ঠাটো চাব পাৰে৷ লিংক: সহায়িকা
- পৰীক্ষাগাৰ (Sandbox): আপুনি ইয়াত নিসংকোচে সম্পাদনা কৰি চাব পাৰে। ইয়াত কৰা সম্পাদনাবোৰ স্থায়ী নহয়, ইয়াক মাজে-সময়ে খালী কৰা হয়৷ লিংক: পৰীক্ষাগাৰ
আৰম্ভণিতে আপুনি তলৰ সহজ কামবোৰ কৰি চাব পাৰে:
- কোনো প্ৰবন্ধত দেখা বানান বা ব্যাকৰণৰ ভুল শুধৰোৱা৷
- কোনো প্ৰবন্ধত বিশ্বাসযোগ্য উৎসৰ সৈতে নতুন তথ্য যোগ কৰা আদি৷ মনত ৰাখিব, ৱিকিপিডিয়াত উৎস উল্লেখ কৰাটো বাধ্যতামূলক।
- আপুনি আপোনাৰ সদস্য পৃষ্ঠাত নিজৰ পৰিচয় আদি লিখি পৰীক্ষা কৰি চাব পাৰে৷
ৱিকিপিডিয়া এক সহযোগিতামূলক মঞ্চ। ইয়াত ভুল হোৱাটো স্বাভাৱিক, গতিকে নিসংকোচে সম্পাদনা কৰক। ভৱিষ্যতে যিকোনো সহায়ৰ প্ৰয়োজন হ’লে, মোৰ সদস্য পৃষ্ঠাত বাৰ্তা দিব পাৰিব৷ আৰু যদি বিচাৰে আপুনি ৱিকি সম্পৰ্কীয় আলোচনাৰ বাবে ফেচবুক গোটত যোগ হ’ব পাৰে: লিংক: ধন্যবাদ৷
শুভেচ্ছাৰে, —𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:57, 4 August 2025 (ইউ.টি.চি.)